Ads banner

JE Banner Ads
Image 2

প্রাচীন অসম - অধ্যায় ৬ সমাজ বিজ্ঞান অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - সমাজ বিজ্ঞান
অধ্যায় : ৬

প্রাচীন অসম


আদর্শ প্রশ্নমালা :

১। চমু উত্তৰ লিখা :

(ক) অসমৰ পুৰণি নাম কি আছিল?
উত্তৰ : অসমৰ পুৰণি নাম আছিল কামৰূপ আৰু তাৰো আগতে আছিল প্ৰাগজ্যোতিষপুৰ।

(খ) কামদেৱে কাৰ তপস্যা ভংগ কৰিবলৈ আহিছিল?
উত্তৰ : কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ আহিছিল।

(গ) কামদেৱৰ ঘৈণীয়েক কোন আছিল?
উত্তৰ : কামদেৱৰ ঘৈনীয়েক আছিল ৰতিদেৱী।

(ঘ) বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বর্মন।

(ঙ) ভাস্কৰ বৰ্মন কোন আছিল?
উত্তৰ : ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা৷

(চ) কাৰ দিনত হিউৱেনচাং অসমলৈ আহিছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেনচাং অসমলৈ আহিছিল।

(ছ) কামৰূপৰ এখন চুবুৰীয়া ৰাজ্যৰ নাম কি?
উত্তৰ : কুণ্ডিল ৰাজ্য।

(জ) ঊষা কোন আছিল?
উত্তৰ : ঊষা আছিল শোণিতপুৰৰ ৰজা বাণৰ জীয়েক।

২। উত্তৰ লিখা :

(ক) পুৰণি কামৰূপ ৰাজ্যৰ ভাগবোৰ কি কি আছিল?
উত্তৰ :
(ক) ৰত্নপীঠ
(খ) কামপীঠ
(গ) স্বর্ণপীঠ আৰু
(ঘ) সৌমাৰপীঠ।

(খ) হর্ষবর্ধন কোন আছিল?
উত্তৰ : হর্ষবর্ধন আছিল কনৌজৰ ৰজা৷ তেওঁ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল।

(গ) কামৰূপ নামৰ উৎপত্তি সম্বন্ধে লিখা।

উত্তৰ : কামৰূপ নামৰ উৎপত্তি সম্পর্কে এক আখ্যান আছে। আখ্যান মতে অতি প্রাচীন কালত মহাদেৱ শিৱে এবাৰ ঘোৰ তপস্যাত বহিছিল। মহাদেৱৰ এই তপস্যাত স্বৰ্গৰ ৰজা ইন্দ্ৰৰ লগতে অন্যান্য দেৱতাসকলেও বৰ চিন্তাত পৰিছিল। সেয়ে সিহঁতে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ কামদেৱক পঠিয়াই দিয়ে। কামদেৱে আহি মহাদেৱৰ তপস্যাত ব্যাঘাত জন্মায়। ফলত মহাদেৱৰ অতি খং উঠে আৰু খঙত অগ্নিশর্মা হৈ কামদেৱক ভষ্ম কৰি পেলায়। কামদেৱৰ মৃত্যুত 'তেওঁৰ পত্নী ৰতি দেৱী
বৰ দুখ পায় আৰু স্বামীৰ জীৱন ঘূৰাই দিবলৈ তাই মহাদেৱক স্তুতি কৰিবলৈ লয়। অৱশেষত ৰতিদেৱীৰ স্তুতিত মহাদেৱ সন্তুষ্ট হৈ কামদেৱক পুনৰ জীৱন দান কৰে। এই দেশত কামদেৱে পুনৰ ৰূপ পোৱা কাৰণে দেশখনৰ নাম ‘কামৰূপ’ হ'ল বুলি কোৱা হয়।

(ঘ) হিউৱেনচাঙৰ টোকাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ বিষয়ে কি কি জানিব পাৰি।
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্রাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তেওঁ কামৰূপ ৰাজ্য ঘূৰি-ফুৰি ইয়াৰ বিষয়ে ‘চি-ইউ-কি’ নামৰ গ্ৰন্থত এক সুন্দৰ টোকা লিখি থৈ গৈছে। তেওঁৰ টোকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি প্রায় ১৭০০ মাইল আছিল বুলি জনা যায়। কামৰূপৰ জলবায়ু – স্বাস্থ্যকৰ আছিল। ইয়াৰ মাটি অতি সাৰুৱা আছিল৷ মানুহবোৰ চহকী আৰু সহজ সৰল আছিল। জনসাধাৰণে দেৱ-দেৱীক পূজা কৰিছিল। মানুহসকল অতিথিপৰায়ণ আছিল। মানুহে খেতি-বাতি কৰি জীৱিকা নির্বাহ কৰিছিল। কৃষকসকলে নাৰিকল আৰু কঁঠালৰ খেতিও কৰিছিল। লোকসকল অধ্যয়নৰ প্ৰতি আগ্রহী আছিল।

(ঙ) হৰিহৰ যুদ্ধ কিয় সংঘটিত হৈছিল?
উত্তৰ : হৰিহৰৰ যুদ্ধ সম্পর্কে এক সুন্দৰ আখ্যান আছে। আখ্যান মতে প্রাচীন শোণিতপুৰৰ ৰজা বাণৰ এগৰাকী সুন্দৰী জীয়েক আছিল। তাইৰ নাম আছিল ঊষা দেৱী। তাইক ৰজাই অগ্নিগড় নামেৰে এখন গড়ৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল যাতে কোনো পুৰুষে তাইক স্পৰ্শ কৰিব নোৱাৰে। এদিন তাই শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক সপোনত দেখা পাই তেওঁক স্বামী ৰূপে পাবলৈ ব্যাকুল হৈ পৰিল। এনেতে ঊষাৰ সখীয়েক চিত্রলেখাই হৰলুকী মায়াৰ বলত অনিৰুদ্ধ কোঁৱৰক দ্বাৰকাৰ পৰা আনি ঊষাৰ লগত মিলন ঘটাই দিলে৷ ৰজা বাণে এয়া জানিব পাৰি বৰ ক্ষুন্ন হয় আৰু অনিৰুদ্ধক বন্দী কৰি থয়। বাণ ৰজাৰ হাতত নাতিয়েক অনিৰুদ্ধ বন্দী হোৱাৰ বাতৰি পাই শ্ৰীকৃষ্ণই সসৈন্যে বাণ ৰজাৰ ৰাজ্য আক্রমণ কৰে। বাণ শিৱৰ ভক্ত আছিল। সেয়ে ভক্তৰ বিপদৰ সময়ত সহায় কৰিবলৈ শিৱই বাণ ৰাজৰ লগত শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে। যুদ্ধত বাণ ৰজাৰ পৰাজয় হয় আৰু শ্ৰীকৃষ্ণই অনিৰুদ্ধক উদ্ধাৰ কৰি ঊষাদেৱীক অনিৰুদ্ধৰ পত্নী হিচাপে দ্বাৰকালৈ গুচি যায় ৷ উল্লেখ্য যে শিৱৰ আন এটা নাম আছিল হৰ। এই যুদ্ধ শিৱ অৰ্থাৎ হৰ আৰু শ্ৰীকৃষ্ণ অৰ্থাৎ হৰিৰ মাজত হোৱা বাবে যুদ্ধখনক ‘হৰি-হৰৰ যুদ্ধ’ বুলি কোৱা হয়।

৩। চমু টোকা লিখা :

(ক) প্ৰাগজ্যোতিষপুৰ
(গ) হৰিহৰ যুদ্ধ
(ঙ) ৰুক্মিণী
(খ) কুণ্ডিল ৰাজ্য
(ঘ) হিউৱেনচাং

উত্তৰ :
(ক) প্রাগজ্যোতিষপুৰ :
অসমৰ প্রাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ ৷ ইয়াৰ ৰাজধানীৰ নামো আছিল প্ৰাগজ্যোতিষপুৰ। ই বৰ্তমান গুৱাহাটী মহানগৰীৰ এটা অংশ। ইয়াত প্রাচীন কালত অতি উচ্চ মানৰ জ্যোতিষ চৰ্চা হৈছিল বাবে দেশখনৰ নাম ‘প্ৰাগজ্যোতিষপুৰ’ হৈছিল বুলি কোৱা হয়।

(খ) কুণ্ডিল ৰাজ্য :

প্রাচীন কালত নৰকাসুৰ নামেৰে এজন ৰজাই প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰি থকা সময়ত ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে শদিয়া অঞ্চলত কুণ্ডিল নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। কুণ্ডিল ৰাজ্যত এসময়ত ভীষ্মক নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল৷ তেওঁৰ ৰুক্মিণী নামেৰে এগৰাকী বৰ সুন্দৰী জীয়েক আছিল। ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ ৰূপ-লাৱণ্যৰ কথা শুনি তেওঁক স্বামীৰূপে পাবলৈ বৰ ব্যাকুল হৈ পৰিছিল৷ অৱশেষত নানা বাধা-বিঘিনী নেওচি শ্রীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ সম্পন্ন হৈছিল।

(গ) হৰিহৰ যুদ্ধ :
হৰিহৰৰ যুদ্ধ সম্পর্কে এক সুন্দৰ আখ্যান আছে। আখ্যান মতে প্রাচীন শোণিতপুৰৰ ৰজা বাণৰ এগৰাকী সুন্দ্ৰী জীয়েক আছিল। তাইৰ নাম আছিল ঊষা দেৱী। তাইক ৰজাই অগ্নিগড় নামেৰে এখন গড়ৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল যাতে কোনো পুৰুষে তাইক স্পৰ্শ কৰিব নোৱাৰে। এদিন তাই শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক সপোনত দেখা পাইতেওঁক স্বামীৰূপে পাবলৈ ব্যাকুল হৈ পৰিল। এনেতে ঊষাৰ সখীয়েক চিত্ৰলেখাই হৰলুকী মায়াৰ বলত অনিৰুদ্ধ কোঁৱৰক দ্বাৰকাৰ পৰা আনি ঊষাৰ লগত মিলন ঘটাই দিলে। ৰজা বাণে এয়া জানিব পাৰি বৰ ক্ষুন্ন হয় আৰু অনিৰুদ্ধক বন্দী কৰি থয়। বাণ ৰজাৰ হাতত নাতিয়েক অনিৰুদ্ধ বন্দী হোৱাৰ বাতৰি পাই শ্ৰীকৃষ্ণই সসৈন্যে বাণ ৰজাৰ ৰাজ্য আক্রমণ কৰে৷ বাণ শিৱৰ ভক্ত আছিল৷ সেয়ে ভক্তৰ বিপদৰ সময়ত সহায় কৰিবলৈ শিৱই বাণ ৰজাৰ লগত শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে ৷ যুদ্ধত বাণ ৰজাৰ পৰাজয় হয় আৰু শ্ৰীকৃষ্ণই অনিৰুদ্ধক উদ্ধাৰ কৰি ঊষাদেৱীক অনিৰুদ্ধৰ পত্নী হিচাপে দ্বাৰকালৈ গুচি যায়। উল্লেখ্য যে শিৱৰ আন এটা নাম আছিল হৰ। এই যুদ্ধ শিৱ অৰ্থাৎ হৰ আৰু শ্ৰীকৃষ্ণ অৰ্থাৎ হৰিৰ মাজত হোৱা বাবে যুদ্ধখনক ‘হৰি-হৰৰ যুদ্ধ’ বুলি কোৱা হয়।

(ঘ) হিউৱেনচাং :

কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তেওঁ কামৰূপ ৰাজ্য ঘূৰি-ফুৰি ইয়াৰ বিষয়ে ‘চি-ইউ-কি’ নামৰ গ্ৰন্থত এক সুন্দৰ টোকা লিখি থৈ গৈছে। তেওঁৰ টোকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি প্রায় ১৭০০ মাইল আছিল। কামৰূপৰ জলবায়ু স্বাস্থ্যকৰ আছিল আৰু ইয়াৰ মাটি অতি সাৰুৱা আছিল। মানুহবোৰ চহকী আৰু সহজ সৰল আছিল। জনসাধাৰণে দেৱ-দেৱীক পূজা কৰিছিল। মানুহসকল অতিথিপৰায়ণ আছিল। মানুহে খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল ৷ লোকসকল অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। কৃষকসকলে নাৰিকল আৰু কঁঠালৰ খেতিও কৰিছিল।

(ঙ) ৰুক্মিণী :
ৰুক্মিণী প্রাচীন কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ
জীয়েক আছিল। ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ ৰূপ-লাৱণ্যৰ কথা শুনি তেওঁক স্বামীৰূপে পাবলৈ বৰ ব্যাকুল হৈ পৰিছিল। অৱশেষত নানা বাধা-বিঘিনী নেওচি শ্রীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ সম্পন্ন হৈছিল।


৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) অসমৰ প্রাচীন নাম আছিল কুণ্ডিল/ কামৰূপ
উত্তৰ : কামৰূপ।

(খ) প্রাগজ্যোতিষপুৰ/ কামৰূপত জ্যোতিষশাস্ত্ৰ চৰ্চা হৈছিল।
উত্তৰ : প্ৰাগজ্যোতিষপুৰত।

(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল পুষ্য বৰ্মন/ ভাস্কৰ বৰ্মন।

উত্তৰ : ভাস্কৰ বৰ্মন।

(ঘ) হর্ষবর্ধন/ বাণবজা ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল।

উত্তৰ : হর্ষবর্ধন।

(ঙ) চিত্রলেখা/ ঊষা বাণ ৰজাৰ কন্যা আছিল।

উত্তৰ : ঊষা

৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।
"ক অংশ"         "খ অংশ"
শোণিতপুৰ         চীনা পৰিব্রাজক
কুণ্ডিল         ভাস্কৰ বৰ্মনৰ সমসাময়িক
হর্ষবর্ধন         ঊষাৰ সখীয়েক
হিউৱেনচাং         বাণ ৰজা
চিত্রলেখা          ভীষ্মক

উত্তৰ :
"ক অংশ"         "খ অংশ"
শোণিতপুৰ         বাণ ৰজা
কুণ্ডিল         ভীষ্মক
হর্ষবর্ধন         ভাস্কৰ বৰ্মনৰ সমসাময়িক
হিউৱেনচাং         চীনা পৰিব্রাজক
চিত্রলেখা         ঊষাৰ সখীয়েক

Updated on 4th November 2023
By :- J.A.C | B.Sc | Web/App Developer



Post a Comment

0 Comments