Ads banner

Jahan Education
Jahan Education

পৰীক্ষাত কৃতকাৰ্যতা (Success) -ৰ সূত্ৰটো হ'ল : R.E.U



 পৰীক্ষাত কৃতকাৰ্যতা (Success) -ৰ সূত্ৰটো হ'ল : "R.E.U" :-

R - R অর্থাৎ (Representation) বা প্ৰদৰ্শন।

উত্তৰ লিখোঁতে কিয়দংশ কটা, চিয়াঁহী পেলোৱা, লেতেৰা কৰা, নাতিদীর্ঘ অথচ প্রয়োজনবিহীন হ’ব নালাগে। সহজে পঢ়িব পৰা বিধৰ আৱশ্যকীয় কথাখিনিহে সুস্থ লিপিত প্রদর্শন কৰিব লাগে।

E - E অর্থাৎ (Expression) বা প্রকাশৰীতি আকর্ষণীয় হ’ব লাগে।

বাক্যবোৰ চমু, শুদ্ধ আৰু বিষয়বস্তুৰ লগত খাপখোৱা বিধৰ হ’ব লাগে। সন্দেহযুক্ত বাক্য লগে লগে পৰিহাৰ কৰিব লাগে। শুদ্ধ বাক্যই কেতিয়াবা পৰীক্ষকে বিচৰা বিষয়বস্তুৰ ত্রুটিকো আওকাণ কৰাই অধিক নম্বৰ লাভ কৰাত সহায় কৰে।

U - U অর্থাৎ (Understanding) বা ভালদৰে বুজি ল'লাগে

বিষয়ভিত্তিক জ্ঞান আহৰণৰ ক্ষেত্ৰত প্ৰশ্নটো ভালদৰে বুজি লৈ পাঠটিৰ কোন অংশৰ পৰা প্ৰশ্নটো দিয়া হৈছে সেইখিনি সঠিকভাৱে বাছনি কৰি উলিয়াব লাগে। তেতিয়াহে SUCCESS বা কৃতকাৰ্যতা লাভ কৰা সম্ভৱ হ'ব।
By :- J.A.C | B.Sc | Web/App Developer

Post a Comment

0 Comments