Ads banner

JE Banner Ads
Image 2

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ? - অধ্যায় ৮ - বিজ্ঞান - দশম শ্ৰেণী

(SEBA)
Secondary Education Board of Assam
Class : X
Subject : Science
Medium : Assamese

Chapter : 8
জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?
(How Do Organisms Reproduce)

অতিৰিক্ত প্ৰশ্নাৱলী :

জীৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
উত্তৰ : বংশবৃদ্ধি।

জীৱসমূহে কিয় বংশবৃদ্ধি কৰে?
উত্তৰ : আমি বিভিন্ন জীৱসমূহ দেখো, কাৰণ জীৱসমূহে বংশবৃদ্ধি কৰে, প্ৰজনন কৰে। যদি কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ জীৱৰ মাথোঁ এটাও প্ৰজনন নকৰা সদস্য থাকিলেহেঁতেন তেনেহ'লে আমি তাৰ অস্তিত্ব দেখাটো সম্ভৱপৰ নহ'লহেঁতেন।

বংশবৃদ্ধিৰ মূল কাৰ্য কি?
উত্তৰ : DNA -ৰ প্ৰতিলিপি গঠন।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 128

1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি ?
OR

প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ কিয় প্রয়ােজন ?
OR

প্ৰজননৰ ক্ষেত্ৰত DNA ৰ নকল প্ৰস্তুতকৰণৰ গুৰুত্ব কি? [HSLC.'19]
উত্তৰ : প্ৰজনন প্ৰক্ৰিয়াত বা প্ৰজননৰ সময়ত নিৰ্দিষ্ট DNA ৰ প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ -
i) ই জীৱৰ দেহৰ অবয়ব গঠন এনেদৰে কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে উপযোগী হয়।
ii) DNA -ৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয়। ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
OR

প্ৰজাতিৰ বাবে ভিন্নতা কিয় লাভজনক কিন্তু জৰুৰীভাৱে ব্যক্তিৰ বাবে নহয় ?

উত্তৰ : সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক কাৰণ -
ভিন্নতাই প্ৰজাতি এটাক বিভিন্ন ধৰণৰ পৰিবৰ্তনৰ লগত খাপ খাই জীৱন বৰ্তাই ৰখাত সহায় কৰে।

যেনে - পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা হ্ৰাস- বৃদ্ধি, জলভাগৰ উঠা-নমা ইত্যাদি নানা ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ৷ এনে পৰিবৰ্তনৰ ফলত জীৱবোৰ সম্পূৰ্ণভাৱে নিৰ্মূল বা ধ্বংস হৈ যাব পাৰে ৷ কিন্তু প্ৰজাতি এটাৰ ভিন্নতাই কিছুমান জীৱক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে ফলত প্ৰজাতিটোৰ জীৱবোৰ জীয়াই থাকি বংশ বৃদ্ধি কৰিব পাৰে।

একক জীৱ এটাৰ বাবে ভিন্নতা প্ৰয়োজন নহয় কাৰণ ই একক জীৱৰ বাবে লাভজনক নহয়।

অতিৰিক্ত প্ৰশ্নাৱলী :

কিছুমান এককোষী জীৱৰ নাম লিখা।
উত্তৰ : এমিবা, প্লাজম'ডিয়াম আদি।

এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম কি? [HSLC.'18]
উত্তৰ : দ্বি-বিভাজন।

কলাজ্বৰ বেমাৰ সৃষ্টি কৰা জীৱ বিধৰ নাম কি ?
উত্তৰ : লেইচমেনিয়া।

মেলেৰীয়া সৃষ্টি কৰা জীৱ বিধৰ নাম কি ?
উত্তৰ : প্লাজম'ডিয়াম।

বহুকোষী জীৱই এক জটিল প্ৰক্ৰিয়াৰে প্ৰজনন বা বংশ বিস্তাৰ কৰে কিয় ?
উত্তৰ : সৰহখিনি বহুকোষী জীৱৰ দৈহিক গঠন কেৱল কোষৰ সাধাৰণভাৱে একত্রিকৰণৰ যোগেদি সৃষ্টি নহয়। ইহঁতৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূৰ্ণ কোষৰ সমষ্টিৰে কলাৰ গঠন হয়, তেনে কিছুমান কলাৰ সমষ্টিৰে অংগ গঠিত হয় আৰু এই অংগবিলাক দৈহিক কাৰ্য সমাধা কৰিবৰ বাবে দেহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট ঠাইতহে উপলব্ধ হয়। এনেধৰণে বিশেষভাৱে সংগঠিত বহুকোষী জীৱৰ দেহত কেৱল কোষৰ পৰা কোষ সৃষ্টি কৰি প্ৰজনন বা বংশ বিস্তাৰ ৰূপায়ন কৰাটো সম্ভৱ নহয়। সেয়ে, বহুকোষী জীৱই এক জটিল প্ৰক্ৰিয়াৰে প্ৰজনন বা বংশ বিস্তাৰ কৰে।

পুনৰ জীৱন কি ?
উত্তৰ : ভিন্ন অংগবিশিষ্ট জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি লব পাৰে। ইয়াকেই পুনৰ জীৱন বোলে।

এইবোৰ কোষ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে। এই কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়েই বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি কৰে।

বিকাশ বুলিলে কি বুজায় ?
উত্তৰ : কিছুমান কোষ বিভাজিত হৈ পৰিৱৰ্তন ঘটি বিভিন্ন প্ৰকাৰৰ নতুন কোষ আৰু কলাৰ সৃষ্টি হোৱাকে বিকাশ বোলে।

OR
কিছুমান কোষ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে। এই কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়েই বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হয়। এনে পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমত সম্পন্ন হয় আৰু ইয়াক বিকাশ বোলে।

আংগিক বিস্তাৰণৰ সুবিধাসমূহ লিখা।
উত্তৰ :
i) এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদ বিলাক আনুবংশিকভাৱে একে হোয়।
ii) চৰিত্রগত বৈশিষ্ট্য বিলাক পৈত্রিক পুৰুষৰ সৈতে একে হয়।
iii) এই পদ্ধতিৰে কল, কমলা, আনাৰস, গোলাপ, তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়।
iv) বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদ বিলাকতকৈ আংগিক বিস্তাৰণৰ (জোৰা কলম আৰু তৰপীয়া পদ্ধতি) যোগেদি উৎপত্তি হোৱা উদ্ভিদ বিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে।

আংগিক বিস্তাৰণ কাক বোলে ?
উত্তৰ : যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ অংগৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হয় তেনে প্ৰক্ৰিয়াক আংগিক বিস্তাৰণ বোলি কোৱা হয়। এই প্ৰক্ৰিয়াত মূল বা শিপা, পাত বা কাণ্ডৰ পৰা নতুন উদ্ভিদৰ উৎপত্তি হয়।

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 133

1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি ?
OR

দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ পাৰ্থক্য লিখা।
OR

দ্বি-বিভাজন বহু-বিভাজনৰ লগত কেনেদৰে পৃথক ? [HSLC.'23]
উত্তৰ :
দ্বি-খণ্ডন বা দ্বিবিভাজন :
i) প্ৰজনন প্ৰক্ৰিয়াত কোষ এটা সমভাৱে দ্বিখণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে।
ii) এমিবাৰ ক্ষেত্ৰত দ্বি-খণ্ডন বা দ্বিবিভাজন দেখা যায়।

বহু বিভাজন :
i) প্ৰজনন প্ৰক্ৰিয়াত জীৱ এটাই কোষ এটাৰ পৰা অসংখ্য নতুন প্ৰজন্মৰ সৃষ্টি কৰে।
ii) প্লাজম’ডিয়ামৰ ক্ষেত্ৰত বহু বিভাজন দেখা যায়।

2. যদি কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব ?
OR

ৰেণুৰ সহায়ত প্ৰজনন কৰিলে কোনো এক জীৱ কেনেদৰে লাভান্বিত হ'ব? [HSLC.'20]
উত্তৰ : কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰিলে ই তলত দিয়া ধৰণে লাভান্বিত হ’ব -
i) ৰেণুধানীত অসংখ্য ৰেণু উপত্তি কৰা সম্ভৱ।
ii) ৰেণুৰ আকাৰ সৰু হোৱা বাবে বতাহত দূৰলৈ স্থানান্তৰ হ’ব পাৰে।
iii) ৰেণু বিলাকৰ অৱৰণ যথেষ্ট ডাঠ হোৱা বাবে প্ৰতিকুল পৰিৱেশত ভিতৰৰ পদাৰ্থ খিনি সজীৱ কৰি ৰাখিব পাৰে।
iv) অনুকুল পৰিৱেশ পালে বা উপযুক্ত আধাৰ পালে নতুন জীৱন লাভ কৰিব পাৰে।

3. উচ্চ খাপৰ জীৱই কিয় পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে ?
OR

পুণৰ জীৱন (Regeneration) ৰ জৰিয়তে বেছি জটিল জীৱসমূহে নতুন জীৱৰ সৃষ্টি কৰিব নোৱৰাৰ কাৰণ তুমি ভাবিব পাৰানে?

উত্তৰ : উচ্চ খাপৰ জীৱই পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে কাৰণ - উচ্চ খাপৰ জীৱৰ দৈহিক গঠন যথেষ্ট জটিল। ইহঁতৰ দেহত অসংখ্য কোষেৰে ক’লা গঠন হয়, ক’লাৰ সমষ্টিৰে অংগ , অংগৰ সমষ্টিৰে অংগ তন্ত্ৰ আৰু অংগ তন্ত্ৰৰ সমষ্টিৰে একক জীৱ এটা গঠন হয়।

4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
OR

কিছুমান উদ্ভিদৰ ৰোপণৰ বাবে আংগিক বিস্তাৰণৰ অনুশীলন কিয় কৰা হয় ? [HSLC.'23]
উত্তৰ : বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় কাৰণ -
i) আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদে অতি কম সময়ত ফ’ল বা ফুল উৎপাদন কৰে।
ii) এই পদ্ধতিৰে কল, কমলা, আনাৰস, গোলাপ, তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়।
iii) এই প্ৰক্ৰিয়া অতি সহজে কৰিব পাৰি আৰু ই অতি কম খৰচি।
iv) এই প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদৰ জিনীয় পৰিবৰ্তন নহয় বাবে কৃষকে ভাল গুণ বিশিষ্ট উদ্ভিদৰ অধিক খেতি কৰি লাভাম্বিত হ’ব পাৰে।

5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ কিয় প্রয়ােজন ?
উত্তৰ :
i) ই জীৱৰ দেহৰ অবয়ব গঠন এনেদৰে কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে উপযোগী হয়।
ii) DNA -ৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয়। ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে।

অতিৰিক্ত প্ৰশ্নাৱলী :

ফুলৰ জনন অংশসমূহৰ নাম লিখা। [HSLC.'23]
উত্তৰ : পুংস্তৱক আৰু স্ত্ৰীস্তৱক।

পুং জনন কোষ কাক বোলে?
উত্তৰ : চলমান জনন কোষবিলাকক পুং জনন কোষ বুলি কোৱা হয়। পৰাগ ৰেণুৰ ভিতৰত উৎপন্ন হয়।

স্ত্রীজনন কোষ কাক বোলে?
উত্তৰ : খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটোক স্ত্রীজনন কোষ বুলি অভিহিত কৰা হয়। ডিম্বকৰ ভিতৰত অৱস্থিত।

নিষেচন কি?
উত্তৰ : পুং জনন কোষ আৰু স্ত্রীজনন কোষৰ মিলন বা যোজনক নিষেচন বুলি কোৱা হয়।

স্ব-পৰাগযোগ কাক বোলে?
উত্তৰ : নিষেচন প্রক্রিয়াত পুংকেশৰৰ পৰা পৰাগ ৰেণুবিলাক স্ত্রীকোষৰৰ গৰ্ভমুণ্ডলৈ একেপাহ ফুলতে স্থানান্তৰিত হয় তেতিয়া তাক স্ব-পৰাগযোগ বোলে।

ইতৰ পৰাগযোগ কাক বোলে?
উত্তৰ : নিষেচন প্রক্রিয়াত এপাহ ফুলৰ পৰাগ ৰেণু গৈ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰেগৈ তেতিয়া তাক ইতৰ পৰাগযোগ বোলে।

বীজৰ অংকুৰণ কাক বোলে?
উত্তৰ : বীজৰ ভিতৰতে থকা ভ্রূণটোতে ভৱিষ্যতৰ উদ্ভিদটো উপযুক্ত পৰিৱেশত অংকুৰিত হৈ গছ পুলিটো গজি উঠা প্রক্রিয়াক বীজৰ অংকুৰণ বোলে।

যৌৱন কাল বা কন্যাকাল কাক বোলে?
উত্তৰ : দেহৰ সাধাৰণ বৃদ্ধি প্রক্রিয়া যেতিয়া লাহে লাহে কমি আহে তেতিয়া প্রজনন কলাসমূহে পূর্ণতা লাভ কৰে।কৈশোৰ কালৰ এই সময় চোৱাক যৌৱন কাল বা কন্যাকাল বোলে।

যৌন প্রজনন প্রক্রিয়া মানে কি?
OR


যৌন প্রজনন কাক বোলে?

উত্তৰ : যৌন প্রজনন প্রক্রিয়া মানে দুটা বেলেগ বেলেগ জীৱৰ জনন কোষৰ পৰস্পৰ মিলন প্রক্রিয়া।

OR
উত্তৰ : দুটা বেলেগ বেলেগ জীৱৰ জনন কোষৰ পৰস্পৰ মিলন প্রক্রিয়াক যৌন প্রজনন বোলে।

ঋতুচক্র কাক বোলে?
উত্তৰ : নিষেচন নোহোৱা ডিম্ব কোষটো ভাঙি যায় ফলত ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। প্রতি মাহে এইটো চক্রাকাৰে চলি থাকে। ইয়াকেই ঋতুচক্র বোলে।

অমৰা বা প্লেচেণ্টা (Placenta) কাক বোলে?
উত্তৰ : গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা বোলে।

প্লেচেন্টাৰ কাম কি?
উত্তৰ : প্লেচেন্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে।

মাতৃদেহত ভ্রূণটো সম্পূৰ্ণ হ'বলৈ কিমান সময় আৱশ্যক হয়?
উত্তৰ : ন মাহ।

যৌন ৰোগ কেইটামানৰ নাম লিখা।
OR

যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পা কিছুমান ৰোগৰ নাম লিখা।

উত্তৰ : গ'ণৰিয়া, চিফিলিচ, HIV, AIDS আদি।

HIV -ৰ সম্পূৰ্ণ নাম লিখা।
উত্তৰ : Human Immunodeficiency Virus.

AIDS -ৰ সম্পূৰ্ণ নাম লিখা।
উত্তৰ : Acquired Immune Deficiency Syndrome.

Also Read : 10000+ full forms.

পাঠভিত্তিক প্ৰশ্নাৱলী : পৃষ্ঠা- 140

1. নিষেচন আৰু পৰাগযােগৰ পার্থক্য কেনেধৰণৰ ?
OR

পৰাগযোগ বা পৰাগণ প্ৰক্ৰিয়া নিষেচনৰ তুলনাত কেনেদৰে পৃথক? [HSLC.'15,'20]
উত্তৰ :
নিষেচন :
i) পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন বা যোজন ঘটা পৰিঘটনাক নিষেচন বোলে।
ii) প্ৰাণী আৰু উদ্ভিদ উভয়তে সংঘটিত হয়।
iii) দুটা কোষৰ মিলন হয়।
iv) নিষেচনৰ পাচত ভ্ৰুণৰ সৃষ্টি হয়।

পৰাগযােগ :
i) উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুণ্ডত পৰা পৰিঘটনাক পৰাগযােগ বোলে।
ii) অকল উদ্ভিদতহে সংঘটিত হয়।
iii) কোনো কোষৰ মিলন নহয়।
iv) পৰগযোগৰ পাচত নিষেচন হয়।

2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
OR

শুক্ৰাধাৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ কাম কি?

উত্তৰ : শুক্ৰবাহী নলৰ ৰাস্তাত প্ৰষ্টেট্‌গ্রন্থি আৰু শুক্ৰধাৰৰ পৰা নিঃসৰিত ক্ষাৰকীয় ৰস লগ লাগি শুক্রাণুৰ গতিপথত সহায় কৰে আৰু পুষ্টিৰ যোগান ধৰে।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?
উত্তৰ : কৈশোৰ কালৰ সময় চোৱাত -
ক) স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয়।
খ) এই সময়ত ঋতুচক্র আৰম্ভ হয়।
গ) যৌনাংগৰ কাষত চুলি গঁজা দেখিবলৈ পোৱা যায়। ফলত এই অংশ কলা বৰণৰ হয়।
ঘ) ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গঁজে।
ঙ) মুখৰ ছাল তেলেতিয়া হয় আৰু ফলত এই অংশত শালমইনা উঠে।

4. মাতৃদেহত ভ্রণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
OR

মাতৃৰ শৰীৰৰ ভিতৰত ভ্ৰূণটোৱে কেনেদৰে পৰিপুষ্টি লাভ কৰে ?

উত্তৰ : গৰ্ভাৱস্থাত ভ্রূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা বোলে। ইয়াৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্রূণটোৱে পুষ্টি লাভ কৰে।

গর্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্রূণটোলৈ সৰবৰাহ হৈ থাকে। ভ্রূণটোৱে সৃষ্টি কৰা ৰেচন পদার্থবোৰ প্লেচেণ্টাৰ মাধ্যমেদি মাতৃদেহত এৰি দিয়ে। এনেকৈ মাতৃদেহত ভ্রূণটো সম্পূৰ্ণ হ'বলৈ প্ৰায় ন মাহ আৱশ্যক হয়।

5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে?
OR

যদি তিৰোতা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে, ইয়ে তেওঁক যৌনৰোগসমূহৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিবনে ?

উত্তৰ : নহয়।

অনুশীলনীৰ প্ৰশ্নাৱলী : পৃষ্ঠা- 141

1. অযৌন প্রজননৰ মুকুলােদ্দগম সংঘটিত হয়—
(ক) এমিবাত
(খ) ইষ্ট
(গ) প্লাজমডিয়ামত
(ঙ) লেইচুমেনিয়াত

উত্তৰ : (খ) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?
ক) ডিম্বাশয়
খ) জৰায়ু
গ) শুক্ৰবাহী নলী
ঘ) ফেলোপিয়ান নলী

উত্তৰ : গ) শুক্ৰবাহী নলী

3. পৰাগধানীত পােৱা হয়—
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু

উত্তৰ : (ঘ) পৰাগ ৰেণু

4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি ?
OR

যৌন প্রজনন প্রক্রিয়াৰ দুটা সুবিধা লিখা। [HSLC.'18]
উত্তৰ :
i) সন্তানে মাতৃ আৰু পিতৃ উভয়ৰে চৰিত্ৰ লাভ কৰে।
ii) বিবৰ্তনৰ সম্ভাৱনীয়তা বৃদ্ধি পায়।
iii) প্ৰকাৰণ ঘটি প্ৰজাতি এটাক পৰিৱেশৰ লগত নিজকে খাপ খোৱাই জিয়াই থকাত সহায় কৰে।
iv) পৰিবৰ্তন হোৱা পৰিৱেশৰ লগত অভিযোজন সম্ভৱ কৰে।

5. মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে?
উত্তৰ :
ক) শুক্রাণু উৎপাদন কৰা।
খ) টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হ’ৰমন ক্ষৰণ কৰা।

6. ঋতুস্ৰৱ কিয় হয়? [HSLC.'20]
উত্তৰ : নিষেচন নোহোৱা ডিম্ব কোষটো প্রায় এদিন জীবিত অৱস্থাত থাকে। ডিম্বাশয়ে প্রতি মাহতে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে বাবে গর্ভাশয়টোয়ে প্রতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্রস্তুত কৰি ৰাখে। সেয়ে ডিম্বাশয়ৰ অন্তঃআচ্ছাদক কোমল আৰু ভাঠ হয়। নিয়েচনৰ পৰা ভ্রূণ হলে ইয়াক এই আন্তঃআচ্ছাদকখনে পোষণ যোগান ধৰাৰ প্রয়োজন হয়। যদি নিষেচন নহয় তেতিয় আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। প্রতি মাহে এইটো চক্রাকাৰে চলি থাকে। ইয়াক ঋতুচক্র বোলে। এই প্রক্রিয়াটো 2 – 8 দিন পর্যন্ত চলি থাকে।

7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। [HSLC.'15,'17]
উত্তৰ :


8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি? [HSLC.'15]
উত্তৰ :
ক) কনডম ব্যবহাৰ।
খ) ঔষধ ব্যবহাৰ।
গ) ক'পাৰ টি ব্যবহাৰ।
ঘ) অস্ত্ৰোপ্ৰচাৰ।

OR
ক) কাৰিকৰী প্ৰতিবন্ধক পদ্ধতি।
অৰ্থাৎ কনডম ব্যবহাৰ কৰি।
খ) অৰেল কন্ট্ৰাচেপটিভ পদ্ধতি।
অৰ্থাৎ দেহত হৰমনৰ পৰিমান নিয়ন্ত্রণ কৰি।
ঔষধ (পিল বা বৰি) ব্যৱহাৰ কৰি।
গ) ক'পাৰ টি পদ্ধতি।
ঘ) বন্ধ্যাকৰণ পদ্ধতি। অৰ্থাৎ অস্ত্ৰোপ্ৰচাৰ কৰি।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন আৰু যৌন প্রজনন প্রক্রিয়াৰ কৌশল সমূহ কেনেধৰণৰ ?
OR

এককোষী আৰু বহুকোষী জীৱৰ প্ৰজনন প্ৰক্ৰিয়া সমূহ কি কি ?

উত্তৰ :
এককোষী জীৱৰ প্ৰজনন :
ক) অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে।
(যেনে— দ্বিখণ্ডন বা বিভাজন, বিভংগন, মুকুলোদগমন, ৰেণুৰ উৎপত্তি ইত্যাদি।)
খ) কোনো ধৰণৰ বিষেশ অংগৰ প্ৰয়োজন নহয়।

বহুকোষী জীৱৰ প্ৰজনন :
ক) যৌন আৰু অযৌন দুয়োবিধ প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে।
খ) যৌন প্ৰজননত দুটা পৃথক ব্যক্তি বিশিষ্ট জীৱ জড়িত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে

10. প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে ?

OR

জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা ৰক্ষাত প্ৰজননে কেনেদৰে সহায় কৰে ? [HSLC.'16,'19]
উত্তৰ : প্ৰজনন হ’ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ নিচিনা নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জীৱই নিজৰ প্ৰজাতিক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে আৰু ভিন্নতাৰ বাবে পৰিৱেশৰ পৰিবৰ্তনত নিজকে নতুন পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম কৰি তুলে। ইয়াৰ উপৰিও প্ৰজনন প্ৰক্ৰিয়াই জন্ম মৃত্যুৰ হাৰ নিয়ন্ত্ৰনত সহায় কৰে। এনেদৰেই প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত সহায় কৰে।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
OR

গৰ্ভনিৰোধক (contraceptive) পদ্ধতি ব্যৱহাৰ কৰাৰ কাৰণ কি কি হ'ব পাৰে ?

উত্তৰ :
(i) এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিকভাৱে প্ৰস্তুত হোৱা ।
(ii) জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ ।

.



Updated on 4th November 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments