(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৮
আমাৰ জীৱনৰ নিত্যসঙ্গী (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) বাতৰি কাকতৰ ক'ত উদ্ভাৱন হৈছিল?উত্তৰ : বাতৰি কাকতৰ জন্ম হৈছিল চীন দেশত।
খ) ইংলেণ্ডত কেতিয়াৰ পৰা বাতৰি কাকতৰ প্ৰচলন হয়?
উত্তৰ : ইংলেণ্ডত ৰাণী এলিজাবেথৰ দিনৰ পৰা প্ৰথম বাতৰি কাকতৰ প্ৰচলন হয়।
গ) ‘অৰুণোদই' পোন প্রথমে কেতিয়া প্ৰকাশ কৰা হৈছিল?
উত্তৰ : ‘অৰুণোদই' পোন প্ৰথমতে ১৮৪৬ চনত প্ৰকাশ কৰা হৈছিল।
ঘ) সপ্তাহৰ মূৰত প্ৰকাশ পোৱা বাতৰি কাকতক কি বোলে?
উত্তৰ : সপ্তাহৰ মূৰত প্ৰকাশ পোৱা বাতৰি কাকতক ‘সাপ্তাহিক কাকত' বুলি কোৱা হয়৷
(২) অসমত প্ৰচলিত বাতৰি কাকত আৰু আলোচনীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : অসমত প্ৰথম বাতৰি কাকতৰ প্ৰচলন হয় খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত ১৮৪৬ চনত। এইখন বাতৰি কাকতৰ নাম আছিল 'অৰুণোদই'।
ইয়াৰ পিছৰ পৰাই বিভিন্ন সময়ত ‘অসম বান্ধৱ’, ‘আসাম বিলাসিনী’,‘মৌ’,‘বাঁহী’, ‘জোনাকী’, ‘জয়ন্তী' আদি সাহিত্যধর্মী কাকত-আলোচনীৰ জন্ম হয় আৰু নানান কাৰণত এইবোৰৰ প্রকাশো বন্ধ হয়। কিন্তু অসমত প্ৰকৃত অৰ্থত বাতৰি কাকত প্ৰতিষ্ঠা কৰে ৰাধাগোবিন্দ বৰুৱাদেৱে। তেওঁ প্ৰথমে ডিব্ৰুগড়ৰ পৰা, পাছত গুৱাহাটীৰ পৰা নিগাজীকৈ ‘দৈনিক অসম’ আৰু ‘আসাম ট্ৰিবিউন’, নামৰ কাকত প্ৰকাশ কৰে। ইয়াৰ পিছৰ পৰাই অসমত বিভিন্ন সময়ত আমাৰ অসম, প্ৰতিদিন, নতুন দৈনিক, অগ্রদূত, বুধবাৰ,সাদিন, খবৰ, দৈনিক, জনমভূমি, চেন্টিনেল, নিউজ ষ্টাৰ, পূৰ্বাঞ্চল প্ৰহৰী, দৈনিক বাতৰি আদি বহুত কাকতৰ প্ৰচলন হৈ আহিছে।
(৩) বাতৰি কাকতৰ প্ৰকাৰসমূহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : বাতৰি কাকত কেইবা প্ৰকাৰৰো আছে। বিশেষকৈ প্ৰকাশৰ সময় অনুযায়ী এইবোৰক দৈনিক বাতৰি কাকত, তিনিদিনীয়া বাতৰিকাকত, সাপ্তাহিক বাতৰি কাকত আদি ভাগত ভাগ কৰিব পাৰি। যিখন বাতৰি কাকত প্ৰতিদিনেই প্রকাশ পায় সেইখন দৈনিক বাতৰি কাকত আৰু যিখন সপ্তাহৰ মূৰত প্ৰকাশ পায় সেইখন ‘সাপ্তাহিক বাতৰি’কাকত। ইয়াৰ উপৰিও বাতৰি প্ৰধান বাৰ্তা আৰু প্ৰবন্ধ মিশ্ৰিত সাহিত্য ধৰ্মী আদি বিভিন্ন ধৰণৰ বাতৰি কাকত আছে। এইবোৰৰ উপৰিও আজিকালি নিয়োগ সম্পৰ্কীয়, ধৰ্ম সম্পৰ্কীয় দুই-এখন বাতৰি কাকত ওলোৱাও দেখা গৈছে।
(৪) বাতৰিকাকতৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখ।
উত্তৰ : বাতৰি কাকতৰ কেৱল যে উপকাৰিতাই আছে এনে নহয়, ইয়াৰ অপকাৰিতাও আছে। কেতিয়াবা প্রকৃত বাতৰিৰ সলনি অতিৰঞ্জিত আৰু মিছা বাতৰি প্ৰকাশ কৰা দেখা যায়। এনে বাতৰিৰ ফলত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বাতৰিৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰাৰ বাবে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা কিছুমান ৰাজনৈতিক দলক একোখন বাতৰি কাকত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট দলটোৱে কিছুমান অহেতুক সুবিধা ল'বলৈ বিচৰা পৰিলক্ষিত হয়। বাতৰি কাকতৰ এইবোৰ অপকাৰৰ কথা উল্লেখ কৰিলেও উপকাৰৰ তুলনাত অপকাৰৰ পৰিমাণ নিচেই তাকৰ।
(৫) তাৎপর্য ব্যাখ্যা কৰা :
ক) বাতৰি কাকত সৰ্বসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰৰো উত্তম আহিলা।
উত্তৰ : বাতৰি কাকতত বিভিন্ন বিষয়ৰ বাতৰি প্ৰকাশ কৰাৰ লগতে সাহিত্য, খেল, ধর্ম, সভ্যতা, সংস্কৃতি, নিয়োগ আদি বিভিন্ন তথ্য প্রকাশ কৰা হয়। ইয়াৰ উপৰিও আজিকালি স্কুল-কলেজৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি অকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাতৰি কাকত আলোচনী আদি প্ৰকাশ কৰা হৈ আছে। ‘জিজ্ঞাস’ তেনে ধৰণৰ এক বাতৰি কাকত। এনে বাতিৰ কাকতসমূহৰ জৰিয়তে পাঠ্য বিষয়ৰ পাঠসমূহৰ বিতং আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়া হয়। কুইজ, পাজল সমাধান আদি প্ৰকাশ কৰা হয়। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। লিখক, কবি সাহিত্যিক, দার্শনিক, নেতা, বক্তা আদি ব্যক্তিৰ সাক্ষাৎকাৰ, আলোচনা 'আদি প্ৰকাশ কৰা হয়। এইবোৰে জ্ঞান বিস্তাৰত প্ৰভূত পৰিমাণে ভূমিকা গ্ৰহণ কৰি আছে। সেয়ে বাতৰি-কাকত সৰ্বসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰৰ এক উত্তম আহিলা বুলি ক'ব পাৰি।
খ) বাতৰি কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।
উত্তৰ : ‘স্তম্ভ’ মানে খুটি। গণতন্ত্ৰ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত বুলি কোৱা হয়।
স্তম্ভকেইটা হ'ল -
i) আইন সভা,
i) আইন কার্যকৰী কৰা পৰিষদ (চৰকাৰ),
iii) ন্যায় বিভাগ আৰু
iv) জনমাধ্যম বা বাতৰি কাকত।
এই স্তম্ভ চাৰিটাৰ ভিতৰত কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ধৰা হয়। কাৰণ বাতৰি কাকত গণতান্ত্ৰিক দেশৰ সদা জাগ্ৰত প্ৰহৰী। ই বাকী তিনিটা স্তম্ভৰ কাম-কাজ জনসাধাৰণৰ আগত দাঙি ধৰে, পৰামৰ্শ প্ৰদান কৰে, সমালোচনা কৰে আৰু গণতান্ত্ৰিক আদৰ্শ বজাই ৰখাত সহায় কৰে। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰিকাকতেই হ'ল আটাইতকৈ শক্তিশালী মাধ্যম। সেয়ে বাতৰি কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।
(৬) প্রত্যয় ভাঙি দেখুওৱা :
আৱশ্যকীয়
শাৰীৰিক
আধুনিক
সাপ্তাহিক
সম্পৰ্কীয়
উত্তৰ :
আৱশ্যকীয় = আৱশ্যক + ঈয়
শাৰীৰিক = শৰীৰ + ঈক
আধুনিক = আধুনা + ইক
সাপ্তাহিক = সপ্তাহ + ইক
সম্পৰ্কীয় = সম্পর্ক + ঈয়
(৭) বাক্য ৰচনা কৰা :
খবৰ বাতৰি
দেশ-বিদেশ
বাট মুকলি কৰ
ভৰণ-পোষণ
উত্তৰ :
খবৰ-বাতৰি : ৰামৰ কিনো হ'ল, আহি বহুদিনৰ পৰা তেওঁৰ কোনো খবৰ-বাতৰি পোৱা নাই।
দেশ-বিদেশ : দেশ-বিদেশ ঘূৰিলে বহু কথা জানিব পাৰি।
বাট মুকলি কৰ : চাকৰিটোৱে ৰাজেনৰ উন্নতিৰ সকলো বাট মুকলি কৰিলে।
ভৰণ-পোষণ : পিতৃ-মাতৃয়ে সন্তানৰ ভৰণ-পোষণ কৰিব লাগে।
জানি থওঁ আহা
তদ্ধিত প্রত্যয়
তদ্ধিত প্রত্যয় : প্রাতিপদিকৰ পাছত যোগ হোৱা প্ৰত্যয়ক তদ্ধিত প্রত্যয় বোলে।যেনে -
প্রকৃতি + প্রত্যয় = সিদ্ধপদ |
---|
খেতি + অক = খেতিয়ক |
গছ + অনি = গছনি |
বুধি + অক = বুধিয়ক |
ফন্দি + অক = ফন্দিয়ক |
লাহ + অতী = লাহতী |
নাম + অতী = নামতী |
নাও + অৰীয়া = নাৱৰীয়া |
গাওঁ + অলীয়া = গাঁৱলীয়া |
মাজ + অলীয়া = মজলীয়া |
মিছা + অলীয়া = মিছলীয়া |
শেষ + অতীয়া = শেহতীয়া |
আগ + অতীয়া = আগতীয়া |
বাপ + অতীয়া = বাপতীয়া |
বন + অনি = বননি |
ধান + অনি = ধাননি |
নাহৰ + অনি = নাহৰণি |
উলু + অনি = উলূৱনি |
ভাল + অৰি = ভালৰি |
লাহ + অৰি = লাহৰি |
লগ + অৰী = লগৰী |
বন + অৰীয়া = বনৰীয়া |
লগ + অৰীয়া = লগৰীয়া |
চহৰ + ঈয়া = চহৰীয়া |
পণ্ডিত + আলি = পণ্ডিতালি |
দুষ্ট + আলি = দুষ্টালি |
চাকৰ + ই = চাকৰি |
মাজ + ইয়া = মজিয়া |
মৰম + ইয়াল = মৰমিয়াল |
সাহ + ইয়াল = সাহিয়াল |
ৰং + ইয়াল = ৰঙিয়াল |
ৰাগ + ইয়াল = ৰাগিয়াল |
ফেন + ইল = ফেনিল |
পঙ্ক + ইল = পঙ্কিল |
কাম + ইলা = কামিলা |
সুখ + ঈ = সুখী |
বাট + অৰুৱা = বাটৰুৱা |
হাট + অৰুৱা = হাটৰুৱা |
জাপৰ + আ = জপৰা |
পেট + আল = পেটাল |
নেজ + আল = নেজাল |
তেজ + আল = তেজাল |
খং + আল = খঙাল |
নোম + আল = নোমাল |
দয়া + আলু = দয়ালু |
চাপৰি + আল = চাপৰিয়াল |
নদী + আল = নদীয়াল |
চাকৰি + আল = চাকৰিয়াল |
বেজ + আলি = বেজালি |
তেল + ঈয়া = তেলীয়া |
ঢোল + ঈয়া = ঢুলীয়া |
খোল + ঈয়া = খুলীয়া |
নগৰ + ঈয়া = নগৰীয়া |
ভাদ + ঈয়া = ভদীয়া |
সাৰ + উৱা = সৰুৱা |
জাবৰ + উৱা = জাবৰুৱা |
ধাৰ + উৱা = ধৰুৱা |
পেট + উৱা = পেটুৱা |
পথাৰ + উৱা = পথৰুৱা |
বিহু + উৱা = বিহুৱা |
সমাজ + উৱা = সমজুৱা |
Updated on 17th April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments