Ads banner

JE Banner Ads
Image 2

কীর্তন (পঢ়োঁ আহা) - অধ্যায় ২১ অসমীয়া অষ্টম শ্রেণি

(আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা)
অষ্টম শ্রেণিৰ - অসমীয়া
অধ্যায় : ২১

কীর্তন (পঢ়োঁ আহা)


আৰ্হি প্রশ্নমালা :

(১) একোটিকৈ বাক্যত উত্তৰ দিয়া :

ক) লেখকে ল'ৰাকালিত ওচৰ-চুবুৰীয়া ল'ৰাজাকৰ সৈতে হাত চাপৰি বাই কি গাইছিল?
উত্তৰ : লেখকে ল'ৰালি কালত ওচৰ-চুবুৰীয়া ল'ৰাজাকৰ সৈতে হাত চাপৰি বজাই “ৰাম কৃষ্ণ গোপাল। ত্রাহি ত্রাহি কৃপাল৷' নামৰ গীত
কলি গাইছিল।

খ) শৈশৱত ‘কীৰ্তন’ৰ কোন দুটা কথাই লেখকৰ মন আকর্ষণ কৰিছিল?
উত্তৰ : শৈশৱত ‘কীৰ্তন’ৰ যি দুটা কথাই লেখকৰ মন আকর্ষণ কৰিছিল সেয়া আছিল - কীৰ্তন পুথিত থকা সাধু আৰু লয়।

গ) যশোদাই কি পিন্ধি দধি মথন কৰিছিল?
উত্তৰ : যশোদাই ক্ষৌম বস্ত্ৰ পিন্ধি দধি মথন কৰিছিল।

ঘ) কি দেখি আকাশৰ চন্দ্ৰই বিমোহিত হৈছিল?
উত্তৰ : কৃষ্ণৰ নৃত্য আৰু বিচিত্ৰ লীলা দেখি চন্দ্ৰই বিমোহিত হৈছিল।

ঙ) ল'ৰালিত লেখকে “কীর্তন’ক কি বস্তু বুলি ভাবিছিল?
উত্তৰ : ল’ৰালি কালত ‘কীর্তন'ক লেখকে ওমলা বস্তু বুলি ভাবিছিল।

চ) কীৰ্তনে ল'ৰা আৰু বুঢ়াক কি কি দিছে?
উত্তৰ : ‘কীৰ্তনে’ ল'ৰাক ধেমালিৰ বস্তু দিছে আৰু বুঢ়াক দিছে সৃষ্টিতত্ত্ব।

(২) 'কীর্তন' পুথিত বর্ণনা কৰা বিষয়সমূহৰ বিষয়ে পাঠৰ সহায়ত এটি আভাস দিয়া৷
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘কীৰ্তন' পুথিখন এক মহান পুথি৷ ইয়াত ল'ৰা, ডেকা, বুঢ়া সকলোৰে বাবে খোৰাক আছে। ইয়াত ল'ৰাৰ বাবে আছে ধেমালিৰ বস্তু যেনে - মন প্ৰাণ আকৰ্ষণ কৰিব পৰা সুৰ, ছন্দ আৰু লয়সহ গীত। বুঢ়াৰ বাবে ইয়াত আছে সৃষ্টি তত্ত্ব। সাহিত্যিকসকলৰ বাবে ইয়াত আছে সাহিত্য তত্ত্ব। কীৰ্তনৰ অপাৰ ক্ষমতা। গোটেই দেশ, গোটেই জাতি ইয়াৰ পেটৰ ভিতৰত ৷ কীৰ্তনত আছে কৃষ্ণই মাটি খোৱা কাহিনী। কীৰ্তনৰ গৰ্ভতো আছে— হিমালয়, পাটকাই আদি শ শ পর্বত, অসংখ্য নৈ-নালা, বিল-পুখুৰী, মহাবাহু ব্ৰহ্মপুত্ৰ; হাজাৰ হাজাৰ গাওঁ, লক্ষ লক্ষ চুবুৰী; বাঁহনি, কলনি, তামোলনি; সেউজীয়া পথাৰ, ধাননি আদিৰ বৰ্ণনা৷ কীৰ্তন অসমৰ মৌ-চাক। কীৰ্তন পুথিত আছে অমৃতৰ অক্ষয় ভাণ্ডাৰ।

(৩) ‘ইকাক কি দিয়া নাই?' কথাষাৰৰ অৰ্থ চমুকৈ বুজাই লিখা।
উত্তৰ : ইকাক কি দিয়া নাই?' কথাষাৰৰ অৰ্থ এয়াই যে - শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘কীৰ্তন' পুথিখন এক মহান পুথি৷ ইয়াত ল'ৰা, ডেকা, বুঢ়া সকলোৰে বাবে খোৰাক আছে। ইয়াত ল'ৰাৰ বাবে আছে ধেমালিৰ বস্তু যেনে - মন প্ৰাণ আকৰ্ষণ কৰিব পৰা সুৰ, ছন্দ আৰু লয়সহ গীত। বুঢ়াৰ বাবে ইয়াত আছে সৃষ্টি তত্ত্ব। সাহিত্যিকসকলৰ বাবে ইয়াত আছে সাহিত্য তত্ত্ব। কীৰ্তনৰ অপাৰ ক্ষমতা। গোটেই দেশ, গোটেই জাতি ইয়াৰ পেটৰ ভিতৰত ৷ কীৰ্তনত আছে কৃষ্ণই মাটি খোৱা কাহিনী। কীৰ্তনৰ গৰ্ভতো আছে— হিমালয়, পাটকাই আদি শ শ পর্বত, অসংখ্য নৈ-নালা, বিল-পুখুৰী, মহাবাহু ব্ৰহ্মপুত্ৰ; হাজাৰ হাজাৰ গাওঁ, লক্ষ লক্ষ চুবুৰী; বাঁহনি, কলনি, তামোলনি; সেউজীয়া পথাৰ, ধাননি আদিৰ বৰ্ণনা৷ কীৰ্তন অসমৰ মৌ-চাক। কীৰ্তন পুথিত আছে অমৃতৰ অক্ষয় ভাণ্ডাৰ।

(৪) কীৰ্তনৰ গৰ্ভত কি কি দেখা যায়?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘কীৰ্তন' পুথিখন এক মহান পুথি। ইয়াত ল'ৰা, ডেকা, বুঢ়া সকলোৰে বাবে খোৰাক আছে। ই ল'ৰাৰ বাবে আছে ধেমালিৰ বস্তু যেনে - মন প্রাণ আকৰ্ষণ কৰিব পৰা সুৰ, ছন্দ আৰু লয় সহ গীত। বুঢ়াৰ বাবে ইয়াত আছে সৃষ্টি তত্ত্ব। সাহিত্যিকসকলৰ বাবে ইয়াত আছে সাহিত্য তত্ত্ব। কীৰ্তনৰ গৰ্ভত আছে – হিমালয়, পাটকাই আদি শ শ পৰ্বত, অসংখ্য নৈ-নলা, বিল-পুখুৰী, মহাবাহু ব্ৰহ্মপুত্ৰ, হাজাৰ হাজাৰ গাওঁ, লক্ষ লক্ষ চুবুৰী; বাঁহনি, কলনি, তামোলনি; সেউজীয়া পথাৰ, ধাননি; আদিৰ বৰ্ণনা। ল'ৰা-বুঢ়া, স্ত্ৰী-পুৰুষ, গাভৰু, জীয়াৰী, বোৱাৰী, বৰ-ঘৰ, মাৰল- ঘৰ, বাটচ'ৰা-ঘৰ আৰু নামঘৰ, বিয়া, সবাহ, বিহু ইত্যাদি। ভালকৈ চাব জানিলে কীৰ্তনৰ গৰ্ভত আমি নিজকে চাব পাৰিম বুলি লিখকে কৈছে।

(৫) লেখক জ্ঞাননাথ বৰাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : জ্ঞাননাথ বৰা (১৮৯০-১৯৬৮) এজন অসমীয়া প্ৰৱন্ধকাৰ আৰু সাহিত্য সমালোচক আছিল। তেওঁৰ জন্ম হয় গুৱাহাটীত। পিতৃৰ নাম সত্যনাথ বৰা আৰু মাতৃ ভুৱন মাহিনী। পিতৃৰ অনুপ্ৰেৰণাতেই তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লৈছিল। কটন ক’লেজৰ পৰা বি এ আৰু আৰ্ল ল কলেজৰ পৰা বি এল পাছ কৰিছিল। প্ৰথমে গুৱাহাটীত ওকালতি কৰি পিছত বিশ বছৰ কাল কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰে৷ ৰচনাৰাজি : ‘অসমত বিদেশী’,‘যুগতত্ত্ব’,‘অসমীয়া পুৰণি সাহিত্য’, ‘আধুনিক অসমীয়া সাহিত্য’ আদি। ১৯৬৮ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল।

জানি থওঁ আহা


বাঁহ + অনি = = বাঁহনি
ধান + অনি = ধাননি
কল + অনি = কলনি
তামোল + অনি = তামোলনি
শাল + অনি = শালনি
গছ + অনি = গছনি

Updated on 21st April 2024
By :- J.A.C (B.Sc Honours | Web/App Developer.)

Post a Comment

0 Comments