In this post, we will publish some examples of Assamese to English translation for academic exams. We have collected all the sentences from the grammar book titled "An Approach To English Grammar".
এই পোষ্টটোত আমি Academic Exams ৰ সফলতাৰ বাবে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদৰ কিছু উদাহৰণ প্ৰকাশ কৰিম। আমি "An Approach To English Grammar" শীৰ্ষক ব্যাকৰণৰ কিতাপখনৰ পৰা সকলো বাক্য সংগ্ৰহ কৰিছো।
Let Jahan Education be your guide as you navigate the path to exam success through the power of translation.
👉 Check Jahan Education's Free ONLINE TRANSLATION TOOLS.
Some important sentences of translation from Assamese to English are mentioned below :
Exercise : 1 (A)
(a) মই নিতৌ ফুৰিবলৈ যাওঁ।Answer : I go for a walk every day.
(b) দহ বজাত আমাৰ স্কুল বহে।
Answer : At ten o'clock our school sits.
(c) তুমি আমাৰ লগতে যাবা।
Answer : You will go with us.
(d) হেম বৰুৱা এজন ভাল বক্তা।
Answer : Hem Baroua is a good speaker.
(e) তেওঁ বহুত দেশ ভ্ৰমণ কৰিছে।
Answer : He has travelled to many countries.
(f) মিছলীয়াক কোনেও ভাল নাপায়।
Answer : No one likes a liar.
(g) সি একোকে কৰিব নোৱাৰে।
Answer : He can't do anything.
(h) দেউতা কালি ঘৰত নাছিল।
Answer : Dad wasn't at home yesterday.
Exercise 1 (B)
(a) তুমি স্কুললৈ গৈছিলা নে?Answer : Did you go to school?
(b) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে নে?
Answer : Does the earth revolve around the sun?
(c) তোমাৰ দেউতাৰা ক’ত আছে?
Answer : Where is your father?
(d) তেওঁ কেতিয়া ইয়ালৈ আহিব?
Answer : When will he come here?
(e) সিহঁত সভাত উপস্থিত নাছিল নে?
Answer : Didn't they attend the meeting?
(f) তুমি মোৰ বাবে অপেক্ষা নকৰিবা নে?
Answer : Won't you wait for me?
(g) মই তালৈ যাব পাৰোঁ নে?
Answer : Can I go there?
(h) তোমাৰ কিতাপবোৰ ক’ত থৈছিলা?
Answer : Where did you put your books?
(i) যদু আকৌ নাহিবনে?
Answer : Won't Jadu come again?
(j) হেৰোৱা সময় ফিৰাই পাবানে?
Answer : Will you get back lost time?
(a) ইয়াতে বহা।
Answer : Sit down here. / Sit here.
(b) গোলমাল নকৰিবা৷
Answer : Don't mess up. / Don't make a fuss.
(c) শিক্ষকৰ কথা শুনিবা।
Answer : Listen to the teacher.
(d) ভগৱানক প্রার্থনা কৰা (pray)।
Answer : Pray to God.
(e) পিতা-মাতাৰ অবাধ্য নহ’বা।
Answer : Do not disobey your parents.
(f) ভালদৰে পঢ়া-শুনা কৰিবা৷
Answer : Study well.
(g) দুখীয়াৰ প্ৰতি দয়ালু হ’বা।
Answer : Be kind to the poor.
(h) আমি এতিয়া ফুৰিবলৈ যাওঁ ব’লা।
Answer : Let's go for a walk now.
(i) তেওঁলোক এতিয়াই যাওঁক।
Answer : Let them go now.
(j) মোক ঘৰলৈ যাবলৈ দিয়ক।
Answer : Let me go home.
(i) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Answer : India is a huge/vast country.
(ii) চাৰিঠেঙীয়া জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ৷
Answer : The elephant is the largest of the four-legged animal.
(iii) ফুলৰ সুগন্ধ কোনে ভাল নাপায়?
Answer : Who doesn't like the fragrance of flowers?
(iv) এতিয়াই এই ঠাই এৰি যোৱা।
Answer : Leave this place now.
(v) তুমি কেতিয়াও ইয়ালৈ নাহিবা।
Answer : You will never come here.
(vi) গোলাপ ফুল কিমান সুন্দৰ!
Answer : How beautiful a rose is!
(vii) পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ।
Answer : We can't survive without water.
(viii) উট এবিধ ভাৰবাহী জন্তু।
Answer : Camels are a loaded animal.
(ix) চৰিত্ৰবান মানুহক সকলোৱে সন্মান কৰে।
Answer : Everyone respects people of character.
(x) এই যুৱকজন সিংহৰ দৰে সাহসী।
Answer : This young man is as brave as a lion.
Answer : We know that vidya/knowledge is invaluable treasure.
(ii) সি যে মিছা কথা কৈছিল এই কথা সঁচা।
Answer : It is true that he lied.
(iii) তেওঁ ক’ৰ পৰা আহিল ক’ব পাৰানে?
Answer : Can you tell where he came from?
(iv) মই ৰাতিপুৱা পঢ়া কিতাপ এইখন।
Answer : This is the book I read in the morning.
(v) তেওঁ যি বিচাৰে তাকে দিয়া।
Answer : Give it to him what he wants.
(vi) মই যিখন গাঁৱত থাকো তাৰ নাম মধুপুৰ।
Answer : The name of the village I live in is Madhupur.
(vii) তুমি নাখালে ময়ো নাখাওঁ।
Answer : I won't eat if you don't eat.
(viii) তুমি শুবলৈ যোৱাৰ আগতে দুৱাৰখন বন্ধ কৰিবা।
Answer : Close the door before you go to bed.
(ix) বৰষুণ এৰাৰ লগে লগে আমি যাত্ৰা কৰিলো।
Answer : As soon as the rain stopped, we made our journey.
(x) বেমাৰীজন ইমান দুৰ্বল হৈছে যে খোজ কাঢ়িব নোৱাৰে।
Answer : The sick person has become so weak that he cannot walk.
OR
The patient is so weak that he cannot walk.
(i) তেওঁ ধনী কিন্তু অহঙ্কাৰী নহয়।
Answer : He is rich but not arrogant/proud.
(ii) সি কামটো শেষ কৰিলে আৰু গুচি গ'ল।
Answer : He finished the task and left.
(iii) আমি সভাস্থলীলৈ গৈছিলোঁ কিন্তু ভিতৰ সোমাব নোৱাৰিলো।
Answer : We went to the meeting venue but could not get inside.
(iv) দেউতাৰ অসুখ, গতিকে বাহিৰলৈ যাব নোৱাৰে।
Answer : Dad's illness, so can't go out.
(v) তুমি আৰু মই দুয়ো ইয়াৰ বাবে দায়ী।
Answer : Both you and I are responsible for this.
(vi) সি কেৱল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও।
Answer : He is not only intelligent but also hardworking/industrious.
(vii) সঁচা কথা কোৱা, নহ'লে তোমাক শাস্তি দিম।
Answer : Tell the truth, or I will punish you.
(i) সিংহ বনৰ ৰজা।
Answer : The lion is the king of the forest.
(ii) তেওঁ ৰাতিপুৱা চাহ খায়।
Answer : He drinks tea in the morning.
(iii) আন্দামান দ্বীপপুঞ্জ ভাৰত মহাসাগৰত।
Answer : The Andaman Islands are in the Indian Ocean.
(iv) ব্ৰহ্মপুত্ৰ নৈ অসমৰ মাজেদি বৈ গৈছে।
Answer : The Brahmaputra river flows through Assam.
(v) ডিব্ৰুগড়ত এখন মেডিকেল কলেজ আছে।
Answer : There is a medical college in Dibrugarh.
(vi) শত্ৰুৰ বিপক্ষে এদল সৈন্য পঠোৱা হৈছিল।
Answer : A group of soldiers were sent against the enemy.
(vii) তেওঁ প্ৰাকৃতিক সৌন্দর্য খুব ভাল পায়।
Answer : He loves natural beauty very much.
(viii) হিন্দুৰ মনত গঙ্গা এখন পবিত্ৰ নদী।
Answer : Ganga is a sacred river in the minds of Hindus.
(ix) শান্ত মানুহ ধন্যবাদৰ পাত্ৰ।
Answer : Calm people are thankful.
(x) তেওঁ এঘণ্টা পিছত আহাৰ খাব।
Answer : He will eat after an hour.
(i) কেইজনমান মানুহ তাত বহি আছে।
Answer : A few people are sitting there.
(ii) যুদ্ধক্ষেত্ৰৰ পৰা নিচেই কম সংখ্যক সৈন্য উভতি আহিছিল।
Answer : Very few troops/ soldiers returned from the battlefield.
(iii) তেওঁক খাবলৈ অলপ পানী দিয়া।
Answer : Give him some water to drink.
(iv) বেমাৰীজনৰ গাত বল নাই বুলিব পাৰি।
Answer : The sick person can be said to have no strength.
(v) গিলাচত যি অলপ গাখীৰ আছিল সি পেলাই দিলে। (has spilt)
Answer : The little milk that was in the glass threw it away.
(vi) নদীৰ দুয়োপাৰে ধাননি পথাৰ আছে।
Answer : There are paddy fields on both sides of the river.
(vii) যি কোনো এটা কলম হ'লেই হ'ব।
Answer : Any pen is all you need.
(viii) গছজোপাত কেইটামান আম আছে।
Answer : There are a few mangoes in/ on the tree.
(ix) আজি বজাৰত মানুহ প্রায় নাছিলেই।
Answer : There are almost no people in the market today.
(x) চিৰিয়াখানাত বহুতো জন্তু আৰু চৰাই আছে।
Answer : There are many animals and birds in the zoo.
আশাকৰোঁ Jahan Education আমাৰ অসমীয়া মাধ্য়মৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰিছে।
Updated on 2nd June 2024By :- J.A.C (B.Sc Honours | Web/App Developer.)


.jpg)











0 Comments