Ads banner

JE Banner Ads
Image 2

বিজ্ঞান-মানসিকতা আৰু কল্পবিজ্ঞান (পঢ়োঁ আহা) - অধ্যায় ১০ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১০

বিজ্ঞান-মানসিকতা আৰু কল্পবিজ্ঞান (পঢ়োঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) অতি চমুকৈ উত্তৰ দিয়া :

ক) কল্পবিজ্ঞান কি? ইংৰাজীত ইয়াক কি বুলি কোৱাহয়?
উত্তৰ : কল্পবিজ্ঞান হ'ল বিজ্ঞান আৰু কাৰিকৰী প্ৰযুক্তিয়ে বর্তমান সময়লৈ অনা বা ভৱিষ্যতে আনিব পৰা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি ৰচিত কল্পিত কাহিনী। ইংৰাজীত এই ধাৰাক 'চাইঞ্চ ফিক্‌চন' বুলি কোৱা হয়।

খ) কল্পবিজ্ঞান-ৰচনাৰ প্ৰথম কিতাপ বুলি কোনখনক কোৱা হয়?
উত্তৰ : জোনাথন চুইফ্‌টৰ 'দ্য গালিভাৰচ্ ট্ৰেভেলচ' কল্প বিজ্ঞানৰ প্রথম কিতাপ বুলি কোৱা হয়।

গ) কল্পবিজ্ঞানৰ বাটকটীয়া বুলি কাক কোৱা হয়?
উত্তৰ : মেৰী শেলীৰ 'ফ্রেংকেন্‌ষ্টাইন'ক কল্পবিজ্ঞানৰ বাটকটীয়া বুলি কোৱা হয় ।

ঘ) কল্পবিজ্ঞানৰ বিখ্যাত কাহিনীকাৰ আৰ্থাৰ চি ক্লার্কে কোনখন পুথিত কৃত্ৰিম উপগ্ৰহৰ বিষয়ে বিস্তৃত বর্ণনা দিছে?
উত্তৰ : কল্পবিজ্ঞানৰ বিখ্যাত কাহিনীকাৰ আৰ্থাৰ চি ক্লাৰ্কে তেওঁৰ গল্প 'ৱায়াৰলেচ ৱৰ্ল্ড'ত কৃত্ৰিম উপগ্ৰহৰ বিষয়ে বিস্তৃত বৰ্ণনা কৰিছে।

ঙ) মটোৰেলা কোম্পানীৰ মাৰ্টিন কুপাৰে কিমান চনত প্ৰথমে মোবাইল ফোন উলিয়াইছিল?

উত্তৰ : মটোৰেলা কোম্পানীৰ মাৰ্টিন কুপাৰে ১৯৭৩ চনত প্ৰথমেমোবাইল ফোন উলিয়াইছিল।

চ) ইন্টাৰনেটৰ জনক কোন? তেওঁ এক সাক্ষাৎকাৰত কি কৈছিল?
উত্তৰ : বাৰ্ণাৰ্চ লী ইন্টাৰনেটৰ জনক। তেওঁ এক সাক্ষাৎকাৰত কোৱা কাথাষাৰ হ'ল, “ ১৯৬৪ চনত প্ৰকাশিত আৰ্থাৰ চি ক্লাৰ্কৰ ‘ডায়েল এফ্‌ ফৰ ফ্ৰেংকেনষ্টাইন'ৰ দ্বাৰা প্ৰভাৱিত হৈ ইন্টাৰনেটৰ দৰে বস্তু এটা সৃষ্টিত মন দিছিল।


(২) তিনি-চাৰিটামান বাক্যত উত্তৰ দিয়া :

ক) কল্পবিজ্ঞানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : কল্পবিজ্ঞান হ'ল বিজ্ঞান আৰু কাৰিকৰী প্ৰযুক্তিয়ে বৰ্তমান সময়লৈ অনা বা ভৱিষ্যতে আনিব পৰা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি ৰচিত কল্পিত কাহিনী। ইংৰাজীত এই ধাৰাক ‘চাইঞ্চ ফিক্‌চন' বুলি জনা যায়। টিভি চিৰিয়েল ষ্টাৰৱাৰ, বিখ্যাত উপন্যাস টাইম মেচিন বা ভিডিও গেম হেল' আদি এনে কল্পবিজ্ঞ। জোনাথন চুইফ্‌টৰ দ্য‘গালিভাৰ্চ ট্ৰেভেলচ' এই শ্ৰেণীৰ প্ৰথম কিতাপ বুলি সৰহভাগ লোকে মানি লয়। তেনেদৰে ঊনৈশ শতিকাৰ আগভাগত প্ৰকাশ হোৱমেৰীশ্যেলীৰ‘ফ্ৰেংকন্‌ষ্টাইন’ কল্পবিজ্ঞানৰ বাটকটীয়া বুলি আন বহুতে ক'ব বিচাৰে।

খ) কল্পবিজ্ঞানৰ কিছুমান বিষয়ৰ নাম উল্লেখ কৰা।
উত্তৰ : বিজ্ঞানৰ বিভিন্ন বিষয় সাঙুৰি সাহিত্য কল্পবিজ্ঞান শাখাটো সৃষ্টি কৰা হয় যদিও মহাকাশ ভ্রমণ, সময় যাত্রা, বহির্বিশ্বৰ জীৱ, পৰিৱৰ্তিত জীৱ, বট আদি এনে ৰচনাৰ জনপ্ৰিয় বিষয়। ইয়াৰ উপৰিও বৰ্তমান বিজ্ঞানৰ বিভিন্ন দিশৰ সফলতা,
যেনে - হোলোগ্রাফী, থ্ৰিডি (3D) , ক্লিনিং, ক্রায়োপ্রিজার্ভেচন, ব্রেইন এনহেন্সিং, জীৱন বৰ্ধিতকৰণ, চুপাৰ হিউমেন, নেন' টেক্ল’লজি আদিও কল্পবিজ্ঞান ৰচনাৰ আন কিছুমান বিষয়। ইয়াৰ উপৰি বৰ্তমান বিজ্ঞানৰ জ্ঞানেৰে সম্পূৰ্ণভাৱে ব্যাখ্যা কৰিব নোৱৰা কিছুমানবিষয়,
যেনে - দূৰত থাকি মনোসংযোগ ঘটোৱা (টেলিপেথি), দূৰৰ বস্তু পৰিবহন (টেলিপটেচন) বা লৰচৰ কৰা (টেলিকাইনেচিচ) আৰু অইনৰ মন নিয়ন্ত্রণ আদিও বহু সময়ত এনে ৰচনাৰ বিষয় হিচাপে লোৱা হয় ৷

গ) কল্পবিজ্ঞানৰ ব্যৱহাৰ হোৱা চিনেমাসমূহ কিদৰে কৰা হৈছে চমুৱাই লিখা

উত্তৰ: কল্পবিজ্ঞানৰ কাহিনী ভাগ প্রায়েই কল্পবিজ্ঞান লিখকসকলে লিখা কাহিনীৰ আধাৰত কৰা হয়। কল্প বিজ্ঞান চিনেমাত এনে কিছুমান বৈজ্ঞানিক কার্যকলাপ দেখুৱা হয় যিবোৰ বৰ্তমানৰ টেকনোলজিৰ দ্বাৰা সম্ভৱ নহয়। কিন্তু সি বিজ্ঞানৰ প্ৰায় ওচৰ। উদাহৰণস্বৰূপে ফৰাচী কল্পবিজ্ঞান লিখক জুলে ভাৰ্ণৰ এৰাউণ্ড দ্য ওৱৰ্ল্ড ইনএইটটিডেচ” নামৰ কাহিনীৰ আধাৰত চাবমেৰিণ আৱিষ্কাৰ হৈছে। ইয়াৰ এই কাহিনীক অৱলম্বন কৰি চিনেমা নিৰ্মাণ কৰা হৈছে।

ঘ) কল্পবিজ্ঞান ব্যৱহৃত সাহিত্যৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ: কল্পবিজ্ঞানত নিয়ন্ত্ৰিতভাৱে বিশ্ব আৰু মানৱ জাতিৰ সম্ভাৱনীয় পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰা হয় । আৰ্থাৰ চি ক্লার্ক, আইজাক এচিম'ভ,জুলে ভার্ণ, আদি লেখকসকলে বহুতো কল্পবিজ্ঞান কাহিনী ৰচনা কৰিছে।কল্পবিজ্ঞানকাহিনীত বর্ণিত যানবোৰ আৰু পৰিৱেশৰ ঘটনাবোৰ আচৰিতধৰণৰ আৰু অতিৰঞ্জিত হ'লেও অদূৰ ভৱিষ্যতে এনে ঘটনা সম্ভৱ হ'বযেন লাগে। কল্পবিজ্ঞানৰ ৰচনাবোৰ যে কেৱল বিজ্ঞানসৰ্বস্ব তেনে নহয় ৷ব্যক্তি বা জাতিৰ পৰিচয়, বাসনা, নৈতিকতা আৰু সামাজিক গঠন আদি কলাৰ বিষয়বোৰো ইয়াত বিশ্লেষণ কৰা হয়। কল্পবিজ্ঞানত আগতে বর্ণিত অনেক কথাই বর্তমান সম্পূৰ্ণ একে ধৰণৰ বা সাধাৰণ পৰিবৰ্তিত ৰূপত আমাৰ সমাজত ব্যৱহৃত হৈছে।ইয়াৰভিতৰত,চাবমেৰিণ,ফেক্সমেচিন,যোগাযোগৰ যুগান্তকাৰী কৃত্ৰিম উপগ্ৰহ আদি উল্লেখযোগ্য।

(৩) চমুটোকা লিখা :
ক) কল্পবিজ্ঞান
খ) কল্পবিজ্ঞান-সাহিত্য
গ) কল্পবিজ্ঞান ব্যৱহৃত চিনেমা।

উত্তৰ :
(ক) কল্পবিজ্ঞান :
কল্পবিজ্ঞান হল বিজ্ঞান আৰু কাৰিকৰী প্রযুক্তিয়ে বর্তমান সময়লৈ অনা বা ভৱিষ্যতে আনিব পৰা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি ৰচিত কল্পিত কাহিনী। ইংৰাজীত এই ধাৰাক ‘চাইঞ্চ ফিক্চন'বুলি জনা যায়। টিভি চিৰিয়েল ষ্টাৰ ৱাৰ, বিখ্যাত উপন্যাস টাইম মেচিন বা ভিডিও গেম হেল' আদি এনে কল্পবিজ্ঞান। জোনাথন চুইফ্‌ট দা‘গালিভাৰ্চ ট্ৰেভেলচ' এই শ্ৰেণীৰ প্ৰথম কিতাপ বুলি সৰহভাগ লোকে মানি লয়। তেনেদৰে ঊনৈশ শতিকাৰ আগভাগত প্ৰকাশ হোৱা মেৰীশ্যেলীৰ ‘ফ্ৰেংকন্‌ষ্টাইন' কল্পবিজ্ঞানৰ বাটকটীয়া বুলি আন বহুতে ক'ব বিচাৰে।

খ) কল্পবিজ্ঞান-সাহিত্য :
কল্পবিজ্ঞানত নিয়ন্ত্রিতভাৱে বিশ্ব আৰু মানৱ জাতিৰ সম্ভাৱনীয় পৰিৱৰ্তৰ বিষয়ে বৰ্ণনা কৰা হয়। আৰ্থাৰ চিক্লার্ক, আইজাক এচিম’ভ, জুলে ভার্ণ, আদি লেখকসকলে বহুতো কল্পবিজ্ঞানকাহিনী ৰচনা কৰিছে। কল্পবিজ্ঞান কাহিনীত বর্ণিত যানবোৰ আৰু পৰিৱেশৰ ঘটনাবোৰ আচৰিত ধৰণৰ আৰু অতিৰঞ্জিত হ'লেও অদূৰ ভৱিষ্যতে এনেঘটনা সম্ভৱ হ'ব যেন লাগে। কল্পবিজ্ঞানৰ ৰচনাবোৰ যে কেৱল বিজ্ঞানসৰ্বস্ব তেনে নহয়। ব্যক্তি বা জাতিৰ পৰিচয়, বাসনা, নৈতিকতা আৰু সামাজিক গঠন আদি কলাৰ বিষয়বোৰো ইয়াত বিশ্লেষণ কৰা হয়। কল্পবিজ্ঞানত আগতে বর্ণিত অনেক কথাই বর্তমান সম্পূর্ণ একে ধৰণৰ বা সাধাৰণ পৰিবৰ্তিত ৰূপত আমাৰ সমাজত ব্যৱহৃত হৈছে। ইয়াৰ ভিতৰত চাবমেৰিণ, ফেক্স মেচিন, যোগাযোগৰ যুগান্তকাৰী কৃত্রিম উপগ্রহ আদি উল্লেখযোগ্য।

গ) কল্পবিজ্ঞান ব্যৱহৃত চিনেমা :
কল্পবিজ্ঞানৰ কাহিনী ভাগ প্রায়েই কল্পবিজ্ঞান লিখকসকলে লিখা কাহিনীৰ আধাৰত কৰা হয়। কল্পবিজ্ঞান চিনেমাত এনে কিছুমান বৈজ্ঞানিক কার্যকলাপ দেখুওৱা হয় যিবোৰ বৰ্তমানৰ টেকনোলজিৰ দ্বাৰা সম্ভৱ নহয়। কিন্তু সি বিজ্ঞানৰ প্ৰায় ওচৰ। উদাহৰণস্বৰূপে ফৰাচী কল্পবিজ্ঞান লিখক জুলে ভাৰ্ণৰ ‘এৰাউণ্ড দ্য ওৱৰ্ল্ডইন এইটটি ডেইচ' নামৰ কাহিনীৰ আধাৰত চাবমেৰিণ আৱিষ্কাৰ কৰা হৈছে। এই কাহিনীক অৱলম্বন কৰি চিনেমা নিৰ্মাণ কৰা হৈছে।

(৪) বাক্য ৰচনা কৰা :
গাণিতিক বিশ্লেষণ; কল্পবিজ্ঞানৰ বাটকটীয়া; শ্ৰব্য-দৃশ্য

উত্তৰ :
গাণিতিক বিশ্লেষণ :
আমি কল্পবিজ্ঞানৰ কাহিনীসমূহ গাণিতিক বিশ্লেষণ কৰিহে কোনো সিদ্ধান্তত উপনীত হ'ব লাগে।

কল্পবিজ্ঞানৰ বাটকটীয়া :
"মেৰী শেলীৰ ফ্ৰেংকেনষ্টাইন” কল্প বিজ্ঞানৰ বাটকটীয়া বুলি কোৱা হয় ।

শ্ৰব্য দৃশ্য :
টেলিভিছন এবিধ দৃশ্য-শ্রাব্য সঁজুলি।

(৫) কল্পবিজ্ঞানৰ আধাৰত প্ৰস্তুত কৰা যিকোনো এখন চিনেমাৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰ : পৰীক্ষাৰ বাবে important নহয়।

(৬) খালী ঠাই পূৰ কৰা :
কল্পবিজ্ঞানত নিয়ন্ত্রিতভাৱে বিশ্ব আৰু মানৱ জাতিৰ_____পৰিৱৰ্তৰ বিষয়ে বৰ্ণনা কৰা হয়। এই নিয়ন্ত্ৰণৰ বাবেই_____আৰু_____ৰ মাজত এক ডাঙৰ প্ৰভেদ আছে। আগৰ দিনৰ ৰাম বা ৰাৱণৰ আকাশীৰথ, ইন্দ্ৰজিতে_____ৰ আঁৰৰ পৰা কৰা ৰণ আদি_____ত পৰে। কাৰণ এইবোৰৰ বর্ণনাত কোনো_____বিশ্লেষণ নাই আৰু বৰ্ণনা কৰা আন ঘটনাৰ মাজত এইবোৰ_____আৰু_____যেন লাগে।আনহাতে ষ্টাৰট্ৰেক বা ভয়েজ আদি কল্পবিজ্ঞানত পৰে। কাৰণ ইয়াৰ যানবোৰৰ আৰু বৰ্ণিত পৰিৱেশৰ ঘটনাবোৰ_____ধৰনৰ আৰু_____হ'লেও অদূৰ_____এনে ঘটনা সম্ভৱ হ'ব যেন লাগে। বহুল প্ৰচাৰিত হেৰি পটাৰ অবাস্তৱ_____আদিৰ বাবে কল্পবিজ্ঞানত নপৰে।

উত্তৰ : কল্পবিজ্ঞানত নিয়ন্ত্রিতভাৱে বিশ্ব আৰু মানৱ জাতিৰ সম্ভাৱনীয়পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰা হয়। এই নিয়ন্ত্ৰণৰ বাবেই কল্পবিজ্ঞান আৰু সাধুকথাৰ মাজত এক ডাঙৰ প্ৰভেদ আছে। আগৰ দিনৰ ৰামায়ণৰ ৰাম বাৰাৱণৰ আকাশীৰথ, ইন্দ্ৰজিতে মেঘৰ আঁৰৰ পৰা কৰা ৰণ আদি সাধুকথাত পৰে। কাৰণ এইবোৰৰ বৰ্ণনাত কোনো বৈজ্ঞানিক বিশ্লেষণ নাই আৰু বৰ্ণনা কৰা আন ঘটনাৰ মাজত এইবোৰ অসম্ভৱ আৰু কাল্পনিক যেন লাগে। আনহাতে ষ্টাৰট্ৰেক বা ভয়েজ আদি কল্পবিজ্ঞানত পৰে। কাৰণ ইয়াৰ যানবোৰৰ আৰু বৰ্ণিত পৰিৱেশৰ ঘটনাবোৰ আচৰিত ধৰণৰ আৰু অতিৰঞ্জিত হ'লেও অদূৰ ভৱিষ্যতে এনে ঘটনা সম্ভৱ হ'ব যেন লাগে ।বহুল প্ৰচাৰিত হেৰি পটাৰ অবাস্তৱ যাদু-বিদ্যা আদিৰ বাবে কল্পবিজ্ঞানত নপৰে।

(৭) মানৱ সমাজলৈ বিজ্ঞানৰ অৱদানৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰ :

আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণ ৰূপে সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-বাহিনী, সা-সঁজুলি, যন্ত্রপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰি দিছে সেয়া নহয়; বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী,যুক্তি বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টান্তহীন বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দাৰ্শনিক C. M. Joad -ৰ ভাষাত, “Science has not only changed the lives of men, but made them happier, easier and moresecure."

আজি মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়ছোৱাত যি যি বস্তু স্পৰ্শ কৰিছে বা যি কাৰ্য্য সমাধা কৰিছে সকলোতে বিজ্ঞানৰ অৱদান আছে। অর্থাৎ আমাৰ দৈনদিন জীৱনৰ প্ৰতিটো পল-অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ-অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্ৰবন্ধত বৰ্ণনা কৰিবলৈ যোৱা অবান্তৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিবহন আৰু যাতায়ত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ,স্বাস্থ্য বিজ্ঞান, কু-সংস্কাৰ দৃঢ়ীকৰণ আদি বিভাগত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাস দিবলৈ অৰ্থাৎ “হাতী মাৰি ভুৰুকাত সুমুৱাবলৈ” অসাধ্য প্রচেষ্টা চলোৱা হ'ল-

আজিৰ যুগত বিজ্ঞানে যাতায়ত আৰু পৰিবহনৰ দিশত ইমান অৱদান আগবঢ়ালে যে আমি মূহুৰ্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়ত কৰিব পৰা হলোঁ। যাতায়াতৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ'ল-চাইকেল, মটৰ গাড়ী, ৰেল গাড়ী, জাহাজ, জেট বিমান আৰু ক'ত যে কি !

যোগাযোগৰ ক্ষেত্ৰত টেলিফোন, টেলিগ্রাফ, ফেক্স, কেবল ফোন, বেঁতাৰ ইত্যাদি-যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ সম্ভৱ হৈ বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰি পেলাইছে।

শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অনস্বীকার্য। আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্ৰপাতি, সা-সঁজুলি আদিৰ উদ্ভাৱন কৰিছে যে তাৰ তালিকা প্ৰস্তুত কৰাটো সম্ভৱ নহয়। তথাপি থোৰতে ক'বলৈ গ'লে সূতা কটা যন্ত্ৰ, কাপোৰ বোৱা মেচিন,খাৰুৱা তেল উদঘাটন কৰা যন্ত্ৰ, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি।

বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লৱ আনয়ন কৰিছে। ই হালবোৱা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীত ভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন,পোক-পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰৱ্যৰ যোগান ধৰিছে।

জ্ঞান বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা পঢ়াৰ দিশতো বিজ্ঞানৰ অৱদান লেখতলবলগীয়া। কলম, টাইপ ৰাইটিং, ছপাশাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাৱন কৰি জ্ঞান লাভৰ পথ প্ৰশস্ত কৰিছে।

স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয়। আজিৰ মানুহে কম দুখ-যন্ত্ৰণা ভোগ কৰে- কিয়নো প্ৰায় প্ৰতিটো ৰোগৰ ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাবতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীর্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে।

সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবাঢ়ি গৈছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মঙ্গল গ্ৰহত মানুহৰ পদাৰ্পনৰ সম্ভাৱনাৰ দিশো প্ৰশস্ত কৰিছে। আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলিছে।

বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰি সমাজৰ পৰা পৰম্পৰাগত ভাৱে চলি অহা অন্ধ বিশ্বাসো দৃঢ়ীকৰণত ইন্ধন যোগাইছে। আজি কালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ তুলাচনীত সকলো কাৰ্য্য আৰু বিশ্বাস জুখিহে গ্ৰহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূর্ণ সলনি হৈ গৈছে।

মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনদিন জীৱনৰ প্ৰতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মূহুর্তও পাৰ কৰিব নোৱাৰো আৰু এখোজো আগবঢ়িব নোৱাৰো।

বিজ্ঞানে মানৱ সভ্যতাৰ ৰূপ কল্পনাতীত ভাৱে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে সঁচা, কিন্তু বিজ্ঞানে মানৱ সমাজলৈ অশান্তি আৰু ধ্বংশও মাতি আনিছে। উদাহৰণ স্বৰূপে যাতায়ত, পৰিবহন, শিল্প, ' কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ অৱদান আগবঢ়াইছে, সেইবোৰ অপৰিকল্পিত আৰু অতিৰিক্ত ব্যবহাৰৰ ফলত পৰিবেশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ উঠিছে।

আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্রত্যাহ্বান জনাইছে সঁচা, তাৰ বিপৰীতে গণ বিধ্বংসী অস্ত্র-শস্ত্র, যথা-বন্দুক বাৰুদ, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা, আদিও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে। এক শ্ৰেণীৰ স্বাথান্বেষী অবিবেচকী মানুহে এনেবোৰ মৰণাস্ত্ৰৰ সুবিধা গ্ৰহণ কৰি বিশ্বত্ৰাসৰ সৃষ্টি কৰি বিশ্ব শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্রতি আফগানিস্থান, ইৰাক, পেলেষ্টাইন আদি দেশত চলোৱা ধ্বংস যজ্ঞ বিজ্ঞানে আগবঢ়োৱা অৱদানৰ বাবেই সম্ভৱ হৈছে।

সামৰণিত ক'ব পাৰি বিজ্ঞান মানৱ সভ্যতাৰ ওপৰত আশীর্বাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তুলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি-মাখি ইয়াৰ আশীৰ্বাদসমূহ গ্ৰহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্রত্যাশিত শান্তি- শৃঙ্খলা আনয়ন কৰিব পাৰিব অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবেই ধ্বংস হৈ যাব।

Updated on 3rd April 2024
Typed by : A.Nasrin, H.S (Science)
Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)



Post a Comment

0 Comments