Ads banner

JE Banner Ads
Image 2

কবি (লগে-ভাগে গাওঁ আহা) - অধ্যায় ২২ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২২

কবি (লগে-ভাগে গাওঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) একোটিকৈ বাক্যত উত্তৰ দিয়া :

ক) পাৰিজাত ফুল ক'ত ফুলে?
উত্তৰ : পাৰিজাত ফুল নন্দন বন (স্বর্গ)ত ফুলে।

খ) কবিৰ পৰাণক কি বুলি কোৱা হৈছে?
উত্তৰ : কবিৰ পৰাণক ‘অমৰ পৰাণ' বুলি কোৱা হৈছে।

গ) ‘এই জগতৰ জীৱন্ত দেৱ' বুলি কাক হৈছে?
উত্তৰ : ‘এই জগতৰ জীৱন্ত দেৱ' বুলি কবিক কোৱা হৈছে।

(২) ‘কবিতা’টিৰ মূলভাৱ লিখা।
উত্তৰ : কবিসকল হৈছে স্বৰ্গৰ প্ৰাণী'। সিহঁতৰ আত্মা অমৰ। কবিসকল মৰতত (পৃথিৱী)ত থাকে যদিও সিহঁতে স্বৰ্গত ফুলা পাৰিজাত ফুলৰ ঘ্রাণ ল'ব পাৰে। সিহঁতে সুন্দৰ সুন্দৰ ছবি অংকন কৰিব পাৰে। সিহঁতে মানস ৰথত উঠি কল্পনা ৰাজ্যত নানান খেল খেলি থাকে। সিহঁতে অমৃতৰ ৰস আনি পিয়াহত আতুৰ হোৱা মানুহক খুওৱায়। কবিসকলেই হৈছে মৰতৰ জীৱন্ত দেৱতা। কিয়নো কবিসকলে স্বৰ্গ, নৰক, পাতালপুৰী, নগৰ, অৰণ্য, সাগৰৰ তীৰ সকলোতে ঘূৰি ফুৰিব পাৰে, সকলোৰে চিত্ৰ অংকন কৰিব পাৰে। সিহঁত মহৎ চিত্ৰকৰ।

(৩) কবি সত্বাৰ বিষয়ে কবি বৰবৰুৱাদেৱে কেনে ধাৰণা প্ৰকাশ কৰিছে?
উত্তৰ : ‘কবি' নামৰ কবিতাটোৰ মাজেদি কবি হিতেশ্বৰ বৰবৰুৱা দেৱে কবি সত্বাৰ বিষয়ে তলত উল্লেখ কৰা ধৰণে ধাৰণা প্ৰকাশ কৰিছে। কবিসকল হৈছে স্বৰ্গৰ প্ৰাণী, সিহঁতৰ আত্মা অমৰ। সিহঁতে সুন্দৰ সুন্দৰ ছবি অংকন কৰিব পাৰে। সিহঁতে মানস ৰথত উঠি কল্পনা ৰাজ্যত নানান খেল খেলি থাকে। সিহঁতে অমৃতৰ ৰস আনি পিয়াহত আতুৰ হোৱা মানুহক খুওৱায়। কবিসকলেই হৈছে মৰতৰ জীৱন্ত দেৱতা। কিয়নো কবিসকলে স্বৰ্গ, নৰক, পাতালপুৰী, নগৰ, অৰণ্য, সাগৰৰ তীৰ সকলোতে ঘূৰি ফুৰিব পাৰে, সকলোৰে চিত্ৰ অংকন কৰিব পাৰে। সিহঁত মহৎ চিত্ৰকৰ।

(৪) কবিতাটোত বৰবৰুৱাদেৱে কবিৰ কৰ্ম কেনেকুৱা বুলি কৈছে?তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ : কবিসকল মৰতত (পৃথিৱী)ত থাকে যদিও সিহঁতে স্বৰ্গত ফুলাপাৰিজাত ফুলৰ ঘ্ৰাণ ল'ব পাৰে। কবিসকল হৈছে স্বৰ্গৰ প্ৰাণী, সিহঁতৰ আত্মা অমৰ। সিহঁতে সুন্দৰ সুন্দৰ ছবি অংকন কৰিব পাৰে। সিহঁতে মানস ৰথত উঠি কল্পনা ৰাজ্যত নানান খেল খেলি থাকে। সিহতে অমৃত ৰস আনি পিয়াহত আতুৰ হোৱা মানুহক খুওৱায়। কবিসকলেই হৈছে মৰতৰ জীৱন্ত দেৱতা। কিয়নো কবিসকলে স্বৰ্গ, নৰক,পাতালপুৰী, নগৰ, অৰণ্য, সাগৰৰ তীৰ সকলোতে ঘূৰি ফুৰিব পাৰে, সকলোৰে চিত্র অংকন কৰিব পাৰে। সিহঁত মহৎ চিত্ৰকৰ।

(৫) প্রকৃত কবিৰ লক্ষণ কি? তেওঁ কি কৰি ভাল পায় লিখা।

উত্তৰ : কবি হিতেশ্বৰ বৰবৰুৱাদেৱৰ মতে কবিসকল অমৰ, সিহঁত মতৰদেৱতা। সিহঁতে দেখা সকলো বস্তুৰে সুন্দৰ চিত্ৰ অংকন কৰিব পাৰে। সিহঁতে মানস ৰথত উঠি কল্পনা ৰাজ্যত নানান খেল খেলি ভালপায়। সিহঁতে অমৃতৰ ৰস আনি পিয়াহত আতুৰ হোৱা মানুহক খুওৱায়। কবিসকলেই হৈছে মৰতৰ জীৱন্ত দেৱতা। কবিসকলে স্বৰ্গ, নৰক, পাতালপুৰী, নগৰ, অৰণ্য; সাগৰৰ তীৰ সকলোতে ঘূৰি ফুৰিব পাৰে, সকলোৰে চিত্ৰ অংকন কৰি ভাল পায়।

(৬) চমুটোকা লিখা :
ক) নন্দন-বন
খ) পাৰিজাত ফুল

উত্তৰ :
ক) নন্দন-বন : নন্দন বন বুলিলে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বাগিছাকবুজোৱা হয়। নন্দন বনত বিভিন্ন ধৰণৰ অপৰূপ সুন্দৰ ফুল ফুলি আছে। ফুলবোৰ কেতিয়াও লেৰেলি নাযায় আৰু সৰি নপৰে।

খ) পাৰিজাত ফুল : পাৰিজাত এবিধ সুন্দৰ ফুল। এই ফুল আদিতে স্বৰ্গত আছিল। কিন্তু পিছলৈ ই মতলৈ নামি আহে। ই অতিসুন্দৰ আৰু সুঘ্রাণযুক্ত। পাৰিজাত ফুল যি ঘৰত থাকে সেই ঘৰত সদায়শান্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয়।

(৭) প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
ক) পিয়াহ-আতুৰ, হায়, নৰৰ দুখত
অমৃতৰ ৰস আনি আঁজলিৰে ধৰা।

উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তর্গত কবি হিতেশ্বৰ বৰবৰুৱাদেৱে ৰচনা কৰা ‘কবি’ শিৰোনামৰ কবিতাটিৰ পৰা উদ্ধৃতকৰা হৈছে। মানুহৰ দুখ-শোক নিবাৰণৰ বাবে কবিয়ে কৰা কাৰ্যৰ বিষয়ে ক'বলৈ যাওঁতে কবিয়ে উক্ত কবিতাকলিৰ অৱতাৰণা কৰিছে। কবিসকল দেৱতা সদৃশ। সিহঁতে মানুহৰ সুখ, শান্তি আৰু আনন্দ দানৰ বাবে কাৰ্য কৰে। মৰ্তত মানুহে ভোক-পিয়াহ, শোক-দুখ আদিৰ সন্মুখীন হয়। তেনে অৱস্থাত কবিয়ে মানুহৰ বাবে অমৃত ৰস স্বৰূপ কবিতাসৃষ্টি কৰি তাৰ সোৱাদ লৈ দুখ-শোক পাহৰাৰ ব্যৱস্থা কৰে।

খ) দেৱতা!দেৱতা! কবি এই জগতৰ
তুমিয়ে জীৱন্ত দেৱ, প্রতিমা দেৱৰ;

উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত কবি হিতেশ্বৰ বৰবৰুৱাদেৱে ৰচনা কৰা ‘কবি’ শিৰোনামৰ কবিতাটিৰ পৰা উদ্ধৃতকৰা হৈছে। কবিসকলৰ কাৰ্যৰ প্ৰশংসাস্বৰূপ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে। কবিসকল মৰতৰ দেৱতাসদৃশ। সিহঁতে দেৱতাসকলে কৰিব পৰা কামকৰিব পাৰে। কিয়নো সিহঁতে স্বর্গ-মর্ত সকলোতে ঘূৰি ফুৰিব পাৰে আৰু সুন্দৰ সুন্দৰ ছবি অংকন কৰি শোক-দুখত ভাগি পৰা মানুহক শান্তি আৰু আনন্দ প্ৰদান কৰিব পাৰে।

গ) সকলোকে দেখা তুমি; সকলোতে ফুৰি
আঁকা ছবি সকলোৰে, তুমি চিত্ৰকৰ।

উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত কবি হিতেশ্বৰ বৰবৰুৱাদেৱে ৰচনা কৰা ‘কবি’ শিৰোনামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰাহৈছে। কবিসকলৰ কাৰ্যৰ প্ৰশংসাস্বৰূপ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিসকলেই হৈছে মৰতৰ জীৱন্ত দেৱতা৷ কিয়নো কবিসকলে স্বৰ্গ, নৰক, পাতালপুৰী, নগৰ, অৰণ্য, সাগৰৰ তীৰ সকলোতে ঘূৰি ফুৰিবপাৰে, সকলোৰে চিত্ৰ অংকন কৰিব পাৰে। সিহঁত মহৎ চিত্ৰকৰ।

জানি থওঁ আহা :

প্রতিবেদন :

য ৰ ল অঞ্চলত বিদ্যুতৰ নাটনি
প ফ ব, ২০ আগষ্ট : যোৱা কিছুদিন ধৰি য ৰ ল অঞ্চলত বিদ্যুতৰ নাটনিয়ে এই অঞ্চলবাসী ৰাইজক জ্বলা-কলা কৰিছে। এই সময়ছোৱাত বিদ্যুতৰ যেন লুকা-ভাকু খেলহে চলিছে। এফালে উৎকট গৰম আৰু আনফালে ঘোপমৰা আন্ধাৰ। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাও যেন ধোঁৱাচাঙতহে উঠিছে। বুঢ়া-মেথা, ৰুগীয়া লোকসকলৰ কষ্ট দুগুণে চৰিছে। সেয়েহে য ৰ ল অঞ্চল উন্নয়ন সমিতিয়ে আজি জৰুৰীভাৱে সভা এখন অনুষ্ঠিত কৰি বিদ্যুতৰ সংকট শীঘ্ৰে নাইকিয়া কৰিবলৈ বিদ্যুত বিভাগৰ কৰ্তৃপক্ষলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছে। স্থানীয় মহকুমাধিপতিৰ দৃষ্টি আকৰ্ষণ কৰিবৰ উদ্দেশ্যে তেওঁলৈও এই পত্ৰৰ প্ৰতিলিপি এখন প্ৰেৰণ কৰা হৈছে।

প ফ ব, ২ জানুৱাৰি : যোৱা ১ জানুৱাৰী তাৰিখে স্থানীয় ক খ গ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস জাক-জমকতাৰে অনুষ্ঠিত হয়। বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বলোৰাম বৰুৱাদেৱে পুৱা ৯ বজাত পতাকা উত্তোলন কৰি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই দিৱস উপলক্ষ্যে গছপুলি ৰোপণ, চৌহদ পৰিপাটীকৰণ, স্থানীয় সংকীৰ্তন দলৰ নাম-প্ৰসংগ আদি কাৰ্যসূচীও পালন কৰা হয়। আবেলি চাৰি বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত জিলাখনৰ স্কুল পৰিদৰ্শক শ্ৰীযুত যোগেন শ‍ইকীয়াদেৱে মুখ্য অতিথি হিচাপে উপস্থিত হৈ সাৰুৱা ভাষণ প্ৰদান কৰে। সভাপতি মহোদয়ে বিদ্যালয়খনৰ অতীতৰ গৌৰৱময় কথাবোৰ সোঁৱৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে। শেষত উপাধ্যক্ষ মহোদয়ে শলাগৰ শৰাই যাঁচে। সভাপতিৰ চমু অথচ অতিশয় সৰুৱা ভাষণেৰে দিৱসৰ সামৰণি মৰা হয়।

চ ছ জ, ১০ আগষ্ট : যোৱা ৯ আগষ্ট তাৰিখে চ ছ জ অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা ভৈয়াম অঞ্চললৈ বালি-বোকাৰে ভৰ্তি পানীৰ প্ৰবল সোঁত ব’বলৈ ধৰে। ইয়াৰ ফলত অঞ্চলটোৰ বাট-পথ, আলি-পদূলি জলমগ্ন হৈ পৰে। গাড়ী-মটৰৰ চলাচলো বন্ধ হৈ যায়। আনকি ৰুগীয়া মানুহক চিকিৎসালয়লৈ নিবলৈ ওলাই আত্মীয়সকল বিবুধিত পৰিবলগীয়া হয়। তুলনামূলকভাৱে দ’ অঞ্চলৰ ৰাইজৰ দুখ কুলাই-পাচিয়ে নধৰা হয়৷ কিছুমানৰ ঘৰৰ ভিতৰতে একাঁঠু পানী হৈ দৈনন্দিন জীৱন দুর্বিসহ কৰি তোলে৷ পাহাৰৰ গছ-বন কটা আৰু দ' ঠাইবোৰ মাটিৰে পুতি ঘৰ সজা আদি প্রকৃতি-বিৰুদ্ধ কামৰ বাবেই মানুহে এনেদৰে জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে বুলি সচেতন লোকে মন্তব্য কৰিছে। এই ক্ষেত্ৰত চৰকাৰে দৃঢ় পদক্ষেপ লৈ সমস্যাৰ সমাধান কৰিব বুলি আশা কৰা হৈছে।

Updated on 21st April 2024
Typed by : A.Nasrin, H.S (Science)
Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments