Ads banner

Jahan Education
Jahan Education

পাৰস্যত এভুমুকি - অধ্যায় ১২ - অসমীয়া - দশম শ্ৰেণী

(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam 
CLASS : X
SUBJECT : ASSAMESE (MIL) 
Medium : Assamese

CHAPTER— 12
পাৰস্যত এভুমুকি

প্ৰশ্নাৱলী 

​ভাব-বিষয়ক:

​১। চমুকৈ উত্তৰ দিয়া:
​(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত?
উত্তৰ: পাৰস্য উপসাগৰত। 
OR
উত্তৰ: লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।  

​(খ) বুশ্বেৰ কি?
উত্তৰ: পাৰস্য উপসাগৰত অৱস্থিত এখন বন্দৰ চহৰ।
OR
উত্তৰ: বুশ্বেৰ হৈছে পাৰস্য উপসাগৰত অৱস্থিত এখন বন্দৰ নগৰী।  

​(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উত্তৰ: মেহদি আৰু ঘাছেম। 
OR
উত্তৰ: বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল।  

​(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূর্ণ বুলিছে?
উত্তৰ: নিউক্লীয় ৰিয়েক্টৰ থকা বাবে। 
OR
উত্তৰ: বুশ্বেৰৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকা বাবে ইয়াক বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।  

​(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰ: নিউক্লীয় ৰিয়েক্টৰ। 
OR
উত্তৰ: লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ (পাৰমাণৱিক ৰিয়েক্টৰ) আছে বুলি শুনিছে।  

​(চ) মেহদি আৰু ঘাছেম কোন?
উত্তৰ: ইৰাণী যুৱক। 
OR
উত্তৰ: মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক যি 'জিঅ'লগ' নামৰ ইটালিয়ান কোম্পানীটোৰ 'মাডলগাৰ' হিচাপে কাম কৰে।  

​(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?
উত্তৰ: 'জিঅ'লগ'।  
OR
উত্তৰ: মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম হ'ল 'জিঅ'লগ'।  

​(জ) ভেংকি ক'ত থাকে?
উত্তৰ: ভেংকি বুশ্বেৰ চহৰৰ নুৰ হুছেইন স্ট্ৰীটত থাকে।  

​(ঝ) ভেংকিয়ে কি কৰে?
উত্তৰ: ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।  

​(ঞ) আবুজাৰ কোন?
উত্তৰ: আবুজাৰ হ'ল লেখকহঁতৰ ট্ৰেভেল এজেণ্ট।  

​(ট) 'আগা' শব্দৰ অৰ্থ কি?
উত্তৰ: ফাচী ভাষাত 'আগা' শব্দটো শ্ৰীযুতৰ সমাৰ্থক এটা সন্মানীয় শব্দ।  

​(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিছাপে স্বীকৃতি লাভ কৰে?
উত্তৰ: ১৯৭৯ চনৰ পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।  

​(ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল বিপ্লৱৰ নেতা ইমাম আয়াতুল্লা খোমেনি।  

​(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?
উত্তৰ: বুশ্বেৰ চহৰত থকা পাৰমাণৱিক গৱেষণাৰ গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল।  

​(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইৰাণৰ ৰাজধানীৰ নাম হ'ল টেহৰাণ।  

​(ত) টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰ: দুটা। 
OR
উত্তৰ: টেহৰাণত দুটা বিমান বন্দৰ আছে— মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।  

​(থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰ: হোমা হোটেল।  
OR
উত্তৰ: লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হ'ল হোমা হোটেল।  

​(দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
উত্তৰ: ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।  

​(ধ) 'স্লামবাৰ্জাৰ' কি?
উত্তৰ: এটা বহুৰাষ্ট্ৰীয় কোম্পানী। 
OR
উত্তৰ: 'স্লামবাৰ্জাৰ' হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী যিটো বিশ্বৰ সকলো তৈলক্ষেত্ৰ আৰু তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত।  

​(ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
উত্তৰ: 'ন' ৰোজ'। 
OR
উত্তৰ: ইৰাণীসকলে নৱবৰ্ষক 'ন' ৰোজ' (অৰ্থাৎ নতুন দিন) বুলি বোলে।  

​(প) বেহেষ্ট-ই-জাহৰা কি?
উত্তৰ: টেহৰাণৰ মুখ্য সমাধিস্থল।  
OR
উত্তৰ: বেহেষ্ট-ই-জাহৰা হৈছে কেইবা কিল'মিটাৰ দীঘল টেহৰাণৰ মুখ্য সমাধিস্থল।  

​(ফ) শ্বিৰীন ইবাডি কোন?
উত্তৰ: শ্বিৰীন ইবাডি ইৰাণৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী তথা বিচাৰপতি যিয়ে ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।  

​(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: সম্ৰাট জামছেদে। 
OR
উত্তৰ: কিংবদন্তি মতে, সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।  

​(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰ: তেল অন্বেষণৰ। 
OR
উত্তৰ: লেখক ইৰাণলৈ ভূতত্ত্ববিদ হিচাপে তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল।  

​(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰ: খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।  
OR
উত্তৰ: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ'ল খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।  

​(য) 'কেন্দ'ৰ অৰ্থ কি?
উত্তৰ: পাৰ্ছি শব্দ 'কেন্দ'ৰ অৰ্থ হ'ল চেনি।  

​২। তেলৰ বাবে চলোৱা খনন কার্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি?
উত্তৰ: তেলৰ বাবে চলোৱা খনন কাৰ্যত 'মাডলগিং' আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাত সহায় কৰে আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন চলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ভূতত্ত্ববিদসকলৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি। মাডলগিং ইউনিটটোৰ পৰা প্ৰেৰণ কৰা তথ্য দেখিয়েই ভূতত্ত্ববিদসকলে বহুতো সিদ্ধান্তত উপনীত হ'ব পাৰে, খননত হ'ব পৰা সম্ভাব্য বিপদ সম্পর্কে ভৱিষ্যতবাণী কৰিব পাৰে আৰু খননৰ পৰা তেল পোৱা যাব নে নাযাব তাকো পোনপ্ৰথমেই জানিব পাৰে।  

​৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
উত্তৰ: বুশ্বেৰ এখন সৰু চহৰ হ'লেও ইয়াৰ নগৰ পৰিকল্পনা অতি সুন্দৰ। চহৰখনত চাৰিটা লেনৰ ৰাস্তা আৰু মাজত ডিভাইডাৰ আছে আৰু ৰাস্তাবোৰ যথেষ্ট চাফা। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া আৰু প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা, যাৰ প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট থাকে। চহৰখনত খুব বেছি ভিৰ নাই আৰু ইয়াত পাৰমাণৱিক গৱেষণাও চলি আছে। বুশ্বেৰ চহৰত ফলমূলৰ পৰা আৰম্ভ কৰি নানা তৰহৰ চকলেটৰ দোকান আছে আৰু পদপথত দানপাত্ৰ ৰখা দেখা যায়। বুশ্বেৰৰ খেজুৰ বিখ্যাত আৰু ইয়াত গাড়ীৰ চালকজনে আমাৰ দেশৰ বিপৰীতে বাওঁফালে বহি গাড়ী চলায়।  

​৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্রায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকসকলে ইয়াত বসবাস কৰিবলৈ লৈছিল। খ্রীষ্টপূর্ব ছয় শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে ইৰাণবাসীক একগোট কৰিছিল আৰু পাছত আলেকজেণ্ডাৰৰ আগমনে তেওঁলোকৰ সাম্ৰাজ্যৰ পতন ঘটাইছিল। গ্ৰীক শাসনৰ পাছত পার্থিয়ান আৰু ছাজানিদসকলে ইৰাণ শাসন কৰে আৰু তাৰ পাছতে আৰৱসকলৰ আগমনে ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটায়। পৰৱৰ্তী কালত ছাফাভিদ বংশ, নাদিৰ শ্বাহ, আৰু কাজাৰ বংশই ইৰাণ শাসন কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বাহ পাহ্লাভিয়ে শাসনভাৰ হাতত লৈ আধুনিকীকৰণ আৰম্ভ কৰে আৰু অৱশেষত ১৯৭৯ চনত ইমাম আয়াতুল্লা খোমেনিৰ নেতৃত্বত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।  

​৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।
উত্তৰ: ইৰাণৰ ভূতত্ত্ব তেল আৰু প্ৰাকৃতিক গেছৰ বাবে অতি বিখ্যাত। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল ইৰাণৰ বিশাল জাগ্ৰছ পর্বতমালা। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে। ভাৰতৰ তৈলক্ষেত্ৰসমূহ সাধাৰণতে নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত হোৱাৰ বিপৰীতে, পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে। ইয়াৰ ভূস্তৰৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়।  

​৬। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য পুথিৰ সহায়ত লিখা। 
উত্তৰ: এটা ভৌগোলিক যুগত আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত হোৱা সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰছ পর্বতমালা জাগ্ৰত হৈ উঠিছিল। জাগ্ৰছ আৰু হিমালয় পৰ্বতৰ জন্ম কাহিনী একেই। জাগ্ৰছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিয়পি আছে আৰু ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ। ভূতত্ত্বৰ আশীৰ্বাদপুষ্ট এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে যাৰ ওপৰত বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল।  

​৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰ: ইৰাণৰ কেইখনমান ঠাইৰ নাম হ'ল— বুশ্বেৰ, টেহৰাণ, চিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰু আৰডাবিল।  

​৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
উত্তৰ: 
(i) মেহৰাবাদ বিমান বন্দৰ
(ii) খোমেনি বিমান বন্দৰ
OR
উত্তৰ: টেহৰাণত দুটা বিমান বন্দৰ আছে— মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট। ইয়াৰে মেহৰাবাদ বিমান বন্দৰটো চহৰৰ ভিতৰত অৱস্থিত আৰু খোমেনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত অৱস্থিত।  

​৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উত্তৰ: টেহৰাণ এখন অতি সুন্দৰ আৰু পৰিকল্পিত চহৰ যাৰ প্ৰাকৃতিক অৱস্থা বৰ মনোৰম। চহৰখন ওখ ওখ এলব্ৰুজ পর্বতেৰে পৰিবেষ্টিত হোৱা বাবে বহুতে ইয়াক পেৰিছৰ লগত তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক আৰু শীতকালত ইয়াত বৰফ পৰে। এলব্ৰুজ পর্বত ৰাশিয়েই টেহৰাণক এই সুন্দৰ জলবায়ু প্রদান কৰিছে আৰু মহানগৰীখনলৈ খোৱাপানী এই পৰ্বতৰ ওপৰৰ হিমপ্রবাহৰ পৰাই আহে।  

​১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক'ত ক'ত আছে?
উত্তৰ: স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে অৰ্থাৎ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাঁজৰে আছে।  

​১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।
উত্তৰ: বসন্তৰ প্ৰথম দিনত (যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে) ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ 'ন' ৰোজ' (নতুন দিন) উদযাপন কৰে। দুসপ্তাহ জুৰি চলা এই উৎসৱত তেওঁলোকে আমাৰ বিহুৰ দৰেই নতুন কাপোৰ লয় আৰু পিঠা-পনা খায়। এই সময়ত পৰিৱেশ আৰু নিজকে চাফচিকুণকৈ ৰখা, শত্রুভাব দূৰ কৰি বন্ধুত্ব গঢ়া আৰু মেজি জ্বলোৱা হয়। পাৰ্ছি গৃহত টেবুলৰ ওপৰত সাতবিধ প্ৰতীকী খাদ্য বস্তু (ছবজে, চামানু, ছিব, ছেনজেড, ছিৰ, ছমাক, আৰু ছেৰকেহ) সজোৱা হয়। ইয়াৰ লগতে পবিত্ৰ কোৰাণ, হাফেজৰ কবিতাপুথি, মুদ্রা, ৰং কৰা কণী, গোলাপজল আদিও ৰখা হয়। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই তাৰ ওপৰেদি পাৰ হৈ তেওঁলোকে গীত গায় আৰু নতুন বছৰক আদৰি লয়।  

​১২। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
উত্তৰ: বেহেষ্ট-ই-জাহৰা হৈছে কেইবা কিল'মিটাৰ দীঘল টেহৰাণৰ মুখ্য সমাধিস্থল। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ বাবে আলিবাটত ঘূৰাতকৈ এই সমাধিস্থল ভ্ৰমণ কৰাটো বেছি ফলপ্ৰসূ বুলি কোৱা হয়। ই বিশ্বৰ একমাত্ৰ সমাধিস্থল হ'ব পাৰে য'ত খোৱা-বোৱাৰ দোকানৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে সকলো সা-সুবিধা উপলব্ধ আৰু ইয়াৰ লগত টেহৰাণবাসীৰ এক গভীৰ সামাজিক সম্পৰ্ক গঢ় লৈ উঠিছে।  

​১৩। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ: শ্বিৰীণ ইবাডি ইৰাণৰ এগৰাকী ন'বেল বঁটা বিজয়ী মানৱ অধিকাৰ কৰ্মী আৰু প্ৰাক্তন বিচাৰপতি। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। এনে এক কঠোৰ পন্থী পৰিৱেশৰ মাজতো তেওঁ মানৱ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল। য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল বা পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল, তেনে লোকসকলৰ ন্যায়ৰ বাবে তেওঁ যুঁজিছিল। মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হোৱাৰ পাছত তেওঁক ন'বেল বঁটাৰে সন্মানিত কৰা হয় আৰু ইৰাণবাসীয়ে তেওঁক বিপুল আদৰণি জনায়।  

​ভাষা-বিষয়ক :

​১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা: 
কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
উত্তৰ: কেঁচী, দোৱাত, চিয়াঁহী, আৰু চিঁচা— এইবোৰ ফাৰ্চী (পাৰ্ছী) ভাষাৰ শব্দ। ইংৰাজী 'কেন্দি' (Candy) শব্দটোও পাৰ্ছি শব্দ 'কেন্দ'ৰ পৰা আহিছে।  

​২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা: 
খেলে মামনুন, মিৰচি ছালাম।
উত্তৰ:
​খে'লে মামনুন: বহুত ধন্যবাদ (ফাৰ্চী ভাষাত ধন্যবাদ জ্ঞাপন কৰা শব্দ)।  
​মেৰচি (মিৰচি): ধন্যবাদ।  
​ছালাম (ছালামক): সম্ভাষণ বা নমস্কাৰ জনোৱা শব্দ।  

​৩। তলত দিয়া শব্দকেইটাৰ প্রতীকী অর্থ কি? 
চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
উত্তৰ:
​ছবজে (ঘেঁহু বা দাইল): পুনর্জন্মৰ প্ৰতীক।  
​ছামানু (ঘেঁহুৰ কঠীয়াৰ পায়স): নতুন জীৱনৰ প্ৰতীক।  
​ছিব (আপেল): স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্রতীক।  
​ছেনজেড / জেনেজেভ (বনৰীয়া শুকান জলফাই): প্ৰেমৰ প্ৰতীক।  
​ছিৰ (নহৰু): ঔষধ।  
​ছমাক (এবিধ বগৰী): সূর্যোদয়ৰ বৰণ বুজায়।  
​ছেৰকেহ (ভিনেগাৰ): বয়স আৰু ধৈৰ্যৰ প্ৰতীক।  

​৪। তলত দিয়া শব্দকেইটাত 'ষ' আৰু 'ণ' কিয় প্রয়োগ হৈছে লিখা: 
সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
উত্তৰ:
​সম্ভাষণ: মূৰ্দ্ধন্য 'ষ'-ৰ পিছত থকা বাবে দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে।
​অন্বেষণ: মূৰ্দ্ধন্য 'ষ'-ৰ পিছত থকা বাবে দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে।
​গৱেষণা: মূৰ্দ্ধন্য 'ষ'-ৰ পিছত থকা বাবে দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে।
​অৱতৰণ: 'ৰ'-ৰ পিছত থকা বাবে দন্ত্য 'ন' মূৰ্দ্ধন্য 'ণ' হৈছে।

​৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখাঃ 
ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।
উত্তৰ:
​ইৰাণী: ইৰাণ + ঈ (ঈ প্ৰত্যয়)
​আৱাসিক: আৱাস + ইক (ইক প্ৰত্যয়)
​বাণিজ্যিক: বাণিজ্য + ইক (ইক প্ৰত্যয়)
​শেহতীয়া: শেহ + তীয়া (তীয়া প্ৰত্যয়)
​সোণালী: সোণ + আলী (আলী প্ৰত্যয়)
​খৰচী: খৰচ + ঈ (ঈ প্ৰত্যয়)



Post a Comment

0 Comments