Ads banner

Jahan Education
Jahan Education

সজ চৰিত্ৰ আৰু সজ আচৰণ (পঢ়োঁ আহা) - অধ্যায় ২৩ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২৩

সজ চৰিত্ৰ আৰু সজ আচৰণ (পঢ়োঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) একোটিক বাক্যত উত্তৰ দিয়া :

ক) লম্বোদৰ বৰাৰ পিতৃৰ নাম কি?
উত্তৰ : লম্বোদৰ বৰাৰ পিতৃৰ নাম হ'ল বৃকোদৰ কাকতি।

খ) পাঠটিৰ মতে ফুলতকৈয়ো শুৱনি কোন?
উত্তৰ : পাঠটিৰ মতে ফুলতকৈয়ো শুৱনি হ'ল সজ চৰিত্ৰবান ব্যক্তি।

গ) চৰিত্ৰ গঠনৰ মূল উপাদান কি?
উত্তৰ : চৰিত্ৰ গঠনৰ মূল উপাদান হ'ল অভ্যাস।

ঘ) ‘সহনৰ সমান গুণ নাই'। কথাষাৰৰ অৰ্থ কি?
উত্তৰ : ‘সহনৰ সমান গুণ নাই' : ইয়াৰ অৰ্থ হ'ল সহ্য বা সহিষ্ণুতা হৈছে সকলো গুণৰ ওপৰত। যি ব্যক্তিৰ ‘সহন’ গুণ আছে তেওঁ অতি সহজেই আন আন মানৱীয় গুণসমূহ আয়ত্ব কৰিব পাৰে।

(২) মানুহৰ সজ চৰিত্ৰ শুৱনি ফুলতকৈও মনোহৰ। কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা।
উত্তৰ : ফুলনিত নানা ধৰণৰ ফুল ফুলি সৌন্দৰ্য বঢ়ায়। কিন্তু সজ চৰিত্ৰবান মানুহ ফুলতকৈয়ো সুন্দৰ। কাৰণ সজ চৰিত্ৰবান মানুহে সকলোৰে আদৰ, মৰম, সন্মান, প্ৰশংসা আদি পায়। সজ চৰিত্ৰবান মানুহৰ সংস্পৰ্শত অহা সকলো মানুহেই কম-বেছি পৰিমাণে তেওঁৰ আচৰণৰ দ্বাৰা অনুপ্ৰাণিত হয়। ফলত আমাৰ দৈনন্দিন জীৱন সুন্দৰ আৰু সুখকৰ হয়। সেয়ে সজ চৰিত্ৰ ফুলতকৈয়ো মনোহৰ বুলি ক'ব পাৰি।

(৩) ‘বিনয় পৰম ভূষণ'। তাৎপর্য ব্যাখ্যা কৰা৷
উত্তৰ : ‘বিনয়’ অর্থাৎ বিনীত বা ভদ্রতা যে এক ডাঙৰ গুণ তাৰে বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়৷ সঁচা অৰ্থত মানুহ হ'বলৈ হ'লে এজন ব্যক্তিৰ কেইবাটাও মানৱী গুণ থাকিব লাগে।
যেনে - দয়া, ক্ষমা, পৰোপকাৰিতা, সহিষ্ণুতা, প্রেম, মৰম, অহিংসা, বিনয় ইত্যাদি। এই গুণবোৰৰ ভিতৰত ‘বিনয়’ গুণটোক 'পৰম' অৰ্থাৎ শ্ৰেষ্ঠ বুলি কোৱা হয়। আকৌ বিনয় গুণে ভদ্রতা, নম্রতা, সৰলতা আদি গুণক সামৰি লয়। সাধাৰণতে অন্যান্য মানৱীয় গুণ আয়ত্ব কৰোতে প্ৰথমতে ব্যক্তি এজন বিনয়ী হ'ব লাগিব। অর্থাৎ মানুহৰ প্ৰতি ভদ্ৰ আচৰণ কৰিবলৈ শিকিব লাগিব। যাৰ মাজত এই ভদ্রতা বা বিনয়ী গুণ থাকে, সি অন্যান্য গুণ সহজে আয়ত্ব কৰিব পাৰে। বিনয়ী ব্যক্তি এজনে ডাঙৰক শ্ৰদ্ধা কৰে, সৰুক মৰম কৰে আৰু পিতৃ-মাতৃ, শিক্ষাগুৰু আদিক মানি চলে৷ অর্থাৎ আমি যদি বিনয়ী হ'বলৈ শিকো তেন্তে আমাৰ মাজত অন্যান্য সকলো গুণৰ বিকাশ আপুনা-আপুনি হৈ থাকে। সেয়ে বিনয়ক পৰম ভূষণ অৰ্থাৎ অলংকাৰ বুলি কোৱা হয়।

(৪) মানুহ বিপদ আৰু দৰিদ্ৰতাত কিয় অধীৰ হ'ব নালাগে সেই বিষয়ে যুক্তি দশোৱা।
উত্তৰ : মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ'ব নালাগে। ধন সম্পত্তিক লৈ দম্ভ কৰা আৰু দুখ দৰিদ্ৰতাত অধীৰ হোৱা নীচ লোকৰ কাম৷ মহৎ লোকসকল সকলো অৱস্থাতে একে থাকে। অর্থাৎ মহৎ লোকসকলে সম্পদ আৰু বিপদকালত অধীৰ নহৈ সুস্থিৰে থাকিব পাৰে। কাৰণ সিহঁতে জানে যে মানৱ জীৱনটো সুখ আৰু দুখৰ সমষ্টি। অকল সুখ বিচৰাটো অজ্ঞানীৰ লক্ষণ। বিপদত অধীৰ হ'লে বিপদ আঁতৰ নহয়, ইয়াৰ বোজা অধিক বৃদ্ধিহে পায়। সেয়ে বিপদত অধীৰ বা অস্থিৰ নহৈ সুস্থিৰভাৱে বিপদৰ মোকাবিলা কৰিব লাগে। মানুহ যিমানে মহত্বৰ দিশত আগবাঢ়ি যায় সিমানে বেছি অসুবিধা বা বিপদৰ মুখামুখি হ'ব লগা হয়। মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাৰ হকে কেইবাবাৰো জেললৈ যাবলগা হৈছিল। কিন্তু সেই বুলি অস্থিৰ হৈ বা উদ্যম হেৰুৱাই লক্ষ্য এৰি দিয়া নাছিল। সেইদৰে ছেৰচাহৰ হাতত মোগল সম্রাট হুমায়ুনে ৰাজ্য হেৰুৱাই অধীৰ নহৈ নতুন উদ্যমেৰে আগবাঢ়ি হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিছিল। সেইদৰে জেমচ ৱাটে ষ্টিম ইঞ্জিন আৱিষ্কাৰ কৰোতে আৰ্থিক আৰু মানসিক দিশত্ত বহুত বিপদ আৰু লাঞ্ছনাৰ মুখামুখি হৈছিল কিন্তু সেইবুলি অধীৰ হৈ নিজ গৱেষণা এৰি দিয়া নাছিল। বৰং উদ্যম ঠিক ৰাখি কাৰ্য কৰি গৈছিল আৰ অৱশেষত সফল হৈছিল। সেয়ে মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ'ব নালাগে।

(৫) 'কর্তব্য কাম মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভুত অন্তর্নিহিত ভাব মুকলিকৈ লিখা।
উত্তৰ : ‘কর্তব্য কাম মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভু। নিষ্ঠ সহকাৰে কৰ্তব্য কৰি গ'লে যে আমি জীৱনত সফল হ'ব পাৰো সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়৷ ‘আৰাধ্য’ মানে আৰাধনা বা পূজা কৰিবলগীয়া বস্তু অৰ্থাৎ দেৱতা মানুহে মনৰ আশা পূৰ্ণ কৰিবলৈ বা সুখ শান্তি কামনা কৰি দেৱতাক পূজা সেৱা কৰে। কিন্তু দেৱতাক পূজা কৰি মানুহে জীৱনত সফল হ'ব পাৰেনে নোৱাৰে সেয়া ক'ব নোৱাৰি। কিন্তু নিয়মিতভাৱে নিষ্ঠা সহকাৰে যদি আমি আমাৰ কৰ্তব্য কৰি যাব পাৰো তেন্তে নিশ্চিত সফলতা লাভ কৰিব পাৰো আমি যদি বিশ্ব ইতিহাস অধ্যয়ন কৰো তেন্তে দেখা পাম যে জীৱনত সফলতা লাভ কৰা আৰু মানৱ সভ্যতালৈ অৱদান আগবঢ়োৱা সকলো ব্যক্তিয়েই কৰ্তব্যপৰায়ণ আছিল আৰু কৰ্তব্যৰ দ্বাৰাইহে সিহঁতে জীৱনত সফল হৈছিল। কৰ্তব্যক অৱহেলা কৰি অকল দেৱতাক পূজা কৰি জীৱনত সফলতা লাভ কৰা বা মানৱ সভ্যতালৈ অৱদান আগবঢ়াবলৈ সক্ষম হোৱা এজন ব্যক্তিৰ নামো আমি ইতিহাসত নাপাওঁ। সহজ কথাত কৰ্তব্যই আমাৰ দণ্ডধাৰী প্ৰভুৰ দৰে। আমি কৰ্তব্য কৰি গ'লে কৰ্তব্যই আমাক সফল কৰে সেয়ে কৰ্তব্যক আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভু বুলি ক'ব পাৰি।

(৬) লিখক লম্বোদৰ বৰাৰ এটি চমু পৰিচয় দাঙি ধৰা৷
উত্তৰ : লম্বোদৰ বৰা (১৮৬০-১৮৯২)ৰ জন্ম হয় শোণিতপুৰ জিলাৰ গমিৰি মৌজাৰ খালিপোকীয়া গাঁৱত। পিতাকৰ নাম বৃকোদৰ কাকতি। স্কুলীয়া শিক্ষা তেজপুৰত গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কৰ্ম জীৱন শিক্ষকতাৰে আৰম্ভ কৰিছিল। পিছত বি এল উপাধি লৈ ওকালতি আৰম্ভ কৰিছিল। কম বয়সতে দেহাৱসান হয়। ছাত্ৰ অৱস্থাৰ পৰাই প্ৰৱন্ধ- পাতি লিখিছিল। ব্যংগ-ৰচনাত বেছ সিদ্ধহস্ত আছিল। প্রকাশিত পুথি : ‘ল’ৰাবোধ’‘জ্ঞানোদয়’, আদি। তেওঁৰ সাহিত্য-প্রতিভাই পূর্ণতা পাবলৈ সুযোগ পোৱাৰ আগতেই তেওঁ মাত্ৰ বত্ৰিশ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

(৭) পাঠটিত লিখকে সুচৰিত্ৰ গঠন সম্পৰ্কে কেনে মন্তব্য কৰিছে আলোচনা কৰা।
উত্তৰ : পাঠটিত লিখকে সুচৰিত্ৰ গঠন সম্পর্কে আলোচনা কৰিছে। লিখকে কৈছে যে সুচৰিত্ৰ গঠনৰ বাবে সু অভ্যাস গঠন কৰাৰ প্ৰয়োজন। কিয়নো ‘অভ্যাসৰ দ্বাৰাই মানুহে কঠিন কামো আনায়াসে সাধিব পাৰে।' আমাৰ চৰিত্ৰও ঘাইকৈ অভ্যাসৰ দ্বাৰায়ে গঠিত হয়। মানুহ অভ্যাসৰ দ্বাৰাই সাধু হয়, চোৰ হয়, নম্র হয়, খঙাল হয়। এতেকে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰা সজ চৰিত্ৰ গঠন কৰিব লাগে।

দ্বিতীয়তে লোভ আৰু ক্ৰোধ দমন কৰা সজ কাম। আৰম্ভণিত লোভ দমন কৰোঁতে টান পোৱা যাব; কিন্তু পাছত অভ্যাসৰ দ্বাৰাই এনে হৈ উঠিব যে হাজাৰ হাজাৰ বস্তু আগতে দেখিও সেইবোৰলৈ আমাৰ মন নাযাব৷

তৃতীয়তে, ‘দয়া এটি বৰ সজ গুণ।' দয়াৰ কাম দান কৰা। আৰম্ভণিত পৰক বস্তু দান কৰোঁতে মনত অলপ কষ্ট লাগিব পাৰে; কিন্তু দয়া বা দান কৰোঁতে কৰোঁতে আমাৰ মনত এনে এটা অভ্যাস গঢ় ল'ব যে তেনে কাম কৰাত আমাৰ মনত বৰ আনন্দহে লাগিব। পাছত পৰৰ উপকাৰৰ নিমিত্তে আমি নিজৰ জীৱন পৰ্যন্ত দান দিব পাৰিম।

চতুৰ্থতে, যাৰ প্ৰতি যেনে আচৰণ কৰিব লাগে, তাত কেতিয়াও ত্রুটি কৰিব নালাগে। আমাৰ শিক্ষকসকলে আমাক পুত্ৰৰ সমান চেনেহ কৰে আৰু আমাৰ ভালৰ নিমিত্তে বৰ পুৰুষাৰ্থ কৰি শিক্ষা দিয়ে। এই কাৰণে
আমি সিহঁতৰ প্ৰতি নম্ৰ আৰু কৃতজ্ঞ হ'ব লাগে। সেইদৰে আন আন লোকৰ প্ৰতি নম্ৰ আৰু সাদৰী হ'ব লাগে।

পঞ্চমতে, মানুহ বিপদ আৰু দৰিদ্ৰতাত অধীৰ হ'ব নালাগে। সম্পদকালত দম্ভ কৰা আৰু দুখ দৰিদ্ৰতাত অধীৰ হোৱা নীচ লোকৰ কাম। কিন্তু মহৎ লোকসকলে সকলো অৱস্থাতে একেদৰে থাকে।

এতেকে আমি সৰুৰে পৰা এনে অভ্যাস কৰিব লাগে যেন মহৎ লোকৰ দৰে সকলো অৱস্থাত একেদৰে থাকিব পাৰো।

(৮) অভ্যাসৰ দ্বাৰাই মানুহে কঠিন কামো অনায়াসে সাধিব পাৰে। পাঠটিত অভ্যাসৰ দ্বাৰা কঠিন কাম কৰাৰ ওপৰত কিয় গুৰুত্ব আৰোপ কৰিছে বুজাই লিখা।
উত্তৰ : ‘অভ্যাসৰ দ্বাৰাই মানুহে কঠিন কামো অনায়াসে সাধিব পাৰে।” আমাৰ চৰিত্ৰও ঘাইকৈ অভ্যাসৰ দ্বাৰা গঠিত হয়। মানুহ অভ্যাসৰ দ্বাৰাই সাধু হয়, চোৰ হয়, নম্ৰ হয়, খঙাল হয়। এতেকে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰা সজ অভ্যাস গঠন কৰিব লাগে। লোভ আৰু ক্ৰোধ দমন কৰা সজ কাম; লোভ আৰু খঙৰ দ্বাৰাই মানুহ নপশুৰ সমান অধম হয়। প্রথমে লোভ দমন কৰোঁতে টান পোৱা যাব; কিন্তু পাছত অভ্যাসৰ দ্বাৰাই এনে হৈ উঠিব যে হাজাৰ হাজাৰ বস্তু আগতে দেখিও সেইবোৰলৈ আমাৰ মন নাযাব। “দয়া এটি বৰ সহজ গুণ।' দয়া কাম দান। প্ৰথমে পৰক দান বস্তু দান কৰোঁতে মনত অলপ কষ্ট লাগিব পাৰে; কিন্তু দয়া বা দান কৰোঁতে কৰোঁতে আমাৰ মনত এনে এটা অভ্যাস হৈ উঠে যে তেনে কাম কৰাত আমাৰ মনত বৰ আনন্দহে লাগে; পাছত পৰৰ উপকাৰৰ নিমিত্তে আমি নিজৰ জীৱন পৰ্যন্ত দান দিব পৰা হওঁ। সেইদৰে অভ্যাস কৰি কৰি বেয়া গুণ আৰু বেয়া কামবোৰ এৰিব লাগে। এনেদৰে অভ্যাসৰ দ্বাৰা আমি কঠিন কামো অনায়াসে কৰিব পাৰো।

(৯) পাঠটিত আলোচিত হোৱা বেয়া গুণসমূহ কি কি। এইবোৰে মানুহৰ কেনে ধৰণৰ ক্ষতিসাধন কৰে বুলি লিখকে কৈছে?
উত্তৰ : পাঠটিত আলোচিত হোৱা বেয়া গুণবোৰ হ'ল : লোভ, ক্রোধ, হিংসা, খিয়াল, গর্ব, নিন্দা, গালি, মিছা, প্ৰৱঞ্চনা, চঞ্চলতা, কপটতা আদি। এই বেয়া গুণবোৰ মানুহবোৰ মানুহৰ সুখ-শান্তিৰ অন্তৰায়। সিহঁতে মানুহক নানা বিপদত পেলায়, দুখ ভুঞ্জায়, মানুহৰ পৰা ঘৃণা অৱজ্ঞা আদিৰ বলি কৰে। সেইবোৰে মানুহক পশুৰ তুল্য কৰে আৰু নানা অমংগল ঘটায়।

(১০) ‘এইবিলাক মানুহৰ জীৱনৰ অলংকাৰ। ইয়াত কোন বিলাকক অলংকাৰ আখ্যা দিছে? ‘বাস্তৱৰ অলংকাৰ' আৰু 'এইবিলাক অলংকাৰৰ কিবা সামঞ্জস্য আছেনে? মতামত দাঙি ধৰা।
উত্তৰ : স্নেহ, প্রীতি, দয়া, বিনয়, সৰলতা, কৃতজ্ঞতা, পৰোপকাৰ, শিষ্টাচাৰ, ন্যায় ব্যৱহাৰ ইত্যাদি সজ গুণবোৰ মানুহৰ জীৱনৰ অলংকাৰ৷ সেইবিলাকৰ দ্বাৰাই মানুহ দেৱতাৰ তুল্য হয়। অলংকাৰ বুলিলে এনে কিছুমান সামগ্ৰীক বুজোৱা হয় যিবোৰ পৰিধান কৰিলে মানুহৰ দৈহিক সৌন্দর্য বৃদ্ধি পায়। দৈহিক অলংকাৰ বৃদ্ধিৰ বাবে মানুহে প্ৰধানকৈ মহিলাসকলে খাৰু, বালা, ডিঙিৰ হাৰ, কাণফুল, কাণগুল,
মণিহাৰ আদি পৰিধান কৰে। এইবোৰ শৰীৰৰহে সৌন্দৰ্য বৃদ্ধি কৰে। আনহাতে স্নেহ, প্রীতি, দয়া, ক্ষমা, পৰোপকাৰিতা, ন্যায়, শিষ্টাচাৰ আদি হৈছে এনে কিছুমান গুণ যিবোৰে এজন ব্যক্তিৰ মন আৰু ব্যক্তিত্ব
সৌন্দৰ্যশালী কৰি তোলে। মানুহে শৰীৰৰ সৌন্দৰ্যৰ বাবে পৰিধান কৰা ধাতুৰ অলংকাৰ আৰু মানৱীয়া গুণৰ অলংকাৰৰ মাজত পাৰ্থক্য আছে। বাস্তৱিকতে ব্যক্তিত্বৰ সৌন্দৰ্যইহে আচল অলংকাৰ।

Updated on 21st April 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments