Ads banner

JE Banner Ads
Image 2

SEBA Class 10 Science MCQs Chapter 1 Chemical reactions and equations

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? 2PbO(s) + C(s) → 2Pb(s) + CO₂(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলো

2. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ [HSLC.'16,'18]
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ

3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া। [HSLC.'17]
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

4. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন
(b) বিয়োজন
(c) অপসাৰণ
(d) তাপবর্জী

5. বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ ? [HSLC.'23]
(a) তাপগ্রাহী
(b) তাপবর্জী
(c) দুয়োটা
(d) এটাও নহয় ৷

6. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) তাপগ্রাহী
(b) তাপবর্জী
(c) সংযোজন
(d) অধঃক্ষেপণ

7. ZnO + C → Zn + CO –এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO

8. MnO₂ + 4HCl → MnCl₂ + 2H₂O₂ + Cl₂ —এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) HCl, MnO₂
(b) HCl, MnCl₂
(c) MnO₂, HCl
(d) MnO₂, Cl₂

9. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ'ল—
(a) মেগনেছিয়াম কার্বনেট
(b) মেগনেছিয়াম নাইট্রেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্রক্সাইড

10. পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন
(b) বিয়োজন
(c) তাপবর্জী
(d) (a) আৰু (b)

11. ফেৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয়—
(a) SO₂
(b) SO₃
(c) Fe₂O₃
(d) ওপৰৰ আটাইকেইটা

12. চূণশীল উত্তপ্ত কৰিলে পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) সংযোজন
(b) বিয়োজন
(c) অপসৰণ
(d) তাপবর্জী

13. লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়—
(a) PbO
(b) NO₂
(c) N₂
(d) O₂

14. ছিলভাৰ ব্ৰোমাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) বিয়োজন
(b) সংযোজন
(c) তাপগ্রাহী
(d) (a) আৰু (c)

15. কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বিঅপসাৰণ
(d) সংযোজন

16. BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl –এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) অপসৰণ
(b) দ্বিঅপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)

17. 2Cu + O₂ → 2CuO – এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—
(a) CuO, O₂
(b) Cu, O₂
(c) O₂, CuO
(d) Cu, CuO

18. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে ?
(a) ক'লা
(b) মুগা
(c) সেউজীয়া
(d) ৰঙা

19. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কোন বৰণৰ চামনি পৰে ?
(a) ক'লা
(b) সেউজীয়া
(c) মুগা
(d) মটীয়া

20. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে—
(a) মলি আঁতৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্ৰ'ক্সাইডৰ তৰপটো আঁতৰাবলৈ

21. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্ৰিয়া?
(a) 2AgCl → 2Ag + CI₂
(b) 2H₂O → 2H₂ + O₂
(c) 2AgBr → 2Ag + Br₂
(d) CaCO₃ → CaO + CO₂

22. এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ'ল—
(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ
(b) স্থিৰানুপাত বিধি
(c) ভৰৰ নিত্যতা বিধি
(d) ওপৰৰ এটাও নহয়

23. xPb(NO₃)₂ → yPbO + zNO₂ + O₂ –এই সন্তুলিত ৰাসায়নিক সমীকৰণটোত x, y আৰু z ৰ মানবোৰ ক্ৰমে—
(a) 2, 3, 4
(b) 2, 2, 4
(c) 2, 2, 2
(d) 3, 2, 4

24. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে—
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্ৰ'ক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ'ল—
(a) (i), (iii)
(b) (ii), (iii)
(c) (i), (iii), (iv)
(d) কেৱল (iv)

Post a Comment

0 Comments