(SCERT)
State Council of Educational Research and Training.
CLASS : VII
SUBJECT : OUR SCIENCE
Medium : Assamese
Chapter— 5
কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন
অনুশীলনীৰ প্ৰশ্নাৱলী
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) অনুপ আৰু ইকবাল দুয়োৰে বয়স প্রায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?
(a) অনুপ স্বাস্থ্যৱান নহয়।
(b) ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।
(c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(d) কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল'ৰাৰ ক্ষেত্ৰতহে ঘটে।
উত্তৰ: (c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(ii) তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ?
(a) বহল নিতম্ব।
(b) ঋতুস্ৰাৱৰ আৰম্ভণি।
(c) মুখমণ্ডলত নোমৰ বিকাশ।
(d) স্তনৰ বিকাশ।
উত্তৰ: (c) মুখমণ্ডলত নোমৰ বিকাশ।
(iii) ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্রান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?
(a) অকলশৰে থকা উচিত।
(b) অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত।
(c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(d) সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত।
উত্তৰ: (c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(iv) কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে?
(a) টোপনি ভাল হ'ব পাৰে।
(b) স্বাস্থ্যৰ ক্ষতিহ'ব পাৰে।
(c) কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে।
(d) পঢ়াশুনাত মনোযোগ বৃদ্ধি হ'ব পাৰে।
উত্তৰ: (b) স্বাস্থ্যৰ ক্ষতিহ'ব পাৰে।
2. খালী ঠাই পূৰ কৰা-
(i) _________ হৈছে জীৱনৰ সেই পর্যায় য'ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ অভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।
উত্তৰ: যৌৱন
(ii) _________ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত प्रत्यक्षভাবে জড়িত নহয়।
উত্তৰ: গৌণ যৌন চৰিত্ৰ
3. নিম্নলিখিত বিবৃতিসমূহ সত্য [স] নে অসত্য [অ] উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা
(i) শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।
উত্তৰ: [স]
কাৰণ: পাঠ্যপুথি অনুসৰি, দৈহিক নোম বা কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ ব্যক্তিভেদে পৃথক হ'ব পাৰে আৰু ই এক স্বাভাৱিক কথা।
(ii) ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।
উত্তৰ: [স]
কাৰণ: বিজ্ঞানী মেৰী পুটনাম জেকবিৰ অধ্যয়নে প্ৰমাণ কৰিছিল যে ঋতুস্ৰাৱে ছোৱালীক দুৰ্বল বা দৈনন্দিন কাম-কাজৰ বাবে অনুপযুক্ত কৰি নোতোলে আৰু তেওঁলোকে এই সময়তো সক্ৰিয় আৰু সুস্থ হৈ থাকে।
(iii) মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি থাকে।
উত্তৰ: [অ]
কাৰণ: জীৱনৰ পাছৰ কালছোৱাত যেতিয়া মহিলাৰ বয়স 45-55 বছৰ হয়, তেতিয়া তেওঁৰ ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায়, যাক ৰজোনিবৃত্তি বোলে।
4. তলৰ শব্দ শৃংখলটো সমাধান কৰা।
থিয়কৈ (Down):
1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ।
উত্তৰ: ধঁপাত (4 টা ঘৰ)
3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য।
উত্তৰ: চাইবাৰ উৎপীড়ন (7 টা ঘৰ)
4. কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা।
উত্তৰ: ব্ৰন (2 টা ঘৰ)
5. ঋতুস্ৰাৱক সাধাৰণ ভাষাত ________ বুলি জনা যায়।
উত্তৰ: মাহেকীয়া (4 টা ঘৰ)
6. ঋতুচক্ৰৰ দশা য’ত কিশোৰীৰ দেহৰপৰা তেজ নিৰ্গত হয়।
উত্তৰ: ঋতুস্ৰাৱ (4 টা ঘৰ)
8. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে।
উত্তৰ: হৰম’ন (4 টা ঘৰ)
পথালিকৈ (Across):
2. খাদ্যত থকা এবিধ (খনিজ) পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে।
উত্তৰ: আইৰণ (4 টা ঘৰ)
7. মহিলাৰ জীৱনৰ সেই পৰ্যায় য’ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে।
উত্তৰ: ৰজোনিবৃত্তি (5 টা ঘৰ)
9. বাল্যকাল আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পৰ্যায় ________ ।
উত্তৰ: কৈশোৰকাল (5 টা ঘৰ)
10. শৰীৰৰ প্ৰজনন কৰিবপৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়।
উত্তৰ: যৌৱন (3 টা ঘৰ)
5. পাঠ্যপুথিত এই প্ৰশ্ন অন্তৰ্ভুক্ত নাই।
6. পাঠ্যপুথিত এই প্ৰশ্ন অন্তৰ্ভুক্ত নাই।
7. স্তম্ভ A ৰ সৈতে স্তম্ভ B মিলোৱা
স্তম্ভ A
(a) ডিঙিৰ ঘটিকা
(b) ঋতুচক্র
(c) মেজাজৰ পৰিৱৰ্তন
(d) ছেনিটেৰী পেড
(e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ
স্তম্ভ B
(i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন
(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী
(iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে।
(iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে।
(v) কিশোৰ ল'ৰাৰ স্বৰ-যন্ত্ৰৰ বৃদ্ধি
উত্তৰ :
(a) ডিঙিৰ ঘটিকা → (v) কিশোৰ ল'ৰাৰ স্বৰ-যন্ত্ৰৰ বৃদ্ধি
(b) ঋতুচক্র → (iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে।
(c) মেজাজৰ পৰিৱৰ্তন → (i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন
(d) ছেনিটেৰী পেড → (ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী
(e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ → (iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে।
8. কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে?
উত্তৰ: কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ তলত উল্লেখ কৰা ধৰণৰ হ'ব পাৰে:
(i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ অনুভূতি বা আৱেগৰ হঠাৎ পৰিৱৰ্তন হোৱা, যাক মেজাজৰ পৰিৱৰ্তন বোলে।
(ii) আচৰণত ইতিবাচক প্ৰভাৱ পৰিব পাৰে, যেনে— সৃষ্টিশীল কাৰ্য আৰু ক্ৰীড়াত অংশগ্ৰহণ কৰা, নাইবা মুকলিকৈ নিজৰ অনুভৱ প্ৰকাশ কৰা।
(iii) আচৰণত নেতিবাচক প্ৰভাৱো পৰিব পাৰে, যেনে— অকাৰণতে বিৰক্ত অনুভৱ কৰা, অকলশৰীয়াকৈ থকা, বা কাৰোৰে সৈতে কথা নপতা।
(iv) শৈশৱতকৈ আৱেগ অধিক তীব্ৰ হোৱাৰ বাবে আনক সহায় কৰিবলৈ সামাজিক কামত আগ্ৰহ প্ৰকাশ কৰা বা নতুন ৰুচি/চখৰ সন্ধান কৰা।
9. কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: কৈশোৰ কালত শৰীৰৰ দ্ৰুত বৃদ্ধি আৰু বিকাশৰ বাবে বহুতো শাৰীৰিক পৰিৱৰ্তন ঘটে। সেয়েহে এই সময়ছোৱাত খেল-ধেমালি, অধ্যয়ন আদি দৈনন্দিন কাৰ্যবোৰ সঠিকভাৱে সম্পাদন কৰিবলৈ শৰীৰক পানীৰ লগতে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বী, ভিটামিন আৰু লৱণৰ দৰে আটাইবোৰ পুষ্টিকৰ উপাদান উপযুক্ত পৰিমাণে প্ৰয়োজন হয়। সুষম আহাৰে শৰীৰৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰি ৰক্তহীনতাৰ দৰে অভাৱজনিত সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে।
10. কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: কৈশোৰ কালত কিশোৰ-কিশোৰীসকলে বিভিন্ন পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰে, যিয়ে কেতিয়াবা মনত এক চাপপূৰ্ণ আৰু বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। ব্যক্তিগত ৰুচি আৰু চখৰ লগত জড়িত ইতিবাচক কাম-কাজত লিপ্ত হ'লে ই আৱেগ প্ৰকাশ কৰাৰ আৰু সুপ্ত প্ৰতিভাবোৰক উন্মোচন কৰাৰ এক সৃষ্টিশীল উপায় হৈ পৰে। ই মানসিক চাপ আৰু বিভ্ৰান্তি হ্ৰাস কৰাৰ লগতে মনত এক কৃতিত্বৰ অনুভৱ জগাই তুলি কিশোৰ-কিশোৰীসকলক আত্মবিশ্বাসী হ'বলৈ সহায় কৰে।
11. চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি?
উত্তৰ: চাইবাৰ উৎপীড়নৰ (চাইবাৰ বুলিং) বিভিন্ন ধৰণবোৰ হ'ল:
(i) সন্মতি অবিহনে আনৰ ফটো, ভিডিঅ' আৰু ব্যক্তিগত তথ্য শ্বেয়াৰ কৰা।
(ii) বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ কৰি আনক হাৰাশাস্তি কৰা।
(iii) আনৰ বিষয়ে ভুল বা অসত্য তথ্য বিয়পাই দিয়া।
(iv) অনলাইন প্লেটফৰ্মত ক্ষতিকাৰক ব্যক্তিগত মন্তব্য প'ষ্ট কৰা।
12. 14 বছৰীয়া ছোৱালী জুগনুৱে মুখত শালমন হৈাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল, কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক। জুগনুৰ মুখত শালমন হোৱাৰ সম্ভাব্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰা উচিত?
উত্তৰ: জুগনুৰ মুখত শালমন হোৱাৰ সম্ভাব্য কাৰণ হ'ল— কৈশোৰকালত শৰীৰৰ ছালখনে স্বাভাৱিকতকৈ অধিক পৰিমাণে তৈলযুক্ত পদাৰ্থ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। এই অতিৰিক্ত তৈলযুক্ত নিঃসৰণে ছালৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে আৰু তাৰ ফলত সংক্ৰমণ ঘটি শালমন বা ব্ৰনৰ সৃষ্টি হয়।
এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ মুখমণ্ডলৰ সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে, যাতে অতিৰিক্ত তেল আৰু লেতেৰা পদাৰ্থই ছালৰ ছিদ্ৰবোৰ বন্ধ কৰিব নোৱাৰে।
13. ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক'লে যে, তেঁও দৈনন্দিন কাম-কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্রকৃততে অন্ধবিশ্বাসহে; কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি করা উচিত পৰামৰ্শ আগবঢ়োঁৱা।
উত্তৰ: আইতাকৰ এই বিশ্বাস সম্পূৰ্ণ অন্ধবিশ্বাস, কাৰণ ঋতুস্ৰাৱ হৈছে এক স্বাভাৱিক, স্বাস্থ্যকৰ আৰু জৈৱিক প্ৰক্ৰিয়া যি ছোৱালীৰ শৰীৰৰ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ঘটে। ইয়াৰ কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই আৰু ই ছোৱালী এজনীক দুৰ্বল বা দৈনন্দিন কাম-কাজৰ বাবে অনুপযুক্ত কৰি নোতোলে।
এই পৰিস্থিতি চম্ভালিবলৈ ৰীমাই ভয়, লাজ বা অপৰাধবোধ নকৰি সুস্থিৰ হৈ থাকিব লাগে। তেওঁ ঋতুস্ৰাৱৰ আঁৰৰ বিজ্ঞান বুজি আইতাকৰ সৈতে বা বিশ্বাসী জ্যেষ্ঠজনৰ সহায় লৈ এই বিষয়ে মুকলিকৈ আলোচনা কৰিব লাগে আৰু সমাজত প্ৰচলিত এনে নিষেধাজ্ঞাক অগ্ৰাহ্য কৰি নিজৰ দৈনন্দিন কাম-কাজ স্বাভাৱিকভাৱে চলাই যাব লাগে।
14. ৰীমাই মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত ছেনিটেৰি পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।
(i) ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা।
উত্তৰ:
স্বাস্থ্যকৰ অভ্যাস: মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰা আৰু সংক্ৰমণ তথা দুৰ্গন্ধৰ পৰা ৰক্ষা পাবলৈ সময়মতে সেইবোৰ সলনি কৰা।
অস্বাস্থ্যকৰ অভ্যাস: ব্যৱহৃত ছেনিটেৰি পেডবোৰ বাতৰি কাগজেৰে মেৰিয়াই নোলোৱাকৈ মুকলিকৈ ডাষ্টবিনত পেলাই দিয়া।
(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা।
উত্তৰ: ঋতুস্ৰাৱৰ সময়ত শৰীৰৰ সঠিক পৰিচ্ছন্নতা বজাই ৰখাটো আৰাম আৰু সুস্বাস্থ্য দুয়োটাৰে বাবে অতি প্ৰয়োজনীয়। ই কিশোৰী ছোৱালীক বিভিন্ন ছালৰ সংক্ৰমণ, গোপন অংগৰ সংক্ৰমণ আৰু দেহৰ দুৰ্গন্ধ ওলোৱাৰ পৰা ৰক্ষা কৰে, লগতে তেওঁলোকক স্বাস্থ্যৱান আৰু আত্মবিশ্বাসী কৰি তোলে।
(iii) ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া।
উত্তৰ: ৰীমাক পালন কৰিবলৈ দিয়া পৰামৰ্শসমূহ হ'ল:
(i) ব্যৱহৃত ছেনিটেৰি পেডসমূহ ডাষ্টবিনত পেলোৱাৰ আগতে সদায় বাতৰি কাকতেৰে ভালদৰে মেৰিয়াই ল'ব লাগে।
(ii) পেডসমূহ কেতিয়াও মুকলি স্থান, জলাশয় বা শৌচাগাৰত পেলাব নালাগে।
(iii) পাৰিলে পৰিৱেশ অনুকূল জৈৱ পচনশীল ছেনিটেৰি পেড ব্যৱহাৰ কৰিব লাগে আৰু বিদ্যালয়ত যন্ত্ৰ উপলব্ধ থাকিলে পেড জ্বলাই দিয়া যন্ত্ৰ (ইনচিনেৰেটৰ) ব্যৱহাৰ কৰিব লাগে।
15. ধৰি লোৱা, তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা?
উত্তৰ: মোৰ বন্ধু এজন চাইবাৰ উৎপীড়নৰ বলি হ'লে মই তাক সহায় কৰিবলৈ তলতিয়া পদক্ষেপসমূহ ল'ম:
(i) প্ৰথমতে বন্ধাজনক বুজাম যে ইয়াত তেওঁৰ কোনো দোষ নাই, গতিকে তেওঁ যাতে ভয় বা অসহায় অনুভৱ নকৰে।
(ii) তাক মানসিকভাৱে শান্ত কৰি উৎপীড়ন চলোৱা ব্যক্তিজনক অনলাইনত তাৎক্ষণিকভাৱে 'ব্লক' কৰিবলৈ কম।
(iii) উৎপীড়নৰ প্ৰমাণ সংৰক্ষণ কৰিবলৈ ক'ম, যেনে— ঘটনাটোৰ 'স্ক্ৰীনশ্বট' লৈ থবলৈ কম।
(iv) এই বিষয়ে লুকুৱাই নাৰাখি পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক বা কোনো বিশ্বাসী জ্যেষ্ঠজনক অতি সোনকালে জনাই সহায় বিচাৰিবলৈ ক'ম।
16. কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল'ৰা। তেওঁক প্রায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্রয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত?
উত্তৰ: এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে তলত দিয়া ধৰণে কাম কৰা উচিত:
(i) যেতিয়াই সমনীয়াই গুটকা সেৱন কৰিবলৈ আগবঢ়াই দিয়ে বা হেঁচা দিয়ে, কিৰিয়ে তাক সম্পূৰ্ণ আত্মবিশ্বাসেৰে আৰু দৃঢ়তাৰে প্ৰত্যাখ্যান কৰিব লাগে আৰু প্ৰথমবাৰতেই 'না' ক'ব লাগে।
(ii) গুটকা বা ধঁপাতজাতীয় বস্তুৰ আসক্তিয়ে হাওঁফাওঁৰ ক্ষতি, দুৰ্বল স্মৃতিশক্তি আৰু কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ কৰিব পাৰে বুলি নিজৰ সিদ্ধান্তত অটল থাকিব লাগে।
(iii) সমনীয়াৰ এনে ক্ষতিকাৰক হেঁচাৰ বিষয়ে কিৰিয়ে কোনো সংকোচ নকৰি পিতৃ-মাতৃ, পৰিয়ালৰ জ্যেষ্ঠজন বা শিক্ষকৰ সৈতে মুকলিকৈ কথা পাতি তেওঁলোকৰ সহায়-সমৰ্থন ল'ব লাগে।
অতিৰিক্ত প্ৰশ্ন
প্ৰশ্ন 1: মানুহৰ জীৱনৰ পাঁচটা ভিন্ন পৰ্যায় বা স্তৰসমূহ কি কি?
উত্তৰ: মানুহৰ জীৱনৰ পাঁচটা ভিন্ন পৰ্যায় বা স্তৰসমূহ হ'ল— কেঁচুৱাকাল, বাল্যকাল, কৈশোৰ, প্ৰাপ্তবয়স্কতা আৰু বৃদ্ধকাল।
প্ৰশ্ন 2: কৈশোৰকাল কাক বোলে? ইয়াৰ সময়সীমা কিমান?
উত্তৰ: ব্যক্তিৰ শৈশৱ আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ পৰিৱৰ্তনৰ পৰ্যায়টোক কৈশোৰকাল বোলে। মানুহৰ জীৱনৰ এই পৰ্যায়টো প্ৰায় 10 বছৰমান বয়সৰ পৰা আৰম্ভ হৈ 19 বছৰমান বয়সলৈ চলি থাকে।
প্ৰশ্ন 3: 'ডিঙিৰ ঘটিকা' বা 'Adam's Apple' কি?
উত্তৰ: কৈশোৰত কিশোৰ ল'ৰাৰ ডিঙিৰ ভিতৰত থকা 'স্বৰযন্ত্ৰ'টো বৃদ্ধি হৈ তাৰ আকাৰ বাঢ়ি যায় আৰু ডিঙিৰ সন্মুখভাগত টেমুনাৰ দৰে দৃশ্যমান হৈ পৰে। ইয়াক 'ডিঙিৰ ঘটিকা' বোলে।
প্ৰশ্ন 4: হৰম'ন কি? ইয়াৰ কাৰ্য কি?
উত্তৰ: হৰম'ন হ'ল আমাৰ শৰীৰত (অন্তঃস্ৰাৱী গ্ৰন্থিত) উৎপন্ন হোৱা এক বিশেষ ৰাসায়নিক পদাৰ্থ। ই শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন কাম নিয়ন্ত্ৰণ কৰে, সঠিক কাৰ্যক্ষমতাত অৰিহণা যোগায় আৰু কিছু পৰিমাণে আমাৰ আৱেগ, মেজাজ তথা আচৰণকো প্ৰভাৱিত কৰে।
প্ৰশ্ন 5: ভাৰত চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ মুকলি কৰা সাহাৰ্য সেৱাৰ নম্বৰটো কি?
উত্তৰ: ভাৰত চৰকাৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় নিচামুক্তি সাহাৰ্য সেৱাৰ নম্বৰটো হ'ল— 14446।
গুৰুত্বপূৰ্ণ প্ৰশ্ন
প্ৰশ্ন 1: ৰজোনিবৃত্তি কি? ই সাধাৰণতে কোন বয়সত ঘটে?
উত্তৰ: জীৱনৰ পাছৰ কালছোৱাত যেতিয়া মহিলাৰ ঋতুস্ৰাৱ স্বাভাৱিকতে চিৰদিনৰ বাবে বন্ধ হৈ যায় আৰু প্ৰজনন ক্ষমতাৰ অন্ত পৰে, সেই দশাটোক 'ৰজোনিবৃত্তি' বোলে। ই সাধাৰণতে মহিলাৰ বয়স 45-55 বছৰ হ'লে ঘটে।
প্ৰশ্ন 2: কিশোৰ-কিশোৰীসকলৰ বাবে ভাৰত চৰকাৰে লোৱা 'RKSK' আঁচনিৰ সম্পূৰ্ণ নাম আৰু উদ্দেশ্য কি?
উত্তৰ: 'RKSK' ৰ সম্পূৰ্ণ নাম হ'ল— ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম। ইয়াৰ লক্ষ্য হৈছে ঋতুস্ৰাৱ সম্বন্ধীয় স্বাস্থ্য আৰু পৰিচ্ছন্নতাকে ধৰি কিশোৰ-কিশোৰী সকলৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰা।
প্ৰশ্ন 3: কৈশোৰকালত মেজাজৰ পৰিৱৰ্তন (Mood swings) হ'লে মন ভাল লগাবলৈ কি কি ইতিবাচক পদক্ষেপ ল'ব পাৰি?
উত্তৰ: মেজাজৰ পৰিৱৰ্তন হ'লে নিজকে শান্ত কৰি ৰাখিবলৈ গান শুনা, ছবি অঁকা, নৃত্য-গীত আৰু ক্ৰীড়াৰ দৰে কাৰ্য-কলাপত অংশগ্ৰহণ কৰিব পাৰি। ইয়াৰ উপৰিও বিশ্বাসী ব্যক্তি যেনে— পিতৃ-মাতৃ, শিক্ষক বা জ্যেষ্ঠজনৰ সৈতে কথা পাতি সমৰ্থন ল'ব পাৰি।
0 Comments