Ads banner

JE Banner Ads
Image 2

Chapter 2 - কোষ : গঠন আৰু কাৰ্য - General Science - Class VIII

 (Anundoram Borooah Academy)
Science - Class VIII
Chapter 2
কোষ : গঠন আৰু কাৰ্য


আদর্শ প্রশ্নমালা - পৃষ্ঠা : ২৫
১/ কোষ কাক বোলে? কোষৰ আৱিষ্কাৰক কোন?
উত্তৰ : কোষ হৈছে জীৱদেহৰ কাৰ্যকৰী আৰু গঠনকাৰী একক। কোষৰ আৱিস্কাৰক হ'ল : ৰবাৰ্ট হুক।

২/ দুটা নির্দিষ্ট আকৃতিবিহীন কোষৰ নাম লিখা।
উত্তৰ : নিৰ্দিষ্ট আকৃতিবিহীন দুটা কোষ হ’ল :
(ক) এমিবা
(খ) স্বেত ৰক্ত কণিকা।


৩/ কোষ অধ্যয়নত ব্যৱহৃত যন্ত্ৰটোৰ নাম লিখা।
উত্তৰ : কোষ অধ্যয়নত ব্যৱহৃত যন্ত্ৰটোৰ নাম হ'ল : অণুবীক্ষণ যন্ত্র।

৪/ আমাৰ শৰীৰৰ আটাইতকৈ সৰু আৰু ডাঙৰ কোষৰ নাম লিখা।
উত্তৰ : আমাৰ শৰীৰৰ আটাইতকৈ সৰু কোষ হ'ল শুক্রাণু আৰু আটাইতকৈ ডাঙৰ কোষ হ’ল ডিম্বাণু।

৫/ কোষাৱৰণৰ কাম কি?
উত্তৰ :
কোষাৱৰণৰ কাম :
(১) কোষাৱৰণখনে কেতবোৰ ক্ষুদ্ৰ ছিদ্ৰযুক্ত আৰু ই কেতবোৰ বিশেষ বিশেষ দ্ৰব্যক কোষৰ বাহিৰৰ পৰা ভিতৰলৈ আৰু ভিতৰৰ পৰা বাহিৰলৈ আহিবলৈ
দিয়ে। অর্থাৎ কোষাৱৰণখন আংশিক ভেদ্য আৱৰণ।
(২) এই আৱৰণখনে কোষক এটা বহিঃ সীমা প্ৰদান কৰাৰ লগতে আঘাতৰ পৰাও ৰক্ষা কৰে।

৬/ এককোষী আৰু বহুকোষী জীৱৰ পাৰ্থক্য লিখা।
উত্তৰ : এককোষী আৰু বহুকোষী জীৱৰ পাৰ্থক্য -

এককোষী জীৱ :
যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত সেইবোৰ জীৱক এককোষী জীৱ বুলি কোৱা হয়।
যেনে : এমিবা, ইউগ্লেনা, পেৰামেছিয়াম, বেক্টেৰিয়া, ইষ্ট ইত্যাদি।

বহুকোষী জীৱ :
যিবোৰ জীৱৰ দেহ এটাতকৈ বেছি কোষৰে গঠিত সেইবোৰ জীৱক বহুকোষী জীৱ বুলি কোৱা হয়।
যেনে : গছ, বন, ঘাঁহ, পোক-পৰুৱা, চৰাই, গৰু-ছাগলী মানুহ আদি।

৭/ কোষকেন্দ্ৰৰ বিষয়ে এটা টোকা লিখা।
উত্তৰ :
কোষকেন্দ্র :
কোষকেন্দ্ৰক কোষপ্রৰসৰ পৰা এখন আৱৰণে পৃথক কৰি ৰাখে আৰু সেই আৱৰণখনক কেন্দ্ৰাৱৰণ বোলা হয়। কোষকেন্দ্ৰক কোষ এটাৰ মগজু বুলি কোৱা হয়। কাৰণ কোষকেন্দ্ৰই কোষ এটাৰ সকলোবোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। কোষকেন্দ্ৰৰ ভিতৰত থকা তৰল পদাৰ্থখিনিক নিউক্লিওপ্লাজম বোলা হয়।

৮/ উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ পাৰ্থক্য লিখা।
উত্তৰ :
উদ্ভিদকোষ :
i) উদ্ভিদকোষত কোষাৱৰণৰ বাহিৰেও এখন অতিৰিক্ত আৱৰণ থাকে।
ii) উদ্ভিদৰ ক্ষেত্ৰত প্লাষ্টিড নামৰ এবিধ কোষাংগানু থাকে।
iii) উদ্ভিদ কোষত চেন্ট্রিঅ’ল নাথাকে।
iv) উদ্ভিদ কোষৰ ৰসধানীৰ সংখ্যা বেছি আৰু এইবোৰ আকাৰত
ডাঙৰ।

প্ৰাণীকোষ :
i) প্ৰাণীৰ ক্ষেত্ৰত কোষবেৰ নাথাকে।
ii) প্ৰাণীৰ ক্ষেত্ৰত প্লাষ্টিড নাথাকে।
iii) প্ৰাণীকোষত চেন্ট্রিঅ’ল থাকে।
iv) প্রাণী কোষৰ ক্ষেত্ৰত ৰসধানীৰ সংখ্যা কম আৰু এইবোৰ আকাৰত সৰু।


৯/ প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ :
প্রকোষকেন্দ্ৰীয় কোষ :
যিবোৰ কোষৰ এটা সু- সংগঠিত কোষকেন্দ্র নাথাকে তেনে কোষক প্রকোষকেন্দ্রীয় কোষ বোলা হয়। এই ক্ষেত্ৰত কেন্দ্ৰাৱৰণৰ অনুপস্থিতিয়ে সংগঠিত কোষকেন্দ্ৰৰ অভাৱ ঘটায়। বেক্টেৰিয়া, সেউজ নীলা শেলাই আদি প্রকোষকেন্দ্ৰীয় কোষৰ উদাহৰণ। প্ৰকোষকেন্দ্ৰীয় কোষবোৰত জিনীয় পদাৰ্থ কোষপ্রৰসত মুক্ত অৱস্থাত থাকে। এনেবোৰ কোষত কেতবোৰ কোষাংগানু যেনে গলগি বডি, মাইট’কন্দ্ৰিয়া ইত্যাদি নাথাকে।

সংকোষকেন্দ্ৰীয় কোষ :
যিবোৰ কোষৰ এটা সু-সংগঠিত কোষকেন্দ্র থাকে তেনেবোৰ কোষক সংকোষকেন্দ্রীয় কোষ বোলে। যেনে : মানৱ কোষ, উদ্ভিদ কোষ ইত্যাদি। এনেবোৰ
কোষত জিনীয় পদার্থ সমূহ কোষকেন্দ্ৰৰ ভিতৰত সুসংগঠিত অৱস্থাত থাকে। এইবোৰত মেচ’জ’মৰ বাহিৰে আনবোৰ কোষাংগানু দেখা পোৱা যায়।


১০/ এটা উদ্ভিদকোষৰ চিত্ৰ আঁকি অংশ সমূহ চিনাক্ত কৰা।
উত্তৰ :



১১/ এককোষী জীৱতকৈ বহুকোষী জীৱৰ সুবিধা সমূহ কি কি?
উত্তৰ : এককোষী জীৱবোৰ এটা কোষেৰে গঠিত আৰু এই কোষটোৱে সকলোবোৰ জীৱন প্ৰক্ৰিয়া সূচাৰুৰূপে চলাই নিয়ে। আনহাতে, বহুকোষী জীৱৰ দেহবোৰ এটাতকৈ অধিক কোষেৰে গঠিত। সকলোবোৰ বহুকোষী জীৱৰ ক্ষেত্ৰত কোষৰ শ্রম-বিভাজন দেখা যায়। অৰ্থাৎ বহুকোষী জীৱৰ দেহত কোষবোৰ লগ লাগি কলা, কলাবোৰ লগলাগি অংগ আৰু অংগবোৰ লগ লাগি একোটা অংগতন্ত্ৰৰ সৃষ্টি কৰে। প্ৰতিটো অংগতন্ত্রই এক নির্দিষ্ট কার্য সম্পন্ন কৰে।

১২/ এমিবাই কিহৰ সহায়ত চলাফুৰা কৰে? এইবোৰ ক'ৰ পৰা সৃষ্টি হয়?
উত্তৰ : এমিবাই কুটপদবোৰৰ সহায়ত চলাফুৰা কৰে। কুটপদবোৰ এমিবাৰ কোষপ্রৰসৰ পৰা সৃষ্টি হয়।

১৩/ কোনটো কোষাংগানুক শক্তিৰ ভড়াল বোলা হয়?
উত্তৰ : “মাইট’কণ্ড্ৰিয়া”ক শক্তিৰ ভৰাল বোলা হয়।

১৪/ কোনটো কোষাংগানুক প্ৰটিনৰ কলাঘৰ বোলা হয়?
উত্তৰ : “ৰাইব’জ’ম”ক প্ৰ'টিনৰ কলাঘৰ বোলা হয়।

অতিৰিক্ত প্ৰশ্নোত্তৰ :


কিমান চনত কোষ আৱিষ্কাৰ কৰিছিল?
উত্তৰ : ১৬৬৫ চনত।

চাৰিটা অভিৰঞ্জক দ্ৰব্যৰ নাম লিখা।
উত্তৰ : অভিৰঞ্জক দ্ৰব্যৰ নাম হ'ল -
ক) ইঅচিন
খ) মিথাইলিন ব্লু
গ) ক্রিচটেল ভায়লেট
ঘ) চেফ্ৰানিন

কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে।
উত্তৰ : কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক দুটা ভাগত ভাগ কৰা হৈছে।
i) এককোষী
ii) বহুকোষী

এককোষী জীৱ কাক বোলে?
উত্তৰ : যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষেৰে
গঠিত সেইবোৰ জীৱক এককোষী জীৱ বুলি কোৱা হয়।

কেইটামান এককোষী জীৱৰ উদাহৰণ দিয়া।
বা
পাঁচটা এককোষী জীৱৰ নাম লিখা।

উত্তৰ : এমিবা, ইউগ্লেনা, পেৰামেছিয়াম, বেক্টেৰিয়া, ইষ্ট ইত্যাদি।

বহুকোষী জীৱ কাক বোলে?
উত্তৰ : যিবোৰ জীৱৰ দেহ এটাতকৈ বেছি কোষৰে গঠিত সেইবোৰ জীৱক বহুকোষী জীৱ বুলি কোৱা হয়।

কেইটামান বহুকোষী জীৱৰ নাম লিখা।
উত্তৰ : গছ, বন, ঘাঁহ, পোক-পৰুৱা, চৰাই, গৰু-ছাগলী মানুহ আদি।

মানৱ দেহত খাদ্যনলীৰ কাম কি?
উত্তৰ : খাদ্য পাচন কৰা।

মানৱ দেহত বৃক্কৰ কাম কি?
উত্তৰ : দেহৰ পৰা অলাগতীয়াল দ্রব্য সমূহ- নিষ্কাসন কৰা।

মানৱ দেহত জঁকা তথা পেশীৰ কাম কি?
উত্তৰ : চলাফুৰাত সহায় কৰা।

জিন কাক বোলে?
উত্তৰ : ক্ৰম'জ 'মৰ এটা ক্ষুদ্ৰ অংশ যিয়ে প্ৰ'টিনৰ সংকেত বহন কৰে তাক জিন বোলা হয়। জিনে পিতৃ পুৰুষৰ চৰিত্ৰসমূহ সতি-সন্ততিলৈ কঢ়িয়াই নিয়ে।

মেচ’জ’ম কাক বোলে?
উত্তৰ : মেচ’জ’ম বোৰ হ'ল প্ৰকোষকেন্দ্ৰীয় কোষৰ কোষাৱৰণে অর্ন্তভাগত গঠন কৰা কেতবোৰ গঠন।

প্রকোষকেন্দ্ৰীয় কোষ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ : যিবোৰ কোষৰ এটা সু- সংগঠিত কোষকেন্দ্র নাথাকে তেনে কোষক প্রকোষকেন্দ্রীয় কোষ বোলা হয়।
যেনে - বেক্টেৰিয়া, সেউজ নীলা শেলাই আদি।

সংকোষকেন্দ্ৰীয় কোষ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ : যিবোৰ কোষৰ এটা সু-সংগঠিত কোষকেন্দ্র থাকে তেনেবোৰ কোষক সংকোষকেন্দ্রীয় কোষ বোলে।
যেনে - মানৱ কোষ, উদ্ভিদ কোষ ইত্যাদি।

স্নায়ুকোষৰ কাম কি?
উত্তৰ : স্নায়ুকোষবোৰৰ কাম হ'ল - বাৰ্তা প্ৰেৰণ।

আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ কোষ দুটাৰ নাম লিখা।
উত্তৰ : আটাইতকৈ সৰু কোষটো হ'ল : PPLO (প্লিউৰ' নিউমনিয়া লাইক অগেনিজম) আৰু আটাইতকৈ ডাঙৰ কোষটো হ'ল : উট পক্ষীৰ কণী।

‘মাইট’কণ্ডিয়া’ক কিয় শক্তিৰ ভৰাল বোলা হয়?

উত্তৰ : মাইট’কণ্ড্ৰিয়াবোৰৰ ভিতৰত গ্লুক'জৰ জাৰন ঘটি শক্তি উৎপন্ন হয় আৰু এই শক্তি ATP (Adenosine Triphosphate) হিচাপে সঞ্চিত হৈ থাকে। সেয়েহে, ইয়াক শক্তিৰ ভৰাল বোলা হয়।

ৰাইব’জমক কিয় প্ৰটিনৰ কলাঘৰ বোলা হয়?
উত্তৰ : ৰাইব’জমবোৰত আমাৰ শৰীৰৰ সকলোবোৰ প্ৰ'টিন সংশ্লেষিত হয় বাবে ইহঁতক প্ৰ'টিনৰ কলাঘৰ বোলা হয় ৷

Updated on 1st May 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments