(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৩
নজনা বীৰৰ মূৰ (লগে-ভাগে গাওঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) কবিতাটিত উল্লিখিত গাওঁখন ক'ত অৱস্থিত?উত্তৰ : কবিতাটিত উল্লেখিত গাওঁখন লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত অৱস্থিত।
খ) মৰাণ বুঢ়াৰ আপোন বুলিবলৈ কোন আছিল?
উত্তৰ : মৰাণ বুঢ়াৰ আপোন বুলিবলৈ ক'লীয়া নামৰ নাতি এজন আছিল।
গ) ক'লীয়া কোন?
উত্তৰ : ক'লীয়া হৈছে মৰাণ বুঢ়াৰ আঠবছৰীয়া নাতি ল'ৰা৷
ঘ) ক'লীয়াই মাটিৰ পৰা কি খানি উলিয়াইছিল?
উত্তৰ : ক'লীয়াই মাটিৰ পৰা এটা লাওখোলা খানি উলিয়াইছিল।
ঙ) কবিতাটিত ‘ৰাজপুত বিজয়ী' বুলি কৰা কথা কোৱা হৈছে?
উত্তৰ : কবিতাটিত ৰাজপুত বিজয়ী' বুলি মোগল সেনাপতি ৰামসিংহৰ কথা কোৱা হৈছে।
চ) কোনে জন্মভূমিক ৰাখিবলৈ বুলি উপায় স্থিৰ কৰিছিল?
উত্তৰ : লাচিত বৰফুকনে জন্মভূমিক ৰাখিবলৈ উপায় স্থিৰ কৰিছিল৷
ছ) ক'লীয়াৰ পিতাকে কি কাৰণে জীৱন ত্যাগ কৰিছিল?
উত্তৰ : ক'লীয়াৰ পিতাকে জন্মভূমিৰ বাবে যুদ্ধ কৰি জীৱন ত্যাগ কৰিছিল।
জ) পৱিত্ৰতা ভৰা আদৰৰ বস্তুটো কি?
উত্তৰ : পবিত্ৰতা ভৰা আদৰৰ বস্তুটো হ'ল ক'লীয়াই শৰাইঘাটত পোৱা লাওখোলটো।
(২) চমুকৈ উত্তৰ লিখা :
ক) ককাকক সুধিলে আঁতিগুৰি তাৰ' : কোনে কিহৰ আঁতিগুৰি ককাকক সুধিছিল?উত্তৰ : ক'লীয়াই এদিনাখন শৰাইঘাটৰ মাটিত এফালে পোত গৈ থকা এটা লাওখোলা পাইছিল । তেওঁ লাওখোলাটোৰ আঁতিগুৰি ককাক মৰাণ বুঢ়াক সুধিছিল।
খ) মৰাণ বুঢ়াই কিদৰে বুকু জুৰ পেলাইছিল?
উত্তৰ : ক'লীয়াই শৰাইঘাটত পোৱা লাওখোলাটো ককাক মৰাণ বুঢ়াক দিয়াত সি চন্দন কাঠৰ চিতাত জ্বলাই বুকু জুৰ পেলাইছিল।
(৩) চমুটোকা লিখা :
ক) ৰামসিংহ
খ) লাচিত বৰফুকন
গ) শৰাইঘাটৰ ৰণ
উত্তৰ :
(ক) ৰামসিংহ :
ৰামসিংহ আছিল অম্বৰৰ ৰজা। মোগল সম্রাট ঔৰংজেৱে তেওঁক সেনাপতি পাতি বিশাল সৈন্য বাহিনী দি ১৬৭১ চনত অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। কিন্তু তেওঁ আহোম সেনাৰ হাতত পৰাজয় বৰণ কৰি ওভতি গৈছিল।
খ) লাচিত বৰফুকন :
লাচিত বৰফুকন আছিল এজন আহোম সেনাপতি। তেওঁ বীৰ বিক্ৰমৰে যুঁজি মোগল সেনাপতি ৰামসিংহক যুদ্ধত পৰাজিত কৰি অসমৰ স্বাধীনতা অক্ষুন্ন ৰাখিছিল।
গ) শৰাইঘাটৰ ৰণ :
শৰাইঘাট হৈছে অসমৰ গুৱহাটীৰ জালুকবাৰীৰ ওচৰৰ এখন ঠাই। ইয়াতে ১৬৭১ চনত মোগল সেনাপতি ৰামসিংহ আৰু আহোমৰ মাজত যুদ্ধ হৈছিল। যুদ্ধত মোগলৰ পৰাজয় হৈছিল।
(৪) প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
ক) দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিলে কতনো বীৰ, পৰি গ'ল হায় শৰাইঘাটতে অলেখ জনৰ শিৰ।উত্তৰ : উদ্ধৃত কবিতাংশ আমাৰ সাহিত্য পাঠত সন্নিবিষ্ট বিনন্দ চন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচনা কৰা 'নজনা বীৰৰ মূৰ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
শৰাইঘাটৰ ৰণত আহোম আৰু মোগলৰ মাজত হোৱা ৰণত যোগদান কৰি শ্বহীদ হোৱা বীৰ আহোম সেনাসকলৰ বিষয়ে ক'বলৈ যাওঁতে কবিয়ে উক্ত কবিতাংশৰ অৱতাৰণা কৰিছে।
১৬৭১ চনত মোগল সম্রাট ঔৰংজেৱে ৰামসিংহক বিৰাট সৈন্য বাহিনীৰ সৈতে অসম আক্ৰমণ কৰিবলৈ পঠায়। জন্মভূমি অসমক ৰক্ষা কৰাৰ বাবে আহোম ৰজাৰ আহ্বানত বহুতো অসমীয়াই বীৰদৰ্পে যোগদান কৰে। আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটত আহোম সেনা আৰু মোগল সেনাৰ মাজত তৈয়া-নৈয়া যুদ্ধ হয়। সেই যুদ্ধত বহুতো আহোম সেনাই বীৰদৰ্পে যুদ্ধ কৰি প্ৰাণ আহুতি দিয়ে৷ শৰাইঘাটৰ মাটিৰ তলত এতিয়াও অলেখ আহোম বীৰ সেনাসকলকৰ মৃতদেহ পৰি আছে।
খ) ক'লীয়াই দিলে মৰাণ বুঢ়াক
নজনা বীৰৰ মূৰ,
চন্দন কাঠৰ চিতাত জ্বলাই
বুকু যে পেলালে জুৰ৷
উত্তৰ : উদ্ধৃত কবিতাংশ আমাৰ সাহিত্য পাঠত সন্নিবিষ্ট বিনন্দ চন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘নজনা বীৰৰ মূৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাংশত ক'লীয়াই শৰাইঘাটৰ মাটিৰ তলত পোৱা লাওখোলা এটি ককাক মৰাণ বুঢ়াক দিয়াত বুঢ়াই লাওখোলাটোক অন্তেষ্টিক্রিয়া সম্পন্ন কৰাৰ কথা কোৱা হৈছে।
এদিনাখন ক'লীয়া নামৰ আঠবছৰীয়া ল'ৰা এজনে শৰাইঘাটত মাটিত আধা পোত খাই থকা লাওখোলা এটি পাই ঘৰলৈ লৈ যায় আৰু ককাক মৰাণ বুঢ়াক দিয়ে। মৰাণ বুঢ়াই শৰাইঘাটৰ ৰণৰ আঁতিগুৰি বৰ্ণনা কৰি কয় যে ক'লীয়াৰ দেউতাকো শৰাইঘাটৰ ৰণতে মোগলৰ বিৰুদ্ধে যুদ্ধত নিহত হৈছিল। সেই কথা মনত পৰি বুঢ়াৰ বুকু ফুলি উঠে। ক'লীয়াই পোৱা লাওখোলাটো পবিত্ৰতাৰে ভৰা আদৰৰ বস্তু বুলি কৈ বুঢ়াই চন্দন কাঠৰ চিতাত জ্বলাই দি বুকুৰ বেদনা জুৰ পেলায়।
(৫) বাক্য ৰচনা কৰা :
আপোন-পৰ; মৰম-বেথা; আঁতি-গুৰি, প্ৰাণ-এবং, আলৈ আথনি; জুৰ পেলা।
উত্তৰ :
আপোন-পৰ : আপোন-পৰ বুলিবলৈ মৰাণ বুঢ়াৰ একমাত্ৰ ক'লীয়া নামৰ নাতি ল'ৰাটো আছে।
মৰম-বেথা : বুঢ়াৰ মৰম-বেথা পাই ক'লীয়া আঠবছৰীয়া হ'ল।
আঁতি-গুৰি : মৰাণ বুঢ়াই ক'লীয়াক শৰাইঘাটৰ ৰণৰ আঁতি- গুৰি বৰ্ণনা কৰিছিল।
প্ৰাণ-এব্ং : শৰাইঘাটৰ ৰণত বহুতো অসমীয়া সেনাই প্রাণ এৰিছিল।
আলৈ আথনি : মৰাণ বুঢ়াই লাওখোলাটোক আলৈ আথানি কৰিবলৈ হাক দিছিল।
জুৰ পেলা : মৰাণ বুঢ়াই লাওখোলাটোক চন্দন কাঠৰ চিতাত জ্বলাই বুকু জুৰ পেলাইছিল।
0 Comments