(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : X
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 15
বিষাদ যোগ
প্ৰশ্নাৱলী
ভাব-বিষয়ক:
১। চমু উত্তৰ দিয়া:
(ক) মহাৰথী কাক বোলে?
উত্তৰ: যিজন বীৰে একেলগে দহ হাজাৰ বীৰৰ লগত যুদ্ধ কৰিব পাৰে।
OR
উত্তৰ: যিজন বীৰে একেলগে দহ হাজাৰ ধনুৰ্দ্ধৰ বীৰৰ (ধানুকীৰ) লগত যুদ্ধ কৰিব পাৰে, তেওঁক মহাৰথী বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ: গুৰু দ্ৰোণাচাৰ্য্য়, ভীষ্ম কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ।
OR
উত্তৰ: কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হ'ল— গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, অগ্ৰগণী কৃপ, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।
(ঘ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ: শঙ্খ, ভেৰী, আনক, গোমুখ আদি।
OR
উত্তৰ: সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্য বজোৱা হৈছিল আৰু তাৰ মহাশব্দ হৈছিল।
(ঙ) আততায়ী কাক বোলে?
উত্তৰ: যিজনে বিষ দিবলৈ বিচাৰে, জুই লগাই দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক (পত্নীক) অপকাৰ কৰে আৰু অস্ত্ৰ ধৰি যুদ্ধ কৰে— এই ছয় প্ৰকাৰৰ দোষ কৰা ব্যক্তিক 'আততায়ী' বোলে।
(চ) কুলক্ষয় দোষ কি?
উত্তৰ: ৰাজ্যসুখৰ লোভত যুদ্ধ কৰি নিজৰ আত্মীয়-স্বজনক বধ কৰিলে কুলক্ষয় হয়।
OR
উত্তৰ: ৰাজ্যসুখৰ লোভত যুদ্ধ কৰি নিজৰ আত্মীয়-স্বজনক বধ কৰিলে কুলক্ষয় হয়। কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয় আৰু অৱশিষ্ট কুলকো অধৰ্মই আৱৰি ধৰে। অধৰ্ম বাঢ়িলে কুলস্ত্ৰীসকল দুষ্টা হয় আৰু বৰ্ণসঙ্কৰৰ সৃষ্টি হয়। ইয়াৰ ফলত কুলৰ নৰকগতি হয় আৰু পিতৃপুৰুষসকল লুপ্তপিণ্ড আৰু জলাঞ্জলিহীন হৈ পৰে। ইয়াকে কুলক্ষয় দোষ বোলা হয়।
২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ: পাঠটিত উল্লেখ থকা অনুসৰি, পাণ্ডৱসকলৰ যুদ্ধোৎসৱ আছিল অতি ভয়ংকৰ। বগা ৰঙৰ (শুক্লবৰ্ণ) চাৰিটা ঘোঁৰাৰে টনা মহাৰথত উঠি শ্ৰীকৃষ্ণ আৰু অৰ্জুনে দিব্য শঙ্খ বজাইছিল। শ্ৰীকৃষ্ণই 'পাঞ্চজন্য', অৰ্জুনে 'দেৱদত্ত', ভীমে 'পৌণ্ড্ৰক', যুধিষ্ঠিৰে 'অনন্ত', নকুলে 'সুঘোষ' আৰু সহদেৱে 'মণিপুষ্পক' নামৰ শঙ্খ ধ্বনি কৰিছিল। ইয়াৰ উপৰি কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঁচ পুত্ৰ আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৱেও পৃথকে পৃথকে শঙ্খ বজাইছিল। এই শঙ্খবোৰৰ মহাশব্দই আকাশ-পৃথিৱী আৰু দশোদিশ পূৰ্ণ কৰি কৌৰৱ সৈন্যৰ হৃদয় বিদাৰিত কৰিছিল আৰু মহাভয়ৰ জন্ম দিছিল।
৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ: অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল কাৰণ তেওঁ যুদ্ধ কৰিবলৈ অহা বীৰসকলক এবাৰ চাব বিচাৰিছিল। বিশেষকৈ দুৰ্বুদ্ধি দুৰ্যোধনক প্ৰীতি কৰিবলৈ বা সন্তুষ্ট কৰিবলৈ কোন কোন বীৰ যুদ্ধক্ষেত্ৰলৈ আহিছে আৰু তেওঁ কাৰ কাৰ লগত যুদ্ধ কৰিব লাগিব, সেই কথা প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে অৰ্জুনে ৰথখন দুই সেনাৰ মাজত ৰাখিবলৈ কৈছিল।
৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ দুয়োখন সেনাতে নিজৰ পিতৃব্য (খুড়া), পিতামহ (ককাদেউতা), আচাৰ্য (গুৰু), মাতুল (মোমায়েক), ভ্ৰাতৃ, পুত্ৰ, পৌত্ৰ, সখি, শহুৰ আৰু সুহৃদসকলক দেখা পালে।
এই আপোন মানুহখিনিক যুদ্ধৰ বাবে উপস্থিত থকা দেখি অৰ্জুনৰ মন পৰম কৃপা আৰু মহাদুঃখৰে ভৰি পৰিল। তেওঁ শ্ৰীকৃষ্ণক ক'লে যে জ্ঞাতিসকলক যুদ্ধৰ বাবে উপস্থিত থকা দেখি তেওঁৰ হাত-ভৰি অৱশ হৈ গৈছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিছে আৰু হাতৰ পৰা গাণ্ডীৱ ধনু খহি পৰিছে। তেওঁৰ থিয় হৈ থাকিবলৈকো শক্তি নাইকিয়া হৈছে আৰু মন ভ্ৰমিত হৈ পৰিছে। তেওঁ আৰু ক'লে যে স্বজন বধ কৰি পোৱা বিজয়, ৰাজ্য বা সুখ তেওঁক নালাগে। ত্ৰৈলোক্যৰ ৰাজ্যৰ বাবেও তেওঁ এই গুৰুজন আৰু আত্মীয়সকলক বধ কৰিবলৈ প্ৰস্তুত নহয়, কিয়নো ইয়াৰ ফলত তেওঁলোকে মহাপাপৰ ভাগী হ'ব লাগিব।
৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
উত্তৰ: ৰাজ্যসুখৰ লোভত পৰি যুদ্ধ কৰি নিজৰ আত্মীয়-স্বজনক বধ কৰিলে কুলক্ষয় হয়। কুলক্ষয় হ'লে পৰম্পৰাগত কুলধৰ্ম নষ্ট হয় আৰু পৰিয়ালৰ বাকী থকাসকলকো অধৰ্মই আৱৰি ধৰে। অধৰ্ম বাঢ়িলে কুলৰ স্ত্ৰীসকল দুষ্টা হয় আৰু সমাজত বৰ্ণসঙ্কৰৰ সৃষ্টি হয়। বৰ্ণসঙ্কৰ বৃদ্ধি পালে সমগ্ৰ কুলৰ নৰকগতি হয়। ধৰ্মীয় ৰীতি-নীতি লোপ পোৱাৰ ফলত মৃত পিতৃপুৰুষসকলে পিণ্ড আৰু জলাঞ্জলিৰ পৰা বঞ্চিত হয়। এইদৰে কুলক্ষয়ৰ ফলত জাতিধৰ্ম, কুলধৰ্ম আৰু বৰ্ণাশ্ৰম ধৰ্ম সম্পূৰ্ণৰূপে নষ্ট হৈ মানুহে নৰকত বাস কৰিবলগীয়া হয়। স্বজন বধৰ জৰিয়তে সমাজ আৰু ধৰ্মৰ ইমান ব্যাপক অৱনতি ঘটাৰ বাবেই কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।
৬। "জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.......।"
এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা。
উত্তৰ: এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰক (ৰাজাক) কৈছে।
অৰ্জুনে শোক আৰু বিষাদত ভাগি পৰি কৈছিল যে ৰাজ্যসুখৰ লোভত পৰি স্বজনক বধ কৰিবলৈ ওলাই তেওঁলোকে মহাপাপ কৰিবলৈ উদ্যত হৈছে। সেয়েহে তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ হাতত অস্ত্ৰ নধৰে আৰু যুদ্ধ নকৰি মৌন হৈ ৰ'ব। বৰঞ্চ নিৰস্ত্ৰ অৱস্থাত থকা অৰ্জুনক যদি দুৰ্যোধনাদিয়ে অস্ত্ৰ ধৰি বধো কৰে, সেয়া তেওঁৰ বাবে অধিক প্ৰিয় হ'ব, কাৰণ তেতিয়া তেওঁৰ হাতত স্বজন বধৰ মহাপাপ নিসিজিব। এই বাক্য কৈ অৰ্জুনে ধনু-শৰ এৰি দি শোকত কঁপি কঁপি ৰথৰ ওপৰত বহি পৰিল।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা:
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্রুতি, বিমঙ্গল, বান্ধৱ।
উত্তৰ:
নিপুণ = পাৰ্গত / দক্ষ
সমীপ = ওচৰ / কাষ
বিস্তৰ = বহুত / সৰহ
সহস্ৰ = হাজাৰ
সদৃশ = সমান / নিচিনা
বাদ্য = বজোৱা যতন / ৰণবাদ্য
কৰ-চৰণ = হাত-ভৰি
চৰ্ম = ছাল
শ্ৰুতি = বেদ
বিমঙ্গল = অমংগল / অশুভ
বান্ধৱ = বন্ধু / মিত্ৰ
২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা:
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুস্কিলা, বাইলা, ৰহিবে, ৰহো।
উত্তৰ:
হুয়া = হৈ
কহা = কোৱা
চক্ষু = চকু
কৰিলা = কৰিলে
চাঞো = চাওঁ
মঞি = মই
বুলিলা = ক'লে / বুলিলে
খাস = খহি / খাৱ
ফুস্কিলা = ফুঁকিলে / বজালে
বাইলা = বজালে
ৰহিবে = ৰ'বলৈ / থাকিবলৈ
ৰহো = ৰওঁ / থাকোঁ
৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: ভট্টদেৱৰ গদ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল:
১। ভট্টদেৱৰ গদ্য অসমীয়া সাহিত্যৰ প্ৰথম গদ্য তথা সমগ্ৰ উত্তৰ ভাৰতীয় ভাষাৰ ভিতৰতে প্ৰথম গদ্য সাহিত্য।
২। তেওঁৰ গদ্যত ধৰ্মীয় আৰু তত্ত্বগধুৰ কথা প্ৰকাশ কৰাৰ এক সুন্দৰ আৰ্হি দেখিবলৈ পোৱা যায়।
৩। তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়।
৪। ভট্টদেৱৰ গদ্য সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আছিল, যাৰ ফলত তেওঁৰ ভাষাত ছন্দৰীতিৰ কিছু লক্ষণ বিদ্যমান।
0 Comments