Class : VIIIPaper : MathsDistrict : NagaonMedium : AssameseExam : Annual (2025)Assam Jatiya Bidyalaya
SECTION-A ('ক' শাখা)
শুদ্ধ উত্তৰটো বাছি উলিওৱা।
1. যদি এম্বিশ্বন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 500 ছাত্ৰ-ছাত্ৰীসকলৰ 92% ভাল। তেন্তে, ভাল নোহোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সংখ্যা হ'ব—
ক) 40
খ) 92
গ) 460
ঘ) 500
উত্তৰ : ক)
2. 2025 চনৰ সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ব—
ক) 0
খ) 2
গ) 5
ঘ) 25
উত্তৰ : গ)
3. x+11=5 সমীকৰণত x-ৰ মান—
ক) 5
খ) -5
গ) 6
ঘ) -6
উত্তৰ : ঘ)
4. এটা ত্ৰিভুজৰ অন্ত:কোনৰ সমষ্টি—
ক) 90°
খ) 180°
গ) 360°
ঘ) 120°
উত্তৰ : খ)
5. এটা লুডুগুটি এবাৰ দলিওৱাৰ মুঠ পৰীক্ষাৰ ফলাফল হ' ব—
ক) 1
খ) 3
গ) 6
ঘ) 9
উত্তৰ : গ)
6. (-2/3)⁻² ৰ মান হ'ব—
ক) 4/9
খ) 9/4
গ) -4/9
ঘ) -9/4
উত্তৰ : খ)
7. এটা স্বাভাৱিক সংখ্যা হ'ল—
ক) 0
খ) - 1
গ) 5
ঘ) 1/2
উত্তৰ : গ)
8. তলৰ কোনটো এটা বৰ্গ সংখ্যা নহয়—
ক) 782
খ) 961
গ) 625
ঘ) 144
উত্তৰ : ক)
9. ³√64 ৰ ঘনমূল হ'ল—
ক) 2
খ) 3
গ) 4
ঘ) 6
উত্তৰ : গ)
10. যদি 1²+2²+2²=3² হয়, তেন্তে 2²+3²+___=7² মাজৰ লিপ্ত বৰ্গ সংখ্যাটো হ'ব—
ক) 3²
খ) 4²
গ) 5²
ঘ) 6²
উত্তৰ : ঘ
11. √(256/361) ৰ মান কিমান?
ক) 14/17
খ) 15/18
গ) 16/19
ঘ) 17/20
উত্তৰ : গ)
12. x ৰ 40% = 240 হ'লে, x ৰ মান হ' ব—
ক) 540
খ) 640
গ) 600
ঘ) 720
উত্তৰ : গ)
13. তলৰ কোনটো সংখ্যা অযুগ্ম?
ক) 2
খ) 4
গ) 7
ঘ) 8
উত্তৰ : গ)
14. তলৰ কোনটো এটা সমবাহু ত্ৰিভুজৰ কোণ?
ক) 45°
খ) 60°
গ) 90°
ঘ) 120°
উত্তৰ : খ)
15. এটা বৃত্তৰ ব্যাসাৰ্ধ 7 cm হ'লে ইয়াৰ পৰিধি কিমান? (π = 22/7)
ক) 22 cm
খ) 44 cm
গ) 66 cm
ঘ) 88 cm
উত্তৰ : খ)
16. x³-2x²+3x+1 বহুপদৰ মাত্ৰা কিমান?
ক) 0
খ) 1
গ) 2
ঘ) 3
উত্তৰ : ঘ)
17. আয়তীয় ঘনকৰ দাঁতি (বাহু) -ৰ সংখ্যা হ' ল—
ক) 4
খ) 8
গ) 12
ঘ) 16
উত্তৰ : গ)
18. এটা সামন্তৰিকৰ ভূমি=15cm. উন্নতি=8cm হলে, সামন্তৰিকটোৰ কালি হ' ব—
ক) 60
খ) 120
গ) 60 আৰু 120
ঘ) ওপৰৰ আটাইকেইটা।
উত্তৰ : খ
19. 3⁻⁵×3²=3ⁿ ত n ৰ মান কিমান?
ক) - 5
খ) 5
গ) 7
ঘ) -3
উত্তৰ : ঘ
20. 369427 ৰ আদৰ্শ ৰূপ—
ক) 3.69427 × 10³
খ) 3.69427 × 10⁴
গ) 3.69427 × 10⁵
ঘ) 3.69427 × 10⁻⁵
উত্তৰ : গ
21. x=4, y=9 আৰু x=8, y=__ কিমান, যদি x আৰু y ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত থাকে।
ক) 12
খ) 15
গ) 18
ঘ) 21
উত্তৰ : গ)
22. পূৰ্ণ সংখ্যা কেনেকুৱা?
ক) ধনাত্মক সংখ্যা
খ) ঋণাত্মক সংখ্যা
গ) শুন্য সহ ধনাত্মক সংখ্যা
ঘ) মিশ্ৰ সংখ্যা
উত্তৰ : গ)
23. 2⁴ × 2³ = ?
ক) 2⁷
খ) 2¹²
গ) 2⁶
ঘ) 2⁵
উত্তৰ : ক)
24. কোনটো সূচকৰ মান 1?
ক) 5⁰
খ) 0⁰
গ) 2⁰
ঘ) উপৰোক্ত সকলো
উত্তৰ : ঘ)
25. কোনটো সূচকৰ নিয়ম?
ক) aⁿ × aᵐ = aⁿ⁺ᵐ
খ) aⁿ × aᵐ = aⁿ⁻ᵐ
গ) aⁿ + aᵐ = aⁿ⁺ᵐ
ঘ) aⁿ - aᵐ = aⁿ⁻ᵐ
উত্তৰ : ক)
26. (a + b)² ৰ মান কি?
ক) a² + b²
খ) a² + 2ab + b²
গ) a² - 2ab + b²
ঘ) a² + ab + b²
উত্তৰ : খ)
27. 5m²n ক mn ৰে হৰণ কৰিলে—
ক) 5m
খ) 5n
গ) 5mn
ঘ) 5m²n
উত্তৰ : ক)
28. (a+7)(a+8)=
ক) a²+15a
খ) a²+15a+56
গ) a²+7a+8
ঘ) a²+56
উত্তৰ : খ)
29. কোনটো ৰাশি বহুপদ নহয়?
ক) 7x+√y
খ) 2x⁴+5
গ) 3x³-2x
ঘ) 5x
উত্তৰ : ক)
30. 6.25 ৰ বৰ্গমূল —
ক) 25
খ) 2.5
গ) 0.25
ঘ) 2.25
উত্তৰ : খ)
31. 55/21÷-33/14 =
ক) - 10/9
খ) 10/9
গ) - 9/10
ঘ) 9/10
উত্তৰ : ক)
32. এটা ত্ৰিভুজ আঁকিব পাৰিম যদি আমাক দিয়া থাকে—
ক) এটা বাহু এটা কোন
খ) দুটা বাহু দুটা কোন
গ) দুটা কোন
ঘ) তিনিটা বাহু
উত্তৰ : ঘ)
33. 4(x-2)=12 সমীকৰণৰ শূন্য হ'ব—
ক) 5
খ) 4
গ) 3
ঘ) 6
উত্তৰ : ক)
34. 3/4 ভগ্নাংশটোক শতাংশলৈ নিয়া।
ক) 60%
খ) 75%
গ) 80%
ঘ) 70%
উত্তৰ : খ)
35. এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ 130°, 70°, 83° হ'লে চতুৰ্থ কোণটোৰ মাপ কিমান?
ক) 75°
খ) 77°
গ) 80°
ঘ) 90°
উত্তৰ : খ)
36. যদি 5 টা কলমৰ দাম 15 টকা হয়। তেন্তে, 10 টা কলমৰ দাম হ'ব—
ক) 20
খ) 25
গ) 30
ঘ) 35
উত্তৰ : গ)
37. 2.462 × 10⁷ ৰ সাধাৰণ ৰূপ —
ক) 2.462000
খ) 2462000
গ) 24620000
ঘ) 24620000000
উত্তৰ : গ)
38. 4/19 আৰু - 17/19 যোগফল —
ক) - 13/19
খ) 13/19
গ) - 21/19
ঘ) 21/19
উত্তৰ : ক)
39. 3, 4, 5, 6 ৰ ল:সা:গু—
ক) 30
খ) 60
গ) 120
ঘ) 24
উত্তৰ : খ)
40. (3°+4⁻¹) × 4 ৰ মান—
ক) 3
খ) 4
গ) 5
ঘ) 6
উত্তৰ : গ)
41. 24 ঘন্টা =
ক) 84,600 ছেকেণ্ড
খ) 86,400 ছেকেণ্ড
গ) 80,000 ছেকেণ্ড
ঘ) 90,000 ছেকেণ্ড
উত্তৰ : খ)
42. 6cm দৈৰ্ঘ্যৰ বাহুৰ বৰ্গ এটাৰ পৰিসীমা কিমান হ'ব?
ক) 24
খ) 12
গ) 18
ঘ) 36
উত্তৰ : খ)
43. তলৰ কোনটো পূৰ্ণ ঘন?
ক) 652
খ) 933
গ) 343
ঘ) 1002
উত্তৰ : গ)
44. তলৰ কোনটো সংহতি বুজোৱা সংগ্ৰহৰ উদাহৰণ—
ক) গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ সংগ্ৰহ ।
খ) অসমৰ জিলাকেইখনৰ সংগ্ৰহ ।
গ) 50 ৰ ওচৰৰ সংখ্যাবোৰৰ সংগ্ৰহ ।
ঘ) ভাৰতবৰ্ষৰ ডাঙৰ নগৰবোৰৰ সংগ্ৰহ ৷
উত্তৰ : খ)
45.
(i) এখন বছৰত 7 মাহত 31 দিন থাকে।
(ii) এটা (লিপ) বছৰত ফেব্ৰুৱাৰী মাহত 29 দিন থাকে।
ক) (i) শুদ্ধ (ii) অশুদ্ধ
খ) (i) অশুদ্ধ (ii) শুদ্ধ
গ) (i) আৰু (ii) শুদ্ধ
ঘ) (i) আৰু (ii) দুয়োটাই অশুদ্ধ
উত্তৰ : ঘ)
46. মান উলিওৱা। (যিকোনো এটা) 2
i) 3x/(5x+2)=-4
ii) 3x-2(2x-5)=2(x+3)-8
47. ৰিক্ত সংহতিত এটাও মৌল নাথাকে। (সচাঁ নে মিছা) এটা উদাহৰণ লিখা। 1+1=2
48. 1764 সংখ্যাটো বর্গ সংখ্যা হয়নে নহয় পৰীক্ষা কৰা। যদি বর্গ সংখ্যা হয় তেন্তে কোন সংখ্যাৰ বৰ্গ নিৰূপণ কৰা। 1+1=2
49. 7/-26 ৰ লগত কি যোগ কৰিলে যোগফল 11/18 হ'ব, নিৰ্ণয় কৰা। 2
50. এটা পাইথাগ'ৰীয় ত্ৰয়ৰ সৰু সংখ্যাটো 16 হ’লে, পাইথাগ'ৰীয় ত্রয়টো নিৰ্ণয় কৰা। 2
[ইংগিত:- পাইথাগ'ৰীয় ত্ৰয়ৰ সূত্ৰ: (2n), (n²-1), (n²+1) ইয়াত n=8 ধৰি ল'বা]
51. এটা ৰেডিঅ'ৰ মূল্য ৪% বৃদ্ধি কৰা হ'ল। ৰেডিঅ'টোৰ পূৰ্বৰ মূল্য 900 টকা হ'লে নতুন মূল্য কিমান হ'ব? 2
52. এটা বস্তু 1197 টকাত বিক্ৰী কৰোঁতে 5% লোকচান হ'ল। বস্তুটোৰ কিনাদাম উলিওৱা। 3
53. বছৰি 10% সুতৰ হাৰত 50000 টকাৰ 2 বছৰৰ সৰল সুত আৰু মিশ্র সুত্ৰৰ পাৰ্থক্য উলিওৱা । 3
54. x=3, y=2 হ'লে (x-2y)(x²+2xy+4y²) ৰ মান নিৰ্ণয় কৰা। 3
55. a²+7a+12 ক a+3 ৰে হৰণ (দীৰ্ঘ হৰণ) কৰি ভাগফল আৰু ভাগশেষ লিখা। 3
56. এটা বেলনৰ ভূমিৰ ব্যাস 42 ছেমি. আৰু ইয়াৰ উচ্চতা 10 ছেমি.। বেলনটোৰ— 3
(i) বক্ৰপৃষ্ঠৰ কালি উলিওৱা।
(ii) মুঠ পৃষ্ঠকালি উলিওৱা।
(iii) আয়তন উলিওৱা ।
57. এটা বৰ্গ আৰু এটা বৃত্তৰ পৰিসীমা সমান। যদি বৰ্গটোৰ দীঘ 11 ছেমি., তেন্তে কাৰ কালি বেছি আৰু কিমান বেছি? 4
58. সৰল কৰা। 4
(2⁻⁵ × 10⁵ × 125⁻¹) / (2⁻³ × 5⁻³)
59. এটা চতুৰ্ভুজ ABCD অংকন কৰা যাতে AB=5 ছেমি., BC = 4.8 ছেমি., AD = 4.1 ছেমি., কৰ্ণ AC = 6.3 ছেমি. আৰু কৰ্ণ BD = 5.8 ছেমি.। অংকন পদ্ধতি লিখিবা। 3+2=5
60. এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণী গৱেষী শিক্ষাৰ্থীয়ে কোনো এটা পৰীক্ষাত লাভ কৰা নম্বৰবোৰ তলত দিয়া ধৰণৰ— 2+3=5
31 35 22 41 27 38 7 44 45 31
15 24 42 9 43 39 10 46 25 32
23 30 17 36 21 24 35 27 18 33
35 29 37 28 12 33 26 8 48 39
i) তথ্যখিনিৰ বিস্তাৰ উলিওৱা।
ii) 0 - 10, 10 - 20, ... ইত্যাদি শ্ৰেণী অন্তৰাল লৈ তথ্যখিনিৰ বিভাজন তালিকা প্ৰস্তুত কৰা।
Updated on 11th March 2025By :- J.A.C (B.Sc Honours | Web/App Developer.)


.jpg)










0 Comments