Ads banner

Jahan Education
Jahan Education

অৰুণিমা সিন্‌হা - অধ্যায় ১০ - অসমীয়া - দশম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 
CLASS : X
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 10
অৰুণিমা সিন্‌হা

প্ৰশ্নাৱলী 

ভাব-বিষয়ক:

​১। চমুকৈ উত্তৰ লিখাঃ
​(ক) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰ: ভলীবল। 
OR
উত্তৰ: অৰুণিমা সিন্হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।  

​(খ) অৰুণিমা সিন্‌হাৰ ঘৰ ক'ত?
উত্তৰ: অৰুণিমা সিন্‌হাৰ ঘৰ উত্তৰ প্ৰদেশত।  

​(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?
উত্তৰ: হিমালয়ৰ শৃংগলৈ উঠাৰ। 
OR
উত্তৰ: হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ অৰ্থাৎ এভাৰেষ্ট বিজয়ৰ সপোনে তীব্ৰ ৰূপ লৈছিল।  

​(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰ: বাচেন্দ্রি পালকক লগ ধৰিছিল। 
কাৰণ— অৰুণিমাক সঠিক পথ দেখুৱাৰ পৰামৰ্শ পাবলৈ।  
OR
উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব।  

​(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰ: ২০১৩ চনৰ ২১ মে' তাৰিখে আৰু তাত প্রায় ডেৰ ঘণ্টা ধৰি আছিল।  
OR
উত্তৰ: মাউন্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে' তাৰিখে নিশা প্ৰায় আঠ বজাত আৰোহণ কৰিছিল। তেওঁ তাত প্রায় ডেৰ ঘণ্টাকাল ধৰি আছিল।  

​২। অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰ: ২০১১ চনত লক্ষ্মৌৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰোঁতে ৰে'লৰ দবাটোত এদল ডকাইতে অৰুণিমাৰ ডিঙিৰ পৰা মাকৰ আশীৰ্বাদপুষ্ট সোণৰ চেইনডাল কাঢ়ি নিব বিচাৰিছিল। অৰুণিমাই অন্যায়ৰ ওচৰত শিৰ নত নকৰি বাধা দিয়াত খঙত টিঙিৰি তুলা হৈ ডকাইতবোৰে তেওঁক চলন্ত ৰে'লগাড়ীৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল। সেই সময়তে ওচৰেৰে পাৰ হৈ যোৱা আন এখন ৰে'লত খুন্দা খাই তেওঁ ৰে'লআলিৰ কাষত পৰি গুৰুতৰভাৱে আহত হৈছিল।  
​এই ভয়ংকৰ দুর্ঘটনাত অৰুণিমাই নিজৰ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল।  

​৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰ: চিকিৎসালয়ৰ পৰা ওলায়েই অৰুণিমাই যেতিয়া বাচেন্দ্ৰি পালক লগ ধৰিছিল, তেতিয়া অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন আৰু আত্মপ্ৰত্যয় দেখি বাচেন্দ্ৰি পালৰ মনতো বিশ্বাস জন্মিছিল। তেওঁ অৰুণিমাক সহমৰ্মিতাৰে গ্ৰহণ কৰিছিল আৰু সঠিক পথ দেখুৱাইছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানতেই অৰুণিমাৰ পৰ্বতাৰোহণৰ অনুশীলন চলিছিল আৰু অতি কষ্টকৰ সময়ছোৱাত তেওঁৰ মনৰ বল অটুট ৰখাত বাচেন্দ্ৰি পালে বিশেষভাৱে সহায় কৰিছিল।  

​৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰ: এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই শাৰীৰিক আৰু মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায়েৰে প্ৰস্তুতি চলাইছিল। এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰড সুমুৱাই চলা-ফিৰা কৰা ভৰিৰেই তেওঁ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগ দিছিল। বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত প্ৰায় এবছৰ কাল তেওঁ একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছিল। আন স্বাভাৱিক মানুহে দুই মিনিটতে শিকা কৌশল এটা তেওঁৰ তিনিঘণ্টা লাগিলেও আশা এৰি নিদি অনুশীলনতে আত্মসৰ্মপণ কৰিছিল।  

​৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰ: অৰুণিমা সিন্হাই লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শিখৰলৈ (যিটো ২১,৭৯৮ ফুট উচ্চতাত আছিল) মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে বতৰ অত্যন্ত প্ৰতিকূল হৈ পৰিছিল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱাটো অসম্ভৱ আৰু বিপজ্জনক হৈ পৰাত, তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল বাবে তেওঁ অভিযানটো সম্পূৰ্ণ কৰিব নোৱাৰিলে।  

​৬। অৰুণিমা সিন্‌হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰ: অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযান আছিল অদম্য সাহস, মনোবল আৰু কষ্টসহিষ্ণুতাৰ এক বিৰল নিদৰ্শন। দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। চাৰি নং কেম্প পাওঁতে তেওঁৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল আৰু লগত নিয়া অক্সিজেনো শেষ হওঁ হওঁ হৈছিল। শ্বেৰপাজনে প্ৰাণৰ সংশয় দেখি বাৰে বাৰে উভতি যাবলৈ পৰামৰ্শ দিয়াৰ পিছতো তেওঁ নিৰস্ত্ৰ হোৱা নাছিল।  
​ৰুমালেৰে তেজ মছি মছি, বাটত দেখা পোৱা মৃতদেহবোৰকো আওকাণ কৰি তেওঁ আগুৱাই গৈছিল। অৱশেষত কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত, ২০১৩ চনৰ ২১ মে'ৰ নিশা প্ৰায় আঠ বজাত তেওঁ ৮৮৪৮ মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰি ইতিহাস ৰচিছিল।  

​৭। 'একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।'- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰ: কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱন আৰু সাফল্যৰ মাজেৰে সম্পূৰ্ণৰূপে প্ৰমাণিত হৈছে। অৰুণিমাই ডকাইতৰ কৱলত পৰি চলন্ত ৰে'লৰ পৰা পৰি নিজৰ এখন ভৰি হেৰুৱাই অশেষ শাৰীৰিক আৰু মানসিক যন্ত্ৰণাৰ সন্মুখীন হৈছিল। কিন্তু এই দুৰ্ভাগ্যক তেওঁ নিজৰ অদম্য ইচ্ছাশক্তি, প্ৰচণ্ড সাহস আৰু অধ্যৱসায়েৰে সৌভাগ্যলৈ ৰূপান্তৰিত কৰিলে।  
​এখন কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্টৰ দৰে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ জয় কৰি তেওঁ সমগ্ৰ বিশ্ববাসীক দেখুৱাই দিলে যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে কোনো শাৰীৰিক বাধাই জীৱনত হেঙাৰ হ'ব নোৱাৰে। তেওঁৰ এই বিৰল প্ৰতিভা আৰু অসাধ্য সাধনৰ কাহিনীয়ে শাৰীৰিক বা মানসিকভাৱে ভাগি পৰা সহস্ৰজনৰ মনৰ হতাশা দূৰ কৰি তেওঁলোকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে।  

​৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
উত্তৰ: কৰ্কট ৰোগৰ দৰে এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হোৱাৰ পিছতো প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে আৰোগ্য লাভ কৰি পুনৰ নিজৰ লক্ষ্যত আগুৱাই যাবলৈ সক্ষম হৈছিল। যুৱৰাজৰ এই সংগ্ৰাম আৰু সফলতাই অৰুণিমাক দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই জীৱনৰ উত্তৰণৰ বাটত কেতিয়াও প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে। ইয়ে অৰুণিমাৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হ'বলৈ তেওঁক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।  

​৯। চমুটোকা লিখাঃ
​বাচেন্দ্রি পাল:
উত্তৰ: বাচেন্দ্ৰি পাল এগৰাকী প্ৰখ্যাত পৰ্বতাৰোহী আৰু এভাৰেষ্ট বিজয়ী মহিলা। তেওঁ অৰুণিমা সিন্হাক এভাৰেষ্ট আৰোহণৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনত প্ৰশিক্ষণ দিছিল। তেওঁৰ পৰামৰ্শ, সহমৰ্মিতা আৰু তত্ত্বাৱধানতেই অৰুণিমাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিল।  
​টেনজিং নৰগে:
উত্তৰ: টেনজিং নৰগে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম দুজন ব্যক্তিৰ ভিতৰত এজন। অৰুণিমা সিন্হাই তেওঁৰ অপূৰ্ব সাফল্যৰ বাবে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ২০১৫ চনত 'টেনজিং নৰগে সন্মান' লাভ কৰিছিল।  
​ষ্টিফেন হকিং:
উত্তৰ: ষ্টিফেন হকিং আছিল এগৰাকী বিশ্ববিখ্যাত আৰু বিৰল প্ৰতিভাধৰ বিজ্ঞানী। তেওঁ বিশেষভাৱে সক্ষম (শাৰীৰিকভাৱে প্ৰতিবন্ধী) আছিল যদিও নিজৰ অসাধাৰণ মেধা, প্ৰতিভা আৰু একাগ্ৰতাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।  

​ভাষা-বিষয়ক:

​১। সন্ধি ভাঙাঃ
উত্তৰ:
​সংশয় = সম্ + শয়
​পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ
​উৎসাহ = উদ্ + সাহ
​হিমালয় = হিম + আলয়
​প্রত্যাহ্বান = প্ৰতি + আহ্বান
​বিপদাপন্ন = বিপদ + আপন্ন

​২। তলৰ শব্দকেইটাৰ উপসর্গ ভাঙি দেখুওৱা:
উত্তৰ:
​অনুৰাগ = অনু (উপসৰ্গ) + ৰাগ (মূল শব্দ)
​অনুভৱ = অনু (উপসৰ্গ) + ভৱ (মূল শব্দ)
​অভিনয় = অভি (উপসৰ্গ) + নয় (মূল শব্দ)
​প্রতিফল = প্ৰতি (উপসৰ্গ) + ফল (মূল শব্দ)



Post a Comment

0 Comments