Ads banner

JE Banner Ads
Image 2

ৰাগিয়াল বস্তু (পঢ়োঁ আহা) - অধ্যায় ১৬ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৬

ৰাগিয়াল বস্তু (পঢ়োঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) অতি চমুকৈ উত্তৰ দিয়া :

ক) কি কথাত মানুহৰ ৰাগ বেছি?
উত্তৰ: অসজ কথাত মানুহৰ ৰাগ বেছি।

খ) বিষাক্ত বস্তুৰ এটা গুণ কি?
উত্তৰ : বিষাক্ত বস্তুৰ এটা গুণ হ'ল ৰাগি৷

গ) ভঙুৱাৰ কথাই কথাই ভুল হোৱাৰ কাৰণ কি?
উত্তৰ : ভাঙে মানুহৰ মগজু আক্ৰমণ কৰে। সেয়ে ভঙুৱাৰ কথাই কথাই ভুল হয়।

ঘ) কোনে মতলীয়াৰ কথাত ৰস পায়?
উত্তৰ : মতলীয়াই মতলীয়াৰ কথাত ৰস পায় ।

(২) চমুকৈ উত্তৰ দিয়া :

ক) ৰং-ধেমালিত অসজ কাম কৰিবলৈ বা অবাচ্য কথা ক'বলৈ মানুহৰ কিয় ইচ্ছা হয়?
উত্তৰ : সজ কথা উলিয়ালে শুনোতা পাবলৈ টান। কিন্তু অসজ কথা উলিয়ালে মানুহে জুমুৰি দি ধৰে। সেইবাবে ৰং ধেমালিত অসজ কাম কৰিবলৈ বা অবাচ্য কথা ক'বলৈ মানুহৰ ইচ্ছা হয়।

খ) ৰাগিয়াল বস্তু মুখত দিয়াৰ আৰু এটা কাৰণ আছে।' এই কাৰণটো কি?
উত্তৰ : ৰাগিয়াল বস্তু মুখত দিয়াৰ আৰু এটা কাৰণ হ'ল কোনো কোনো গৃহস্থ লোকৰ খোৱা-লোৱাৰ কামৰ বাদে আন কাম নাই। সিহঁতে বাকী সময়খিনি ইঘৰ-সিঘৰ কৰি লোকৰ পদুলি শুঙি ফুৰে, কিছুমানেআনৰ টোটক লগাই ফুৰে আৰু কিছুমানে ভাং, কানি, মদ -টিকা আদি খাই মৌজ কৰি সময় কটায়।

গ) ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়া চিন দিয়ে।' কথাষাৰৰ অর্থ কি?
উত্তৰ : ৰাগিয়ে মানুহৰ গাত চিৰ ৰুগীয়াৰ চিন দিয়ে। কাৰণ ৰাগি কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ সলনি হয়, খৰতকীয়া মানুহ ঢিলা হয়, তজবঙ্গীয়া মানুহ সোৰোপা হয়, জুৰ মানুহ খঙাল হয়, সৰল মানুহ ছলাহী হয়, শান্ত মানুহ দুষ্ট হয় ; সেয়ে বহু দিন ৰাগি কৰিলে মানুহৰ স্বভাৱ চৰিত্ৰত এনে কিছুমান লক্ষণে দেখা দিয়ে যি অস্বাভাৱিক আৰু নিৰাময়ৰ অযোগ্য হয়। অৰ্থাৎ মানুহ ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জীয়াতু ভোগ কৰে। শৰীৰৰ শক্তি কমি যায়, অজীৰ্ণ ৰোগত আক্রান্ত হয়, মস্তিষ্কৰ শক্তি হ্ৰাস পায়, ভাল-বেয়া বিবেচনা শক্তি হেৰুৱায়, শৰীৰৰ স্বাভাৱিক অবয়ৱ হেৰুৱায়। অৰ্থাৎ গাত চিৰৰুগীয়া চিন বহে। লগতে স্বভাৱতো তেনে এটা চিন বহি যায়।

(৩) ৰাগিয়াল বস্তুবোৰৰ লগত ওপজা দোষবোৰ কি কি বৰ্ণনা কৰা?
উত্তৰ : ৰাগিয়াল বস্তুবোৰৰ কেইটিমান লগত ওপজা দোষ আছে।
যেনে—
প্ৰথম, ৰাগিয়ে ৰাগিলৈ হেঁপাহ জন্মায়, এদিন ৰাগি কৰিলে দুনাই কৰিবলৈ মন যায় আৰু দুই-চাৰি দিন কৰিলেই তাক এৰিবলৈ টান হয়। আন কাম সহজ হ'বলৈ বহুত দিন লাগে, কিন্তু ৰাগি অলপতে সহজ হয়৷ ৰাগিৰ অভ্যাস হ'লে সি একৰকম ভোক যেন হয় ৷

দ্বিতীয়তে, ৰাগিয়ে মানুহৰ গাত এটা চিৰৰুগীয়া চিন দিয়ে, সেইদেখি কানীয়াক কানীয়া আৰু ভঙুৱাক ভঙুৱা বুলি দেখিলেই চিনিব পাৰি। মানুহ ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জীয়াতু ভোগ কৰে। গাত যেনে এটা চিন বহে, স্বভাৱতো তেনে এটা চিন বহি যায়।

তৃতীয়তে, ৰাগিয়ে উদাৰাগ্নি বৃদ্ধি কৰে, পিছে যেতিয়া সি শৰীৰ পীড়ি লয়, তেতিয়া আৰু জীৰ্ণ শক্তি নাথাকে । আদিতে ৰাগিয়াল বস্তুৰ দোষবোৰ এটাও দেখা নিদিয়ে, কেৱল গুণবোৰ বেছি পৰিমাণে দেখা দিয়ে, পিছে শেষত দোষবোৰ এটা এটাকৈ ওলাবলৈ ধৰে।

চতুৰ্থতে, ৰাগিয়ে শৰীৰৰ যন্ত্ৰ আৰু তেজৰ গতি খৰ কৰে ফলত অসময়ত হাত-ভৰি কঁপনি হয়, শৰীৰৰ কোনোটো অংগ ইচ্ছা মতে থিৰ কৰি ৰাখিব নোৱাৰে।

(৪) তাৎপর্য ব্যাখ্যা কৰা :
ক) ৰাগি বিষাক্ত বস্তুৰ এটা গুণ মাথোন।
খ) মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হ'লে মানুহে ভাল-বেয়াৰ বিবেচনা একেবাৰে পাহৰে।

উত্তৰ :
(ক) ‘ৰাগি’ বিষাক্ত বস্তুৰ এটা গুণ মাথোন :
ৰাগিয়াল বস্তুৰ এক গুণ হৈছে ‘ৰাগি'। এই গুণ নঞার্থক অৰ্থতহে ব্যৱহাৰ কৰা হয়।‘ৰাগিয়াল বস্তু’ বুলিলে সেইবোৰ বস্তুক বুজোৱা হয় যিবোৰ বস্তু খালে মানুহৰ নিচা হয় আৰু হিত-অহিত জ্ঞান হ্রাস পায়। উদাহৰণস্বৰূপে মদ, ভাং কানি, ফটিকা ইত্যাদি। এই বস্তুবোৰৰ যিকোনো এটা খালে মানুহৰ ৰাগি হয়৷ প্ৰথমতে মানুহে ইয়াক আনন্দৰ বাবে খাবলৈ আৰম্ভ কৰে যদিও পিছলৈ ই নিচা বা অভ্যাসত পৰিণত হয়। ৰাগিয়াল বস্তু সম্পর্কে কিছুমান মানুহে কয় যে ইয়াক সেৱন কৰিলে গাত বল হয়, জীর্ণ শক্তি বঢ়ায়, টোপনি ভাল হয়, মনৰ উদ্বেগ কমে ইত্যাদি। কিন্তু এইবোৰ গোকাট মিছা যুক্তি। প্ৰকৃততে ৰাগিৰ এই গুণবোৰ পিছলৈ মাৰাত্মক দোষত পৰিণত হয়। বিহৰ পৰা কেতিয়াও অমৃত নোলায়। বিহৰ ফল সদায় মাৰাত্মক।

খ) মদৰ ৰাগি বৰ ভয়ংকৰ, সি তীব্ৰ হ'লে মানুহে ভাল-বেয়াৰ বিবেচনা একেবাৰে পাহৰে :
ৰাগিয়াল বস্তুৰ ভিতৰত মদো এবিধ। মদপীয়ে মদৰ ৰাগি দেখুৱাবলৈ ভাল পায়। সেয়ে সি ঘৰৰ পৰা বাহিৰ ওলাই সকলোৰে আগত ঢলং-পলং কৰি ফুৰে। এইদৰে ফুৰাটো তেওঁৰ মনত মহতালি যেন লাগে। ৰাগি লগা ব্যক্তিয়ে নিজৰ আনকি আনৰ গুপ্ত কথাবোৰ ব্যক্ত কৰি ফুৰে আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে। সি অবাবত খং আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে। কিন্তু ৰাগি এৰিলে সকলো পাহৰি যায়। মদৰ নিচাত মদপীয়ে নিজকে মহাৰজা বুলি ভাৱে, পৰিয়ালত কন্দল লগায়, ঘৈণীয়েকৰ লগত কাজিয়া কৰে, ল'ৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰে। অর্থাৎ ভাল-বেয়া বিবেচনা শক্তি হেৰুৱাই পেলায়। সেয়ে মদৰ দৰে বেয়া বস্তুক মানুহে এৰাই চলিব লাগে।

(৫) ৰাগিয়াল বস্তুত আসক্ত মানুহে কিয় লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে বুজাই লিখা।
উত্তৰ : মদেই হওঁক বা কানিয়েই হওঁক ৰাগি মাত্ৰৰে এটা দোষ আছে। ৰাগি লগাই মতলীয়া কৰিলে, তাক শলাগিবলৈ দুই-চাৰিজন মানুহ লাগে নহ'লে মতলীয়ালিত কোনো আনন্দ নাপায়। এজনে তাল নধৰিলে গায়নৰ গা নুঠাৰ দৰে মদপীৰ ক্ষেত্ৰতো সেয়া হয়। কিন্তু নিমতলীয়া মানুহে মতলীয়াৰ কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেইবাবে কানীয়া, ভঙুৱা, মদপী সকলোৱে লগ বিচাৰে আৰু লগৰীয়াৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে। সেয়ে সিহঁতে ভাল-বেয়া, ভদ্র-অভদ্ৰ একো বিচাৰ নকৰি সৰু-ডাঙৰ সকলোৰে লগত হৰিল-গৰিল হয় আৰু বুঢ়াও ল'ৰাৰ লগত সমানে চলে। সেয়ে দেখা যায় লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগি নকৰা মানুহকো ৰাগি কৰিবলৈ শিকায়।

Updated on 17th April 2024
Typed by : A.Nasrin, H.S (Science)
Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments