(Anundoram Borooah Academy)
Science - Class VIII
Chapter 1
শস্য উৎপাদন আৰু নিয়ন্ত্ৰণ
আদর্শ প্রশ্নমালা - পৃষ্ঠা : ১৫
১/ শস্য কাক বোলে?উত্তৰ : একে জাতীয় উদ্ভিদৰ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বোলে।
২/ শস্যৰ প্ৰধান ভাগবোৰ কি কি?
উত্তৰ :
ক) খাৰিফ শস্য
খ) ৰবি শস্য
৩/ জৈৱ সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য কি?
উত্তৰ :
জৈৱ সাৰ :
ক) জৈৱ সাৰ প্ৰাণী আৰু উদ্ভিদৰ অৱশেষাংশৰ বিয়োজনৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক পদার্থ।
খ) ইয়াক পথাৰত উৎপন্ন কৰা হয়।
গ) জৈৱ সাৰে যথেষ্ট পৰিমাণে জৈৱমৃত্তিকাৰ যোগান ধৰে।
ঘ) জৈৱ সাৰবোৰ নিৰ্দিষ্ট পুষ্টিদ্রব্য সমৃদ্ধ নহয়।
ৰাসায়নিক সাৰ :
ক) ৰাসায়নিক সাৰ সাংশ্লেষিক অজৈৱ লৱণ বা জৈৱিক যৌগ।
খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।
গ) ৰাসায়নিক সাৰে জৈৱমৃত্তিকাৰ যোগান নধৰে৷
ঘ) ৰাসায়নিক সাৰসমূহ নাইট্ৰ'জেন আদি উদ্ভিদৰ পুষ্টিদ্রব্য যুক্ত।
৪/ অপতৃণ কি? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ : খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকতেই কেতবোৰ অপ্ৰয়োজনীয় উদ্ভিদো গজে ৷ এই উদ্ভিদবোৰক অপতৃণ বোলে।
নিয়ন্ত্ৰণ :
(ক) মাটি চহাওঁতে অপতৃণবোৰ উভালি পেলোৱা। উভালি পেলোৱা অপতৃণ সমূহ শুকাই মাটিৰ লগত মিহলি হৈ মাটিত জৈৱ পদাৰ্থ যোগান ধৰে।
(খ) সময়ে সময়ে বিভিন্ন আহিলা যেনে খন্তি বা কাচিৰ জৰিয়তে অপতৃণবোৰ কাটি পেলোৱা।
(গ) অপতৃণ নাশক বা বননাশকৰ ব্যৱহাৰ কৰা৷
যেনে 2, 4 D (2, 4 dichlorophenoxy acetic acid), 2, 4, 5T ইত্যাদি।
ঘ) সাধাৰণতে অপতৃণবোৰ ফুল ফুলাৰ আগতেই আঁতৰোৱাৰ প্ৰয়োজন।
৫/ জলিসঞ্চন কাক বোলে? বিভিন্ন জলসিঞ্চন ব্যৱস্থাবোৰ উল্লেখ কৰা ৷
উত্তৰ : পথাৰত থকা শস্য সমূহক কুঁৱা, নলা আদিৰ জৰিয়তে সময়ে সময়ে পানী যোগান ধৰা ব্যবস্থাক জলিসঞ্চন বোলে।
জলসিঞ্চন ব্যৱস্থাবোৰ :
(ক) গড় খাবৈ, (খ) শিকলি নিষ্কাশক, (গ) ঢেঁকী আৰু (ঘ) ঢেঁকী যন্ত্ৰ, (ঙ) বিক্ষিপ্তকৰণ ব্যৱস্থা, (চ) বিন্দু নিঃসৰণ পদ্ধতি।
৬/ আমি প্ৰাণীৰ পৰা কি কি খাদ্য পাওঁ?
উত্তৰ : মাছ, গাখীৰ, কণী ইত্যাদি।
৭/ জলসিঞ্চনৰ প্ৰয়োজনীয়তা কি?
উত্তৰ :
ক) প্রত্যেকবিধ জীৱকেইজীয়াই থাকিবলৈ উপযুক্ত পৰিমাণত পানীৰ প্ৰয়োজন হয়। পানীয়ে উদ্ভিদৰ বীজৰ অংকুৰণ, ফল-মূল, শাক-পাচলিৰ বৃদ্ধিত সহায় কৰে।
খ) শুকান অৱস্থাত বীজ অঙ্কুৰিত হ’ব নোৱাৰে৷ পুষ্টিদ্রব্যসমূহ পানীত দ্রবীভূত হৈ গছৰ বিভিন্ন অংশলৈ সংবহন কলাৰ জৰিয়তে পৰিবাহিত হয়।
গ) পানীয়ে বীজক গৰম বতাহ তথা হিমাঙ্কৰ পৰা ৰক্ষা কৰে।
ঘ) মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈও খেতিমাটিত নিয়মিত ৰূপত পানী দিয়াটো অতি প্রয়োজনীয়।
৮/ উৎপাদিত খাদ্যসামগ্ৰী কেনেদৰে সঞ্চয় কৰা হয়?
উত্তৰ :
ক) আর্দ্রতা, পোক-পৰুৱা, নিগনি, অণুজীৱ আদিৰ পৰা ৰক্ষা কৰিব লাগিব।
খ) শস্যসমূহ সূৰ্যৰ তাপত শুকুৱাই লৈ সিহঁতৰ আৰ্দ্ৰতাৰ পৰিমাণ কম কৰি লোৱা হয়। ই ভেঁকুৰ, বেক্টেৰিয়া আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।
গ) অধিক পৰিমাণৰ শস্য সঞ্চয়ৰ বাবে “শস্যাগাৰ” ব্যৱহাৰ কৰা হয়।
৯/ মাটি চাহ কৰাৰ সুবিধাসমূহ উল্লেখ কৰা৷
উত্তৰ :
(ক) মাটি চহোৱাৰ ফলত মাটিডৰা শিথিল হয় আৰু গছৰ শিপাই ভালদৰে খোপনি পুতিব পাৰে।
(খ) শিথিল মাটিয়ে কেঁচু আৰু অন্য উপকাৰী অনুজীৱৰ বৃদ্ধিত সহায় কৰে। এইবোৰে মাটিত জৈৱমৃত্তিকাৰ যোগান ধৰে।
(গ) মাটিত থকা বিভিন্ন মৌল, খনিজ লৱণ, পানী আৰু বিয়োজিত জীৱদেহৰ পৰা ওলোৱা পুষ্টিদ্ৰৱ্যসমূহ মাটিত সমভাৱে মিহলি হয় আৰু গছৰ শিপাই এইবোৰ শোষণ কৰি লোৱাত সুবিধা হয়।
১০/ খাৰিফ শস্য আৰু ৰবি শস্য কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ :
খাৰিফ শস্য :
যিবোৰ শস্যৰ বৃদ্ধি আৰু বিকাশৰ বাবে অধিক পৰিমাণৰ পানীৰ প্ৰয়োজন আৰু এইবোৰক বৰিষাকালত ৰোপণ কৰা হয়, তেনেবোৰ শস্যক খাৰিফ শস্য বোলা হয়৷
উদাহৰণ :
ধান, কপাহ, চয়াবিন, মাকৈ, চীনাবাদাম আদি।
ৰবি শস্য :
যিবোৰ শস্যৰ বৃদ্ধি আৰু বিকাশৰ বাবে কম পৰিমাণৰ পানী প্ৰয়োজন হয় আৰু শীতকালত এইবোৰৰ খেতি কৰা হয় তেনেবোৰ শস্যক ৰবি শস্য বুলি কোৱা হয়।
উদাহৰণ :
মটৰমাহ, সঁৰিয়হ, ঘেঁহু, মাহ, বুট আদি।
অতিৰিক্ত প্ৰশ্নোত্তৰ :
শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ কি কি?উত্তৰ : শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ হ'ল :
১) মাটিৰ প্ৰস্তুতি বা মাটি চাহ কৰা।
২) বীজৰোপণ কৰা৷
৩) জৈৱিক সাৰ বা ৰাসায়নিক সাৰ প্ৰয়োগকৰা ৷
৪) জলসিঞ্চন বা পানী যোগানৰ ব্যৱস্থা কৰা।
৫) অপতৃণৰ পৰা ৰক্ষাকৰণ।
৬) শস্য চপোৱা।
৭) শস্য সঞ্চয় কৰা
মাটি চহোৱা কাক বোলে?
বা
হাল বোৱা কাক বোলে?
উত্তৰ : বিভিন্ন সজুলিৰ জৰিয়তে মাটি চহ কৰা বা মাটি ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বা হাল বোৱা বোলে।
মাটি চহোৱা সঁজুলিৰ নাম লিখা।
উত্তৰ : নাঙল, কোৰ, ট্ৰেক্টৰ আদি।
Updated on 29th June 2023By :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments