Ads banner

Jahan Education
Jahan Education

বৰগীত (লগে ভাগে গাওঁ আহা) - অধ্যায় ১৯ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ১৯

বৰগীত (লগে ভাগে গাওঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) তোমাৰ পাঠ্য ‘বৰগীত 'টিৰ মূলভাৱ লিখা।
উত্তৰ : গহীন বনত যিদৰে হৰিণ এটাই মোহাছন্ন হৈ ঘূৰি ফুৰে সংসাৰৰ মায়া-মোহত আবদ্ধ হৈ কবিৰ অৱস্থা তেনে হ'ল। কাম-ক্রোধই ঘেৰি ধৰিলে। মনৰ চেতন হেৰুৱাই জীৱন দগ্ধ হ'ল। লোভ-মোহ লগ এৰা নিদিয়া হ'ল। সংসাৰৰ মায়াৰ পৰা পলোৱাৰ কোনো বাট দেখা পোৱা নাই, যেন দিনে দিনে অধিকতৰ বন্দী হৈ আছে। সেয়ে কবিয়ে হৰিৰ চৰণ পাবলৈ কাকুতি কৰিছে।

(২) তলৰ শব্দবোৰৰ অৰ্থ লিখা :

শব্দ অর্থ
গহন -
ফন্দিলো -
ৰাখু -
যুগুতি -
গোড় -

উত্তৰ :
শব্দ অর্থ
গহন গহীন, ঘন।
ফন্দিলো ফান্দত পৰিলোঁ।
ৰাখু ৰক্ষা কৰা।
যুগুতি যুক্তি।
গোড় চৰণ, পদ।

(৩) তাৎপর্য ব্যাখ্যা কৰা :

ক) এভৱ গহন বন আতি মোহপাশে ছন্ন
তাহে হামো হৰিণ বেৰায়৷
ফন্দিলো মায়াৰ পাশে কাল ব্যাধ ধায়া আসে
কাম ক্রোধ কুত্তা খেদি খায়৷৷

উত্তৰ : উক্ত গীতফাকিৰ জৰিয়তে কবিয়ে সংসাৰৰ মায়া-মোহত আবদ্ধ হোৱাৰ দুখ প্ৰকাশ কৰিছে।
গহীন বনত যিদৰে হৰিণ এটাই মোহাছন্ন হৈ ঘূৰি ফুৰে সেইদৰে কবিয়েও সংসাৰৰ মায়া-মোহত আচ্ছন্ন হৈ বন্দী হ'ল। কাম-ক্রোধই ঘেৰি ধৰিলে। মনৰ চেতন হেৰুৱাই জীৱন দগ্ধ হ'ল। লোভ-মোহ লগ এৰা নিদিয়া হ'ল। সংসাৰৰ মায়াৰ পৰা পলোৱাৰ কোনো বাট দেখা পোৱা নাই, যেন দিনে দিনে অধিকতৰ বন্দী হৈ আছে। সেয়ে কবিয়ে হৰিৰ চৰণ পাবলৈ কাকুতি কৰিছে।

খ) পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈল মন্দ মনৰ যুগুতি ৷
তুৱা হৰি লাগো গোড় মোৰ মায়া পাশ ছোড়
শংকৰ কৰয় কাকুতি।

উত্তৰ : উক্ত গীতফাকিৰ জৰিয়তে কবিয়ে সংসাৰৰ মায়া-মোহৰ পৰা নিজকে মুক্ত কৰিবলৈ অপাৰগ হৈ হৰিৰ চৰণ পাবলৈ কাকুতি কৰিছে। কবিয়ে সংসাৰৰ মায়া-মোহত আচ্ছন্ন হৈ বন্দী হ'ল। কাম-ক্রোধই ঘেৰি ধৰিলে৷ মনৰ চেতন হেৰুৱাই জীৱন দগ্ধ হ'ল। লোভ-মোহ লগ এৰা নিদিয়া হ'ল। সংসাৰৰ মায়াৰ পৰা পলোৱাৰ কোনো বাট দেখা পোৱা নাই, যেন দিনে দিনে অধিকতৰ বন্দী হৈ আছে। সেয়ে কবিয়ে হৰিৰ চৰণ পাবলৈ কাকুতি কৰিছে।

Updated on 21st April 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments