Ads banner

JE Banner Ads
Image 2

মোবাইল ফোন (পঢ়োঁ আহা) - অধ্যায় ৮ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ৮

মোবাইল ফোন (পঢ়োঁ আহা)

আৰ্হি প্রশ্নমালা :

(১) অতি চমুকৈ উত্তৰ দিয়া :

ক) ম'বাইল ফোনৰ অপকাৰিতাক কেইটা শ্ৰেণীত ভগাব পাৰি?
উত্তৰ : মোবাইল ফোনৰ অপকাৰিতাক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি।

খ) মাইক্ৰ'ৱেভ বিকিৰণে কিহৰ সম্ভাৱনা বৃদ্ধি কৰে?
উত্তৰ : মাইক্ৰ'ৱেভ বিকিৰণে মগজুৰ টিউমাৰৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

গ) দুৰ্বল নেটৱৰ্কৰ সময়ত কি বৃদ্ধি পায়?
উত্তৰ : দুৰ্বল নেটওৱৰ্কৰ সময়ত বিকিৰণৰ পৰিমাণ অধিক বৃদ্ধি পায়।

(২) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ বুজাই লিখা :

ক) ম'বাইল ফোনৰ অপকাৰিতা চাৰিটা কি কি?
উত্তৰ : মোবাইল ফোনৰ অপকাৰিতাক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে, যেনে -
ক) শাৰীৰিক স্বাস্থ্যজনিত অপকাৰিতা
খ) মানসিক স্বাস্থ্যজনিত অপকাৰিতা
গ) পৰিৱেশজনিত অপকাৰিতা আৰু
ঘ) দুৰ্ঘটনাজনিত অপকাৰিতা।

খ) ম'বাইল টাৱাৰসমূহৰ প্ৰভাৱৰ ফলত পৰিৱেশৰ কেনে অপকাৰ হয়?
উত্তৰ : মোবাইলৰ টাৱাৰসমূহৰ প্ৰভাৱ গছ-গছনিৰ ওপৰত পৰে। টাৱাৰসমূহৰ পৰা এটা নিৰ্দিষ্ট ব্যাসাৰ্ধৰ এলেকাৰ গছ-গছনিৰ উৎপাদন ক্ষমতা হ্রাস পায় বুলিও নতুন আশংকাৰ সৃষ্টি হৈছে।

গ) ম'বাইল ফোনৰ নিৰাপদ ব্যৱহাৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা৷
উত্তৰ : মোবাইল ফোনৰ ব্যৱহাৰৰ দ্বাৰা বহুত শাৰীৰিক তথা মানসিক সমস্যাৰ সৃষ্টি হয়। ইয়াৰ নিৰাপদ ব্যৱহাৰ হ'ল :
১) হেডচেট বা স্পিকাৰৰ ব্যৱহাৰ কৰা কাৰণ হেডচেটে ফোনতকৈ অতি কম পৰিমাণত বিকিৰণ কৰে। তাঁৰযুক্ত হেডচেট আটাইতকৈ বেছি উপযোগী। আনহাতে, লাউড স্পিকাৰ ব্যৱহাৰ কৰিলেও বিকিৰণৰ পৰা ৰক্ষা পোৱা যায়।
২) ফোনটো যিমান পাৰি শৰীৰৰ পৰা দূৰত ৰাখিব লাগে। আনকি হেডচেট ব্যৱহাৰ কৰি ফোন কৰি থকা অৱস্থাতো ফোনটো যিমান পাৰি শৰীৰৰ পৰা আঁতৰত ৰাখিব লাগে।
৩) কথা পতাতকৈ মেছেজ পঠিয়ালে বিকিৰণৰ মাত্ৰা কম হয়। সেয়ে আমি যিমান পাৰি মেছেজৰ সহায়ত যোগাযোগ কৰিব লাগে।
৪) দুৰ্বল নেটৱৰ্কৰ সময়ত বিকিৰণৰ পৰিমাণ অধিক বৃদ্ধি পায়। গতিকে সবল নেটৱৰ্কৰ সময়তহে কথা পতা দৰকাৰ।
৫) শিশুৰ মগজুৰ ওপৰত মাইক্ৰ'ৱেভ বিকিৰণৰ প্ৰভাৱ অতি বেছি। সেয়ে দৰকাৰ নহ'লে, শিশুক মোবাইল ফোন ব্যৱহাৰ কৰিব দিব নালাগে।

ঘ) ম'বাইল ফোনৰ দুৰ্ঘটনাজনিত অপকাৰৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : গাড়ী চালনা হ'ল প্ৰতি মূহুর্ততে এশ শতাংশ মনোযোগেৰে কৰিব লগা কাম। গাড়ী চলাই থাকোঁতে যেতিয়া আমি ফোনত কথা পতা আৰম্ভ কৰোঁ, তেতিয়া মনোযোগ ব্যাহত হয় আৰু এখন হাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায়।

ঙ) ম'বাইল ফোনৰ স্বাস্থ্যজনিত অপকাৰৰ বিষয়ে এটি আভাস দিয়া।
উত্তৰ : মোবাইল ফোনৰ ব্যৱহাৰে শাৰীৰিক আৰু মানসিক দুয়ো প্ৰকাৰৰ স্বাস্থ্যৰ ক্ষতি কৰে৷ মোবাইল ফোন মাইক্ৰ'ৱেভৰ জৰিয়তে সক্রিয় হোৱা সঁজুলি। ই অতি শক্তিশালী বিদ্যুতচুম্বকীয় তৰংগ। এই তৰংগই মানুহৰ মগজুৰ কোষক প্ৰভাৱিত কৰে। মগজুৰ টিউমাৰৰ সম্ভাৱনা অধিক বৃদ্ধি কৰে। অধ্যয়নে প্ৰমাণ কৰিছে যে মুখ আৰু মগজুৰ কেন্সাৰৰ ক্ষেত্ৰত মাইক্ৰ'ৱেভ বিকিৰণৰ সম্পৰ্ক আছে। অত্যধিক সময় মোবাইল ব্যৱহাৰৰ ফলত আমাৰ মগজুৰ উষ্ণতা বৃদ্ধি পায়।

ইয়াৰ ফলত :
ক) ৰক্তচাপ বৃদ্ধি পায় ।
খ) DNA-ৰ গাঁথনি সলনি হ'ব পাৰে।
গ) মগজুৰ কোষ ধ্বংস হয়।

মোবাইল ফোনে শৰীৰৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ মনটোক নেতিবাচক ৰূপত বিভিন্ন ধৰণে প্ৰভাৱিত কৰে, যেনে :
ক) মানসিক অৱসাদ বৃদ্ধি কৰিছে।
খ) যিকোনো কামৰ প্ৰতি মনোযোগ ভংগ কৰে।
গ) কোনো বিষয় সম্পৰ্কত সিদ্ধান্ত লওঁতে বা চিন্তা
কৰোঁতে অধিক সময় ল'ব লগা হৈছে।
ঘ) টোপনি বাধাগ্রস্ত কৰিছে।
ঙ) অনাহকত মানসিক চাপ বৃদ্ধি কৰিছে।

(৩) সঁচা নে মিছা লিখা :

ক) মাইক্ৰ'ৱেভ বিকিৰণে মগজুৰ টিউমাৰৰ সম্ভাৱনা বৃদ্ধি কৰে।
উত্তৰ : সঁচা।

খ) ঘণ্টাৰ পাছত ঘণ্টা মোবাইল ফোন ব্যৱহাৰ কৰিলেও মগজুৰ কোষ ধ্বংস নহয়।
উত্তৰ : মিছা।

গ) অত্যাধিক সময় মোবাইল ফোনৰ ব্যৱহাৰে যিকোনো কামৰ প্রতি মনোযোগ ভংগ কৰিব পাৰে।
উত্তৰ : সঁচা।

ঘ) মোবাইল ফোনটো যিমান পাৰি ওচৰত ৰাখিব লাগে।
উত্তৰ : মিছা।

৫) দুৰ্বল নেটৱৰ্কত কথা পতা দৰকাৰ।
উত্তৰ : মিছা।

(৪) খালী ঠাই পূৰোৱা :

মাত্ৰ কেইবছৰমানৰ ভিতৰতে সকলো_____হৈ গ'ল। এতিয়া অসমকে ধৰি সমগ্ৰ পৃথিৱীৰ প্ৰায় প্ৰতিগৰাকী_____মানুহে একোটা মোবাইল ফোন লৈ ফুৰে। মোবাইলৰ এই ব্যাপক প্ৰসাৰতাৰ সমান্তৰালভাৱে আৰম্ভ হ'ল এক অৱধাৰিত অথচ_____ চিন্তাৰ। এইয়া হ'ল : মোবাইলৰ অপকাৰিতা। মোবাইলৰ অপকাৰিতাৰ সকলো দিশ_____ কৰাৰ পিছত আমি সকলোৱে সচেতন হোৱাৰ পাল পৰিল। খ্ৰীষ্টীয় ২০০০ চনৰ আগৰ পৰাই_____ফোনৰ অপকাৰিতাৰ বিষয়ে_____আৰম্ভ হৈছিল। এতিয়া এইধৰণৰ সকলো গৱেষণাই নির্ণায়ক মোৰ লৈছে। সৰ্বসাধাৰণ ৰাইজে বুজিব পৰাকৈ সকলো_____ পোৱা গৈছে। আনকি বহুত দেশত চৰকাৰে মোবাইল ফোন ব্যৱাহৰৰ_____জাৰি কৰিছে।
উত্তৰ : মাত্ৰ কেইবছৰমানৰ ভিতৰতে সকলো সলনি হৈ গ'ল৷ এতিয়া অসমকে ধৰি সমগ্ৰ পৃথিৱীৰ প্ৰায় প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক মানুহে একোটা মোবাইল ফোন লৈ ফুৰে। মোবাইলৰ এই ব্যাপক প্ৰসাৰতাৰ সমান্তৰালভাৱে আৰম্ভ হ'ল এক অৱধাৰিত অথচ বিপৰীত চিন্তাৰ। এইয়া হ'ল : মোবাইলৰ অপকাৰিতা। মোবাইলৰ অপকাৰিতাৰ সকলো দিশ হৃদয়ংগম কৰাৰ পিছত আমি সকলোৱে সচেতন হোৱাৰ পাল পৰিল । খ্ৰীষ্টীয় ২০০০ চনৰ আগৰ পৰাই মোবইল ফোনৰ অপকাৰিতাৰ বিষয়ে গৱেষণা আৰম্ভ হৈছিল। এতিয়া এইধৰণৰ সকলো গৱেষণাই নির্ণায়ক মোৰ লৈছে। সৰ্বসাধাৰণ ৰাইজে বুজিব পৰাকৈ সকলো তথ্য পোৱা গৈছে। আনকি বহুত দেশত চৰকাৰে মোবাইল ফোন ব্যৱাহৰৰ আচৰণ-বিধিও জাৰি কৰিছে।

(৫) টেলিভিছন বা দূৰদৰ্শনৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :
টেলিভিছন হৈছে বিজ্ঞানৰ এক আধুনিক আবিষ্কাৰ।'টেলিভিছন' ইংৰাজী শব্দ। ‘টেলি' শব্দই ‘দূৰ' আৰু ‘ভিছন' শব্দই ‘দেখা/ বা দর্শন কাৰ্যক বুজায়। অর্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কার্য বা ঘটনা লগতে মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ প্ৰতিশব্দ হ'ল 'দূৰদৰ্শন'। জন বেয়ার্ড নামৰ এজন ইংৰাজ বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে।

টেলিভিছনৰ কাৰ্যৰ আধাৰ হ'ল বিদ্যুৎ আৰু ইয়াৰ ক্ৰিয়া। টেলিভিচনত দেখা দৃশ্যবোৰ প্ৰথমতে শক্তিশালী কেমেৰাৰে তুলি সেইবোৰ উজ্জ্বল আৰু অনুজ্জ্বল পোহৰ বিন্দুলৈ ৰূপান্তৰিত কৰা হয়। তাৰ পিছত ইয়াক বিদ্যুৎ তৰঙ্গলৈ সলনি কৰি শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ পঠোৱা হয়। গ্রাহক যন্ত্ৰই এইবোৰ পূৰ্বৰ ছবি আৰু শব্দলৈ ৰূপান্তৰ কৰে ফলত টেলিভিছনৰ জৰিয়তে দূৰত ঘটা ঘটনা চাব আৰু শব্দ শুনিব পৰা যায়।

টেলিভিছনৰ দৃশ্যবোৰক আমি কলা-বগা আৰু ৰঙীন এই দুই ৰূপত চাব পাৰো। টেলিভিছন বৰ শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশত ঘটা ঘটনা নিজ ঘৰত বহিয়েই চাব পাৰি ব্যৱসায়-বাণিজ্য, শিক্ষা, প্ৰচাৰমূলক কার্যত ইয়াৰ ব্যৱহাৰ অপৰিসীম। জনমত গঠনৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰে। টেলিভিচনে নিয়মীয়াকৈ বহুতো মনোৰঞ্জনমূলক কাৰ্যসূচীও প্ৰচাৰ কৰে যিবোৰ উপভোগ কৰি আমি নানান কথা শিকাৰ উপৰিও আনন্দ উপভোগ কৰিব পাৰি।

টেলিভিছনৰ যেনেকৈ উপকাৰ আছে ঠিক তেনেকৈ ইয়াৰ অপকাৰী দিশো নথকা নহয়। বহু সময়ত টেলিভিছনত প্ৰৰোচনামূলক বাতৰিও পৰিবেশন কৰে যি বাতৰিয়ে বহু সময়ত জনসাধাৰণৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। টেলিভিছনত নানাধৰণৰ কাৰ্যসূচী প্ৰচাৰ কৰা হয় যদিও সকলো কাৰ্যসূচী সকলোৰে বাবে প্ৰজোয্য নহয়। অতিৰিক্ত টেলিভিছন দর্শন কার্যই আমাৰ চকু আৰু শৰীৰৰ ক্ষতি কৰে। তাৰোপৰি টেলিভিছনত প্ৰচাৰ কৰা বা- বাতৰি সদায় নিৰপেক্ষ নহয়। সেয়ে টেলিভিছন চোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে সতর্কতা অৱলম্বন কৰা উচিত। টেলিভিচন আজিকালি সভ্য জগতৰ প্ৰয়োজনীয় বস্তু যদিও ইয়াৰ বেয়া প্ৰভাৱবোৰ এৰাই চলি ইয়াক যুক্তিসঙ্গতভাবে ব্যৱহাৰ কৰা উচিত।

Updated on 21st March 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments