(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১১
গেব্রিয়েল গাছিয়া মার্কেছ (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) গেব্রিয়েল গাছিয়া মার্কেছ কোন?উত্তৰ : গেব্রিয়েল গাছিয়া মার্কেছ আছিল কলম্বিয়াৰ এজন প্ৰখ্যাত বাস্তৱবাদী লিখক।
খ) তেওঁৰ ক'ত জন্ম হৈছিল?
উত্তৰ : গেব্রিয়েল গাছিয়া মাৰ্কেছৰ জন্ম হৈছিল কলম্বিয়াৰ আৰাকাটাকা নামে ঠাইত।
গ) তেওঁ ক'ত ডাঙৰ-দীঘল হৈছিল?
উত্তৰ : গেব্রিয়েল গাছিয়া মার্কেছে তেওঁৰ মাকৰ ফালৰ ককাক- আইতাকৰ ঘৰত থাকি ডাঙৰ-দীঘল হৈছিল।
ঘ) শিশু মার্কেছে কাৰ মুখত সাধু শুনি ভাল পাইছিল?
উত্তৰ : শিশু মার্কেছে ককাক-আইতাকৰ মুখত সাধু শুনি ভাল পাইছিল।
ঙ) ককাক-আইতাকৰ মুখত শুনা সাধুবোৰে মাৰ্কেছৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰ : ককাক-আইতাকৰ মুখত শুনা সাধুবোৰে মাৰ্কেছৰ কল্পনাশক্তিক প্ৰসাৰিত কৰিছিল।
চ) মাৰ্কেছৰ উচ্চ শিক্ষাৰ বিষয় কি কি আছিল?
উত্তৰ : মাৰ্কেছৰ উচ্চ শিক্ষাৰ বিষয় আছিল আইন আৰু সাংবাদিকতা।
ছ) মাৰ্কেছৰ সাহিত্যিক জীৱনত প্ৰভাৱ পেলোৱা জার্মান ঔপন্যাসিক আৰু গল্পকাৰগৰাকী কোন?
উত্তৰ : মাৰ্কেছৰ সাহিত্যিক জীৱনত প্ৰভাৱ পেলোৱা জার্মান ঔপন্যাসিক আৰু গল্পকাৰগৰাকী আছিল ফ্ৰানৎছ কাফকা।
জ) ছাত্র অবস্থাতো মার্কেছে কোনখন কাকতত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল?
উত্তৰ : ছাত্ৰ অৱস্থাতে মার্কেছে 'El Universal' নামৰ কাকত এখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল।
ঝ) মাৰ্কেছৰ সাহিত্যৰ আলোচনাত সততে কিহৰ নাম লোৱা হয়?
উত্তৰ : মাৰ্কেছৰ সাহিত্যৰ আলোচনাত সততে 'যাদুকৰী বাস্তৱবাদৰ নাম লোৱা হয়।
ঞ) মার্কেছে কিমান চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল?
উত্তৰ : মার্কেছে ১৯৮২ চনত সাহিত্যত নবেল বঁটা লাভ কৰে।
(২) চমুকৈ উত্তৰ দিয়া :
ক) মাৰ্কেছৰ ছাত্ৰ জীৱনৰ বিষয়ে আভাস দিয়া।উত্তৰ : মাৰ্কেছ সৰুৰে পৰাই পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা ল'ৰা আছিল। বাৰ বছৰমান বয়সত তেওঁ এটা বৃত্তি লাভ কৰিছিল। এই বৃত্তিৰ সহায়ত তেওঁ মেধাৱী ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বিশেষ বিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিছিল। এই বিদ্যালয়খন আছিল বগোটাৰ ওচৰৰ জেচুইটসকলে স্থাপন কৰা এখন বিদ্যালয়। মার্কেছে উচ্চ শিক্ষা লাভ কৰিছিল বগোটা আকু কার্টেজেনা বিশ্ববিদ্যালয়ত। তেওঁৰ উচ্চ শিক্ষাৰ বিষয় আছিল আইন আৰু সাংবাদিকতা।
খ) মাৰ্কেছৰ সাহিত্য-প্রতিভাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ : বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই মার্কেছে সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ‘El Universal' নামৰ কাকতত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গল্পটো তেওঁৰ ছাত্ৰ অৱস্থাতে এখন কাকতত প্ৰকাশ পাইছিল। এই গল্পটোৰ নাম আছিল ‘The Third Resignation'. মার্কেছে ৰচনা কৰা কেইখনমান বিখ্যাত উপন্যাস হ’ল - ‘One Hundred Years of Solitude', 'The Autumn of the Patriach', 'Love in the Time of Choler' ইত্যাদি। উপন্যাসৰ উপৰিও তেওঁ ভালেমান চুটিগল্প আৰু ভ্ৰমণ কাহিনী ৰচনা কৰিছিল।
(৩) চমু টোকা লিখা :
ক) যাদুকৰী বাস্তৱবাদখ) ফ্রানৎছ কাফ্কা
উত্তৰ :
ক) যাদুকৰী বাস্তৱবাদ :
সাধাৰণভাৱে ঘটি থকা কিবা এটাক অবাস্তৱ বা আচহুৱা বুলি দেখুওৱাৰ প্ৰৱণতাকে ‘যাদুকৰী বাস্তৱবাদ' বুলি কোৱা হয়৷ মাৰ্কেছৰ এটা গল্পত বৰ্ণিত বৰ্ণনাৰ জৰিয়তে এই বিষয়ে এটা ধাৰণা ল'ব পাৰি। স্বাভাৱিকতে পানীত বুৰি মৃত্যু হোৱা শৱ এটা গেলি পচি যায়। কিন্তু মাৰ্কেছৰ গল্পটোত থকা বৰ্ণনা অনুসৰি পানীত বুৰি মৃত্যুমুখত পৰা শৱদেহটো দিনক দিনে ধুনীয়া হৈহে গৈ থাকে।
খ) ফ্রানৎছ কাফ্কা :
ফ্রানৎছ কাফ্কা (১৮৮৩-১৯২৪) আছিল এজন জার্মানভাষী ইহুদী গল্পকাৰ আৰু উপন্যাসিক। তেওঁ অষ্ট্রো- হাঙ্গেৰিয়াৰ প্ৰেগ’ত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আইন অধ্যয়ন কৰিছিল যদিও বীমা কোম্পানীতহে কাম কৰিছিল। তেওঁৰ ৰচনাত বাস্তৱতা আৰু কল্পনাৰ এক মধুৰ সংমিশ্রণ দেখা যায়। তেওঁ ৰচিত কেইখনমান গ্ৰন্থ হ'ল :
Metamorphosis and Other Stories, The Castle, The Judgement, A Hunger Artist, Letters to Felice etc.
(৪) প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :
সেইবাবে তেওঁ বিশ্ববৰেণ্য ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে।
উত্তৰ : উক্ত কথাফাঁকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত ৰাজীৱ শৰ্মাই ৰচনা কৰা গেব্রিয়েল গাছিয়া মাৰ্কেছ' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
বিভিন্ন সংঘাতৰ মাজেদি মার্কেছে কিদৰে নিজকে সাহিত্যিক হিচাপে প্রতিষ্ঠা কৰিলে সেই প্ৰসংগত লিখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।
মাৰ্কেছৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন সংঘাত আহিছিল। সাংবাদিক হিচাপে কাম কৰি দুপইচা অৰ্জনৰ বাট উলিয়াই লোৱাৰ সময়তে কাকতখন বন্ধ হৈ যোৱাত তেওঁ নিবনুৱা হৈ পৰিছিল। ৰাজৰোষত পৰি তেওঁ এসময়ত মাতৃভূমি এৰি অন্য দেশত আশ্ৰয় লৈ থাকিব লগীয়াও হৈছিল। পিছলৈ বিশ্ববিখ্যাত হ'লেও প্রথম অৱস্থাত কিতাপ প্রকাশ কৰিবলৈ গৈ তেওঁ প্রকাশকৰ দ্বাৰা বিমুখ হৈছিল। কিন্তু সকলো প্ৰকাৰ ঘাত-প্রতিঘাত নেওচি তেওঁ আগবাঢ়ি গৈ আছিল। অৱশেষত তেওঁ সকলো বাধা-বিপত্তি অতিক্রম কৰি বিশ্ববৰেণ্য ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে।
(৫) খালী ঠাই পূৰ কৰা :
ক) মাৰ্কছৰ পৰিয়ালটো আছিল এটা_____পৰিয়াল।সেইবাবে তেওঁ মাকৰ ফালৰ ককা-আইতাকৰ ঘৰত থাকিয়েই ডাঙৰ- দীঘল হৈছিল। শিশুসকলে ককাক-আইতাকৰ মুখত_____শুনি ভাল পোৱাৰ দৰে শিশু মার্কেছেও_____শুনি বৰ বাল পাইছিল। ককা-আইতাকে নাতিয়েক মাৰ্কেছৰ সাধু শুনাৰ আগ্ৰহ দেখি নানা_____সাধু শুনাইছিল। ইয়াৰ প্ৰভাৱ মাৰ্কেছৰ ওপৰত_____পৰিছিল। কল্পনাৰ মায়াজাল সৃষ্টি কৰা এই সাধুবোৰে তেওঁৰ_____প্ৰসাৰিত কৰিছিল।
উত্তৰ : মাৰ্কেছৰ পৰিয়ালটো আছিল এটা দুখীয়া পৰিয়াল। সেইবাবে তেওঁ মাকৰ ফালৰ ককা-আইতাকৰ ঘৰত থাকিয়েই ডাঙৰ-দীঘল হৈছিল। শিশুসকলে ককাক-আইতাকৰ মুখত সাধু শুনি ভাল পোৱাৰ দৰে শিশু মার্কেছেও সাধু শুনি বৰ বাল পাইছিল। ককা-আইতাকে নাতিয়েক মাৰ্কেছৰ
সাধু শুনাৰ আগ্ৰহ দেখি নানা আচৰিত আচৰিত সাধু শুনাইছিল। ইয়াৰ প্রভাৱ মাৰ্কেছৰ ওপৰত গভীৰভাৱে পৰিছিল। কল্পনাৰ মায়াজাল সৃষ্টি কৰা এই সাধুবোৰে তেওঁৰ কল্পনা শক্তিক প্ৰসাৰিত কৰিছিল।
খ) মাৰ্কেছৰ সাহিত্যৰ আলোচনাত সততে_____বাস্তববাদৰ নাম লোৱা হয়। সাধাৰণভাৱে ঘটি থকা কিবা এটাক অবাস্তৱ বা আচহুৱা বুলি দেখুওৱাৰ_____কে_____বাস্তৱবাদ বুলি কোৱা হয়। মাৰ্কেছৰ এটা গল্পত বর্ণিত বৰ্ণনাৰ জৰিয়তে এই বিষয়ে এটা ধাৰণা ল'ব পাৰি। স্বাভাৱিকতে পানীত বুৰি মৃত্যু হোৱা শৱ এটা_____যায়। কিন্তু মাৰ্কেছৰ গল্পটোত থকা বৰ্ণনা অনুসৰি পানীত বুৰি মৃত্যুমুখত পৰা শৱদেহটো দিনক দিনে_____হৈহে গৈ থাকে।
উত্তৰ : মাৰ্কেছৰ সাহিত্যৰ আলোচনাত সততে ‘যাদুকৰী বাস্তৱবাদ’ৰ নাম লোৱা হয়৷ সাধাৰণভাৱে ঘটি থকা কিবা এটাক অবাস্তৱ বা আচহুৱা বুলি দেখুওৱাৰ প্ৰৱণতাকে যাদুকৰী বাস্তৱবাদ বুলি কোৱা হয়। মাৰ্কেছৰ এটা গল্পত বর্ণিত বৰ্ণনাৰ জৰিয়তে এই বিষয়ে এটা ধাৰণা ল'ব পাৰি। স্বাভাৱিকতে পানীত বুৰি মৃত্যু হোৱা শৱ এটা গেলি পচি যায় ৷ কিন্তু মাৰ্কেছৰ গল্পটোত থকা বৰ্ণনা অনুসৰি পানীত বুৰি মৃত্যুমুখত পৰা শৱদেহটো দিনক দিনে ধুনীয়া হৈহে গৈ থাকে৷
0 Comments