(SEBA)Secondary Education Board of AssamClass : XSubject : ScienceMedium : Assamese
Chapter : 15আমাৰ পৰিবেশ(Our Environment)
অতিৰিক্ত প্ৰশ্নাৱলী :
জীৱ নিম্নিকৰণ কাক বোলে ?উত্তৰ : যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বুলি কোৱা হয়।
জীৱ অনিম্নিকৰণ কাক বোলে ?
উত্তৰ : যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় তেনেবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয়।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 257
1. কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?OR
কিছুমান পদার্থ কিয় জীৱ নিম্নীকৰণযোগ্য আৰু কিছুমান জীৱ নিম্নীকৰণ অযোগ্য ?
উত্তৰ : কাৰণ কিছুমান পদাৰ্থ, প্লাষ্টিক আদিক (অণুজীৱ যেনে - বেক্টেৰিয়া বা আন মৃতজীৱী প্ৰাণীয়ে) পচন ঘটাব নোৱাৰে।সিহঁতে কেৱল প্ৰাকৃতিক পদাৰ্থ (যেনে কাঠ, মৃত জীৱ) আদিকহে পচন ঘটাব পাৰে।
2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
OR
জীৱ নিম্নীকৰণ যোগ্য পদার্থই পৰিবেশক প্ৰভাৱান্বিত কৰিব পৰা দুটা উপায়ৰ বিষয়ে লিখা । [HSLC.'22]
উত্তৰ :
ক) জীৱ নিম্নকৰণ পদাৰ্থই পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত সহায় কৰে।
খ) জীৱ নিম্নকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে |
3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
OR
জীৱ নিম্নীকৰণ অযোগ্য পদার্থই পৰিৱেশক প্ৰভাৱান্বিত কৰিব পৰা দুটা উপায়ৰ বিষয়ে লিখা । [HSLC.'19]
উত্তৰ :
ক) পৰিস্থিতি তন্ত্রৰ এটা বিনষ্ট কৰিব পাৰে।
খ) বায়ু, মাটি আৰু পানী প্ৰদূষণৰ কাৰক হ’ব পাৰে।
অতিৰিক্ত প্ৰশ্নাৱলী :
পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ কি ? [HSLC.'15]উত্তৰ : কোনো এটা অঞ্চলৰ সকলোবোৰ আন্ত:ক্রিয়াশীল জীৱই পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ লগত একেলগে এটা পৰিৱেশতন্ত্ৰ গঠন কৰে।
কিছুমান প্ৰাকৃতিক পৰিবেশ তন্ত্ৰৰ নাম লিখা।
উত্তৰ : বনাঞ্চল, পুখুৰী আৰু হ্রদ বা বিল।
মানৱ সৃষ্ট বা কৃত্ৰিম পৰিবেশ তন্ত্ৰৰ নাম লিখা।
উত্তৰ : বাগিচা, খেতিপথাৰ, একুৱেৰিয়াম আদি হ'ল ৷
পোষক দ্ৰৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰিছে?
উত্তৰ : তিনিটা ভাগত বিভক্ত কৰিছে—
(i) উৎপাদন,
(ii) উপভোক্তা,
(iii) বিয়োজক।
উৎপাদক (স্ব-পোষীজীৱ) কাক বোলে?
উত্তৰ : যিবিলাক জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, তাক উৎপাদক বোলে।
OR
কিছুমান নীল সেউজ শেলাই সালোক সংশ্লেষণৰ যোগেদি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে আৰু এইখিনিয়েই হ'ল উৎপাদকৰ অন্তৰ্ভূক্ত জীৱ।উপভোক্তা কাক বোলে?
উত্তৰ : যি বিলাক জীৱই সিহঁতৰ আহাৰ প্ৰত্যক্ষভাবে উৎপাদন বা পৰোক্ষভাবে সেই উৎপাদকক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে সেইবিলাক জীৱই হ'ল উপভোক্তা।
উপভোক্তা বিলাকক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ : তিনিটা ভাগত বিভক্ত কৰিছে—
(i) তৃণভোজী (Herbivores)
(ii) মাংসভোজী (Carnivores)
(iii) পৰজীৱী (Parasites)
কিছুমান তৃণভোজী জীৱৰ উদাহৰণ দিয়া।
উত্তৰ : হাতী, গৰু,ছাগলী, জিৰাফ আদি।
কিছুমান মাংসভোজী জীৱৰ উদাহৰণ দিয়া।
উত্তৰ : বাঘ, সিংহ, ঘৰিয়াল, শিয়াল, কুকুৰ আদি।
কিছুমান পৰজীৱী জীৱৰ উদাহৰণ দিয়া।
উত্তৰ : লাৰ্ভা, হেমোফিলাস ইনফ্লুয়েঞ্জা আদি।
বিয়োজক কাক বোলে?
উত্তৰ : কিছুমান অণুজীৱ (যেনে— বেক্টেৰীয়া, ভেঁকুৰ আদিয়ে) মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদার্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে। এই অণুজীৱবিলাককে বিয়োজক বুলি কোৱা হয়।
ইহঁতে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে সেইবিলাককে উদ্ভিদে পুনৰ গ্ৰহণ কৰে।
খাদ্যশৃংখল কি? এটা উদাহৰণ দিয়া।
উত্তৰ : বিভিন্ন জৈৱিক স্তৰত অংশ লোৱা জীৱসমূহৰ এটা শ্ৰেণীক খাদ্যশৃংখল বোলে।
উদাহৰণ : ঘাঁহ → ফৰিং → ভেকুলী → সাপ।
OR
পৰিৱেশত থকা প্ৰতিটো প্রাণীয়ে খাদ্যৰ বাবে ইটোয়ে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। প্রথম শ্রেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্রেণী উপভোক্তাই, দ্বিতীয় শ্রেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্রেণী উপভোক্তাই, তৃতীয় শ্রেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণী উপভোক্তাই খাদ্য হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে । ইয়াকে খাদ্য শৃংখল বোলে।খাদ্যজাল কাক বোলে?
উত্তৰ : স্বাভাৱিক অৱস্থাত পৰিস্থিতি তন্ত্ৰ এটাত এবিধ জীৱই আন একাধিক জীৱৰ (খাদ্যশৃংখলৰ) সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে । ইয়াকে খাদ্যজাল বুলি কোৱা হয় ।
পৌষ্টিক স্তৰ কাক বোলে? [HSLC.'17]
OR
পৌষ্টিক স্তৰ কি? [HSLC.'22]
উত্তৰ : খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰক বা পৰ্যায়ক পৌষ্টিক স্তৰ বুলি কোৱা হয়।
OR
খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়।OR
জীৱবিলাকক ইটোৱে সিটোক ভক্ষন কৰাৰ ওপৰত ভিত্তি কৰি সিহঁতক বিভিন্ন জীৱীয় স্তৰত ভাগ কৰিলে এটা খাদ্য শৃংখল পোৱা যায়। তেনে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে একোটা পৌষ্টিক স্তৰ বোলা হয়। জৈৱিক বিবর্ধন কি ?
উত্তৰ : যিকোনো খাদ্যশৃংখলৰে শীৰ্ষস্তৰ মানুহে অধিকাৰ কৰি থাকে বাবে খাদ্যশংখলত সোমোৱা কিছুমান হানিকাৰক ৰাসায়নিক পদাৰ্থ সৰ্বোচ্চ গাঢ়তাত মানুহৰ শৰীৰত সঞ্চিত হয়। এই পৰিঘটনাক জৈৱিক বিবর্ধন বোলে।
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 261
1. পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখাউত্তৰ :
পৌষ্টিক স্তৰ :
খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰক বা পৰ্যায়ক পৌষ্টিক স্তৰ বুলি কোৱা হয়।
উদাহৰণ :
ঘাঁহ → হৰিণা → বাঘ
ইয়াত,
(i) ঘাঁহ (উৎপাদক) হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ।
(ii) হৰিণা (প্ৰাথমিক উপভোক্তা) হ’ল পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰ আৰু
(iii) বাঘ (দ্বিতীয়ক উপভোক্তা) হ’ল পৌষ্টিক স্তৰৰ তৃতীয় স্তৰ।
Note :
খাদ্য শৃংখল এটাত উৎপাদকবোৰ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ ৷ তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাখিনি হ’ল দ্বিতীয় স্তৰৰ; সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তা বিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্ৰাণী বা তৃতীয়ক উপভোক্তা বিলাক চতুৰ্থ পৌষ্টিক স্তৰৰ জীৱ ৷
2. পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি ?
উত্তৰ : জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে সেইবিলাককে উদ্ভিদে পুনৰ গ্ৰহণ কৰে।
অতিৰিক্ত প্ৰশ্নাৱলী :
Note :অ’জ'ন (O₃) ৰ অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত। অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া (UV— Ultra violet) ৰশ্মিৰপৰা পৃথিৱীপৃষ্ঠক
ৰক্ষা কৰে। এই অতি বেঙুণীয়া ৰশ্মি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক মানুহৰ দেহৰ ছালৰ কৰ্কত ৰোগৰ কাৰণ হ'ল এই অতি বেঙুণীয়া ৰশ্মি ।
অ’জ'ন কি?
উত্তৰ : অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত অ’জ'ন হৈছে এবিধ বিষাক্ত গেছ। সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মিৰপৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে।
অ’জ'ন স্তৰৰ কাম কি?
উত্তৰ : অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মিৰপৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে।
সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মিৰপৰা মানুহৰ কি ৰোগ হয়?
উত্তৰ : কৰ্কত ৰোগ।
CFC -ৰ সম্পূৰ্ণ না লিখা।
উত্তৰ : Chloro Fluoro Carbons
UNEP -ৰ সম্পূৰ্ণ না লিখা।
উত্তৰ : United Nations Environment Program
📍Also read : 10000+ full forms
পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 264
1. অ’জ'ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?উত্তৰ :
অ’জ'ন : অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত অ’জ'ন হৈছে এবিধ বিষাক্ত গেছ।
ই পৰিবেশ তন্ত্ৰত যোগাত্মকভাৱে প্ৰভাৱ পেলায়। সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক, মানুহৰ দেহৰ ছালৰ কৰ্কত ৰোগৰ কাৰক, ইয়াৰ পৰা অ’জ’ন স্তৰে পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে।
2. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা। [HSLC.'20,'23]
উত্তৰ :
(ক) জীৱ- নিম্নীকৰণ অযোগ্য পদাৰ্থৰ ব্যৱহাৰ কমাই জীৱ নিম্নীকৰণযোগ্য পদাৰ্থৰ ব্যৱহাৰ বেছিকে কৰা উচিত।
(খ) একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰাৰ অভ্যাস কৰা উচিত।
অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 264
1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ : (a), (c) আৰু (d)
2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰ : (b)
3. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশৰ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?
(a) দোকান বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
(b) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰ : (d) ওপৰৰ আটাইকেইটা অভ্যাস।
4. কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উত্তৰ :
ধ্বংস কৰি দিয়া পৌষ্টিক স্তৰৰ তলৰ পৌষ্টিক স্তৰত অভাবনীয় ভাৱে জীৱৰ সংখ্যা বাঢ়িব কাৰণ সিহঁতক ভক্ষন কৰা জীৱবোৰক ধ্বংস কৰি দিয়া হৈছে যাৰ ফলত উক্ত পৌষ্টিক স্তৰত খাদ্যৰ অভাৱত জীৱবোৰৰ মৃত্যু হ’ব।।
এনেদৰে পৰিস্থিতি তন্ত্রতটো ভাৰসাম্য নোহোৱা হৈ ধ্বংস হৈ পৰিব |
5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব পাৰিমনে ?
উত্তৰ : হয় , বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিব।
পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব নোৱাৰি।
কাৰণ - কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আতৰাই দিলে উক্ত পৌষ্টিক স্তৰৰ ওপৰৰ আৰু তলৰ উভয়তে ভাৰসাম্য নোহোৱা হ’ব। ই পৰিস্থিতি তন্ত্রটোত প্ৰভাৱ পেলাব।
6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে ?
উত্তৰ : খাদ্য শৃংখলত বিভিন্ন ধৰণে কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে। তেনে ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ জড়িয়তে মানুহকে ধৰি সকলো জীৱৰ শৰীৰত মজুত হয়। এই পৰিঘটনাটোকে জৈৱিক বিবর্ধক বোলে।
পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হয়।
7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ? [HSLC.'20']
উত্তৰ :
i) বায়ু, মাটি আৰু পানী প্ৰদূষণ হ’ব।
ii) মাটিত থকা অণুজীৱবোৰ ধ্বংশ কৰে ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব।
iii) পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব।
iv) জৈৱিক বিবর্ধকৰ সমস্যাই দেখা দিব।
8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ থাকিবনে ?
উত্তৰ : আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ নাথকে। কিন্ত অনিম্নিকৰণ পদার্থৰ তুলনাত ই যথেষ্ট কম ক্ষতিকাৰক।
Updated on 15th November 2024By :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments