(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১২
গৌৰৱ (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমু উত্তৰ দিয়া :
ক) গৌৰৱ কিহৰ পৰা ওপজে?উত্তৰ : গৌৰৱ তুলনাৰ পৰা উপজে।
খ) 'নামঘোষা' কোনে ৰচনা কৰিছিল?
উত্তৰ : মহাপুৰুষ মাধৱদেৱে 'নামঘোষা' ৰচনা কৰিছিল।
গ) কৰ্ণ কোন আছিল?
উত্তৰ : কর্ণ আছিল পঞ্চপাণ্ডৱৰ ককায়েক।
ঘ) ডিভাইন কমেডি কোনে ৰচনা কৰিছিল?
উত্তৰ : ডান্টে ‘ডিভাইন কমেডি' ৰচনা কৰিছিল।
ঙ) তিলোত্তমা কোন?
উত্তৰ : পুৰাণত বর্ণিত এজনী পৰমা সুন্দৰী নাৰী। এওঁক লাভ কৰাৰ উদ্দেশ্যে সুন্দ আৰু উপসুন্দ নামে দুজন দৈত্যই (ককাই-ভায়েক) পৰস্পৰ যুদ্ধ কৰি মৃত্যু বৰণ কৰিছিল।
চ) বুদ্ধদেৱৰ পিতৃৰ নাম কি?
উত্তৰ : বুদ্ধদেৱৰ পিতৃৰ নাম আছিল শুদ্ধোধন।
(২) 'গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়।' এই তিনি ঠাই কি কি?
উত্তৰ : গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। সেয়া হৈছে— সৌভা শৰীৰ আৰু মন ৷
(৩) প্ৰকৃত গৌৰৱৰ কাৰণ কি? কিয় তাক প্ৰকৃত কাৰণ বোলা হৈছে?
উত্তৰ : প্ৰকৃত গৌৰৱৰ কাৰণ হ'ল জ্ঞান, আত্ম-সংযম আৰু আত্মদান।
(৪) “তেওঁৰ ৰাজ্য টুটক চাৰি বাঢ়িছেহে” – “ তেওঁ” বুলি কাৰ কথা কোৱা হৈছে? এনেদৰে কোৱাৰ কাৰণ কি?
উত্তৰ : ইয়াত শংকৰদেৱৰ ৰাজ্যৰ কথা কোৱা হৈছে। কাৰণ শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম আগতকৈ অধিক বিস্তাৰ লাভ কৰিছে।
(৫) তাৎপর্য ব্যাখ্যা কৰা :
ক) বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে।খ) বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।
উত্তৰ :
(ক) বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে : ইয়াত ‘বল’ বুলিলে শাৰীৰিক শক্তিৰ কথা বুজোৱা হৈছে। শাৰীৰিক বল গৌৰৱৰ এক কাৰণ। ইতিহাসত আমি ভীম আৰু হার্কিউলিচৰ শাৰীৰিক বলৰ বিষয়ে পঢ়িবলৈ পাওঁ। ভীমৰ যথেষ্ট বল থকা বাবে বহুতে তেওঁক ভয় কৰিছিল। সেইদৰে হার্কিউলিচে দৈত্যৰ লগত যুদ্ধ কৰি পৰাভূত কৰিছিল। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ'লেও তাক নিজে চেষ্টা কৰি বহুত পৰিমাণে বঢ়াব পাৰি। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল অনেকাংশ নিজ চেষ্টাৰ ফল। সেয়ে দেখা যায় বলে মানুহক সাহস, ফুৰ্তি আৰু আনন্দ দিয়ে।
(খ) বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে :
ধন বা বল অর্থাৎ শক্তি সামৰ্থৰ দ্বাৰা যে মানুহক পৰাস্ত কৰিব পাৰি, কিন্তু মনক জয় কৰিব নোৱাৰি সেই কথা বুজাবলৈ গৈ উক্ত কথাফাকি কোৱা হয়। ইতিহাসত দেখা যায় যে বহুতো ৰজা মহাৰজাই সিহঁতৰ শক্তি সামৰ্থৰে বহুতো দেশ জয় কৰিছিল। উদাহৰণ স্বৰূপে আলেকজেণ্ডাৰ, নেপোলিয়ন, চীজাৰ আদি ৰাজনৈতিক নায়কসকলে বহুতো দেশ জয় কৰিছিল। কিন্তু সিহঁতৰ জয় ক্ষণস্থায়ী আছিল। কালৰ গতিত সিহঁতৰ সাম্রাজ্য লীনগৈছে। কিন্তু মনৰ দ্বাৰা অৰ্থাৎ জ্ঞান, বুদ্ধি, উদাৰতা, মহত্ব আত্মত্যাগ আদিৰ দ্বাৰা যি বিজয় সাব্যস্ত হয় সেয়া চিৰস্থায়ী। উদাহৰণস্বৰূপে : বুদ্ধ, মহম্মদ, চক্ৰেটিছ, কবীৰ, নানক আদি ব্যক্তিসকলে সিহঁতৰ জ্ঞান বুদ্ধিৰ দ্বাৰা মানুহৰ মন জয় কৰি অমৰ হৈ আছে। ৰজা মহাৰজাসকলে অস্থায়ীভাৱে মানুহক জয় কৰিছিল, কিন্তু জ্ঞানী আৰু পণ্ডিতসকলে স্থায়ীভাৱে মানুহৰ মন জয় কৰিছিল ৷
(৬) চমুটোকা লিখা :
ক) নেপোলিয়ন বোনাপার্টখ) জয়মতী
গ) শঙ্কৰদেৱ
ঘ) জুলিয়াছ ছিজাৰ
ঙ) চুকাফা
চ) নৰনাৰায়ণ
ছ) কালিৰাম মেধি
উত্তৰ :
(ক) নেপোলিয়ন বোনাপার্ট :
ফ্ৰান্সৰ এজন বীৰ। তেওঁ ১৭৬৯ চনত কাৰ্চিকা দ্বীপত জন্ম গ্ৰহণ কৰে। পৰাক্ৰমেৰে তেওঁ সমগ্ৰ ইউৰোপ কঁপাই তুলিছিল। ১৮২১ চনত চেন্ট হেলেনা দ্বীপত তেওঁৰ মৃত্যু হয়।
খ) জয়মতী :
আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ জীৱন ৰক্ষাৰ্থে নিজৰ জীৱন আহুতি দিছিল।
গ) শঙ্কৰদেৱ :
শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সাহিত্যিক আৰু সমাজ সংস্কাৰক আছিল। তেওঁ ১৪৪৯ চনত নগাওঁৰ বৰদোৱাত জন্ম গ্ৰহণ কৰিছিল। ‘কীৰ্তনঘোষা' তেওঁৰ উল্লেখযোগ্য গ্রন্থ। তেওঁ ১৫৬৮ চনত কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত মৃত্যু বৰণ কৰিছিল।
ঘ) জুলিয়াছ ছিজাৰ :
ৰোম দেশৰ বিশ্ববিখ্যাত বীৰ। জন্ম খ্ৰীষ্টপূৰ্ব ৮১ চনত। তেওঁ স্পেইন, ইংলণ্ডকে ধৰি ইউৰোপৰ ভালেমান দেশ জয় কৰিছিল। বন্ধু ব্রুটাছৰ হাতত তেওঁৰ মৃত্যু হয়।
ঙ) চুকাফা : প্রথম আহোম স্বৰ্গদেউ। তেওঁ ১২২৮ খ্রীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে ৷
চ) নৰনাৰায়ণ :
নৰনাৰায়ণ কোচ ৰাজ্যৰ ৰজা আছিল। তেওঁ অতি বিদ্যোৎসাহী আছিল। তেওঁৰ ৰাজসভাত শংকৰদেৱ, ৰামসৰস্বতী আদি কবিয়ে পৃষ্ঠপোষকতা লাভ কৰিছিল।
ছ) কালিৰাম মেধি :
কালিৰাম মেধি (১৮৭৮-১৯৫৪) এজন লিখক আৰু গৱেষক আছিল। তেওঁৰ জন্ম হয় হাজোৰ ওচৰৰ ৰামদিয়াত । আসাম বান্ধৱ’, ‘আলোচনী', 'চেতনা', বাঁহী’, ‘জয়ন্তী আদি আলোচনীত বহুতো প্ৰৱন্ধ-পাতি লিখিছিল।
ৰচিত গ্ৰন্থ : 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (১৯৩৬), ‘মহাপুৰুষ শংকৰদেৱৰ বাণী' (১৯৪৯), ‘Studies in the Vaisnava Literature and Culture of Assam (1978),
সম্পাদিত গ্রন্থ : “প্ৰহ্লাদ চৰিত্ৰ' আৰু অঙ্কাৱলী'।
১৯১৯ চনত বৰপেটাত বহা অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল।
(৭) ভাৱ সম্প্ৰসাৰণ কৰা :
ক) আজিকালি ধনেই আলাউদ্দিনৰ বন্তি।
খ) ৰূপ ঈশ্বৰ প্ৰদত্ত
গ) ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতিকুল।
উত্তৰ :
(ক) আজিকালি ধনেই আলাউদ্দিনৰ বন্তি : আজিকালি আমাৰ সমাজত সৎ গুণৰ পৰিৱৰ্তে ধনেই যে প্ৰভাৱ বিস্তাৰ কৰি আছে, সেই কথা বুজাবলৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰা হয় ৷ আমাৰ সমাজত ধনৰ প্ৰভাৱ অসীম। ধনৱান লোক এজনৰ কোনো গুণ নাথাকিলেও সি ধনৰ প্ৰভাৱত সমাজত উচ্চ আসন লাভ কৰা দেখা যায়। ধনী লোক এজনে তেওঁৰ ধন কোনো ভাল কামত খৰচ নকৰি অসৎ কামত খৰচ কৰিলেও ধন থকাৰ বাবে তেওঁৰ সন্মান হ্ৰাস নাপায়৷ সাধাৰণ মানুহেও ধনী লোকক ভয়তে সন্মান কৰে। অৰ্থাৎ ধন হৈছে আলাউদ্দিনৰ চাকিৰ দৰে৷ আলাউদ্দিনৰ চাকিৰ এনে এক অদ্ভূদ শক্তি আছিল যে তেওঁ যিহকে বিচাৰিছিল চাকিটোৱে তেওঁক তাকেই দিছিল। সেয়েহে ব্যাংগাত্মক সুৰত কোৱা হয়, ধনেই আলাউদ্দিনৰ চাকি। অৰ্থাৎ ধনৰ প্ৰভাৱত সকলো পাব পাৰি।
খ) ৰূপ ঈশ্বৰ প্ৰদত্ত :
প্ৰাণীৰ অবয়ৱ আৰু ৰূপ প্ৰকৃতিগতভাৱে পোৱা যায়৷ অৰ্থাৎ ৰূপ ঈশ্বৰ প্ৰদত্ত। কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। আমি দেখা পাওঁ যে আমাৰ মাজৰ কিছুমানৰ শাৰীৰিক ৰূপ অতুলনীয়, আকৌ কিছুমান লোক সিমান দেখনিয়াৰ নহয় আৰু কিছুমানৰ ৰূপ কুৎসিত। কুৎসিত চেহেৰাৰ লোকে বহু সময়ত সুন্দৰ বা দেখনিয়াৰ নোহোৱা বাবে দু:খ কৰা দেখা যায়। বাস্তৱিকতে এয়া ভুল ধাৰণা শাৰীৰিক ৰূপৰ ওপৰত আমাৰ কোনো হাত নাই। কাৰণ ৰূপ জন্মগত এটি গুণ । আমি ইয়াক যিভাৱে পাওঁ সেইদৰে গ্ৰহণ কৰাই জ্ঞানীৰ লক্ষণ৷ ৰূপৰ গুণ থাকিলেও ৰূপৰ বেয়া দিশো নথকা নহয়। আমি ইতিহাসত পাওঁ গ্ৰীক ৰাজকুমাৰী হেলেনৰ ৰূপৰ বাবে ট্রয় নগৰী ধ্বংস হৈছিল, ৰূপৰ বাবেই ৰাৱণে সীতাক হৰণ কৰি সীতাৰ চৰিত্ৰত কলংক আৰোপ কৰিছিল।
গ) ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতিকুল :
উক্ত কথাফাকিৰ জৰিয়তে ধনৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। আমি সুন্দৰ আৰু মৰ্যদাপূৰ্ণ জীৱন যাপন কৰোতে ধনৰ প্ৰয়োজন। ধনৰ বাবেই মানুহে পৰিশ্ৰম কৰে, কৃষকে হাড় ভগা পৰিশ্ৰম কৰি খেতি কৰে, শ্রমিকে বাটত শিল ভাঙে, ঠেলাৱালাই ঠেলা চলায়। ধনৰ দ্বাৰা আমি যি ইচ্ছা তাকে কৰিব পাৰো। ধন থাকিলে আমি দুখীয়াক দান কৰিব পাৰো, সমাজ সেৱামূলক কাম-কাজ কৰিব পাৰো। ধৰ্ম কৰিবলৈয়ো ধনৰ প্রয়োজন হয়। কাৰণ দান কৰা, দুখীয়াক সাহায্য কৰা, স্কুল-কলেজ স্থাপন কৰা আদি ধনৰ দ্বাৰাহে সম্ভৱ। সমাজত নিজৰ স্থিতি সবল কৰিবলৈয়ো ধনৰ প্ৰয়োজন৷ আমি দেখা পাওঁ ধন থকা ব্যক্তিয়ে সমাজত সহজে আনৰ পৰা সন্মান আৰু ভক্তি আদায় কৰিব পাৰে। আনহাতে ধনহীন বা দুখীয়া ব্যক্তি এজনে নিজৰ বহুত গুণ থকা সত্বেও আনৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। সেয়ে ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতিকুল' বুলি কোৱা হয়। কথাষাৰৰ যথাৰ্থতা আছে।
(৮) বিপৰীত শব্দ লিখা :
জন্ম; সৰ্গ;কুৎসিত; শিষ্টাচাৰ; মান; চিৰস্থায়ী; দুখীয়া; উপকাৰ।
উত্তৰ :
শব্দ → বিপৰীত শব্দ
জন্ম → মৃত্যু
সৰগ → নৰক
কুৎসিত → সুশ্রী
শিষ্টাচাৰ → অশিষ্টাচাৰ
মান → অপমান
চিৰস্থায়ী → অস্থায়ী
দুখীয়া → ধনী
(৯) খালী ঠাই পূৰ কৰা :
শৰীৰৰ আন এটি_____ৰ কাৰণ বল। ভীম আৰু_____বল কোনে গৌৰৱৰ বিষয় নহয় বুলিব? বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে। বল থাকিলে মানুহে আনৰ ওপৰত_____চলাব আৰু আনৰ পৰা ভয় আৰু ভক্তি_____কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ'লেও তাক নিজে চেষ্টা কৰি বহুত পৰিমাণে_____পাৰি। ছেণ্ডো আৰু ৰামমূৰ্তিৰ বল অনেকাংশ নিজ প্ৰফেছাৰ_____ফল।
উত্তৰ : শৰীৰৰ আন এটি গৌৰৱৰ কাৰণ বল। ভীম আৰু হার্কিউলিচৰ বল কোনে গৌৰৱৰ বিষয় নহয় বুলিব? বলে মানুহক সাহস, ফুৰ্তি আৰু আনন্দ দিয়ে। বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। বল ঈশ্বৰ প্ৰদত্ত হ'লেও তাক নিজে চেষ্টা কৰি বহুত পৰিমাণে বঢ়াব পাৰি। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল আনেকাংশ নিজ চেষ্টাৰ ফল।
জানি থওঁ আহা :
(ভাব সম্প্ৰসাৰণ)
যত্ন কৰিলেহে ৰত্ন মিলে :জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক'বলৈ যাওঁতে উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। ৰত্ন হ'ল অতি মূল্যবান আৰু দুৰ্লভ বস্তু। ইয়াক লাভকৰিবলৈ হ'লে মানুহে পৰিশ্ৰম কৰিবলগা হয়। বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান- বুদ্ধধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি কাম-বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা-আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা আৰু হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা-সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
Updated on 7th April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments