(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২৩
অতিথি (লগে-ভাগে গাওঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) একোটিকৈ বাক্যত উত্তৰ দিয়া :
ক) কবিয়ে কালৈ বাট চাই আছে?উত্তৰ : কবিয়ে প্ৰেমিকলৈ বাট চাই আছে।
খ) ‘দৰ্শন' বুলি কৈ কি বুজোৱা হৈছে?
উত্তৰ : ‘দৰ্শন’ বুলি দেখা দিয়াক বুজোৱা হৈছে।
গ) কবিয়ে কিহেৰে আঁজলি ভৰাইছে?
উত্তৰ : কবিয়ে বাসনা ফুলেৰে আঁজলি ভৰাইছে।
(২) ‘অতিথি' কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰ : ‘অতিথি’কবিতাটিত কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীয়ে নিজৰ প্ৰেমিকৰ বাবে অপেক্ষা কৰিছে। প্ৰেমিকজন আহিব বুলি কবিয়ে পদূলি সাৰি -মুচি পৰিস্কাৰ কৰিছে, মন্দিৰৰ দুৱাৰ মেলি থৈছে। কবিয়ে আশা কৰিছে যে তাইৰ প্ৰেমিকজন আহি কবিৰ বিৰহৰ তপ্ত চকুলো মচি দিব। কবিয়ে দুচকু মুদা নাই অর্থাৎ টোপনি যোৱানাই এই ভাবিয়েই যে কিজানি তাই টোপনিত থকা সময়ত প্ৰেমিকজন আহি তাইৰ দেখা নাপাই অভিমান কৰি গুচি যায়। কবিয়ে গোটেই জীৱন প্ৰেমিকৰ বাবে হৃদয়ত আসন পাতি ৰৈ আছে। কবিয়ে প্ৰেমিকৰ দৰ্শন কামনা কৰিছে আৰু ভাবিছে যে তেওঁৰ দৰ্শনত কবিৰ আকুল প্রাণে শান্তি পাব। কবিয়ে প্ৰেমিকৰ বাবে বাসনা ফুল চকুলোৰে তিয়াই থৈ সকাতৰে প্ৰেমিক অহালৈ বাট চাই আছে। কবিৰ বাসনা অপূৰ্ণ হৈয়ে ৰ'ল। জীৱন ক্লেশেৰে ভৰি পৰিল। প্ৰেমিকৰ বিৰহত কবিৰ হিয়াখন কঁপি উঠে। তথাপি কবিৰ প্ৰাণে প্ৰেমিকৰ কথাকে ভাবি থাকে।
(৩) কবিয়ে দুচকু মুদিবলৈ ইচ্ছা নকৰাৰ কাৰণ চমুকৈ বুজাই লিখা।
উত্তৰ : কবিয়ে প্ৰেমিকাৰ বাবে বাট চাই আছে। তাই দুচকু মুদা নাই অৰ্থাৎ টোপনি যোৱা নাই এই কাৰণেই যে তাই টোপনিত থাকিলে কিজানি প্ৰেমিকজন আহি তাইক নাপাই অভিমান কৰি গুচি যায়। প্ৰেমিকজন তাইৰ লগত দেখা নকৰি গুচি গ'লে তাইৰ বিৰহকাতৰ হৃদয়খন ভাঙি থানবান হৈ যাব।
(৪) প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
ক) গোটেই জীবন মই কটালোঁ ইদৰে
পাতি লৈ হিয়াত আসন;
আকুল প্ৰাণত মোৰ শান্তিৰ নিজৰা
জানো তুমি দিয়া দৰ্শন।
সুদূৰৰ হৃদয় ৰতন!
উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্ভুক্ত কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা ৰচনা কৰা 'অতিথি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিয়ে তাইৰ প্ৰেমিকৰ বাবে অপেক্ষা কৰি থকাৰ কথা প্ৰকাশ কৰা হৈছে।
কবিয়ে প্ৰেমিকৰ বাবে গোটেই জীৱন বিৰহ কাতৰ হৃদয় লৈ অপেক্ষা কৰি আছে। প্ৰেমিকজনক ইমানেই ভাল পায় যে প্ৰেমিকৰ বাবে তাই হৃদয়ত আসন পাতি থৈ দিছে। কবিয়ে ভাৱে যে প্ৰেমিকৰ দৰ্শন পালে তাইৰ আকুল প্ৰাণে শান্তি পাব। প্ৰেমিকজন কবিৰ বাবে হৃদয়ৰ ৰত্ন৷ এইদৰে কবিয়ে কবিতাফাকিৰ জৰিয়তে প্ৰেম বিৰহৰ বেদনা প্ৰকাশ কৰিছে।
(খ) বাসনা ফুলেৰে মই আঁজলি ভৰাই
চকুলোৰে থৈছোঁ তিয়াই;
আহাহে অতিথি মোৰ হৃদি কুটীৰত
সকাতৰে মাতিছোঁ দুনাই,
তোমালৈ আছোঁ বাট চাই।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ সাহিত্য পাঠৰ অন্তৰ্ভুক্ত কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা ৰচনা কৰা 'অতিথি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিয়ে তাইৰ প্ৰেমিকৰ বাবে অপেক্ষা কৰি থকাৰ কথা প্ৰকাশ কৰিছে।
কবি প্ৰেম বিৰহত কাতৰ। প্ৰেমিকৰ বাবে তাই বাসনা ফুল চকুলোৰে তিয়াই থৈ সকাতৰে প্ৰেমিক অহালৈ বাট চাই আছে। কবিৰ বাবে প্রেমিকজন এজন অতিথি। তেওঁৰ বাবে কবিয়ে হৃদয়ত আসন পাতি লৈ প্ৰেমিকক সকাতৰে মাতিছে আৰু অপেক্ষা কৰি আছে।
(৫) বিপৰীতার্থক শব্দ লিখা :
শব্দ | বিপৰীতার্থক শব্দ |
---|---|
শান্তি | - |
হাঁহি | - |
মান্তি | - |
কাতৰ | - |
উত্তৰ :
শব্দ | বিপৰীতার্থক শব্দ |
---|---|
শান্তি | অশান্তি |
হাঁহি | কান্দোন |
মান্তি | অমান্তি |
কাতৰ | আনন্দ |
(৬) সমার্থক শব্দ লিখা :
শব্দ | সমার্থক শব্দ |
---|---|
পদুলিমুখ | - |
মন্দিৰ | - |
অশ্রু | - |
হিয়া | - |
অতিথি | - |
কুটীৰ | - |
বাসনা | - |
প্ৰাণ | - |
উত্তৰ :
শব্দ | সমার্থক শব্দ |
---|---|
পদুলিমুখ | দুৱাৰমুখ |
মন্দিৰ | উপাসনালয় |
অশ্রু | নীৰ |
হিয়া | হৃদয় |
অতিথি | অচিনাকী |
কুটীৰ | পঁজাঘৰ |
বাসনা | ইচ্ছা |
প্ৰাণ | আত্মা |
Updated on 23rd April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments