3. তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা?
(i) \(43.123456789\)
উত্তৰ :
\(= 43.123456789\)
\(= \frac{43123456789}{10^9}\)
\(= \frac{43123456789}{2^9 \times 5^9}\)
\(\because 2^9 \times 5^9\) অৰ্থাৎ \(2^n5^m\) আৰ্হিৰ হয়।
\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।
\(\therefore\) ই এটা পৰিমেয় সংখ্যা হয়।
q -ৰ মৌলিক উৎপাদক = 2 আৰু 5
(ii) \(0.120120012000120000...\)
উত্তৰ :
ই এটা পৰিমেয় সংখ্যা নহয়।
(iii) \(43.\overline{123456789}\)
উত্তৰ :
\(\because\) ইয়াৰ দশমিক বিস্তৃতি অবিৰত পূনৰাবৰ্তিত।
\(\therefore\) ই এটা পৰিমেয় সংখ্যা হয়।
q -ৰ মৌলিক উৎপাদক = 2 আৰু 5 ৰ বাহিৰেও উৎপাদক থাকিব।


.jpg)










0 Comments