(ASSEB-I)
Assam State School Education Board
Formerly— Board of Secondary Education, Assam
CLASS : X
SUBJECT : ASSAMESE (MIL)
Medium : Assamese
CHAPTER— 8
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
প্ৰশ্নাৱলী
ভাব-বিষয়ক:
১। অতি চমু উত্তৰ লিখাঃ
(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ: মংগোলীয় গোষ্ঠী।
OR
উত্তৰ: ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় গোষ্ঠী।
(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উত্তৰ: যাদু-মন্ত্ৰ।
OR
উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল।
(গ) কিহে অসমীয়া জাতিক অধিক কটীয়া কৰিলে?
উত্তৰ: ভাষাৰ সংমিশ্ৰণে।
OR
উত্তৰ: ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটীয়া কৰিলে।
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ: অসমীয়া ভাষা।
OR
উত্তৰ: সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ: আহোমসকল।
OR
উত্তৰ: ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা লোকসকল।
OR
উত্তৰ: ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ বহিৰাগত হিচাপে অহা লোকসকলেই (যেনে- আহোমসকল) হ'ল অসমৰ মংগোলীয় গোষ্ঠীৰ লোক।
২। চমু উত্তৰ লিখাঃ
(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ: অসমীয়া জন-সংস্কৃতিৰ ধাৰক বুলিলে প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰা অনাৰ্য জাতি-গোষ্ঠীসমূহক বুজায়। ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি হ'ল অসমীয়া জনগোষ্ঠীৰ ধাৰক।
(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উত্তৰ: ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত অসমীয়াৰ ঠাইত বঙলা ভাষা চলিছিল।
(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল?
উত্তৰ: চাহ-উদ্যোগৰ কৰ্মীসকল হ'ল- চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি চাহ বনুৱাসকল। এওঁলোক ভাৰতৰ বিভিন্ন অঞ্চল যেনে— বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: পাঠটিত উল্লেখ থকা খাদ্য-বস্তুৰ তালিকাখন হ'ল— পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে'ক-বিস্কুট, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড'চা, চাম্বাৰ আৰু ইড্লি।
৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।
৪। 'অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।'- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বৰ্ণনা কৰা।
উত্তৰ: অসমৰ জনগোষ্ঠীৰ গাঁথনি সঁচাকৈয়ে অতি বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰা ইয়াত কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীয়ে বসবাস কৰি আহিছে। পৰৱৰ্তী সময়ত মংগোলীয় গোষ্ঠীৰ লোক, মুছলমান, আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা অহা বিভিন্ন বৃত্তিয়াল লোক (যেনে— চাহ বনুৱা, নেপালী, মাৰোৱাৰী, বিহাৰী আদি) আহি অসমত নিগাজীকৈ থাকিবলৈ ল'লে।
এই সকলোবোৰ জাতি-জনগোষ্ঠীয়ে একেখন ভৌগোলিক পৰিৱেশত একেলগে থাকিবলৈ লৈ নিজৰ ধৰ্মীয় স্বকীয়তা বজাই ৰখাৰ সমান্তৰালভাৱে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিলে। আচাৰ-ব্যৱহাৰ, সাজ-পাৰ, ৰন্ধন-প্ৰকৰণ আদিৰ ক্ষেত্ৰতো এটা জাতিয়ে আন এটা জাতিৰ উপাদান গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিলে। এই বিচিত্ৰতা আৰু সকলোৰে মাজত ঘটা দিয়া-লোৱা আৰু এৰা-ধৰাৰ স্বাভাৱিক প্ৰক্ৰিয়াটোৰ মাজতেই প্ৰকৃতাৰ্থত অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।
৫। 'বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।'- ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰ: ইয়াত ব্ৰিটিছৰ দিনত প্ৰতিষ্ঠা হোৱা 'চাহ উদ্যোগ'ৰ ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰা হৈছে।
ভাৰতৰ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহা চাহ বনুৱাসকল অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰাৰ কথা ইয়াত কোৱা হৈছে। চাহ বাগিচাৰ এক নিৰ্দিষ্ট আৰু আৱদ্ধ ঔদ্যোগিক পৰিৱেশৰ মাজত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছিল। তদুপৰি, তেওঁলোকক শিক্ষা প্ৰদানৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত তেওঁলোক অতি অনগ্ৰসৰ হৈ ৰৈছিল। সেয়েহে অসমৰ থলুৱা সমাজ আৰু সংস্কৃতিৰ লগত খাপ খাবলৈ তেওঁলোকৰ যথেষ্ট পলম হৈছিল আৰু থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল।
৬। 'এটা সংমিশ্রিত - সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তর্কৰ অবকাশ নাই।'- ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? 'নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই' বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।
উত্তৰ: ইয়াত লেখকে 'বিৰাট অসমীয়া জাতি'ক এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।
অসমীয়া জাতি কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠী বা ধৰ্মৰ লোকক লৈ গঠিত হোৱা নাই। প্ৰাচীন কালৰ অনাৰ্য জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত অহা মংগোলীয় গোষ্ঠী, মুছলমান, চাহ বনুৱা, আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয় আদি সকলোৰে সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ় লৈ উঠিছে। তেওঁলোকে নিজৰ স্বকীয় ধৰ্ম পালন কৰিলেও, সকলোৱে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰি একতাৰ এনাজৰীৰে বান্ধ খাইছে। পৰস্পৰৰ মাজত আচাৰ-ব্যৱহাৰ, খাদ্য-প্ৰণালী, সাজ-পাৰ আদিৰ আদান-প্ৰদান ঘটিছে। গতিকে অসমীয়া জাতি আৰু সংস্কৃতি যে বিভিন্ন উপাদানৰ এক অপূৰ্ব সংমিশ্ৰণ, সেই কথাটো সম্পূৰ্ণ সত্য আৰু ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।
৭। 'লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।'- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ: বাহিৰৰ পৰা অহা সকলো জাতি-জনগোষ্ঠী একগোট হৈ যেতিয়া বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল, তাৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল।
অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ মূল ঠাইৰ লগত সম্পৰ্ক ছেদ কৰি অসমক নিজৰ দেশ আৰু অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। একে ভৌগোলিক পৰিৱেশত ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলত এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাল লগা ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰসমূহ গ্ৰহণ কৰিছিল। ইয়াৰ ফলত খোৱা বস্তু, ৰন্ধন-প্ৰকৰণ, পোছাক-পৰিচ্ছদ, আৰু দৈনন্দিন ব্যৱহাৰৰ আৱবাব-পত্ৰতো পৰিৱৰ্তন আৰু সাল-সলনি দেখা দিছিল। এইদৰে কোনো জোৰ-জুলুম নোহোৱাকৈ স্বাভাৱিকভাৱে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল।
৮। তাৎপর্য ব্যাখ্যা কৰা:
(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
উত্তৰ: অসমত প্ৰাচীন কালৰে পৰা বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী আৰু ভাষাগোষ্ঠীৰ লোক (যেনে— মিচিং, কছাৰী, তিৱা, কাৰ্বি আদি) তথা বাহিৰৰ পৰা অহা লোকসকলে নিজৰ মাতৃভাষা জীয়াই ৰখাৰ উপৰিও সকলোৱে অসমীয়া ভাষা কয় আৰু বুজে। মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদিকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত ভাৱৰ আদান-প্ৰদানৰ একমাত্ৰ সামূহিক ভাষা আছিল অসমীয়া ভাষা। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মানুহক একতাৰ ডোলেৰে একত্ৰিত কৰি এটা বৃহৎ জাতি হিচাপে গঢ়ি তোলাত অসমীয়া ভাষাই আটাইতকৈ গুৰুত্বপূৰ্ণ এনাজৰীৰ কাম কৰিছিল।
(খ) এই গোটেইবোৰ হ'ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।
উত্তৰ: অসমত বিভিন্ন জাতি, জনগোষ্ঠী আৰু ধৰ্মৰ মানুহে সমিলমিলেৰে বাস কৰে। সময়ৰ লগে লগে হিন্দু-মুছলমান আদি সমাজৰ মাজত খোৱা-বোৱা, পৰস্পৰৰ বিয়া-বাৰুত অংশগ্ৰহণ কৰা, মৰা-জীয়াৰ খবৰ কৰা আৰু মৃতদেহ সৎকাৰত ভাগ লোৱা আদি যি পৰম্পৰা গঢ় লৈ উঠিল, সেয়া কোনেও কাৰো ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া নাছিল। মানুহে নিজৰ অন্তৰৰ তাগিদাত আৰু মিলাপ্ৰীতিৰে একেলগে থাকিবলৈ লৈ স্বাভাৱিকভাৱে এইবোৰ গ্ৰহণ কৰিছিল। সংস্কৃতিৰ এই অপূৰ্ব সমন্বয় প্ৰক্ৰিয়াটো মানুহৰ স্বতঃস্ফূৰ্ত ইচ্ছাৰ ফল আছিল।
(গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।
উত্তৰ: অসমলৈ অহা বিভিন্ন বাহিৰাগত গোষ্ঠী আৰু থলুৱা জনজাতীয় লোকসকলৰ মাজত সংস্কৃতিৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটিছিল। একেখন ভৌগোলিক পৰিৱেশত থকাৰ ফলত এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু ভাল লগা ৰীতি-নীতি, খাদ্য-প্ৰণালী, সাজ-পাৰ আদি নিৰ্বিবাদে গ্ৰহণ কৰিছিল। কোনো এটা জাতিয়ে আন এটা জাতিৰ ওপৰত নিজৰ সংস্কৃতি জোৰকৈ জাপি দিয়া নাছিল। বৰঞ্চ পৰস্পৰে পৰস্পৰৰ ভাল গুণবোৰ গ্ৰহণ কৰি (দিয়া-লোৱা) আৰু নিজৰ কিছুমান আচাৰ এৰি দি (এৰা-ধৰা) এক বুজাবুজিৰে বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ়ি তুলিছিল।
ভাষা বিষয়ক:
১। সন্ধি ভাঙা:
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
উত্তৰ:
সংস্কৃতি = সম্ + কৃতি
জলাঞ্জলি = জল + অঞ্জলি
স্বাধীন = স্ব + অধীন
২। 'প্র' উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰ:
প্ৰ + সিদ্ধ = প্ৰসিদ্ধ
প্ৰ + গতি = প্ৰগতি
প্ৰ + বচন = প্ৰবচন
৩। বাক্য ৰচনা কৰাঃ
ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।
উত্তৰ:
ভাষা-সংস্কৃতি: অসমৰ ভাষা-সংস্কৃতি অতি চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ।
পূজা-পার্বণ: হিন্দু ধৰ্মত বাৰ মাহে তেৰটা পূজা-পাৰ্বণ অনুষ্ঠিত হয়।
বেপাৰ-বাণিজ্য: প্ৰাচীন কালৰে পৰা দেশ-বিদেশৰ লগত অসমৰ বেপাৰ-বাণিজ্য চলি আহিছে।
সহজ-সৰল: অসমৰ থলুৱা জনজাতীয় লোকসকলৰ জীৱন-ধাৰণ প্ৰণালী অতি সহজ-সৰল।
দিয়া-লোৱা: সমাজত পাৰস্পৰিক ভাৱৰ দিয়া-লোৱা থাকিলেহে একতা বৃদ্ধি পায়।
এৰা-ধৰা: এৰা-ধৰা আৰু বুজাবুজিৰ মাজেৰেহে সমাজত শান্তি-শৃংখলা অটুট থাকে।
0 Comments