Ads banner

JE Banner Ads
Image 2

অন্ধবিশ্বাস আৰু কুসংস্কাৰ - অধ্যায় ৮ - অসমীয়া - নৱম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 

CLASS : IX
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 8
অন্ধবিশ্বাস আৰু কুসংস্কাৰ

প্ৰশ্নাৱলী 

ভাব-বিষয়ক :
​১। চমু উত্তৰ দিয়া:
​(ক) উৰাবাতৰি মানে কি?
উত্তৰ: যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেয়াই হ’ল উৰাবাতৰি।

OR

​উত্তৰ: যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ মানুহৰ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য-বিৱেকশূন্য কিছু লোকে তাক সত্য বুলি বিশ্বাস কৰে, সেয়াই হ’ল উৰাবাতৰি।

​(খ) কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰ: সমাজৰ অগ্ৰগতিত বাধা দিয়া নীতি-নিয়ম বোৰকেই কুসংস্কাৰ বোলা হয়।

OR

উত্তৰ: সমাজৰ উন্নতিত বাধা দিয়া অন্ধ আৰু কুৎসিত পুৰণি নিয়ম বোৰেই হ’ল কুসংস্কাৰ।

OR

​উত্তৰ: যিবোৰ পুৰণি নীতি-নিয়ম, সামাজিক ব্যৱস্থা বা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী আৰু সমাজৰ অগ্ৰগতিত গতিৰোধক বা বাধা হৈ থিয় দিয়ে, সেইবোৰক কুসংস্কাৰ বোলা হয়।

​(গ) 'অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।'- কথাষাৰ কোনে কৈছিল?
উত্তৰ: ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ। 

OR

​উত্তৰ: কথাষাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দৰ্শনশাস্ত্ৰী ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

​(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
​উত্তৰ: ১৮২৬ খ্ৰীষ্টাব্দত স্বাক্ষৰিত হোৱা ‘ইয়াণ্ডাবু সন্ধি’ৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।

​(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ: কলেৰা। 

OR

​উত্তৰ: অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত খ্ৰীষ্টান মিছনেৰীসকল ‘কলেৰা’ (হেইজা) ৰোগত আক্ৰান্ত হৈছিল।

​২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰ: যিবোৰ বিশ্বাস কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইবোৰেই হ'ল অন্ধবিশ্বাস।

সমস্যা: 
(i) ​ই সমাজৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক অস্থিৰ কৰি তোলে। 
(ii) ​মানুহে উপযুক্ত চিকিৎসা নকৰি তন্ত্ৰ-মন্ত্ৰৰ আশ্ৰয় লৈ অকাল মৃত্যুক সাৱটি লয়। 

OR

​উত্তৰ: যিবোৰ বিশ্বাস বা ধাৰণা কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বিজ্ঞানে যিবোৰ ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই হ’ল অন্ধবিশ্বাস।

​সমস্যাসমূহ: অন্ধবিশ্বাসে সমাজত বিভিন্ন জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত—
​সমাজৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটো বিপৰ্যস্ত হয় আৰু সমাজখন অশান্ত তথা অস্থিৰ হৈ পৰে।
​চিকিৎসা বিজ্ঞানৰ ওপৰত বিশ্বাস হেৰুৱাই মানুহে বেজ-তন্ত্ৰ-মন্ত্ৰৰ আশ্ৰয় লৈ অকাল মৃত্যুক সাৱটি লয়।
​‘ডাইনী’ বা ‘সোপাধৰা’ৰ দৰে ভ্ৰান্ত ধাৰণাৰ বাবে সমাজত হত্যা, মাৰপিট আৰু উৎপীড়নৰ দৰে জঘন্য অমানৱীয় অপৰাধ সংঘটিত হয়।
​সমাজত মিছা ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি দুষ্ট লোকে সৰল মানুহক লুটিবলৈ সুযোগ পায়।

​৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?
​উত্তৰ: পাঠটিৰ আধাৰত জনসাধাৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ প্ৰধান কাৰণসমূহ তলত দিয়া ধৰণৰ:
​জ্ঞানৰ অভাৱ আৰু অধ্যয়নবিমুখতা: আনুষ্ঠানিক শিক্ষা লাভ কৰিলেও মানুহৰ মাজত প্ৰকৃত জ্ঞানৰ অভাৱ ঘটে আৰু অধ্যয়ন নকৰাৰ বাবে মানুহে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
​নেতিবাচক দৃষ্টিভংগী: সমাজৰ বেছিভাগ মানুহে কথাবোৰ বা ঘটনাবোৰ ইতিবাচকভাৱে চোৱাৰ পৰিৱৰ্তে নেতিবাচক দৃষ্টিভংগীৰে চায়।
​নেতৃস্থানীয় ব্যক্তিৰ ভুল ভূমিকা: সমাজৰ দায়িত্বশীল বা নেতৃস্থানীয় ব্যক্তিসকলে কেতিয়াবা নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে নেতিবাচক কাম কৰে, যাক সাধাৰণ মানুহে অন্ধভাৱে অনুকৰণ কৰে।
​যোগাযোগৰ অভাৱ: ভিতৰুৱা অঞ্চলৰ মানুহে বাহিৰৰ জগতৰ সৈতে মনৰ ভাব বিনিময় কৰাৰ সুবিধা কমকৈ পায়, যাৰ বাবে পুৰণি মনোভাৱ সাৱটি ধৰি থাকে।
​অসৎ লোকৰ স্বাৰ্থপৰতা: কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সমাজত চতুৰালিৰে উৰাবাতৰি আৰু ভয় বিয়পাই দিয়ে।
​কম পৰিশ্ৰমতে সাফল্য লাভৰ আশা: কষ্ট নকৰাকৈ ভাগ্য বা অলৌকিক শক্তিৰ সহায়ত ধন-সম্পত্তি বা সফলতা লাভ কৰাৰ লোভত মানুহ অন্ধবিশ্বাসী হয়।
​বিজ্ঞানমনস্কতাৰ অভাৱ: বিজ্ঞানক কেৱল শ্ৰেণীকোঠাৰ এটা টান বিষয় বুলি ভাবি দৈনন্দিন জীৱনত যুক্তিবাদী মনোভাৱ প্ৰয়োগ নকৰাৰ বাবে এই ব্যাধিবোৰে গা কৰি উঠে।

​৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
​উত্তৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে তলত দিয়া শক্তিশালী আঁচনিসমূহ গ্ৰহণ কৰিব পাৰি:
​সজাগতা সৃষ্টি: কেৱল সভা বা সমদল কৰাই নহয়, তৃণমূল পৰ্যায়ত জনসাধাৰণক অন্ধবিশ্বাসৰ ভয়াবহতা বুজাব লাগিব।
​পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণ: ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে অৱগত কৰিবলৈ বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়সমূহ বাধ্যতামূলক কৰিব লাগে।
​প্ৰতিযোগিতাৰ আয়োজন: বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত ৰচনা, তৰ্ক বা নাট্য প্ৰতিযোগিতাৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত যুক্তিবাদী চিন্তাৰ উদগনি দিব লাগে।
​প্ৰচাৰ মাধ্যমৰ ব্যৱহাৰ: তথ্যচিত্ৰ (Documentary), চুটি ছবি, বাটৰ নাট আদিৰ জৰিয়তে সমাজৰ কুফলসমূহ জনসাধাৰণৰ চকুৰ সন্মুখত ডাঙি ধৰিব লাগে।
​আইনী ব্যৱস্থা আৰু মনস্তাত্ত্বিক জাগৰণ: ডাইনী বা সোপাধৰাৰ দৰে অন্ধবিশ্বাস বিয়পোৱা স্বাৰ্থপৰ লোকৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা কৰাৰ লগতে সমাজত মনস্তাত্ত্বিক জাগৰণ আনিব লাগে।

​৫। 'ডাইনী', 'সোপাধৰা'- এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
​উত্তৰ: ‘ডাইনী’ বা ‘সোপাধৰা’ সম্পূৰ্ণ একো একোটা ভ্ৰান্ত ধাৰণা বা কল্পিত সন্ত্ৰাস হোৱাৰ পিছতো ইয়াৰ প্ৰচাৰ আৰু বিশ্বাস কৰাৰ অন্তৰালত তলৰ কাৰণসমূহ নিহিত হৈ থাকে:
​ব্যক্তিগত ইৰ্ষা আৰু সম্পত্তিৰ লোভ: সমাজত প্ৰায়ে দেখা যায় যে ওচৰ-চুবুৰীয়া কাৰোবাৰ উন্নতি হ’লে বা কাৰোবাৰ মাটি-সম্পত্তি হস্তগত কৰাৰ লোভত দুষ্ট লোকে কোনো নিৰীহ পৰিয়ালক বা মহিলাক ‘ডাইনী’ সজাই অপপ্ৰচাৰ চলায়।
​অজ্ঞতা আৰু উপযুক্ত চিকিৎসাৰ অভাৱ: গাঁও অঞ্চলত উপযুক্ত চিকিৎসাৰ অভাৱত কাৰোবাৰ ঘৰত দীৰ্ঘদিন বেমাৰ হ’লে, সৰল মানুহবোৰে তাক অপদেৱতা বা ডাইনীৰ কু-প্ৰভাৱ বুলি ভাবি লয়।
​ভীতিগ্ৰস্ত কৰাৰ মানসিকতা: কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজখনক অস্থিৰ আৰু ভীতিগ্ৰস্ত কৰি ৰাখিবলৈ ভাল পায়, যাতে তাৰ সুযোগ লৈ নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে।
​বিৱেকহীনতা আৰু সৰলতা: উৰাবাতৰি ওলালে সমাজৰ এটা অংশই তাৰ সত্যাসত্য বা যুক্তি বিচাৰ নকৰাকৈয়ে কেৱল আৱেগৰ বশৱৰ্তী হৈ সঁচা বুলি বিশ্বাস কৰি লয় আৰু অচিনাকি মানুহক আক্ৰমণ কৰে।

​৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা-এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
​উত্তৰ: আমাৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস আৰু ইয়াৰ নিৰাময়:
আমাৰ অঞ্চলত আজিও কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ দেখিবলৈ পোৱা যায়। যেনে— কোনো শুভ কামলৈ ওলাই যাওঁতে পিছফালৰ পৰা মাতিলে বা মেকুৰীয়ে ৰাস্তা কাটিলে যাত্ৰা অশুভ হয় বুলি ভবা, অসুখ হ’লে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ বেজৰ হতুৱাই জাৰ-ফুক কৰা, গধূলি ঘৰ ঝাড়ু নিদিয়া আৰু মঙলতি বা জ্যোতিষীৰ ওচৰলৈ গৈ ভাগ্য সলনি কৰাৰ বাবে বহুমূলীয়া পাথৰ পিন্ধা ইত্যাদি।
​মোৰ ফালৰ পৰা ল’বলগীয়া নিৰাময়ৰ ব্যৱস্থাসমূহ:
​প্ৰথমতে মই নিজে: মই নিজে কোনো ধৰণৰ অন্ধবিশ্বাস বা যুক্তিহীন কথাক প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰোঁ।
​বন্ধু বৰ্গৰ সহযোগত সজাগতা: মোৰ সমনীয়া বা বন্ধুসকলক একগোট কৰি অঞ্চলটোৰ মানুহক বুজাম যে বেমাৰ হ’লে ঔষধহে খাব লাগে, বেজৰ পানীয়ে কোনো বেমাৰ ভাল কৰিব নোৱাৰে।
​বিজ্ঞান ক্লাৱ গঠন: স্কুলৰ বিজ্ঞান শিক্ষকৰ সহায় লৈ আমাৰ অঞ্চলত বিজ্ঞান প্ৰদৰ্শনী বা বাটৰ নাটৰ আয়োজন কৰিম, য’ত তন্ত্ৰ-মন্ত্ৰৰ নামত কৰা ঠগবাজীসমূহৰ বৈজ্ঞানিক সত্যতা ফাদিল কৰা হ’ব।
​প্ৰতিবাদ: যদি কোনো নিৰীহ লোকক অঞ্চলটোত অন্ধবিশ্বাসৰ নামত হাৰাশাস্তি কৰা হয়, তেন্তে মই লগে লগে স্থানীয় সচেতন লোক আৰু আৰক্ষী (Police)-ৰ সহায় ল’ম।

​৭। ব্যাখ্যা কৰাঃ
​(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
​উত্তৰ:
​প্ৰসংগ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি লোৱা হৈছে।
​সংগতি: ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই অমূল্য উক্তিটোৰ জৰিয়তে লেখকে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে কেনেকৈ এক গভীৰ মানসিক প্ৰদূষণ আৰু বোজাৰ সৃষ্টি কৰে, সেই বিষয়ে বুজাবলৈ গৈ এই কথা অৱতাৰণা কৰিছে।
​ব্যাখ্যা: বৰ্তমান যুগত বায়ু, পানী বা শব্দ প্ৰদূষণে আমাৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি মানুহৰ সুস্থ জীৱন ধাৰণত বাধাৰ সৃষ্টি কৰে। কিন্তু তাতকৈও ভয়ংকৰ হ’ল অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দৰে মানসিক প্ৰদূষণ। ই মানুহৰ মনৰ ভিতৰত থকা প্ৰেম, মমতা আৰু মানৱতাৰ দৰে সুকোমল গুণসমূহক ধ্বংস কৰে। ইয়াৰ ফলত সমাজত মানুহেই মানুহৰ শত্ৰু হৈ পৰে। যুক্তিহীন ধাৰণা আৰু ভ্ৰান্ত পৰম্পৰাই সমগ্ৰ মানৱ সভ্যতাক পিছলৈ টানি নিয়ে আৰু সমাজখনক অশান্ত তথা স্থিতাৱস্থাত ৰাখে। যিহেতু এই বোজা মানুহে নিজেই সৃষ্টি কৰি কঢ়িয়াই ফুৰে, সেয়েহে ইয়াক পৃথিৱীৰ আটাইতকৈ ‘গধুৰ বোজা’ বুলি অভিহিত কৰা হৈছে।

​(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
​উত্তৰ:
​প্ৰসংগ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।
​সংগতি: সংস্কাৰ আৰু কুসংস্কাৰৰ মাজত থকা প্ৰভেদ বুজাবলৈ লেখকে সংস্কাৰক এক জীৱন পদ্ধতি হিচাপে বৰ্ণনা কৰিছে।
​ব্যাখ্যা: সংস্কাৰ হৈছে এটা জাতি বা সমাজৰ চলি অহা সুন্দৰ জীৱন-পদ্ধতি বা পৰম্পৰা, যিয়ে মানুহক নীতি-নিয়ম শিকাই সভ্য হ’বলৈ অনুপ্ৰাণিত কৰে। আচল সংস্কাৰে মানুহক নতুন চিন্তাৰে উজ্জীৱিত কৰে আৰু সময়ৰ পৰিৱৰ্তনৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ শিক্ষা দিয়ে। কিন্তু যদি কোনো সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰি কেৱল পুৰণি স্থিতাৱস্থাকে বাহাল ৰাখে আৰু সমাজৰ প্ৰগতিত বাধা দিয়ে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়; সেয়া কুসংস্কাৰহে। গতিকে সংস্কাৰ সদায় গতিশীল আৰু মানৱ সমাজৰ বাবে কল্যাণকাৰী হ’ব লাগে।

​(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
​উত্তৰ:
​প্ৰসংগ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জয়ন্ত মাধৱ বৰা দেৱৰ ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ প্ৰৱন্ধটিৰ পৰা সংগ্ৰহ কৰা হৈছে।
​সংগতি: বৰ্তমান সমাজত আনুষ্ঠানিক শিক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ পিছতো মানুহৰ মাজত কিয় যুক্তিবাদী মনোভাৱ গঢ়ি উঠা নাই, তাৰ কাৰণ দৰ্শাবলৈ লেখকে এই উক্তি কৰিছে।
​ব্যাখ্যা: একবিংশ শতিকাত আমাৰ সমাজত সাক্ষৰতাৰ হাৰ বহুত বৃদ্ধি পাইছে। মানুহে স্কুল-কলেজৰ পৰা ডাঙৰ ডাঙৰ ডিগ্ৰী লাভ কৰিছে। কিন্তু বৰ্তমান যুগৰ ভোগবাদী মানসিকতাই শিক্ষাক জ্ঞান আহৰণৰ মাধ্যম হিচাপে নোৱাৰি কেৱল এটা চাকৰি বা টকা উপাৰ্জনৰ বাট হিচাপেহে গ্ৰহণ কৰিছে। মানুহে ডিগ্ৰী লৈছে যদিও প্ৰকৃত সাহিত্য, বিজ্ঞান বা সমাজৰ হিতকাৰী পুথি-প্ৰৱন্ধ পঢ়িবলৈ টান পায় অৰ্থাৎ অধ্যয়নৰ পৰা আঁতৰি আহিছে। অধ্যয়নবিমুখতাৰ বাবেই মানুহে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সস্তীয়া আনন্দৰ পিছত দৌৰে। ফলস্বৰূপে, শিক্ষিত হোৱাৰ পিছতো মানুহে অতি সহজে উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ কৱলত পৰে।

​ভাষা-বিষয়ক:

​৮। উদাহৰণটো চাই বাকীকেইটা কৰা:
​উদাহৰণ: মানৱীয় — অমানবীয়।
​সজাগতা — অসজাগতা
​সামাজিক — অসামাজিক
​ৰাজনৈতিক — অৰাজনৈতিক
​সাংবিধানিক — অসাংবিধানিক
​প্ৰচাৰ — অপপ্ৰচাৰ
​৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা:
উত্তৰ:
ইতিবাচক — নেতিবাচক
​সৎ — অসৎ
​যোগাত্মক — বিয়োগাত্মক / নেতিবাচক
​সক্ষম — অক্ষম
​উচিত — অনুচিত
​অভিশাপ — আশীৰ্বাদ

১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
​উত্তৰ: পাঠত থকা পাঁচোটা যুৰীয়া শব্দ হ’ল:
​অন্ধবিশ্বাস — কুসংস্কাৰ
​নীতি — নিয়ম
​তন্ত্ৰ — মন্ত্ৰ
​পূজা — পাতল
​অসুখ — বিসুখ

(অতিৰিক্ত: ল’ৰা — ছোৱালী, পুখুৰী — পাৰ, ধৰ্ম — জাত)

​১১। বাক্য ৰচনা কৰা:
উত্তৰ:
মৌলিক অধিকাৰ: স্বাধীনভাৱে জীয়াই থকাটো আমাৰ মৌলিক অধিকাৰ।

OR

​মৌলিক অধিকাৰ: ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিকৰে জীয়াই থকাৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিছে।

অমানবীয় কাৰ্য: জীৱ-জন্তুক কষ্ট দিয়াটো এক অমানবীয় কাৰ্য।

OR

​অমানবীয় কাৰ্য: ডাইনীৰ নামত নিৰীহ মহিলাক অত্যাচাৰ কৰাটো এটা চৰম অমানবীয় কাৰ্য।

প্ৰচাৰ মাধ্যম: বৰ্তমান সময়ত প্ৰচাৰ মাধ্যমৰ শক্তি বহুত বেছি।  

OR

প্ৰচাৰ মাধ্যম: সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাত প্ৰচাৰ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ।  

OR

​প্ৰচাৰ মাধ্যম: বৰ্তমান যুগত অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যম সমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

​সজাগতা সভা: স্বাস্থ্য বিভাগে আমাৰ গাঁৱত মেলেৰিয়া ৰোগৰ বিৰুদ্ধে এখন সজাগতা সভা পাতিছিল।

​স্বাৰ্থান্বেষী লোক: সমাজৰ কিছুমান স্বাৰ্থান্বেষী লোকৰ বাবেই উৰাবাতৰিবোৰ অতি সোনকালে বিয়পি পৰে।

​আদিম স্তৰ: কুসংস্কাৰে একবিংশ শতিকাৰ আধুনিক সমাজখনকো আকৌ আদিম স্তৰলৈ লৈ যাব পাৰে।

অধ্যায়ৰ পৰিচয়

​‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ শীৰ্ষক পাঠটি এটি অত্যন্ত প্ৰাসংগিক আৰু চিন্তাশীল সামাজিক প্ৰৱন্ধ। একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উৎকৰ্ষৰ যুগত আমাৰ সমাজখনক আজিও পংগু কৰি ৰখা অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰাবাতৰিৰ কু-প্ৰভাৱসমূহ ইয়াত যুক্তিনিষ্ঠভাৱে বিশ্লেষণ কৰা হৈছে। প্ৰৱন্ধকাৰে সমাজৰ সুস্থ পৰিৱেশ বিনষ্ট কৰা ডাইনী, সোপাধৰা বা অলৌকিক শক্তি লাভৰ দৰে ভুৱা ধাৰণাসমূহ আঁতৰাই এখন বিজ্ঞানমনস্ক আৰু যুক্তিবাদী সমাজ গঢ়ি তোলাৰ আহ্বান জনাইছে।

কবি/লেখক পৰিচয় 

​পৰিচয়: বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু প্ৰৱন্ধকাৰ জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া। বৰ্তমান তেওঁ অসম সচিবালয়, দিছপুৰত কৰ্মৰত।
​শিক্ষাগত অৰ্হতা: তেওঁ পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
​সাহিত্যিক কৃতি: তেওঁৰ এতিয়ালৈকে ৮ খন গল্প সংকলন, ১৩ খন উপন্যাস, ২ খন গৱেষণামূলক গ্ৰন্থ, ৫ খন অনুবাদ গ্ৰন্থ, ৫ খন শিশু গ্ৰন্থ আৰু বহুতো অনাতাঁৰ তথা দূৰদৰ্শনৰ ধাৰাবাহিকৰ চিত্ৰনাট্য প্ৰকাশ পাইছে।
​বঁটা আৰু সন্মান:
​‘অমৃত’ উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ ‘গিৰিধৰ শৰ্মা বঁটা’।
​‘জাকৈয়া ছোৱালী’ গল্প সংকলনৰ বাবে ২০১৩ চনত ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’।
​‘মৰিয়াহোলা’ উপন্যাসৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰৰ সন্মানীয় ‘সাহিত্য অকাডেমী বঁটা’।
​২০১৯ চনত ‘ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা’।

পাঠৰ মূলভাব

​পাঠটিৰ মূলভাৱ হ’ল— অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ বাবে এক ডাঙৰ অভিশাপ, যিয়ে মানৱীয় প্ৰমূল্যসমূহক ধ্বংস কৰে। কেৱল আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ’লেই মানুহ জ্ঞানী বা যুক্তিবাদী হ’ব নোৱাৰে; তাৰ বাবে অধ্যয়নশীলতা আৰু বিজ্ঞানমনস্কতাৰ প্ৰয়োজন। সমাজৰ পৰা ডাইনী হত্যা বা সোপাধৰাৰ দৰে অমানৱীয় অপপ্ৰচাৰ আঁতৰাবলৈ হ’লে প্ৰতিজন নাগৰিকৰ মাজত যুক্তিবাদী মানসিকতা আৰু সামাজিক-মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰিব লাগিব।

পাঠৰ সাৰাংশ 

​প্ৰৱন্ধকাৰ জয়ন্ত মাধৱ বৰাই ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিখ্যাত উক্তি— “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা”— বাক্যশাৰীৰে পাঠটিৰ সূচনা কৰিছে। প্ৰাকৃতিক প্ৰদূষণতকৈও মানসিক প্ৰদূষণ অৰ্থাৎ অন্ধবিশ্বাস বেছি ভয়ংকৰ। যুক্তিহীন ধাৰণাবোৰেই হ’ল অন্ধবিশ্বাস আৰু সমাজৰ প্ৰগতিত বাধা দিয়া পুৰণি নীতি-নিয়মবোৰেই হ’ল কুসংস্কাৰ।
​১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমলৈ অহা খ্ৰীষ্টান মিছনেৰীসকল শদিয়াত কলেৰা ৰোগত আক্ৰান্ত হওঁতে স্থানীয় লোকে ঔষধ নোখোৱাকৈ পূজা-পাতল কৰি মৃত্যুমুখত পৰিছিল। বৰ্তমান সময়তো সমাজত ভূত-প্ৰেত, ডাইনী, সোপাধৰা, গাত ভগৱান বা আই লম্ভা আদি কুসংস্কাৰে গা কৰি আছে। ইয়াৰ প্ৰধান কাৰণ হ’ল— মানুহৰ মাজত জ্ঞানৰ অভাৱ, অধ্যয়নবিমুখতা, নেতিবাচক দৃষ্টিভংগী, কষ্ট নকৰাকৈ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা মনোবৃত্তি আৰু বিজ্ঞানক জীৱন ধাৰণৰ প্ৰণালী হিচাপে গ্ৰহণ নকৰাটো। এই ব্যাধি আঁতৰাবলৈ বিদ্যালয়ৰ পাঠ্যক্ৰম, ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সভা আৰু তথ্যচিত্ৰৰ প্ৰদৰ্শন আদিৰ জৰিয়তে সমাজত এক মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰাটো অত্যন্ত জৰুৰী।

পৰীক্ষাত সঘনাই অহা প্রশ্নোত্তৰ

​প্ৰশ্ন ১: ডাইনী হ’ল এক ‘কল্পিত সন্ত্ৰাস’— কথাষাৰ বুজাই লিখা।
​উত্তৰ: ডাইনী বুলি আচলতে একো নাই, ই সম্পূৰ্ণ এক ভ্ৰান্ত ধাৰণা। বিজ্ঞানে ইয়াৰ অস্তিত্বক নস্যাৎ কৰিছে। কিন্তু সমাজৰ কিছুমান অসৎ আৰু ইৰ্ষাপৰায়ণ লোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ বা সম্পত্তি কাঢ়িবলৈ নিৰীহ মহিলাক ডাইনী সজাই সমাজত এক কৃত্ৰিম ভয় বা সন্ত্ৰাসৰ সৃষ্টি কৰে। সেয়েহে ডাইনীক এক ‘কল্পিত সন্ত্ৰাস’ বুলি কোৱা হৈছে।
​প্ৰশ্ন ২: শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্ৰ কি আছিল?
​উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্ৰ আছিল ‘মানৱতা’।
​প্ৰশ্ন ৩: উৰাবাতৰিৰ বলি সাধাৰণতে কেনে ধৰণৰ লোক হোৱা দেখা যায়?
​উত্তৰ: পাঠ অনুসৰি, ‘ডাইনী’ বুলি প্ৰচাৰ কৰা উৰাবাতৰিৰ বলি শতকৰা নব্বৈ ভাগতকৈও অধিক ক্ষেত্ৰত মহিলাসকল হয়। আনহাতে, ‘সোপাধৰা’ উৰাবাতৰিৰ বলি প্ৰায়ে অচিনাকী আৰু বিশেষভাৱে সক্ষম (differently-abled) লোকসকল হোৱা দেখা যায়।

অতি গুৰুত্বপূৰ্ণ সংক্ষিপ্ত প্রশ্নোত্তৰ 

​প্ৰশ্ন ১: সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? পুৰুষ আৰু মহিলাৰ হাৰ পৃথককৈ লিখা।
​উত্তৰ: সম্প্ৰতি অসমৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ হ’ল ৭৩.১৮ শতাংশ। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৮.৮১ শতাংশ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৭.২৭ শতাংশ।
​প্ৰশ্ন ২: লেখক জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু কেতিয়া?
​উত্তৰ: জয়ন্ত মাধৱ বৰাই ২০১৭ চনত তেওঁৰ বিখ্যাত উপন্যাস **‘মৰিয়াহোলা’**ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
​প্ৰশ্ন ৩: ‘আই’ বা ‘শিৱ’ লম্ভাৰ নামত চলি থকা কাৰ্যকলাপবোৰক লেখকে কিয় দুষ্ট লোকৰ চতুৰালি বুলি কৈছে?
​উত্তৰ: কাৰণ আধুনিক বিজ্ঞানৰ যুগত হাতত দামী স্মাৰ্টফোন লৈ শিক্ষিত মানুহেও এইবোৰ অন্ধবিশ্বাসৰ পিছত লানি নিছিগা সোঁত বোৱায়। আচলতে ইয়াৰ সুযোগ লৈ অতি সহজে আৰু কম আয়াসে পইচা ঘটিবলৈ দুষ্ট লোকে এনে চতুৰালি কৰে।

বহল প্রশ্নোত্তৰ

​প্ৰশ্ন ১: "বিজ্ঞান কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয় নহয়, বিজ্ঞান এক সংস্কৃতি।"— পাঠৰ আধাৰত কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা।
​উত্তৰ: লেখকে পাঠটিত বিজ্ঞানমনস্কতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সাধাৰণতে মানুহে ভাবে যে বিজ্ঞান কেৱল শ্ৰেণীকোঠাৰ ভিতৰত কিতাপ পঢ়ি পৰীক্ষা পাছ কৰাৰ এটা টান বিষয়। কিন্তু প্ৰকৃত অৰ্থত বিজ্ঞান হ’ল এক সংস্কৃতি আৰু এক জীৱন ধাৰণৰ প্ৰণালী।
​বিজ্ঞান হ’ল সৰ্বব্যাপী। আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে, ৰন্ধা-বঢ়াৰ পৰা আদি কৰি সকলো কামতে বিজ্ঞানৰ সূত্ৰসমূহ সোমাই আছে। যেতিয়ালৈকে মানুহে নিজৰ মনটোক বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নকৰিব, তেতিয়ালৈকে সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ নহয়। বিজ্ঞানমনস্কতাই মানুহক প্ৰশ্ন কৰিবলৈ শিকায়, সত্যতা বিচাৰ কৰিবলৈ শিকায়। গতিকে বিজ্ঞানক কেৱল কিতাপৰ মাজত আৱদ্ধ নাৰাখি ইয়াক চিন্তা আৰু কাৰ্যত প্ৰয়োগ কৰি এক যুক্তিবাদী সংস্কৃতি গঢ়ি তুলিব লাগিব।

এক কথাত উত্তৰ

​১। শদিয়াত কলেৰা ৰোগীক মিছনেৰীসকলে কি খাবলৈ দিছিল?
​উত্তৰ: বড়ি (ঔষধৰ গুটি)।
​২’ জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে ‘গিৰিধৰ শৰ্মা বঁটা’ পাইছিল?
​উত্তৰ: ‘অমৃত’ (১৯৮৭ চনত)।
​৩। সমাজৰ অগ্ৰগতিত বাধা দিয়া পুৰণি কু-প্ৰথাবোৰক কি বোলে?
​উত্তৰ: কুসংস্কাৰ।
​৪। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কি?
​উত্তৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰ।

অতি চমু প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: অতীজতে শদিয়াৰ মানুহে কলেৰা ৰোগ হ’লে ঔষধ নোখোৱাকৈ কি খাইছিল?
​উত্তৰ: অতীজতে শদিয়াৰ মানুহে কলেৰা হ’লে বেজৰ মন্ত্ৰপূত পানী খাইছিল।
​প্ৰশ্ন ২: সৰু ল’ৰা-ছোৱালীক নদী বা পুখুৰীৰ পাৰলৈ যোৱাত বাধা দিবলৈ কিহৰ ভয় দেখুওৱা হয়?
​উত্তৰ: যখিনী আৰু বুঢ়াডাঙৰীয়াৰ ভয় দেখুওৱা হয়।
​প্ৰশ্ন ৩: বৰ্তমান যুগৰ উন্মত্ত ভোগবাদে শিক্ষাক কিহৰ আহিলালৈ পৰিণত কৰিছে?
​উত্তৰ: কেৱল এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ বা আহিলালৈ পৰিণত কৰিছে।

চমু প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: ভ্ৰমণক শিক্ষাৰ অংগ বুলি কিয় কোৱা হৈছে? ই কেনেকৈ অন্ধবিশ্বাস দূৰ কৰাত সহায় কৰে?
​উত্তৰ: ভ্ৰমণৰ যোগেদি মানুহে নজনা কথা জানিব পাৰে আৰু বিভিন্ন ঠাইৰ মানুহৰ সৈতে পৰিচয় ঘটে। ভ্ৰমণে মানুহৰ মনৰ পৰিধি বহল কৰে আৰু সংকীৰ্ণতা দূৰ কৰে। যেতিয়া ভিতৰুৱা অঞ্চলৰ মানুহে বাহিৰলৈ ভ্ৰমণ কৰে, তেতিয়া তেওঁলোকৰ পুৰণি অন্ধবিশ্বাসবোৰ ভাঙি মনৰ দিগন্ত প্ৰসাৰিত হয়।
​প্ৰশ্ন ২: মিছনেৰীৰ পৰা বড়ি খোৱা লোকসকলক গাঁৱৰ মানুহে কিয় এঘৰীয়া কৰিছিল?
​উত্তৰ: কাৰণ সেই সময়ৰ সমাজত ধৰ্ম আৰু জাত-কুলক লৈ তীব্ৰ কুসংস্কাৰ আছিল। গাঁৱৰ মানুহে ভাবিছিল যে বেলেগ ধৰ্মৰ বা বিদেশী মানুহৰ হাতৰ পৰা কিবা খালেই নিজৰ জাত-কুল নষ্ট হয়।

দীঘল প্ৰশ্নোত্তৰ

​প্ৰশ্ন ১: অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ‘সজাগতা’ৰ ভূমিকা আৰু ইয়াৰ সঠিক উপায়সমূহ আলোচনা কৰা।
​উত্তৰ: পাঠটিৰ আধাৰত, অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ আটাইতকৈ শক্তিশালী আহিলা হ’ল ‘সজাগতা’। কিন্তু সজাগতা মানে কেৱল ডাঙৰ ডাঙৰ সভা পাতি ভাষণ দিয়া বা ৰাস্তাত শোভাযাত্ৰা কৰাটোৱেই নহয়। ইয়াৰ বাবে কিছুমান বাস্তৱমুখী আৰু ফলপ্ৰসূ পদক্ষেপৰ প্ৰয়োজন:
​তৰুণ প্ৰজন্মক সজাগ কৰা: সজাগতাৰ আটাইতকৈ উপযুক্ত স্থান হ’ল বিদ্যালয়। ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা পাঠ্যক্ৰমৰ জৰিয়তে অন্ধবিশ্বাসৰ ভয়াবহতা বুজাব লাগিব, যাতে তেওঁলোক ডাঙৰ হৈ একো একো গৰাকী যুক্তিবাদী নাগৰিক হ’ব পাৰে।
​প্ৰচাৰ মাধ্যমৰ সদ্ব্যৱহাৰ: অশিক্ষিত বা সৰল গ্ৰাম্য সমাজক বুজাবলৈ দৃশ্য-শ্ৰব্য মাধ্যম যেনে— চুটি ছবি বা তথ্যচিত্ৰ আটাইতকৈ উত্তম উপায়। ইয়াৰ দ্বাৰা মানুহে বুজি পাব যে কেনেকৈ একাংশ স্বাৰ্থপৰ লোকে নিজৰ লাভৰ বাবে ডাইনী বা সোপাধৰাৰ অপপ্ৰচাৰ চলাই মানুহ হত্যাৰ দৰে জঘন্য অপৰাধ কৰে।
​সামাজিক মনস্তাত্ত্বিক জাগৰণ: সমাজৰ পৰা উদাসীনতা আঁতৰাব লাগিব। অন্ধবিশ্বাসৰ বিৰুদ্ধে সমাজে ঐক্যবদ্ধভাৱে থিয় দি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিলেহে স্বাৰ্থান্বেষী লোকসকল উৎসাহিত হ’বলৈ ভয় কৰিব। এনেদৰে এক সামগ্ৰিক মনস্তাত্ত্বিক জাগৰণৰ দ্বাৰাহে সমাজৰ পৰা এই ব্যাধি চিৰতরে নিৰামূল কৰিব পৰা যাব।



Post a Comment

0 Comments