(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১
লগে ভাগে গাওঁ আহা (জন্মভূমি)
আৰ্হি প্রশ্নমালা :
(১) একোটিকৈ বাক্যত উত্তৰ লিখা।
ক) ‘জন্মভূমি কবিতাটোৰ কবি কোন?উত্তৰ : ‘জন্মভূমি কবিতাটিৰ কবি হ’ল নলিনীবালা দেৱী।
খ) ‘জন্মভূমি’ মানে কি?
উত্তৰ : ‘জন্মভূমি’ মানে কোনোৱে জন্ম লাভ কৰা দেশ।
গ) পৃথিৱীৰ সকলোতকৈ ডাঙৰ বস্তু কি?
উত্তৰ : পৃথিৱীৰ সকলোতকৈ ডাঙৰ বস্তু হৈছে ‘জন্মভূমি'।
ঘ) নিজৰ জন্মভূমিখনক কি কৰিব লাগে?
উত্তৰ : নিজৰ জন্মভূমিক ভাল পাব লাগে।
(২) কবিতাটিৰ মূলভাব লিখা।
উত্তৰ : জন্মভূমি মাতৃস্বৰূপ। কবিয়ে জন্মভূমিৰ কোলাতে জীৱনৰ প্ৰথম চকু মেলিছে আৰু জন্মভূমিৰ কোলাতেই চকু মুদি জীৱনৰ যবনিকা পেলোৱাৰ বাসনা ৰাখিছে। কবিয়ে জন্মভূমিক ইমানেই ভাল পায় যে মৰাৰ পিছতো জন্মভূমিৰ কোলাতেই পুনৰ জনম ল’ব বিচাৰিছে। দেশ- বিদেশ ঘূৰি-ফুৰি ভাগৰত ক্লান্ত হোৱা কবিৰ আত্মাই মাতৃভূমিৰ ছায়াতে জিৰণি ল’ব বিচাৰে ৷ কবিয়ে পখী হৈ জন্ম লৈ জন্মভূমিৰ আকাশৰ বুকুত উৰি উৰি ওখ বিৰিখত বাহ ল’ব আৰু পুৱতিৰ লগে লগে সুৱদী সুৰত গীত গাই জন্মভূমিক জগাই দিব। কবিয়ে আকাশৰ তৰা হৈ জন্মভূমিৰ সেউজীয়া গছ-গছনিৰ পিনে ৰ লাগি চাই থাকিব৷ জোনাকৰ লগত মিলি গৈ ওৰে ৰাতি জন্মভূমিক আৰতি কৰিব। হিমালয় পৰ্বতৰ টিঙত গৈ পদুম ফুল হৈ মানস সৰোবৰ হ্ৰদত ফুলি থাকিব৷ কবি পাৰিজাত ফুল হৈ বতাহত ৰেণু সানিত মাতৃভূমিৰ চৰণত ঢুলি থাকিব ৷ কবিয়ে আকৌ নদী হৈ মাতৃভূমিৰ চৰণ দুখনি পখালি দিব আৰু মাটি হৈ জন্মভূমিৰ মাটিৰ লগত মিলি যাব। কবিয়ে মেঘ হ’বলৈকো বাঞ্ছা কৰি কৈছে যে সি সোণোৱালী মেঘ হৈ জন্মভূমিৰ মুখত ৰঙা হাঁহি বিৰিঙাব। মাতৃভূমিৰ ধূলি-বালিয়েই কবিৰ বাবে স্বৰ্গ ৷ জন্মভূমিয়েই কবিৰ বাবে পুণ্যস্থান আৰু জন্মভূমিয়েই কবিৰ তীৰ্থ। কবিয়ে জন্মভূমিৰ দুখীয়া পঁজাত শান্তিৰ স্বৰ্গ ৰচিব। কিয়নো কবিয়ে জন্মভূমিত পোৱা মৰম ভালপোৱা, সৰল ভাষা আন ক’তো বিচাৰি পোৱা নাই। কবিৰ ঘৰ দুখীয়া হ'ব পাৰে কিন্তু ই কবিৰ বাবে পুণ্য আশ্রম। কবিয়ে জন্মভূমিক ইমানেই ভাল পায় যে মৰাৰ পিচত যদি তেওঁৰ পুনৰ জনম হয় তেন্তে সি এইখন মাতৃভূমিতেই জন্ম গ্ৰহণ কৰিব।
(৩) প্রসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা :
ক)ভাগৰুৱা আতমাই শেষৰ জিৰণি লই
জিৰাবহি তোমাৰ ছায়াত।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠত সন্নিবিষ্ট হোৱা কবি নলীনিবালা দেৱীয়ে ৰচনা কৰা ‘জন্মভূমি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিৰ জন্মভূমিৰ প্ৰতি প্ৰেম প্ৰকাশ পাইছে।
কবিয়ে জন্মভূমিক অতিকৈ ভাল পায়৷ কাৰণ নিজ জন্মভূমিতেই জীৱনৰ প্ৰথম চকু মেলি ইয়াৰ মৰম, ভালপোৱা আদিত মোহিত হৈছে। কবিয়ে জন্মভূমিৰ কোলাতেই শেষ নিশ্বাস পেলাব। কবিয়ে আশা কৰিছে দেশ-বিদেশ ঘূৰি-ফুৰি যদি ভাগৰুৱা হয় তেতিয়াও তেওঁ জন্মভূমিৰ ছায়াতেই জিৰণি ল’ব। অৰ্থাৎ কবিয়ে জন্মভূমিক ইমানেই ভাল পায় যে জন্মভূমিৰ অবিহনে নিজৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰে।
খ)
অ' মোৰ চেনেহী দেশ
তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ সৰগ;
ক’ত পাম এনে প্ৰীতি
সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠত সন্নিবিষ্ট হোৱা কবি ননিলীবালা দেৱীয়ে ৰচনা কৰা ‘জন্মভূমি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিৰ জন্মভূমিৰ প্ৰতি প্ৰেম প্ৰকাশ পাইছে।
কবিয়ে মাতৃভূমিৰ দুখীয়া পঁজাত শান্তিৰ স্বৰ্গ ৰচিব। কিয়নো কবিয়ে মাতৃভূমিত পোৱা মৰম ভালপোৱা, সৰল ভাষা আন ক’তো বিচাৰি পোৱা নাই। কবিৰ ঘৰ দুখীয়া হ’ব পাৰে কিন্তু ই কবিৰ বাবে পুণ্য আশ্রম। কবিয়ে জন্মভূমিক ইমানেই ভাল পায় যে মৰাৰ পিচত যদি তেওঁৰ পুনৰ জনম হয় তেন্তে সি এইখন মাতৃভূমিতেই জন্ম গ্রহণ কৰিব।
(৪) চমুটোকা লিখা :
ক) জন্মভূমিখ) তীর্থ।
উত্তৰ :
ক) জন্মভূমি :
আমি জন্ম গ্ৰহণ কৰা দেশখনেই আমাৰ জন্মভূমি। জন্মভূমি সকলোৰে বৰ আপোন কিয়নো জন্মভূমিৰ কোলাতেই ইয়াৰ হাৱা-পানী, ফল-মূল আদি বিবিধ খাদ্য খাই ডাঙৰ দীঘল হওঁ। জন্মভূমিয়ে আমাৰ প্ৰয়োজনীয় সকলো দিয়ে। সেয়ে জন্মভূমিক আমি ভাল পাব লাগে।
খ) তীর্থ :
আত্মাক পবিত্ৰকৰণৰ উদ্দেশ্যে মানুহে দৰ্শন কৰা ধৰ্মীয় স্থানক তীৰ্থ বুলি কোৱা হয় । যেনে - ভাৰতৰ কাশী, মথুৰা, দ্বাৰকা আদি হিন্দুসকলৰ তীৰ্থস্থান। সেইদৰে জেৰুজালেম খৃষ্টানসকলৰ আৰু মক্কা মুছলমানসকলৰ তীৰ্থস্থান। তীৰ্থস্থান দৰ্শন কৰিলে মানুহৰ আধ্যাত্মিক উন্নতি হয় বুলি বিশ্বাস কৰা হয়।
(৫) সমার্থক শব্দ লিখা :
চকু →
পুৱা →
তৰা →
চৰণ →
উত্তৰ :
শব্দ → সমার্থক শব্দ
চকু → নয়ন, নেত্র
পুৱা → প্রাত:
তৰা → নক্ষত্র
চৰণ → ভৰি
(৬) তলৰ বিশেষ্য পদবোৰৰ বিশেষণ ৰূপ লিখা :
বন →
সেউজ →
ভাগৰ →
সোণ →
দুখ →
চকু →
দৰিদ্ৰতা →
উত্তৰ :
বিশেষ্য পদ → বিশেষণ ৰুপ
বন → বনৰীয়া
সেউজ → সেউজীয়া
ভাগৰ → ভাগৰুৱা
সোণ → সোণালী
দুখ → দু:খিত
চকু → চাক্ষুষ
দৰিদ্ৰতা → দৰিদ্ৰ
(৭) বিপৰীত শব্দ লিখা :
পুৱা →
শেষ →
শুৱনি →
জেউতি →
উত্তৰ :
শব্দ → বিপৰীতার্থক শব্দ
পুৱা → গধূলি
শেষ → আদি, আৰম্ভণি
শুৱনি → অশুৱনি, কুৎসিত
জেউতি → মলিনতা, এন্ধাৰ
(৮) বিশেষণ শব্দ লিখা :
চকু →
আকাশ →
জ্যোতি →
পৃথিৱী →
বালি →
উত্তৰ :
শব্দ → বিশেষণ শব্দ
চকু → চাক্ষুষ
আকাশ → আকাশী
জ্যোতি → জ্যোতিষ্মান
পৃথিৱী → পার্থিৱ
বালি → বালিয়া, বালিময়
(৯) বাক্য ৰচনা কৰা :
চকু মুদ; হাত উঠ; বুকু ডাঠ; মূৰত টাঙোন মাৰ্
উত্তৰ :
চকু মুদ : শ্ৰীমন্ত শংকৰদেৱে এশ ঊনৈশ বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত চকু মুদিছিল।
হাত উঠ : বহু দিনৰ মূৰত ৰাজেনৰ হাত উঠিল৷
বুকু ডাঠ : ৰমানন্দ এজন বুকু-ডাঠ মানুহ।
মূৰত টাঙোন মাৰ্ : দুষ্টালি কৰাৰ বাবে শিক্ষকজনে ৰামৰ মূৰত টাঙোন মাৰিলে।
(১০) ভাৱ বহলাই লিখা :
ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰ :
(ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন :
অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰাযোজনা৷ সৰু কালতে যে ডাঙৰ হৈ কি হ’ব তাৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়। মূলা এবিধ ভাল পাচলি। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গুঁজি উঠা মূলাৰ সকলোবোৰৰ চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুর্বল আৰু লেহুেকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাত চাইয়েই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হ'লে ভাল হ’ব আৰু কোনোবোৰ বেয়া হ’ব। সেয়ে বেয়া পুলিবোৰ উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ ডাঙৰ হ’বলৈ দিয়ে ৷ দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল’ৰালি কালৰ আচাৰ-আচৰণ চাই শিশু এটা ডাঙৰ হ'লে কেনেকুৱা হ’ব সেয়া বুজিব পাৰি। আমি ইতিহাসত পাওঁ যে সিকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি সৰুকালৰ পৰাই আচাৰ-আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল।
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয় :
উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্রৱচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে বুজাবলৈ প্রৱচনটি মতা হয়। নদ-নদী সাধাৰণতে প্রাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম
আছে যিবোৰ আমি কোনো ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো কিন্তু সেই কাম যদি আমি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ কাম যেনে ধৰ্মানুষ্ঠান, সাহায্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত গঢ়ি উঠে।
শিক্ষানুষ্ঠান, সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি ৷
(১১) অসমৰ প্রাকৃতিক সৌন্দৰ্যৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন প্রাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি- গুহা, নামনি, উজনি, সকলোতে প্রকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি কইনাৰ দৰে শোভোষিত কৰি ৰাখিছে।
পাহাৰ-পৰ্বতৰ সৌন্দৰ্য :
অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহত হিমগিবি হিমালয় পর্বতশ্রেণী। ইয়াত সৰু-বৰ সকলো পাহাৰত সৌন্দর্য সিঁচৰতি হৈ আছে। বাতিপুৱাৰ কোমল ব’দ পাহাৰ-পৰ্বতৰ ওপৰত পৰি এক স্বর্গীয় সৌন্দর্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পহাৰ-পৰ্বত যেন বগা চাদৰে আটোমটোকাৰিকৈ মেৰিয়াই ৰাখিছে। অসমৰ সোঁমাজত
থকা কাৰ্বি-আংলং পাহাৰবোৰেও সৌন্দর্যময়ী অসমৰ এক অপৰূপ দৃশ্যৰ চানেকি প্ৰদান কৰিছে। সেইদৰে অসমৰ ৰাজধানী দিছপুৰ, গুৱাহাটী মহানগৰীখনো চাৰিওদিশৰ পৰা পাহাৰে আগুৰা। পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী
মহানগৰখন চালে চকু থৰ হোৱা পোহৰব ফিটাৰ দৰে দেখাই মনত অপাৰ আনন্দৰ জোঁৱাৰ তোলে।
ভৈয়ামৰ সৌন্দৰ্য :
অসমখন পাহাৰীয়া ৰাজ্য যদিও অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখনৰ উপত্যকা অতিকৈ সাৰুৱা৷ ইয়াত নানান ধৰণৰ শস্য উৎপন্ন হয়। আঘোণৰ পকা ধানৰ পথাৰ যেন সৌন্দৰ্যৰ আঁকৰ৷ আঘোণ মাহৰ চটকটীয়া বতাহত নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যই মন-প্রাণ হৰি নি অসমবাসীক মুগ্ধ কৰে।
ন’দ-নদীৰ সৌন্দৰ্য :
অসম হৈছে নদী মাতৃকা দেশ। ইয়াত অসংখ্য ন’দ-নদী আছে। ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে বাৰিষা কালত পানীৰে উপচি পৰি গাওঁ-ভুই বুৰাই পেলায়। বানপানীৰো সৃষ্টি কৰে। বানপানীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যই এক ৰহস্যময় অনির্বচনীয় ৰূপ লয়। পানীৰ কুলু কুলু শব্দই কাণত অমিয়া হৈ বাজে।
অসমৰ নদ-নদীসমূহত নাওখেল অনুষ্ঠিত হয়। নাৱৰীয়াসকলে নানান গীতমাত গাই আনন্দ-স্ফূর্তি কৰি সৌন্দর্যত সুৰৰ সমন্বয় ঘটায়।
অসমৰ হাবি বাননিৰ সৌন্দর্য :
অসম হৈছে হাবি-বননিৰ দেশ। ইয়াৰ প্ৰজাতিৰ গছ-গছনি, তৰু-লতা, নল-খাগৰি আদিৰে ঠেহ খাই আছে। এই ৪০ শতাংশ ভূমি হাবি-বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান। গছ-গছনিবোৰে প্ৰাকৃতিক সম্পদত অসমখনক চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ অকৃপণ অৱদান আগবঢ়াইছে। অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ, যেনে - গমেৰী, সোনাৰু, চেগুণ, শিশু, শিমলু আদিৰ লানিয়ে মনত অপাৰ আনন্দৰ খলকনি তোলে৷ সেইদৰে অসমৰ ব্ৰহ্মপুত্ৰ ন'দৰ দক্ষিণ পাৰৰ সমভূমি অঞ্চলত বিস্তৃত হৈ থকা শাল গছৰ শাৰীয়ে সৌন্দর্য পিপাসু পর্যটকসকলক হাত বাউলি মাতে।
বিভিন্ন ঋতুৰ সৌন্দৰ্য :
অসমত ছয়টা ঋতু দেখা যায় - গ্ৰীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহ স্বকীয় সৌন্দৰ্যৰে বৈশিষ্ট্যমণ্ডিত। গ্রীষ্ম আৰু বৰ্ষা কালৰ অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰত ঋতুয়ে অসমৰ প্ৰাকৃতিক সৌন্দর্যলৈ এক নতুনত্ব কঢ়িয়াই আনে। এই সময়ত আকাশ ফৰকাল হৈ নীল বৰণ ধাৰণ কৰি থাকে৷ গছ-গছনি
নানান ধৰণৰ ফল-মূল যেনে - আম, কঁঠাল, মাধুৰী আম, কমলা, সুমথিৰা, লেটুকা, নাৰিকল, আপেল আদিয়ে অসমবাসীৰ অন্তৰত জীয়াই থকাৰ নতুন উদ্যম প্ৰদান কৰে। অসমৰ বসন্তকালৰ সৌন্দৰ্য সোণত সোৱগা
চ’ৰাৰ দৰে। এই ঋতুত গছ-গছনিবোৰে নৱ নৱ পল্লবেৰে জাতিষ্কাৰ হৈ উঠে। গোলাপ, তগৰ, নাৰ্জী, কপৌ আদি ফুল ফুলি সৌন্দৰ্যৰ খনি অসমী আইক নকইনাৰ সাজ পিন্ধায়। এই সময়ত অসমী আইৰ কোলাত কুলি, কেতেকী আদি চৰাইৰ আবিৰ্ভাৱ হয়। এইবোৰে স্বকীয় গীত মাতেৰে অসমৰ সৌন্দৰ্যত নতুন ৰাগিনীৰ সংযোজন ঘটায়।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিশেষ স্থানসমূহ :
অসমৰ য’তে ত’তে সৌন্দৰ্যই লীলা কৰি আছে যদিও অসমৰ এনে কিছুমান স্থান আছে যিবোৰৰ প্রাকৃতিক সৌন্দর্য ইমানেই মোহনীয় যে অসমৰ বাহিৰৰ পৰাও বহুত,পৰ্যটক সেই সৌন্দৰ্যৰ অমীয়া পান কৰিবলৈ ঢাপলি মেলি আহে। তেনে কেইটামান স্থান হৈছে: গুৱাহাটীৰ কামাখ্যাধাম, বশিষ্ঠাশ্ৰম, তেজপুৰৰ অগ্নিগড়, পোৱামক্কা, গোৱালপাৰাৰ দৰগাহ শ্বৰীপ আদি ৷ এইবোৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ আৰু সৌন্দৰ্য ইমানেই মোহনীয় যে এনে স্থানবোৰ দৰ্শন কৰিলে গতানুগতিক জীৱনৰ বিষাদ আৰু ক্লান্তি নিমিষতে দূৰ হৈ যায়।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি ভাবুকি :
অসমৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদৰ লোভত মোহিত হৈ যুগে যুগে নানান জাতি আৰু গোষ্ঠীৰ লোক অসমলৈ প্ৰব্ৰজন কৰি আহিছে। ফলত অসমৰ জনসংখ্যা দ্রুত গতিত বাঢ়ি আছে। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ বাবে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্থানসমূহ মানুহৰ বাসভূমি আৰু কৃষিভূমিলৈ সলনি হ'ব ধৰিছে। ফলত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত কুঠাৰাঘাত পৰি আছে। আমি অসমবাসীয়ে অসমৰ প্ৰাকৃতিক সৌন্দর্য অটুত ৰখাৰ বাবে যদি এতিয়াই সচেতন নহওঁ তেন্তে সন্নিকট ভৱিষ্যতত্ব অসমৰ প্ৰাকৃতিক সৌন্দর্য লোপ পাব আৰু মোহময়ী বিনন্দীয়া অসমৰ নামো ইতিহাসৰ পৃষ্ঠাত এলাগী হৈ পৰিব।
জানি থওঁ আহা
বিপৰীত অৰ্থ বুজোৱা শব্দশব্দ → বিপৰীত শব্দ
হর্ষ → বিষাদ
উপকাৰ → অপকাৰ
স্থাৱৰ → জংগম
সম্পদ → বিপদ
আৱাহন → বিসর্জন
উদয় → অস্ত
অনুকূল → প্রতিকুল
জ্ঞানী → মূর্খ
আনন্দ → বেদনা
আকর্ষণ → বিকর্ষণ
উজনি → নামনি
স্বাধীন → পৰাধীন
দুর্বল → সবল
জন্ম → মৃত্যু
উচ্চ → নীচ
ওখ → চাপৰ
গ্রহণ → বর্জন
আৱিৰ্ভাৱ → তিৰোভাৱ
প্রাচীন → আধুনিক
গহীন → চঞ্চল
Updated on 10th February 2024
By :- J.A.C | B.Sc | Web/App Developer
0 Comments