Ads banner

JE Banner Ads
Image 2

SEBA Class 10 Science MCQs Chapter 2 Acids, Bases and Salts

1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে৷ ইয়াত pᴴ হ’ব পাৰে → [HSLC.'16,'18,'22]
(a) 1
(b) 4
(c) 5
(d) 10

2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে [HSLC.'15,'19]
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl

3. NaOH দ্ৰৱ এটাৰ 10ml এ HCI দ্ৰৱ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব [HSLC.'20]
(a) 4ml
(b) 8ml
(c) 12ml
(d) 16ml

4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? [HSLC.'17]
(a) এন্টিবায়টিক
(b) বেদনানাশক (Analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক (Antiseptic)

5. পনীয়া HCI -ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ—
(a) বৰণহীন হয়
(b) নীলা হৈয়ে থাকে
(c) ৰঙা হয়
(d) সেউজীয়া হয়

6. পনীয়া NaOH -ৰ সোৱাদ—
(a) টেঙা
(b) তিতা
(c) মিঠা
(d) নিমখীয়া

7. পনীয়া ছালফিউৰিক এছিডৰ দ্রৱত ছ'ডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় ?
(a) H₂
(b) SO₂
(c) H₂S
(d) O₂

8. চূণপানীৰ মাজেদি যথেষ্ট সময় CO₂ গেছ যাবলৈ দিলে চূণপানীখিনি প্ৰথমে গাখীৰৰ দৰে বগা আৰু পিছত ফটফটীয়া পৰিষ্কাৰ হয়। এই অৱস্থাত দ্রৱটোত থাকে—
(a) CaCO₃
(b) Ca(OH)₂
(c) Ca(HCO₃)₂
(d) CaO

9. তলৰ সংশ্লেষিক সূচকটো বাছি উলিওৱা ।
(a) লিটমাছ
(b) হালধী
(c) মিথাইল অৰেঞ্জ
(d) এটাও নহয়

10. তলৰ কোনটো যৌগ ছ’ডা এছিড অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় ? [HSLC.'23]
(a) NaCl
(b) Na₂CO₃
(c) NaHCO₃
(d) NH₄Cl

11. তলত দিয়া পদাৰ্থবোৰৰ পৰা প্ৰাকৃতিক সূচক বাছি উলিওৱা ।
(a) লিটমাছ
(b) ফেনলথেলিন
(c) মিথাইল অৰেঞ্জ
(d) এটাও নহয়

12. এটা দ্রৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াত pᴴ হ'ব পাৰে—
(a) 8
(b) 9
(c) 10
(d) 1

13. যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, সেইবোৰক কোৱা হয়—
(a) ঘ্রাণেন্দ্রিক সূচক
(b) প্রাকৃতিক সূচক
(c) সাংশ্লেষিক সূচক
(d) ওপৰৰ এটাও নহয়

14. এছিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়া কোন প্ৰকাৰৰ বিক্রিয়া?
(a) সংযোজন বিক্রিয়া
(b) বিযোজন বিক্রিয়া
(c) অপসৰণ বিক্রিয়া
(d) প্রশমন বিক্রিয়া

15. এটা বিকাৰত অলপমান কপাৰ অক্সাইড লৈ লাহে লাহে লঘু হাইড্ৰ'কৰিক এছিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ হ'ব—
(a) নীলা-সেউজীয়া
(b) ৰঙা
(c) নীলা
(d) সেউজীয়া

16. শিথিলিত চূণৰ ৰাসায়নিক সংকেত হ'ল—
(a) CaCO₃
(b) CaO
(c) Ca(OH)₂
(d) Ca(HCO₃)₂

17. যিবোৰ ক্ষাৰক পানীত দ্রবীভূত হয় সেইবোৰক ____ বোলে।
(a) ক্ষাৰ বা এলকালি
(b) অম্ল
(c) লৱণ
(d) গ্লুক'জ

18. এছিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্রতি একক আয়তনত আয়ন (H₃O⁺/OH⁻) -ৰ গাঢ়তা হ্ৰাস পোৱা প্ৰক্ৰিয়াটোক ____ বোলা হয়।
(a) গাঢ়ীকৰণ
(b) লঘুকৰণ
(c) আয়নীকৰণ
(d) ওপৰৰ এটাও নহয়

19. মুখৰ ভিতৰত pᴴ -ৰ মান কিমান হ'লে দন্তক্ষয়ৰ সূচনা হয়?
(a) 4.5 তকৈ কম
(b) 5.5 তকৈ কম
(c) 6.5 তকৈ কম
(d) 7.5 তকৈ কম

20. এটা মৃদু ক্ষাৰকৰ উদাহৰণ হ'ল—
(a) ছডিয়াম হাইড্রক্সাইড
(b) পটেছিয়াম হাইড্রক্সাইড
(c) কেলছিয়াম হাইড্রক্সাইড
(d) মেগনেছিয়াম হাইড্রক্সাইড (মেগনেছিয়ামৰ দুগ্ধ)

21. দাঁতৰ এনামেল তলৰ কোনটো পদাৰ্থৰে তৈয়াৰী?
(a) ছডিয়াম ফছফেট
(b) কেলছিয়াম ফছফেট
(c) মেগনেছিয়াম ফছফেট
(d) কেলছিয়াম কার্বনেট

22. এছেটিক এছিডৰ প্ৰাকৃতিক উৎস হ'ল—
(a) কমলা টেঙা
(b) বিলাহী
(c) ভিনেগাৰ
(d) দৈ

23. টাৰটাৰিক এছিডৰ প্ৰাকৃতিক উৎস হ'ল—
(a) তেতেলি
(b) কমলা টেঙা
(c) ভিনেগাৰ
(d) বিলাহী

24. চাইট্ৰিক এছিডৰ প্ৰাকৃতিক উৎস হ'ল—
(a) পৰুৱাৰ শুং
(b) তেতেলি
(c) চোৰাতৰ শুং
(d) নেমু টেঙা

25. লেক্ট্ৰিক এছিডৰ প্ৰাকৃতিক উৎস হ'ল—
(a) বিলাহী
(b) নেমুটেঙা
(c) কমলা টেঙা
(d) দৈ

26. মিথানইক এছিডৰ প্ৰাকৃতিক উৎস হ'ল—
(a) পৰুৱাৰ শুং
(b) নেমু টেঙা
(c) বিলাহী
(d) দৈ

27. তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰ—
(a) ক্ষাৰকীয়
(b) আম্লিক
(c) প্রশম
(d) ওপৰৰ এটাও নহয়

28. ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেত—
(a) NaOH
(b) CaOCl₂
(c) NH₄Cl
(d) CaCO₃

29. বেকিং ছ’ডাৰ ৰাসায়নিক নাম—
(a) ছডিয়াম ক্ল'ৰাইড
(b) ছডিয়াম হাইড্ৰ'জেন কার্বনেট
(c) কেলছিয়াম অক্সি ক্লৰাইড
(d) ছডিয়াম কার্বনেট

30. জিপছাম হ'ল—
(a) CaSO4.2H₂O
(b) Na₂CO₃.10H₂O
(c) CuSO₄.5H₂O
(d) FeSO₄.7H₂O

31. প্লাষ্ট্ৰাৰ অব পেৰিছ হ'ল—
(a) CaSO₄.2H₂O
(b) CaSO4.1½H₂O
(c) CaSO₄
(d) CaSO₄.2H₂O

32. প্লাষ্ট্রাৰ অব পেৰিছৰ ৰাসায়নিক নাম—
(a) কেলছিয়াম ছালফেট
(b) কেলছিয়াম ছালফেট হেমিহাইড্রেট
(c) কেলছিয়াম কছকেট
(d) কেলছিয়াম ছালফেট ড্রাই হাইড্রেট

33. ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম—
(a) কেলছিয়াম ক্লাইড
(b) কেলছিয়াম ক্ল'ৰেট
(c) কেলছিয়াম হাইপ' ক্ল'ৰাইড
(d) কেলছিয়াম অক্সাইড

34. আম্লিক মাধ্যমত ফেন'ফথেলিন সূচকে দেখুৱা বৰণ হ'ব—
(a) গুলপীয়া
(b) ৰঙা
(c) বৰণহীন
(d) হালধীয়া

35. ক্ষাৰকীয় মাধ্যমত ফেন'ফথেলিন সূচকে দেখুওৱা বৰণ হ'ব—
(a) গুলপীয়া
(b) ৰঙা
(c) বৰণহীন
(d) হালধীয়া

36. আম্লিক মাধ্যমত মিথাইল অৰেঞ্জ সূচকে দেখুৱা বৰণ হ'ব—
(a) গুলপীয়া
(b) ৰঙা
(c) বৰণহীন
(d) হালধীয়া

37. ক্ষাৰকীয় মাধ্যমত মিথাইল অৰেঞ্জ সূচকে দেখুৱা বৰণ হ'ব—
(a) গুলপীয়া
(b) ৰঙা
(c) বৰণহীন
(d) হালধীয়া

38. তলৰ কোনটো ধৰ্ম এছিডে নেদেখুৱাই।
(a) এছিডৰ সোৱাদ টেঙা
(b) চুলে পিছল লাগে
(c) নীলা লিটমাছ ৰঙা কৰে
(d) pᴴ মান 7 তকৈ কম

39. এটা দ্রৱত মিথাইল অৰেঞ্জ সূচকৰ বৰণ হালধীয়া হ'লে দ্রৱটোৰ pᴴ হ'ব—
(a) 7
(b) 7তকৈ কম
(c) 0
(d) 7তকৈ বেছি

40. ক্ল'ৰ' এলকালি পদ্ধতিত উৎপন্ন হোৱা পদাৰ্থবোৰ—
(a) NaCl, Cl₂, H₂
(b) H₂, Cl₂, NaOH
(c) Cl₂, Na₂CO₃, H₂O
(d) NaOH, Cl₂, HCI

41. জলযুক্ত কপাৰ ছালফেটৰ সংকেত হ'ল—
(a) CuSO₄
(b) CuSO₄.5H₂O
(c) CuSO₄.H₂O
(d) CuSO₄.7H₂O

42. স্ফটিকাবদ্ধ জল হ'ল—
(a) লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু
(b) ক্ষাৰক এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক
(c) পানীৰ অণু অম্ল এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু
(d) ওপৰৰ এটাও নহয়

43. তলৰ কোনটো পদাৰ্থৰ সৈতে ক্লৰিণে ক্ৰিয়া কৰি ব্লিচিং পাউদাৰ প্রস্তুত কৰে?
(a) CaSO₄
(b) Ca(OH)₂
(c) Mg(OH)₂
(d) KOH

44. জিপছামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অব্ পেৰিছ প্রস্তুত হয় ?
(a) 373k
(b) 473k
(c) 273k
(d) 173k

45. বেকিং পাউদাৰ হৈছে বেকিং ছ’ডা আৰু ____ মিশ্রণ ৷
(a) টাৰটাৰিক এছিডৰ
(b) ভিনেগাৰৰ
(c) ছডিয়াম কার্বনেটৰ
(d) কেলছিয়াম কার্বনেটৰ

Post a Comment

0 Comments