1. তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO₄ ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
Get Answer
2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব? [HSLC.'20]
(a) গ্ৰীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্ৰলেপ দি।
(d) ওপৰৰ সকলো।
Get Answer
3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো লিখা। [HSLC.'19,'22]
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(d) আইৰন
Get Answer
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো— [HSLC.'18]
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্ৰিয়।
(d) যিংক টিনতকৈ কম সক্ৰিয়।
Get Answer
5. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্প বাছি উলিওৱা।
(a) ছডিয়াম
(b) এলুমিনিয়াম
(c) ক্লৰিন
(d) ব' ৰন
Get Answer
6. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্রিয়া কৰে?
(a) Al
(b) Fe
(c) Na
(d) Ca
Get Answer
7. তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ?
(a) Si
(b) Ge
(c) B
(d) Al
Get Answer
8. তলৰ বিক্ৰিয়াটোৰ বিক্রিয়াজাত পদাৰ্থ 'X' হ'ল—
3Fe(s) + 4H₂O(g) → X + 4H₂(g)
(a) FeO
(b) Fe₂O₃
(c) Fe₃O₄
(d) ওপৰৰ এটাও নহয়
Get Answer
9. লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ, যাৰ নাম—
(a) ব্ৰ'ঞ্জ
(b) পিতল
(c) ষ্টেইনলেচ ষ্টিল
(d) ছ'ল্ডাৰ
Get Answer
10. তলৰ কোনটো ধাতুৰ সক্ৰিয়তা আটাইতকৈ কম?
(a) K
(b) Na
(c) Ca
(d) Mg
Get Answer
11. ব্ৰঞ্জত থকা ধাতুকেইটা হৈছে—
(a) Cu, Zn
(b) Cu, Ag
(c) Cu, Sn
(d) Cu, Au
Get Answer
12. মাৰকিউৰিৰ প্ৰধান আকৰিকটোৰ নাম হৈহে—
(a) গেলেনা
(b) চিনাবাৰ
(c) হেমেটাইট
(d) বক্সাইট
Get Answer
13. পিতলত থকা ধাতুকেইটা হ'ল-
(a) Cu, Zn
(b) Cu. Ag
(c) Cu. Sn
(d) Cu. Au
Get Answer
14. সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হ'ল—
(a) Ag
(b) Hg
(c) Na
(d) Mg
Get Answer
15. কটাৰিৰে সহজে কাটিব পৰা ধাতুটো হ'ল—
(a) Fe
(b) Cu
(c) Ag
(d) Na
Get Answer
16. সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুটো হ'ল-
(a) S
(b) C
(c) Br
(d) I
Get Answer
17. আটাইতকৈ বেছি ঘাতসহনশীল ধাতু হ'ল—
(a) Au
(b) Na
(c) Li
(d) Mg
Get Answer
18. ধাতৱদ্যুতি সম্পন্ন অধাতুটো হৈছে—
(a) ছালফাৰ
(b) আয় 'ডিন
(c) হাইড্ৰ'জেন
(d) ক্লৰিন
Get Answer
19. তলৰ কোনটো উভধর্মী অক্সাইড?
(a) Na₂O
(b) AL₂O₃
(c) Fe₂O₃
(d) K₂O
Get Answer
20. তলৰ কোনটো ধাতুৱে পানীৰ কোনো অৱস্থাৰ লগত বিক্ৰিয়া নকৰে—
(a) মেগনেছিয়াম
(b) আইৰণ
(c) কেলছিয়াম
(d) কপাৰ
Get Answer
21. অম্লৰাজ হ'ল ____ অনুপাতত গাঢ় HCI আৰু গাঢ় HNO₃ -ৰ সদ্যপ্রস্তুত মিশ্রণ।
(a) 1:3
(b) 3:1
(c) 2:3
(d) 3:2
Get Answer
22. এটা মৌল 'X' পাৰমাণৱিক সংখ্যা 19. ইয়াৰ আয়ন X⁺ ত কিমান সংখ্যক ইলেকট্ৰন থাকিব ?
(a) 18
(b) 19
(c) 20
(d) 21
Get Answer
23. এটা মৌল ' ৰ পাৰমাণৱিক সংখ্যা 17, ইয়াৰ আয়ন Y⁻ ত কিমান সংখ্যা ইলেকট্ৰন থাকিব ?
(a) 17
(b) 18
(c) 19
(d) 20
Get Answer
24. A,B,C,D মৌল চাৰিটাৰ পাৰমাণৱিক সংখ্যা ক্রমে 6, 8, 10 আৰু 12। কোন দুটা মৌলই বিক্ৰিয়া কৰি আয়নীয় যৌগ গঠন কৰিব পাৰে?
(a) A আৰু D
(b) B আৰু C
(c) A আৰু C
(d) B আৰু D
Get Answer
25. তলৰ দিয়া এট৷ যৌগৰ দ্রৱই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, যৌগটো হ'ল—
(a) NaCl
(b) CCl₄
(c) MgCl₂
(d) CaCl₂
Get Answer
26. X, Y আৰু Z মৌল তিনিটাৰ ইলেকট্ৰনীয় বিন্যাস হ'ল—
X : 2, Y: 2,8,7 Z:2.8,2
এই মৌলকেইটাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ?
(a) X হ'ল ধাতু
(b) Y হ'ল ধাতু
(c) Z হ'ল অধাতু
(d) Y হ'ল অধাতু আৰু Z হল ধাতু
Get Answer
27. তলৰ কোনটো ধৰ্ম আয়নীয় যৌগই নেদেখুৱায়।
(a) পানীত দ্রবণীয়
(b) গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰে
(c) উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট
(d) বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে।
Get Answer
28. সম্ভ্ৰান্ত গেছৰ যোজক কক্ষত থকা ইলেকট্ৰনৰ সংখ্যা হ'ল—
(a) কেৱল ৪টা
(b) কেৱল 2 টা
(c) 8 বা 2
(d) 8 বা 6
Get Answer
29. KCl, HCl, CCl₄ আৰু NaCl যৌগকেইটাৰ কোনকেইটা যৌগ, আয়নীয় যৌগ?
(a) HCI আৰু CCl₄
(b) KCI আৰু NaCl
(c) KCI আৰু HCI
(d) NaCI আৰু CCl₄
Get Answer
30. তলৰ কোনটো সম্ভ্ৰান্ত গেছৰ যোজক কক্ষত দুটা ইলেকট্রন থাকে ?
(a) Ar
(b) Ne
(c) He
(d) Kr
Get Answer
31. এমালগামত থকা বাধ্যতামূলক ছডিয়াম মৌলটো হ'ল—
(a) মাৰ্কিউৰি
(b) যিংক
(c) ছডিয়াম
(d) এলুমিনিয়াম
Get Answer
32. দস্তলেপন প্ৰক্ৰিয়াত লোত মামৰ নধৰিবলৈ প্ৰলেপ দিয়া ধাতুটো হ'ল—
(a) Zn
(b) Cu
(c) Au
(d) Ag
Get Answer
33. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু হ'ল-
(a) সোণ
(b) ছডিয়াম
(c) এলুমিনিয়াম
(d) কেলছিয়াম
Get Answer
34. ছালফাইড আকৰক কোনটো পদ্ধতিৰে অক্সাইডলৈ পৰিৱৰ্তন কৰিব পাৰি?
(a) দগ্ধীকৰণ
(b) গাঢ়ীকৰণ
(c) তাপজাৰণ
(d) তাপবিজাৰণ
Get Answer
35. কার্বনেট আকৰক কোনটো পদ্ধতিৰে অক্সাইডলৈ পৰিৱৰ্তন কৰিব পাৰি?
(a) দগ্ধীকৰণ
(b) গাঢ়ীকৰণ
(c) তাপজাৰণ
(d) তাপবিজাৰণ
Get Answer
36. এটা অধাতু বিজাৰক হ'ল—
(a) ক্লৰিন
(b) ছালফাৰ
(c) কার্বন
(d) আয় 'ডিন
Get Answer
37. বিগলিত ছডিয়াম ক্ল'ৰাইডৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কেথড আৰু এনডত যুক্ত হোৱা পদার্থ দুটা হ'ল—
(a) কেথডত ছডিয়াম জমা হয় আৰু এনডত ক্ল'ৰিন মুক্ত হয়
(b) কেথডত কেলছিয়াম জমা হয় আৰু এনডত ক্লৰিন মুক্ত হয়
(c) কেথডত ছডিয়াম জমা হয় আৰু এনডত অক্সিজেন মুক্ত হয়।
(d) ওপৰৰ এটাও নহয়
Get Answer
38. ছ'ল্ডাৰত থকা দুটা ধাতু হ'ল
(a) Cu, Zn
(b) Pb, Sn
(c) Cu, Sn
(d) Cu, Pb
Get Answer
39. এটা ছালফাইড আকৰৰ নাম হ'ল—
(a) বক্সাইট
(b) চূণশিল
(c) যিংক ব্লেণ্ড
(d) হেমেটাইট
Get Answer
40. এটা কাৰ্বনেট আকৰৰ নাম হ'ল—
(a) চূণশিল
(b) গেলেনা
(c) বক্সাইট
(d) হেমেটাইট
Get Answer
0 Comments