(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৪
প্রতিজ্ঞা (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) সৰহ মূল্যৰ কামত কি লাগে?উত্তৰ : সৰহ মূল্যৰ কামত যত্ন আৰু শ্ৰম লাগে।
খ) সিদ্ধি নহ'লে কাম এৰি দিয়া কেনে মানুহৰ ৰীতি?
উত্তৰ : সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি ।
গ) মকৰাৰ স্বাভাৱিক ধৰ্ম কি?
উত্তৰ : জাল সাজি বাস কৰা মকৰাৰ স্বাভাৱিক ধৰ্ম ।
(২) চমুকৈ উত্তৰ দিয়া :
ক) কষ্টৰ ভয় কিদৰে আঁতৰাব পাৰি?উত্তৰ : প্ৰতিজ্ঞাৰ দ্বাৰা কষ্টৰ ভয় আঁতৰ কৰিব পাৰি।
খ) প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰ ৰীতি কি?
উত্তৰ : ঘনে পতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰ ৰীতি।
গ) অধ্যৱসায় মানে কি?
উত্তৰ : আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰ চেষ্টা কৰাকে অধ্যৱসায় বোলে।
(৩) পাঠত উল্লেখ কৰা ৰজাজনে কি দেখি অনুপ্ৰাণিত হৈ শত্রুপক্ষক হেৰুৱাই ৰাজ্য ৰক্ষা কৰিব পাৰিছিল?
উত্তৰ : পাঠত উল্লেখ কৰা ৰজাজনে মকৰা এটাই প্রথমতে বিফল হ’লেও বাৰে বাৰে চেষ্টা কৰি অৱশেষত জাল বনোৱা কার্যত সফল হোৱা দেখি অনুপ্ৰাণিত হৈ শত্ৰুপক্ষক হেৰুৱাই ৰাজ্য ৰক্ষা কৰিব পাৰিছিল।
(৪) তাৎপর্য ব্যাখ্যা কৰা :
ক) প্ৰতিজ্ঞা এই ভয়ৰ পৰম ঔষধ।উত্তৰ : প্ৰতিজ্ঞা বা মনৰ দৃঢ়তাৰ দ্বাৰা যে কঠিন কামৰ প্ৰতি থকা মনৰ ভয় আঁতৰ কৰিব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাঁকি কোৱা হয়৷ আমি কৰিবলগা কিছুমান কাম সহজ আৰু কিছুমান টান বা কষ্টদায়ক। সহজ কামবোৰ আমি অনায়াসে কৰিব পাৰো। সহজ কামত পৰিশ্ৰমো কম। আনহাতে কঠিন কাম কৰিবলৈ হ'লে বহুত কষ্ট কৰিব লগা হয় বাবে বহুতে কঠিন কামৰ পৰা হাত সাৰি থাকিব বিচাৰে। ফলত সিহঁতে জীৱনত সফল হ'ব নোৱাৰে। কিন্তু কঠিন কামৰ প্ৰতি থকা ভয়ৰ পৰা মুক্তি লাভৰ একমাত্ৰ উপায়টো হৈছে মনৰ দৃঢ়তা বা প্রতিজ্ঞা। কঠিন বুলি ভৱা কামটো যদি আমি কৰিম বুলি মনত প্ৰতিজ্ঞা কৰি আগবাঢ়ো তেন্তে মি নিশ্চয় সফল হ'ব পাৰিম। পৃথিৱীত আজিলৈকে যিবোৰ বস্তু আৱিষ্কাৰ হৈছে সকলোবোৰেই কঠিন পৰিশ্ৰমৰ অৰ্থাৎ অধ্যৱসায় আৰু প্রতিজ্ঞাৰ ফল৷ সেয়ে প্রতিজ্ঞাক, ভয়ৰ পৰম ঔষধ বুলি কোৱা হয়।
খ) সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি৷
উত্তৰ : আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ আৰু কিছুমান কঠিন বা পৰিশ্রমসাধ্য। সহজ কামবোৰ সকলোৱে কৰিব পাৰে। কিন্তু জীৱনত সফলতা পাবলৈ হ'লে আমি কঠিন বুলি ভবা কামো কৰিব লাগিব। আমাৰ মাজত এনে বহুতো লোক আছে যিসকলে এবাৰত কোনো কামত সফল হ'ব নোৱাৰিলে কামটো এৰি দি হাত সাবটি বহি থাকে। ফলত সি সফলতাৰ মুখ দেখিব নোৱাৰে। কঠিন বুলি কাম এৰি দিয়াটো হৈছে চঞ্চল মানুহৰ ৰীতি। আমি দেখা পাওঁ সমাজত সৰহভাগ মানুহেই জীৱনত বিফল হয়। আমি বিফল হোৱা মানুহৰ জীৱন অধ্যয়ন কৰিলে দেখা যায় যে সিহঁতৰ মন চঞ্চল। অর্থাৎ অধ্যৱসায়ৰ সৈতে কোনো কাম কৰিব নোৱাৰে বাবে সিহঁত বিফল হয়।
গ) অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল।
উত্তৰ : কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি নিদি সিদ্ধি লাভ নকৰালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে 'অধ্যৱসায়’ বোলে। কিন্তু এই অধ্যৱসায় গুণটো সকলো মানুহৰ নাথাকে। অৰ্থাৎ অধ্যৱসায়ৰ মূল্য বা তাৎপর্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে৷ এই অধ্যবসায় মনৰ দৃঢ়তাৰ অৰ্থাৎ প্ৰতিজ্ঞাৰ ফল। অর্থাৎ কোনো কাম কৰিমেই বুলি মন দৃঢ় কৰি কামত আগবাঢ়ি যোৱাই প্ৰতিজ্ঞা। যিসকল লোকে প্রতিজ্ঞাত অলৰ- অচৰ সেইসকল লোকে জীৱনত সফল হ'ব পাৰে। উদাহৰণস্বৰূপে - টমাচ আলভা এডিচনে ইলেক্ট্রিক বাল্বৰ ভিতৰত থকা ফিলামেন্ট আৱিষ্কাৰ কৰোতে কেইবাহাজাৰবাৰ বিফল হৈছিল, কিন্তু মনৰ দৃঢ়তা অৰ্থাৎ প্ৰতিজ্ঞাৰ বাবে চেষ্টা এৰি নিদি গৱেষণা চলাই গৈছিল আৰু শেষত সফল হৈছিল। সেয়ে অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞা বুলি কোৱা হয়।
(৫) বাক্য ৰচনা কৰা :
মাস্তি হ; কামত হাত দে; পুৰুষাৰ্থ কৰ্।
উত্তৰ :
মান্তি হ : অৱশেষত ৰাজনে ৰামক সহায় কৰিব বুলি মান্তি হ'ল।
কামত হাত দে : মন দৃঢ় কৰি কামত হাত দিব লাগে।
পুৰুষাৰ্থ কৰ্ : আমি সফল নোহোৱালৈকে কামত পুৰুষাৰ্থ কৰি যাব লাগে।
(৬) ‘অধ্যৱসায়’ৰ বিষয়ে এখনি ৰচনা যুগুত কৰা। (ৰচনা-পুথিৰ সহায় ল’বা।)
উত্তৰ :
কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি নিদি সিদ্ধি লাভ নোহোৱালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে ‘অধ্যৱসায়’ বোলে। অধ্যৱসায় জীৱনৰ উন্নতিৰ মূলমন্ত্ৰ৷ অধ্যৱসায় হৈছে মানুহৰ এক মানসিক গুণ। অধ্যাৱসায় গুণটো সকলো মানুহৰ নাথাকে৷ অৰ্থাৎ অধ্যৱসায়ৰ মূল্য বা তাৎপৰ্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এই অধ্যৱসায় মনৰ দৃঢ়তাৰ ফল। অর্থাৎ কোনো কাম কৰিমেই বুলি মন দৃঢ় কৰি কামত আগবাঢ়ি যোৱাই মনৰ দৃঢ়তা। যিসকল লোকে মনৰ দৃঢ়তাত অলৰ-অচৰ সেইসকল লোকে জীৱনত সফল হ’ব পাৰে। উদাহৰণস্বৰূপে - টামচ আলভা এডিচনে ইলেক্ট্রিক বাল্বৰ ভিতৰত থকা ফিলামেন্ট আৱিষ্কাৰ কৰোতে কেইবাহাজাৰবাৰ বিফল হৈছিল, কিন্তু মনৰ দৃঢ়তা অৰ্থাৎ প্ৰতিজ্ঞাৰ বাবে চেষ্টা এৰি নিদি গৱেষণা চলাই গৈছিল আৰু শেষত সফল হৈছিল।
অধ্যৱসায়ী হ'বলৈ ব্যক্তি এজনৰ কেইবাটাও গুণ থকা প্ৰয়োজন।
প্রথমত, অধ্যৱসায়ী হ'বলৈ হ'লে ব্যক্তি এজনৰ ধৈৰ্য থাকিব লাগিব। কাম যিমানেই কঠিন নহওঁক, সফল নোহোৱালৈকে চেষ্টা চলাই থাকিব লাগিব। মানুহে কথাতে কয় ধৈৰ্যৰ ফল মিঠা।' কথাষাৰৰ নিশ্চয় যুক্তিযুক্ততা আছে।
দ্বিতীয়ত, উচ্চাকাঙ্খাইয়ো মানুহক অধ্যৱসায়ী হ'বলৈ অনুপ্ৰাণিত কৰে। উচ্চাকাঙ্খা থাকিলে সাধাৰণতে দুৰূহ যেন লগা কামো সহজ হৈ পৰে। উদাহৰণস্বৰূপে - ফৰাচী সম্রাট নেপোলিয়ন বোনপাৰ্ট এজন সাধাৰণ সৈনিকৰ পুত্ৰ আছিল। কিন্তু তেওঁ উচ্চাকাঙ্খী আছিল বাবে দোপতদোপে উন্নতি কৰি কৰি অৱশেষত ফ্ৰান্সৰ সিংহাসন লাভ কৰিছিল। সেইদৰে আমেৰিকাৰ ষষ্ঠাদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন এজন মুচীৰ ল'ৰা আছিল। কিন্তু উচ্চাকাঙ্খাৰ বলত তেওঁ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল।
তৃতীয়ত, অধ্যৱসায়ী হ'বলৈ হ'লে নিয়মানুৱৰ্তিতা গুণৰ প্ৰয়োজন আছে। নিয়মানুৱৰ্তি বুলিলে সময়ৰ অপচয় নকৰি সময়ৰ কাম সময়ত সম্পন্ন কৰাক বুজোৱা হয়। বিশ্বৰ ইতিহাসত দেখা পাওঁ যে জীৱনত সফলতা লাভ কৰা ব্যক্তিসকলে সময়ৰ সদ্ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। সময় ধনুৰ কাড়ৰ দৰে। ই ওলাই গ'লে পুনৰাই ঘূৰি নাহে।
ছাত্ৰ-অৱস্থাৰ পৰাই অধ্যৱসায়ী হ'বলৈ দৃঢ় প্রতিজ্ঞ হ'ব লাগে কিয়নো ছাত্রকাল হৈছে জীৱনক গঢ় দিয়াৰ কাল। এই সময়ছোৱাত ল'ৰা-ছোৱালীয়ে যি অভ্যাস গঠন কৰে সেয়া গোটেই জীৱন থাকি যায়। দেখা যায় যিসকল ছাত্রই লিখা-পঢ়াত ভাল ফলাফল দেখুৱায় সেইসকল ছাত্রই অধ্যয়ৱসায়ৰ চৰ্চা কৰে আৰু পিছলৈ সিহঁতে উচ্চ পদত মকৰল হয়।
কিছুমান মানুহে দৰিদ্ৰতা, ৰোগ, প্ৰতিকূল পৰিবেশ আদিৰ দোষ দি অলপ কঠিন যেন লগা কাম কৰিবলৈ এৰি দি হাত সাৱটি বহি থাকে। সেয়া নিশ্চয় অশুভ লক্ষণ৷ আমি মানৱ সভ্যতাৰ ইতিহাসত দেখা পাওঁ যে মানৱ সভ্যতালৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ কিছুমান অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। কিছুমানে জন্মৰে পৰা প্ৰতিবন্দী আছিল, কিছুমান চিৰ ৰুগীয়া আছিল। তথাপি অধ্যৱসায়ৰ গুণত সিহঁতে মানৱ সভ্যতালৈ বহু কিবা কিবি অৱদান আগবঢ়াই গৈছে। উদাহৰণস্বৰূপে ইংৰাজ কবি আলেকজেণ্ডাৰ পোপ, জন কীটচ্, জন মিল্টন প্রায় চিৰ ৰুগীয়া আছিল। সেইদৰে আমেৰিকাৰ হেলেন কেলাৰ এজন অন্ধ আৰু বধিৰ আছিল। তথাপি অধ্যৱসায়ৰ বলত সিহঁতে মহৎ মহৎ সাহিত্য সৃষ্টি কৰি বিশ্ববাসীক উপহাৰ দি গৈছে।
সেয়ে সৰু কালৰ পৰাই মনক দৃঢ় কৰি অধ্যৱসায়ী গুণৰ অনুশীলন কৰিব লাগে ৷
(৭) ভাব-সম্প্ৰসাৰণ কৰা :
ক) ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়।
খ) চেষ্টাৰ অসাধ্য একো নাই।
উত্তৰ :
(ক) ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায় :
“ঘঁহি থাকিলে শিলো ক্ষয় যায়” কথাষাৰ পটন্তৰ হিচাপে সততে কোৱা হয়। কোনো কাম একেলেথাৰিয়ে কৰি থাকিলে যে সফল হ'ব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়। শিল অতি টান বস্তু। ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় নিয়াব নোৱাৰি। কিন্তু এনে কঠিন শিলকো যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয়প্রাপ্ত হয়। সেইদৰে কোনো কঠিন বা ডাঙৰ যেন ভবা কাম অসাধ্য বুলি ভাবি এৰি নিদি যদি ধৈৰ্য আৰু অধ্যৱসায়ৰ সৈতে নিয়মিত কৰি থকা হয় তেন্তে সি নিশ্চয় সম্ভৱ হয়। অৱশ্যে কিছুমান কাম আছে যাক সিদ্ধি কৰিবলৈ হ'লে সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। মুৰ্খ লোকে এনে পৰিশ্ৰমসাধ্য আৰু সময়সাধ্য কামত লাগি থাকিবলৈ ভয় পাই এবাৰ দুবাৰ চেষ্টা কৰিয়েই এৰি দিয়ে বা তেনে কামৰ পৰা হাত সাৰি থাকে। কিন্তু কাম যিমানেই কঠিন আৰু পৰিশ্ৰমসাধ্য হয় তাৰ ফলাফলো সিমানে মধুৰ হয়। গতিকে ঘঁহোতে ঘঁহোতে শিল ক্ষয় যোৱাৰ দৰে নিয়মিত কৰি গ'লে কঠিন কামতো সফলতা লাভ কৰিব পাৰি।
খ) চেষ্টাৰ অসাধ্য একো নাই :
কোনো কাম এবাৰতে নোৱাৰিলে সেয়া সফল নোহোৱালৈকে কৰি যোৱাই চেষ্টা। চেষ্টা কৰিলে আমি যিকোনো কামতে সিদ্ধি লাভ কৰিব পাৰো৷ মানুহে কয়, “যত্ন কৰিলে ৰত্ন পায়”। ইয়াত ‘যত্ন’ শব্দৰ দ্বাৰা যথাযথ চেষ্টা কৰাক বুজোৱা হৈছে। আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ হয় আৰু কিছুমান কঠিন যেন বোধ হয়। সহজসাধ্য কাম সকলোৱে কৰিব পাৰে। কিন্তু বহুতে কঠিন যেন ভবা কামক ভয় পাই বহুতে তেনে কাম এৰাই চলে। এয়া নিশ্চয় ভুল ধাৰণা৷ আমি জানো যে বিজ্ঞানৰ প্ৰতিটো বিষ্ময়জনক আৱিষ্কাৰৰ অন্তৰালত অশেষ চেষ্টা নিহিত আছে। উদাহৰণস্বৰূপে - ইলেকট্রিক বাল্বৰ ফিলামেন্টৰ আৱিষ্কাৰ কৰোতে চাৰ টমাচ্ আলভা এডিচনে কেইবাহাজাৰ বস্তু পৰীক্ষা নিৰীক্ষা কৰিব লগা হৈছিল। তেনেদৰে মোগল সম্রাট হুমায়ুনে চেৰচাহৰ হাতত ৰাজ্য হেৰুৱাই কেইবাবছৰ অনাই-বনাই ঘূৰি ফুৰি অৱশেষত চেষ্টাৰ বলত পুনৰ হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেইদৰে আহোম কোঁৱৰ গদাধৰ সিংহই চেষ্টাৰ বলত আহোম সিংহাসন পুনৰুদ্ধাৰ কৰিব পাৰিছিল।
সেয়ে ‘চেষ্টাৰ অসাধ্য একো নাই” বুলি কোৱা হয় ৷
জানি থওঁ আহা :
জতুৱা-ঠাঁচ :
আঁচলৰ ধন (অতি হেঁপাহৰ মূল্যবান বস্তু) : আঁচলৰ ধনএকমাত্র পুতেকৰ বেমাৰত বুঢ়া-বুঢ়ী মৰা যেন হ'ল।
খাই পাত ফলা (অকৃতজ্ঞ হোৱা) : খাই পাত ফলা লোকক সহায় কৰা উচিত নহয়।
হাত টান (কৃপণ) : হাত টান মানুহে পইচা হাতত ৰাখিব পাৰে।
চকু চৰহা (আনৰ উন্নতি দেখি বেজাৰ পোৱা) : চকু চৰহা স্বভাৱটোৰ বাবেই মানুহজনীক গাঁৱৰ কোনেও দেখিব নোৱাৰে।
বিনা মেঘে বজ্রপাত (অকস্মাৎ হোৱা বিপদ) : দেউতাকৰ আকস্মিক মৃত্যু ছোৱালীজনীৰ বাবে বিনা মেঘে বজ্ৰপাতৰ দৰে হ'ল।
অহুকাণে পহুকাণে (ঘুনুক-ঘানাককৈ ) : অহুকাণে পহুকাণে শুনা কথাত বিশ্বাস কৰা উচিত নহয়।
তিলকে তাল কৰ (ক্ষুদ্ৰ কথাকে ডাঙৰ বুলি বঢ়াই কোৱা) : কিছুমান বাতৰি কাকতে তিলটোকে তালটো কৰি বাতৰি প্ৰকাশ কৰে।
Updated on 7th April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments