(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৫
ৰিজনি (লগে-ভাগে গাওঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) সুখত শান্তি গুণ থাকিবলৈ কিহৰ প্ৰয়োজন?উত্তৰ : সুখত শান্তি গুণ থাকিবলৈ দুখৰ প্ৰয়োজন।
খ) বসন্ত-কুলিৰ শোভা অনুভৱ কৰিবলৈ কিহৰ প্ৰয়োজন?
উত্তৰ : বসন্ত-কুলিৰ শোভা অনুভৱ কৰিবলৈ নিমাত তাপত হাবি বন শুকুৱাই যোৱাৰ প্ৰয়োজন।
গ) কি নহ'লে জীৱনৰ হাবিলাস নেথাকিব?
উত্তৰ : মৰণ নাথাকিলে জীৱনৰ হাবিলাস নেথাকিব।
(২) 'ৰিজনি' কবিতাটোৰ মূলভাৱ তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰ : জীৱনত সুখ অনুভৱ কৰিবলৈ হ'লে দুখ থাকিব লাগিব। পূৰ্ণিমাৰ জোনাক নিশাৰ আনন্দ উপভোগ কৰিবলৈ হ'লে অমাৱস্যাৰ অন্ধকাৰ থাকিব লাগিব। বাৰিষাৰ পানীয়ে মেদিনী ধুৱাই দিবলৈ হ'লে খৰালিৰ ৰ'দত মেদিনী শুকাব লাগিব। বসন্তত কুলিৰ শোভা চাবলৈ হ'লে নিমাত তাপত হাবি-বন শুকাব লাগিব। সেইদৰে জীৱৰ যদি মৰণ নাথাকে তেন্তে জীৱনৰ প্ৰতি কোনো হাবিলাস নাথাকিব। দুপৰীয়া ৰ'দৰ তাপত যদি ফুল জঁই নপৰে তেন্তে নিয়ৰত ফুল ঠন ধৰি নুঠিব। মৰমত যদি কিবা স্বাৰ্থ নাথাকে সেই মৰম অন্ধকাৰ হ'ব। সেইদৰে আমি যদি বিচাৰিলেই বস্তু পাওঁ তেন্তে সেই প্রাপ্যত কোনো আনন্দ নাথাকিব। যিজনে দুখ- বেজাৰত চকুপানী টুকিবলৈ পোৱা নাই তেওঁ মৰমতো তৃপ্তি নাপাব।
(৩) তাৎপর্য ব্যাখ্যা কৰা :
ক) পূর্ণিমা জোনাক নিশা নুঠে নাচি মন-প্ৰাণ
আঁউসীয়ে নথ'লে লুকাই, খৰালি ৰ'দত যদি নেথাকে শুকাই ধৰা বাৰিষাই নিদিয়ে ধুৱাই।
উত্তৰ : জীৱনটো উপভোগ কৰিবলৈ হ'লে বা জীৱনত আনন্দ পাবলৈ হ'লে সুখ-দুখ দুয়ো থাকিব লাগিব। যেনেদৰে যদি অমাৱস্যাৰ অন্ধকাৰ নাথাকে তেন্তে পূৰ্ণিমাৰ জোনাকত মন-প্রাণ নাচি নুঠে। সেইদৰে খৰালিৰ ৰ'দত মেদিনী শুকাই থাকিলেহে বাৰিষাৰ পানীয়ে ধুৱাই দিব। অৰ্থাৎ অন্ধকাৰৰ লগতে পোহৰ থাকিলেহে পোহৰৰ তাৎপর্য উপলব্ধি হ'ব।
খ) লাগ বুলি পালে যেনে একোতে নেথাকে ৰাপ
সেয়ে যদি পায় বিচৰাটো,
টোকা নাই চকুপানী এদিনো বেজাৰ পাই
তাৰ তৃপ্তি নাই মৰমতো।
উত্তৰ : জীৱনটো উপভোগ কৰিবলৈ হ'লে বা জীৱনত আনন্দ পাবলৈ হ'লে সুখ-দুখ দুয়ো থাকিব লাগিব। সেইদৰে আমি যদি বিচাৰিলেই বস্তু পাওঁ তেন্তে সেই প্রাপ্যত কোনো আনন্দ নাথাকিব। যিজনে দুখ-বেজাৰত চকুপানী টুকিবলৈ পোৱা নাই তেওঁ মৰমতো তৃপ্তি নাপাব।
জানি থওঁ আহা
কৃৎপ্রত্যয়
কৃৎপ্রত্যয় : ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়ক কৃৎ প্রত্যয় বোলে।যেনে -
| ধাতু + প্রত্যয় | সিদ্ধপদ |
|---|---|
| লিখ্ + অক | লিখক |
| গা + অন | গায়ন |
| বা + অন | বায়ন |
| গম্ + অন | গমন |
| গজ্ + অন | গজন |
| খা + অন | খাৱন |
| বান্ধ্ + অন | বান্ধন, বান্ধোন |
| বাজ্ + অনা | বাজনা |
| খুন্দ + অনা | খুন্দনা |
| পাত্ + অনি | পাতনি |
| জিৰা + অনি | জিৰণি |
| বাছ্ + অনী | বাছনি |
| লিখ্ + অনী | লিখনি |
| ৰান্ধ্ + অনী | ৰান্ধনী |
| নাচ্ + অনী | নাচনী |
| দা + অনী | দাৱনী |
| ৰো + অনী | ৰোৱনী |
| মাগ্ + অনীয়া | মগনীয়া |
| বিন্ধ + অনা | বিন্ধনা |
| চেপ্ + অনা | চেপনা |
| খেল্ + অনা | খেলনা |
| ছা + অনি | ছাৱনি, ছাউনি |
| বাঢ়্ + অতি | বাঢ়তি |
| কৰ্ + অঁতি | কৰতী |
| ধৰ + অঁতী | ধৰতী |
| মৰ্ + অঁতী | মৰঁতী |
| বোৱা + অঁতী | বোৱঁতী (নৈ) |
| খীৰা + অঁতী | খীৰতী (গাই) |
| ৰো + অঁতী | ৰোৱঁতী (মাটি) |
| চল্ + অন্ত | চলন্ত |
| সাঁচ + অতীয়া | সাঁচতীয়া |
| খা + অৰীয়া | খাৱৰীয়া |
| পলা + অৰীয়া | পলৰীয়া |
| ভাগ্ + অনীয়া | ভগনীয়া |
| মাগ্ + অনিয়াৰ | মগনিয়াৰ |
| সাঁচ্ + অনিয়াৰ | সাঁচনিয়াৰ |
| নাচ্ + অনিয়াৰ | নাচনিয়াৰ |
| দেখ্ + অনিয়াৰ | দেখনিয়াৰ |
| খজুৱা + অতি | খজুৱতি |
| গণ + অতি | গণতি |
| সিঁচৰ + অতি | সিঁচৰতি |
| লিখ্ + আৰু | লিখাৰু |
| যুঁজ্ + আৰু | যুঁজাৰু |
| কান্দ+ উৰা | কান্দুৰা |
| কাহ্ + উৰা | কাহুৰা |
| সৰ্ + আল | সৰাল |
| মাৰ্ + ঈয়া | মৰীয়া |
| কাট্+ ঈয়া | কটীয়া |
| ৰখ্ + ঈয়া | ৰখীয়া |
| লাগ+ ঈয়া | লগীয়া |
| খা + ওঁতা | খাওঁতা |
| লাগ্ + অতিয়াল | লাগতিয়াল |
Updated on 17th April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)

.jpg)










0 Comments