Ads banner

Jahan Education
Jahan Education

অৰণ্যযাত্রা - অধ্যায় ১১ - অসমীয়া - দশম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 
CLASS : X
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 11
অৰণ্যযাত্রা

প্ৰশ্নাৱলী 

ভাব-বিষয়ক:

​১। চমুকৈ উত্তৰ লিখা:
​(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। 
OR
উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।  

​(খ) পল আৰু পাহি কোন কোন শ্রেণীত পড়ে?
উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।  

​(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰ: নিজৰ পিন্ধা কাপোৰ জাপি থোৱা, জোতাযোৰ পৰিষ্কাৰ কৰা, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন থোৱা, খোৱা কাঁহী-বাটি ধোৱা আদি। 
OR
উত্তৰ: পলে নিজৰ পিন্ধা কাপোৰ জাপি থোৱা, জোতাযোৰ পৰিষ্কাৰ কৰা, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন থোৱা, খোৱা কাঁহী-বাটি ধোৱা আদি ঘৰুৱা কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল।  

​(ঘ) লর্ড কার্জন কোন?
উত্তৰ: লৰ্ড কাৰ্জন আছিল ভাৰত স্বাধীন হোৱাৰ আগেয়ে ইংৰাজ শাসনকালৰ ব্ৰিটিছ ভাইচৰয়।  

​২। ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰ: ল'ৰা আৰু ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? তাই আক্ষেপেৰে কৈছিল যে তায়ো ককায়েকৰ দৰেই পঢ়া-শুনা কৰে, তেনেহ'লে দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰ নকৰে, আৰু গা ধোৱাৰ পাছত তিতি থকা গামোচাখন বিছনাতে পেলাই থৈ যায়? ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি বুলি তাই প্ৰশ্ন কৰিছিল।  
​মাকে প্ৰত্যুত্তৰত পাহিক বুজনি দিছিল যে যি বয়সত যিবোৰ কাম কৰিব পাৰি, সেয়া তেওঁ দুয়োটাকে শিকাই আহিছে। পঢ়া-শুনা কৰি ভৱিষ্যতে ভাল চাকৰি বা ব্যৱসায় কৰি ধন উপাৰ্জন কৰিলেও, নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব। তেতিয়া কেতিয়াবা সময়েও ঠগিব আৰু মানুহেও ঠগিব বুলি মাকে সিহঁতক সাৱধান কৰি দিছিল।  

​৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ: প্ৰকৃতিৰ গছবোৰৰ মাজত থকা মিলা-প্ৰীতিৰ সুন্দৰ নিয়মবোৰে পাহিক বাৰুকৈয়ে আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন হ'লেও, তামোলগছ আৰু আমগছৰ দৰে দুজোপা ভিন্ন ধৰণৰ গছেও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে একেলগে থাকে। ঠিক তেনেদৰে কলগছৰ কাষতে থকা নেমুগছৰ কাঁইটে কেতিয়াও কলগছজোপাক বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে বাবেই পাহিয়ে গছ বৰ ভাল পায়।  

​৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পল আৰু পাহিক উপদেশ দিছিল যে সিহঁতে যেন শিক্ষকৰ লগ নেৰে আৰু শিক্ষকে যি কথা কয়, সেইমতে চলে।  
​আনহাতে মাকে উপদেশ দিছিল যে সিহঁত পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে। সেয়েহে যিমান পাৰে শিকিবলৈ আৰু নিজৰ লগতে নিজৰ বয়-বস্তুবোৰ চম্ভালিবলৈ মাকে কৈছিল।  

​৫। 'কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।'-এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। 
উত্তৰ: এই কথাষাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ।  
​অৰণ্যযাত্ৰাৰ বাছৰ ভিতৰত শিক্ষকসকলে পাহি আৰু বিদিশাক ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিছিল। আনহাতে সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰিবলৈ দায়িত্ব দিছিল। কিন্তু সৌৰভে সেই কামটো টান পাই কৈছিল যে পাহি আৰু বিদিশাই খাদ্য বিলাওক আৰু সিহঁত ল'ৰা হোৱা বাবে লগৰীয়াবোৰক শাসন কৰিব পাৰিব আৰু অসুবিধাবোৰলৈ মন দিব পাৰিব। সৌৰভৰ এই ল'ৰা-ছোৱালীৰ মাজত কৰা বৈষম্যমূলক কথা শুনি হাজৰিকা ছাৰে খং কৰি বুজাইছিল যে পাহি বা বিদিশাই দুয়োটা কামেই ভালদৰে কৰিব পাৰিব, কিন্তু সৌৰভহঁতে এটা কাম পাৰিলে আনটো নোৱাৰে, তেন্তে দুৰ্বল কোন সেয়া স্পষ্ট। কামত যে ল'ৰা আৰু ছোৱালীৰ কোনো ভাগ নাই, তাকে বুজাবলৈকে ছাৰে এই কথাষাৰ ক'বলগীয়া হৈছিল।  

​৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৱাসগৃহত দুপৰীয়া সকলোৱে জিৰণি লৈ থকাৰ সুযোগ লৈ পল, আফতাব আৰু সৌৰভে শিক্ষকৰ অগোচৰে মনে মনে পিছফালৰ এখন বিললৈ গৈ এখন টুলুং-ভুটুং নাৱত উঠিছিল। কিছুদূৰ যোৱাৰ পাছতেই নাৱৰ তলিত থকা ফুটাৰে পানী সোমাবলৈ ধৰে আৰু নাওখন মেটেকাৰ মাজত আৱদ্ধ হৈ পৰে। নাওখন কাতি হৈ পল পানীত পৰি যায় আৰু সাঁতুৰিব নজনা আটাইকেইটাই প্ৰাণৰ মমতাত ভয়ত চিঞৰিবলৈ ধৰে।  
​এই ভয়ংকৰ বিপদৰ পৰা সিহঁতক পথাৰৰ মাজেৰে জাকৈ লৈ মাছ মাৰিবলৈ অহা পাঁচজনী থলুৱা ছোৱালীয়ে (দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষীয়ে) পানীত জঁপিয়াই সাঁতুৰি গৈ উদ্ধাৰ কৰিছিল।  

​৭। শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা।
উত্তৰ: পল, আফতাব আৰু সৌৰভে শিক্ষকৰ অগোচৰে বিলৰ পানীত ফুটা নাৱত উঠি যি মৰসাহ আৰু অৱমাননাকৰ কাম কৰিছিল, তাৰ বাবে বিদ্যালয়খনৰ বদনাম হোৱাৰ উপক্ৰম হৈছিল আৰু ছাত্ৰকেইজনৰ প্ৰাণৰো সংশয় হৈছিল। ছাত্ৰ-ছাত্ৰীক সুস্থ শৰীৰেৰে ওভতাই নিয়াটো প্ৰধান কৰ্তব্য বুলি গণ্য কৰি শিক্ষকসকলে নিৰাপত্তাৰ খাটিৰত পিছদিনাৰ অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল।  
​ইয়াৰ পিছত এক থমথমীয়া পৰিৱেশৰ সৃষ্টি হয়। পাহিয়ে থিয় হৈ শিক্ষকসকলৰ ওচৰত ক্ষমা বিচাৰি প্ৰস্তাৱ দিয়ে যে দোষ নকৰাসকলে শাস্তি পোৱাটো উচিত নহয়, বৰঞ্চ যিকেইজনে দোষ কৰিছে তেওঁলোকক লগত নিয়া নহওক। পলেও নিজৰ ভুল স্বীকাৰ কৰি আটাইৰে স্বাৰ্থত সিহঁতকেইটাক এৰি বাকী সকলোকে অৰণ্য দৰ্শনলৈ নিবলৈ অনুৰোধ কৰিলে। অৱশেষত শিক্ষকসকলে সিদ্ধান্ত দিলে যে পল, সৌৰভ আৰু আফতাবে সিহঁতে কৰা বেয়া কামটো আৰু মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি জমা দিব লাগিব। তেতিয়াহে সকলোকে অৰণ্য দৰ্শনলৈ নিয়া হ'ব। এই কথা শুনি সকলোৱে আনন্দত হাতচাপৰি বজালে আৰু পৰিস্থিতি স্বাভাৱিক হ'ল।  

​৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ: মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া।  
​তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ প্ৰধান বসতিস্থল, সেই কথা সমগ্ৰ জগতক প্ৰথমে জনাইছিল। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক এক সুকীয়া পৰিচয়ৰে চিনাকি কৰি দিয়াত তেওঁৰ এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।  

​৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰ: 
বাপীৰাম হাজৰিকা। 
মেৰী কাৰ্জনক। 
OR
উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা।  
​তেওঁ প্ৰথমে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক (লেডী কাৰ্জন) কাজিৰঙাৰ গঁড় দেখুৱাইছিল।  

​১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল?
উত্তৰ: কাজিৰঙালৈ যাত্ৰা কৰি পোৱা প্ৰধান শিক্ষাসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে তলত দিয়া ধৰণে অৱগত কৰিছিল:
​পাহিয়ে কৈছিল যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।  
​বিদিশাই কৈছিল যে গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম।  
​পলে বুজি উঠিছিল যে কামত ল'ৰা আৰু ছোৱালী সকলো সমান, কিয়নো ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ'লে সিহঁতে মৃত্যুক সাৱটিব লগা হ'লহেঁতেন।  
​আফতাবে কৈছিল যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱাটো মূৰ্খৰ কাম।  
​সৌৰভে কৈছিল যে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন আৰু শৃংখলা মানি চলাটো অতি জৰুৰী কথা।  

​ভাষা-বিষয়ক:

​১। বাক্য ৰচনা কৰা: 
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰ:
​ককাই-ভনী: পল আৰু পাহি দুয়ো ককাই-ভনীৰ মাজত মৰমৰ লগতে মাজে মাজে খেনখেননিও চলে।
​টুলুং-ভুটুং: বিলৰ পানীত ফুটা নাওখন টুলুং-ভুটুং কৰিবলৈ ধৰাত ল'ৰাকেইটাৰ ভয়ত অণ্ঠ-কণ্ঠ শুকাই গ'ল।
​চিঞৰ-বাখৰ: অৰণ্য দৰ্শন বাতিল কৰাৰ কথা শুনি ছাত্ৰ-ছাত্ৰীসকলে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।
​মানুহ-দুনুহ: দুপৰীয়া সময়ত পথাৰৰ সেইফালে কোনো মানুহ-দুনুহ দেখা পোৱা নগৈছিল।
​তিতি-বুৰি: পানীত পৰি ল'ৰাকেইটা একেবাৰে তিতি-বুৰি আৱাসগৃহলৈ উভতি আহিল।

​২। মূৰ্দ্ধন্য 'ণ' হোৱাৰ কাৰণ দর্শোৱা : অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।
উত্তৰ:
​অৰণ্য: 'ৰ'ৰ পিছত য-ফলা যুক্ত হোৱাৰ ফলত দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে। (সাধাৰণতে ঋ, ৰ, ষ-ৰ পাছত দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হয়)।
​অৰ্পণ: ৰেফ্ (ৰ্)-ৰ পিছত প-বৰ্গৰ বৰ্ণ ('প') থকা বাবে তাৰ পিছৰ 'ন' টো 'ণ' হৈছে।
​কণ্ঠ: একেটা পদতে ট-বৰ্গৰ বৰ্ণৰ (ট, ঠ, ড, ঢ) লগত যুক্ত হ'লে দন্ত্য 'ন', মূৰ্দ্ধন্য 'ণ' হয়। ইয়াত 'ঠ'ৰ লগত যুক্ত হোৱা বাবে 'ণ' হৈছে।
​ওৰণি: 'ৰ'ৰ পিছত স্বৰবৰ্ণৰ ব্যৱধান থকা বাবে দন্ত্য 'ন'টো মূৰ্দ্ধন্য 'ণ' হৈছে।
​পোৰণি: ইয়াতো 'ৰ'ৰ পিছত স্বৰবৰ্ণৰ ব্যৱধান থকা বাবে 'ন'টো 'ণ' হৈছে।
​আড়ম্বৰপূৰ্ণ: ৰেফ্ (ৰ্)-ৰ পিছত থকা বাবে দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে।



Post a Comment

0 Comments