(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২০
মহাত্মা গান্ধী (পঢ়োঁ আহা)
আৰ্হি প্রশ্নমালা :
(১) অতি চমুকৈ উত্তৰ দিয়া :
ক) মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল?উত্তৰ : মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত১৮৬৯ চনৰ ২ অক্ট'বৰত।
খ) ছাত্ৰ অৱস্থাত মহাত্মা গান্ধীৰ হাতৰ আখৰ কেনেকুৱা আছিল?
উত্তৰ : ছাত্ৰ অৱস্থাত মহাত্মা গান্ধীৰ হাতৰ আখৰ বৰ বেয়া আছিল।
গ) গান্ধীজীয়ে ক'ত কৰ্ম-জীৱনৰ পাতনি মেলিছিল?
উত্তৰ : গান্ধীজীয়ে বোম্বাইৰ উচ্চ ন্যায়ালয়ত কৰ্ম জীৱনৰ পাতনি মেলিছিল।
(২) গান্ধীজীৰ বাল্যকালৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: মোহনদাস কৰমচাঁদৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল পোৰবন্দৰৰ প্রাথমিক স্কুলত। পাছত ৰাজকোটৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা সমাপ্তকৰে৷ ছাত্ৰাৱস্থাতেই অসৎ সংগত পৰি তেওঁ চুৰ কৰা, মিছা কথা কোৱা,নিৰামিষ ভোজী পৰিয়ালৰ হোৱা সত্ত্বেও আমিষ আহাৰ গ্ৰহণ কৰাৰ দৰে ভালেমান কু-অভ্যাস আহৰণ কৰিছিল। কিন্তু মোহনদাসে অতি সোনকালেই নিজকে সংশোধন কৰে আৰু এনে কাম দুনাই নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। ছাত্ৰ হিচাপে তেওঁ খুব মেধাৱী নাছিল আৰু হাতৰ আখৰ বৰ বেয়া আছিল৷ কিন্তু একে সময়তে তেওঁ আছিল অধ্যৱসায়ী আৰু সত্যবাদী।
(৩) ভাৰতে স্বাধীনতা লাভৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে চলোৱা প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : মহাত্মা গান্ধীয়ে ১৯১৪ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দিয়ে। ১৯২০ চনত তেওঁ স্বৰাজ আন্দোলনৰ প্ৰস্তাৱ দাঙি ধৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত ভাষণ দি তেওঁ নিৰস্ত্ৰ অসহযোগ আন্দোলন চলাবলৈ ৰাইজক উদ্বুদ্ধ কৰে। ভাৰতত ইংৰাজ শাসন দুৰ্বল কৰি তোলাৰ উদ্দেশ্যতেওঁ বিদেশী বস্তু বৰ্জন, খদ্দৰ কাপোৰ প্ৰচলন, যঁতৰৰ প্ৰয়োগ আদিৰ দৰে ভালেমান ব্যৱস্থা হাতত লৈছিল। অৱশ্যে ১৯২০ চনত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হোৱাত তেওঁ তাৰ প্ৰতিবাদত অনশন ব্রত গ্ৰহণ কৰে। জাতীয় সংহতি সু-সংহত কৰাৰ উদ্দেশ্য ১৯৩০ চনত গান্ধীজীয়ে লোণ সত্যাগ্ৰহ আৰম্ভ কৰে আৰু দাণ্ডি যাত্ৰাৰ দ্বাৰা বিখ্যাত আইন অমান্য আন্দোলনৰ সূত্ৰপাত কৰে। সমগ্ৰ ভাৰতেই এই আন্দোলনত জঁপিয়াই পৰি ইয়াক এক গণ-আন্দোলনলৈ পৰিণত কৰায়। খ্ৰীষ্টীয় ১৯৪২ চনত বোম্বাইত বহা কংগ্ৰেছ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয়। গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ আহ্বানত আপ্লুত হৈ দেশৰ হাজাৰ হাজাৰ জনগণ এই আন্দোলনত ভাগ ল'বলৈওলাই আহে। আন্দোলনৰ তীব্ৰতা বৃদ্ধি কৰাৰ অপৰাধত গান্ধীজীয়ে নিজেও কেইবাবাৰো জেললৈ যাবলগীয়া হৈছিল। অহিংস নীতিৰে চলি যোৱা এই আন্দোলন বন্ধ কৰিব নোৱাৰি ইংৰাজ চৰকাৰে অৱশেষত ভাৰতক স্বাধীনতা দিয়াৰ কথা ঘোষণা কৰে আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়।
(৪) তাৎপর্য ব্যাখ্যা কৰা :
ক) কিন্তু একে সময়তে তেওঁ আছিল অধ্যৱসায়ী আৰু সত্যবাদী।
উত্তৰ : উক্ত কথাফাকিৰ জৰিয়তে মহাত্মা গান্ধীৰ গুণৰ বিষয়ে কোৱা হৈছে। মহাত্মা গান্ধী আছিল এজন দৃঢ় মনৰ ব্যক্তি। তেওঁ কৰিবলৈ লোৱা যিকোনো কাম অতি নিষ্ঠাৰে আৰু অধ্যৱসায়ৰ সৈতে কৰি গৈছিল। তেওঁৰ দৃঢ়তাৰ নীতি আৰু আদৰ্শৰ বাবেই সমগ্ৰ ভাৰতীয়সকলৰ অবিসম্বাদী নেতা হ'ব পাৰিছিল। অধ্যৱয়াসী গুণৰ লগতে মহাত্মা গান্ধী সত্যবাদী আছিল। তেওঁ বাল্যকালত কেইবাটাও বেয়া অভ্যাসৰ বলি হৈছিল যদিও সেয়া অকপটে স্বীকাৰ কৰি নিজকে সোনকালেই সংশোধন কৰি লৈছিল।
খ) গান্ধীজী আছিল মানৱতাৰ পূজাৰী।
উত্তৰ : মহাত্মা গান্ধী আছিল মানৱতাৰ পূজাৰী। মানৱ সেৱাই তেওঁৰ বাবে পৰম ধৰ্ম আছিল। তেওঁৰ কৰ্ম কেৱল ৰাজনীতিৰ মাজতেই সীমাৱদ্ধ নাছিল। ইয়াৰ লগতে ভাৰতৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ উদ্দেশ্য নৈতিক আৰু সামাজিক আন্দোলনৰ সূচনা কৰিছিল। স্বাৱলম্বনৰ উদ্দেশ্যে স্বদেশী বস্ত্ৰ তথা কুটীৰ উদ্যোগৰ বিকাশৰ বাবে তেওঁ জোৰ দিছিল। সুবিশাল ভাৰতত সুখ-শান্তিৰে ভৰা ৰামৰাজ্য প্ৰতিষ্ঠাই আছিল তেওঁৰ মুখ্য উদ্দেশ্য। ইয়াৰ বাবে তেওঁ শিক্ষাৰ প্ৰসাৰ, সাক্ষৰতাৰ হাৰ বৃদ্ধি, প্রাপ্তবয়স্ক শিক্ষা আদিৰে দৰে নানা ব্যৱস্থা হাতত লৈছিল। এনেবোৰ অসাধাৰণ গুণৰ বাবেই তেওঁক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ‘মহাত্মা” উপাধিৰে বিভূষিত কৰিছিল।
জানি থওঁ আহা :
শব্দ | বিপৰীতার্থক শব্দ |
---|---|
প্ৰশংসা | নিন্দা |
উন্নতি | অৱনতি |
সুখী | দুখী |
মৃত | জীৱিত |
নির্ভুল | ভুল |
জেষ্ঠ্য | কনিষ্ঠ |
পৰোক্ষ | প্রত্যক্ষ |
ভোটা | চোকা |
আয় | ব্যয় |
সন্ধি | বিগ্ৰহ |
ঘন | পাতল |
মিলন | বিৰহ |
সুযোগ | দুর্যোগ |
সুন্দৰ | কুৎসিত |
চিনাকি | অচিনাকি |
কঠোৰ | নমনীয় |
ভাগ্য | দুর্ভাগ্য |
অধিকাৰ | অনধিকাৰ |
দেশী | বিদেশী |
আকাৰ | নিৰাকাৰ |
প্রখ্যাত | অখ্যাত |
পার্থক্য | সাদৃশ্য |
শত্রু | মিত্র |
সদাচাৰ | দুৰাচাৰ |
নিয়ম | অনিয়ম |
আদি | অন্ত |
Updated on 21st April 2024
Typed by : A.Nasrin, H.S (Science)Checked by :- J.A.C (B.Sc Honours | Web/App Developer.)
0 Comments